728 x 90
Like Us On Facebook
Facebook Pagelike Widget
728 x 90

কংগ্ৰেছ দল বা ভূপেন বৰাই গো-মাংসৰ সমৰ্থনত থকাটো স্বাভাৱিকঃ মন্ত্ৰী জয়ন্ত মল্লবৰুৱা

কংগ্ৰেছ দল বা ভূপেন বৰাই গো-মাংসৰ সমৰ্থনত থকাটো স্বাভাৱিকঃ মন্ত্ৰী জয়ন্ত মল্লবৰুৱা

‘গো নিধন বা গো-মাংস ভক্ষণ কৰা আদি ভাৰতীয় সনাতনী সংস্কৃতিৰ ভিতৰত নপৰে’অসমৰ উন্নয়ন বিচৰা সকলোৱে ড০ হিমন্ত বিশ্ব শৰ্মাক সমৰ্থন কৰে, সমৰ্থন নকৰাসকল বাংলাদেশী অনুপ্ৰৱেশকাৰীঃ মন্ত্ৰী জয়ন্ত মল্লবৰুৱা কংগ্ৰেছ দল বা ভূপেন বৰাই গো-মাংসৰ সমৰ্থনত থকাটো স্বাভাৱিক। কিন্তু গো নিধন কৰা বা গো-মাংস ভক্ষণ কৰা আদি ভাৰতীয় সনাতনী সংস্কৃতিৰ ভিতৰত নপৰে।- এই মন্তব্য মন্ত্ৰী জয়ন্ত

‘গো নিধন বা গো-মাংস ভক্ষণ কৰা আদি ভাৰতীয় সনাতনী সংস্কৃতিৰ ভিতৰত নপৰে’
অসমৰ উন্নয়ন বিচৰা সকলোৱে ড০ হিমন্ত বিশ্ব শৰ্মাক সমৰ্থন কৰে, সমৰ্থন নকৰাসকল বাংলাদেশী অনুপ্ৰৱেশকাৰীঃ মন্ত্ৰী জয়ন্ত মল্লবৰুৱা

কংগ্ৰেছ দল বা ভূপেন বৰাই গো-মাংসৰ সমৰ্থনত থকাটো স্বাভাৱিক। কিন্তু গো নিধন কৰা বা গো-মাংস ভক্ষণ কৰা আদি ভাৰতীয় সনাতনী সংস্কৃতিৰ ভিতৰত নপৰে।- এই মন্তব্য মন্ত্ৰী জয়ন্ত মল্লবৰুৱাৰ। গো-মাংসৰ প্ৰসংগত ভূপেন বৰাক কটাক্ষ কৰি আজি দিছপুৰস্থিত বাসভৱনৰ কাৰ্যালয়ত মন্ত্ৰীগৰাকীয়ে সংবাদ মাধ্যমৰ আগত এইদৰে মন্তব্য কৰে। মন্ত্ৰীগৰাকীয়ে পুনৰ কয় যে অসমত এটা কথা স্পষ্ট যে আজিৰ তাৰিখত অসমত যিসকলে ভাৰতীয় সংস্কৃতিক বিশ্বাস কৰে, অসমখনৰ সমন্বয় আৰু অসমৰ উন্নয়নক বিশ্বাস কৰে সেইসকল মানুহ হিমন্ত বিশ্ব শৰ্মা তথা ভাৰতীয় জনতা পাৰ্টীৰ লগত আছে। মন্ত্ৰীগৰাকীয়ে ইয়াৰ বিৰুদ্ধাচৰণ কৰা মানুহখিনিক বাংলাদেশী অনুপ্ৰৱেশকাৰী বুলি কোৱাৰ লগতে এই বাংলাদেশী অনুপ্ৰৱেশকাৰীসকলৰ ওচৰলৈকে অখিল গগৈ, ভূপেন বৰা, গৌৰৱ গগৈও যাব, চিপিআইএমও যাব- যিমান দল আছে সকলোৱে যাব বুলি বিৰোধীক তীব্ৰ কটাক্ষ কৰে।
মন্ত্ৰীগৰাকীয়ে পুনৰ কয় যে মুছলমান মানুহে আমাক ভোট দিব। যিয়ে ভাৰতীয় সংস্কৃতিক বিশ্বাস কৰে, অসমৰ উন্নয়ন বিচাৰে সেইসকল মুছলমান মানুহে আমাক ভোট দিব। ইয়াৰ জ্বলন্ত উদাহৰণ কৰিমগঞ্জ, চামগুৰি। যিসকলে ভাৰতক ভাল পায়, অসমৰ উন্নয়ন বিচাৰে তেওঁলোকে আমাক ভোট দিবই। যিসকল মুছলমানে আজিও পাকিস্তানৰ গুণগান গায়, তেওঁলোকে আমাক ভাল পাব নোৱাৰে বুলি মন্ত্ৰীগৰাকীয়ে কয়।
ভূপেন বৰা তথা কংগ্ৰেছ দলক আক্ৰমণ কৰি মন্ত্ৰীগৰাকীয়ে কয় যে কংগ্ৰেছ দল বা ভূপেন বৰা গো-মাংসৰ সপক্ষে থকাটো এশ শতাংশই স্বাভাৱিক। কিন্তু প্ৰতিজন ভাৰতীয় মানুহে বিচাৰে যে ভাৰতবৰ্ষত ভাৰতীয় সংস্কৃতি থাকক। ভাৰতীয় সংস্কৃতি মানে সনাতনী সংস্কৃতি। সনাতনী সংস্কৃতিত গোক মাতা হিচাপে পূজা কৰা হয়। গতিকে ভাৰতীয় সংস্কৃতিত এতিয়াও গো নিধন কৰা, গো-মাংস ভক্ষণ কৰা ইত্যাদি কথাবিলাক সনাতনী সংস্কৃতিৰ ভিতৰত নপৰে। তেওঁ কয় যে ভূপেন বৰা কোন সংস্কৃতিৰ পৰা আহিছে মই নাজানো, কিন্তু ভাৰতীয় সনাতনী সংস্কৃতিত থকা মানুহে গোক মাতা হিচাপে পূজা কৰে আৰু গো-মাংস ভক্ষণ কৰাটোক অপৰাধ বুলি গণ্য কৰে।
তেওঁ পুনৰ কয় যে ভাৰতত থকা মানুহে আমাৰ সনাতনী সংস্কৃতিত বিশ্বাস কৰিব লাগে। হয়, বিভিন্নজনৰ যি আচাৰ, নীতি-নিয়ম আছে, সেইটো এটা বেলেগ কথা কিন্তু ভাৰতৰ যিটো সংস্কৃতি সেয়া সনাতনী সংস্কৃতি। সনাতনী সংস্কৃতিয়ে কেতিয়াও গো নিধন বা গো-মাংস ভক্ষণ ইত্যাদি মানি ল’ব নোৱাৰে আৰু মানি নলয়ো।
অখিল গগৈকো তীব্ৰ কটাক্ষ কৰি মন্ত্ৰীগৰাকীয়ে কয় যে অখিল গগৈয়ে থিয়ৈ-থিয়ৈ দিনতে সপোন দেখে, তেওঁক বুজাব নোৱাৰি।

Posts Carousel

Leave a Comment

Your email address will not be published. Required fields are marked with *

Latest Posts

Top Authors

Most Commented

Featured Videos