আই টি আইক আধুনিকীকৰক আৰু ইয়াৰ লগত উদ্যোগসমূহক জড়িত কৰাই আমাৰ মূল লক্ষ্য। আমাৰ লক্ষ্য প্ৰত্যেকখন আই টি আইৰ লগত যাতে আমি এটা ভাল উদ্যোগ বা কম্পেনী জড়িত কৰিব পাৰো, যাৰ জৰিয়তে আই টি আই শিক্ষাৰ্থীক কিবা নহয় কিবা এটা সংস্থাপন কৰি দিব পাৰো।- এই মন্তব্য অসম চৰকাৰ মন্ত্ৰী জয়ন্ত মল্লবৰুৱাৰ। আজি গুৱাহাটীৰ ৰেডিচন ব্লুত
আই টি আইক আধুনিকীকৰক আৰু ইয়াৰ লগত উদ্যোগসমূহক জড়িত কৰাই আমাৰ মূল লক্ষ্য। আমাৰ লক্ষ্য প্ৰত্যেকখন আই টি আইৰ লগত যাতে আমি এটা ভাল উদ্যোগ বা কম্পেনী জড়িত কৰিব পাৰো, যাৰ জৰিয়তে আই টি আই শিক্ষাৰ্থীক কিবা নহয় কিবা এটা সংস্থাপন কৰি দিব পাৰো।- এই মন্তব্য অসম চৰকাৰ মন্ত্ৰী জয়ন্ত মল্লবৰুৱাৰ। আজি গুৱাহাটীৰ ৰেডিচন ব্লুত অসমৰ দক্ষতা শিক্ষা খণ্ডত চৰকাৰ, ঔদ্যোগিক প্ৰতিষ্ঠান তথা শিক্ষা খণ্ডৰ মাজত উদ্ভাৱনীমূলক সমাধান সৃষ্টিৰ যোগেদি সহযোগিতা আৰু সমন্নয় প্ৰতিষ্ঠা কৰাৰ উদ্দেশ্যে আয়োজিত ঔদ্যোগিক সন্মিলনত উপস্থিত থাকি বিভিন্ন উদ্যোগিক প্ৰতিষ্ঠানৰ প্ৰতিনিধিসকলক সম্বোধন কৰি মন্ত্ৰীগৰাকীয়ে এইদৰে মন্তব্য কৰে।
ঔদ্যোগিক সন্মিলনত বিভিন্ন উদ্যোগিক প্ৰতিষ্ঠানৰ প্ৰতিনিধিসকলক সম্বোধন কৰি মন্ত্ৰীগৰাকীয়ে কয় যে ঔদ্যোগিক সন্মিলনৰ দিনজোৰা কাৰ্যসূচীৰ পিছত অসমৰ আই টি আই খণ্ডত বিশেষকৈ দক্ষতা প্ৰশিক্ষণৰ ক্ষেত্ৰত এক নৱজাগৰণ আহিব। মুখ্যমন্ত্ৰীয়ে দক্ষতা শিক্ষাৰ সৈতে উদ্যোগক জড়িত কৰাৰ নিৰ্দেশ দিছিল। উদ্যোগ অবিহনে দক্ষতা শিক্ষাই সঠিক দিশত গতি কৰিব নোৱাৰে। মন্ত্ৰীগৰাকীয়ে কয় যে ইতিমধ্যে ব্যক্তিগত আৰু চৰকাৰী খণ্ডত আমাৰ ১৫০ খন আই টি আই আছে। আগন্তুক দিনত আমি প্ৰতিটো সমষ্টিত ন্যূনতম এখন এখন আই টি আই প্ৰতিষ্ঠা কৰাৰ আমাৰ লক্ষ্য নিৰ্ধাৰণ কৰিছো। এই বৰ্ষত আমি পৰিকল্পনা কৰিছো ন্যূনতম ৭৯ খন আই টি আইক জড়িত কৰাৰ। ইতিমধ্যে আমাৰ ১৫০ খন আই টি আই আছে, কিন্তু ৭৯ টা সমষ্টি আছে য’ত আই টি আই নাই। যেতিয়ালৈকে আমাৰ এটা উন্নয়নত এখন আই টি আই গঢ় লৈ নুঠিব, তেতিয়ালৈকে আমাৰ এই প্ৰচেষ্টা অব্যাহত থাকিব বুলি মন্ত্ৰীগৰাকীয়ে কয়। কিয়নো ভৱিষ্যতৰ যি শিক্ষা হ’ব, সেয়া দক্ষতামূলক শিক্ষা হ’ব। নিয়োগৰ বাবে দক্ষতা শিক্ষাৰ বাহিৰে বেলেগ শিক্ষা নাথাকিব মন্ত্ৰীগৰাকীয়ে ভাষণত উল্লেখ কৰে।
মন্ত্ৰীগৰাকীয়ে প্ৰসংগক্ৰমে আছাম স্কীল ইউনিভাৰ্চিটী আৰম্ভ কৰা কথাও দোহাৰে। ২০২৫ চনৰ মাজভাগত ইউনিভাৰ্চিটীখনৰ মূল চৌহদ আৰম্ভ কৰা হ’ব বুলি মন্ত্ৰীগৰাকীয়ে কয়। ইতিমধ্যে গুৱাহাটীত ইউনিভাৰ্চিটীখনৰ ইনটেৰিঅ’ৰ কেম্পাচ আৰম্ভ কৰা হৈছে বুলি কয়। আনহাতে, অহা বৰ্ষত মঙলদৈত পূৰ্ণাংগ আছাম স্কীল ইউনিভাৰ্চিটী আৰম্ভ কৰিব বুলি কয়। য’ত প্ৰতিবছৰে ১০ হাজাৰ শিক্ষাৰ্থীয়ে শিক্ষা গ্ৰহণ কৰিব পাৰিব।

মন্ত্ৰীগৰাকীয়ে কয় যে আমাৰ সকলোতকৈ ডাঙৰ লক্ষ্য হ’ল আই টি আইক আধুনিকীকৰক কৰা আৰু আই টি আইৰ লগত উদ্যোগসমূহক জড়িত কৰা। মন্ত্ৰীগৰাকীয়ে আই টি আইৰ প্ৰয়োজনীয়তা সম্পৰ্কে ব্যাখ্যা দাঙি ধৰাৰ লগতে প্ৰত্যেকখন আই টি আইৰ লগত উদ্যোগক জড়িত কৰাৰ পোষকতা কৰে। তেওঁ কয় যে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ লক্ষ্য এয়াই যে প্ৰত্যেকখন আই টি আইৰ লগত কমেও এটা ভাল উদ্যোগ বা কম্পেনী জড়িত কৰা, যাৰ জৰিয়তে আই টি আই শিক্ষাৰ্থীক কিবা নহয় কিবা এটা সংস্থাপন আমাৰ চৰকাৰে কৰি দিব পাৰে।
সন্মিলনত উপস্থিত থকা উদ্যোগ তথা কোম্পেনীসমূহৰ প্ৰতিনিধিক উদ্দেশ্যি মন্ত্ৰীগৰাকীয়ে কয় যে আপোনালোক আই টি আইসমূহৰ লগত জড়িত হওক আৰু আপোনালোকক কেনেধৰণৰ দক্ষতাসম্পন্ন মানৱ সম্পদ লাগে সেই বিষয়ে আমাক জনাওক আৰু আমি সেই অনুসৰি আই টি আইসমূহত শিক্ষা দিয়াৰ ব্যৱস্থা কৰিম। আমাৰ চৰকাৰে সেই অনুসৰি কাম কৰি যাব।
এই অনুষ্ঠানতে মন্ত্ৰীগৰাকীয়ে টাটা টেকন’লজীক ধন্যবাদ জ্ঞাপন কৰে। উল্লেখ্য যে টাটা টেকন’লজীয়ে ইতিমধ্যে ৩৯ খন আই টি আই আৰু ৩৪ খন পলিটেকনিকক Industry ৪.০ ৰ পাঠ্যক্ৰমৰ বাবে চেণ্টাৰ অৱ এক্সিলেন্স আৰম্ভ কৰিছে। মন্ত্ৰীগৰাকীয়ে নতুন শিক্ষা নীতিত দক্ষতা শিক্ষাক কেনেদৰে অন্তৰ্ভুক্ত কৰা হৈছে সেই বিষয়ে ব্যাখ্যা দাঙি ধৰে। তেওঁ সাধাৰণ শিক্ষাৰ লগতে দক্ষতা শিক্ষাক সকলোৰে বাবে কেনেদৰে সুলভ কৰিব পাৰি সেই বিষয়েও চিন্তা-চৰ্চা কৰি থকা বুলি ভাষণত উল্লেখ কৰে। মন্ত্ৰীগৰাকীয়ে উপস্থিত প্ৰতিনিধিসকলক দক্ষতা শিক্ষাক আগবঢ়াই নিয়াৰ কাৰণে এই বিষয়ত তেওঁলোকৰ দিহা-পৰামৰ্শও কামনা কৰে।
Leave a Comment
Your email address will not be published. Required fields are marked with *