728 x 90
Like Us On Facebook
Facebook Pagelike Widget
728 x 90

মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাক বিশেষ অভিনন্দন পশ্চিম গুৱাহাটীৰ ৰাইজৰ

মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাক বিশেষ অভিনন্দন পশ্চিম গুৱাহাটীৰ ৰাইজৰ

ভৰলু উৰণ সেতু নিৰ্মাণৰ বিতৰ্কৰ অৱসানকোনো ক্ষয়-ক্ষতি নহয় তৰুণৰাম ফুকন উদ্যানৰদেশভক্ত তৰুণৰাম ফুকনৰ পৰিয়ালৰো মুখ্যমন্ত্ৰীক কৃতজ্ঞতা জ্ঞাপন কৰি পত্ৰ প্ৰেৰণ বিতৰ্কৰ আৱৰ্তত সোমাই পৰা ভৰলুমুখৰ উৰণ সেতু নিৰ্মাণ কাৰ্য মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ তৎপৰতাত অৱসান ঘটাৰ বাবে পশ্চিম গুৱাহাটীৰ সচেতন ৰাইজে মুখ্যমন্ত্ৰীক বিশেষ অভিনন্দন জ্ঞাপন কৰিছে। আজি ভৰলুমুখ দুৰ্গা মণ্ডপৰ সভাগৃহত আয়োজিত এক সংবাদমেলত

ভৰলু উৰণ সেতু নিৰ্মাণৰ বিতৰ্কৰ অৱসান
কোনো ক্ষয়-ক্ষতি নহয় তৰুণৰাম ফুকন উদ্যানৰ
দেশভক্ত তৰুণৰাম ফুকনৰ পৰিয়ালৰো মুখ্যমন্ত্ৰীক কৃতজ্ঞতা জ্ঞাপন কৰি পত্ৰ প্ৰেৰণ

বিতৰ্কৰ আৱৰ্তত সোমাই পৰা ভৰলুমুখৰ উৰণ সেতু নিৰ্মাণ কাৰ্য মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ তৎপৰতাত অৱসান ঘটাৰ বাবে পশ্চিম গুৱাহাটীৰ সচেতন ৰাইজে মুখ্যমন্ত্ৰীক বিশেষ অভিনন্দন জ্ঞাপন কৰিছে। আজি ভৰলুমুখ দুৰ্গা মণ্ডপৰ সভাগৃহত আয়োজিত এক সংবাদমেলত পশ্চিম গুৱাহাটী ৰাইজৰ হৈ অভিনন্দন জ্ঞাপন কৰে বিশিষ্ট সমাজকৰ্মী তথা ব্যৱসায়ী ৰাজীৱ বৰা, ড০ জিতেন ফুকন, হিৰেম্বেশ্বৰ কটকী, হিল দেৱী, ৰাছেল হুছেইন, নাজনীন ৰচুল, মছদ্দৰ হুছেইন, দিগন্ত বৰা আদিয়ে। উল্লেখ্য যে ভৰলুমুখ উৰণ সেতু ৰাইজৰ দাবী আৰু যান-জঁট হ্ৰাসৰ বাবে লোৱা হৈছিল যদিও গছ কটা আৰু হঠাতে ঠিকাদাৰী প্ৰতিষ্ঠানে এম জি ৰোডৰ বিপৰীতে তৰুণৰাম ফুকন পথত পাইলিং কৰাৰ বাবে বিতৰ্কৰ মাজত সোমাই পৰে। সেয়ে স্থানীয় মাছখোৱা, ভৰলুমুখ, কুমাৰপাৰা আদিৰ সচেতন ৰাইজে তৰুণৰাম ফুকন পথ নিৰ্মাণ কৰিবলৈ লোৱাত আপত্তি দৰ্শায়। ইয়াৰ পাছতে পশ্চিম গুৱাহাটীৰ সচেতন ৰাইজৰ হৈ ব্যৱসায়ী তথা বিশিষ্ট নাগৰিক ৰাজীৱ বৰাসহ একাধিক লোকে মুখ্যমন্ত্ৰীৰ সৈতে এক আলোচনাত মিলিত হয়। এই আলোচনা কালতে সচেতন নাগৰিকে যুক্তিসংগত ব্যাখ্যা আগবঢ়োৱাৰ লগতে পশ্চিম গুৱাহাটীৰ একমাত্ৰ উদ্যান তৰুণৰাম ফুকন উদ্যানৰ যাতে কোনো ক্ষয়-ক্ষতি নহয় আৰু সৌন্দৰ্যৰো কোনো হানি-বিঘিনি নঘটে তাৰ বাবে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাক অনুৰোধ জনায়। পশ্চিম গুৱাহাটীৰ ৰাইজৰ যুক্তিসংগত কথাত পতিয়ন গৈ মুখ্যমন্ত্ৰীয়ে দেশভক্তৰ নামত উছৰ্গিত উদ্যানখনৰ কোনো ক্ষয়-ক্ষতি নোহোৱাকৈ পুনৰ মহাত্মা গান্ধী পথেৰে নিৰ্মাণ কৰিবলৈ সংশ্লিষ্ট দায়িত্ববাহীক নিৰ্দেশ দিয়ে। ইয়াৰ পৰিপ্ৰেক্ষিততে এতিয়া ভৰলুমুখৰ উৰণ সেতু শ্বুইছ গেটৰ পৰা আৰম্ভ কৰি ভৰলুমুখ পইণ্টৰ পৰা পশ্চিম ফালে মালিগাঁও অভিমুখে আৰু উত্তৰ দিশে মহাত্মা গান্ধী পথতে নিৰ্মাণ হ’ব। অসমৰ প্ৰগতিশীল মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই ৰাইজৰ অনুৰোধ ৰক্ষা কৰাৰ বাবে আজি আনুষ্ঠানিকভাৱে মুখ্যমন্ত্ৰীগৰাকীক ৰাইজে অভিনন্দন জনায়।


উল্লেখ্য যে পশ্চিম গুৱাহাটীৰ ৰাইজ আৰু পশ্চিম গুৱাহাটী নাগৰিক সজাগতা মঞ্চৰ দাবীৰ প্ৰতি সঁহাৰি জনাই এই উৰণ সেতু নিৰ্মাণৰ কাম অনুমোদিত হৈছিল। অনুমোদন মহাত্মা গান্ধী পথতে আছিল যদিও এক অজ্ঞাত কাৰণত ঠিকাদাৰী প্ৰতিষ্ঠানে দেশভক্তৰ নামত উছৰ্গিত পথত নিৰ্মাণৰ কাম আৰম্ভ কৰিছিল। অৱশ্যে এই বিতৰ্কৰ সামৰণি পৰাত তৰুণৰাম ফুকনৰ পৰিয়ালেও মুখ্যমন্ত্ৰীক কৃতজ্ঞতা জ্ঞাপন কৰি পত্ৰ প্ৰেৰণ কৰিছে। মনকৰিবলগীয়া যে ন্যূনতম ক্ষয়-ক্ষতি আৰু গছ সংৰক্ষণৰ বাস্তৱ দৃষ্টিভংগীৰে চৰকাৰে উৰণ সেতু নিৰ্মাণ কৰিব।

Posts Carousel

Leave a Comment

Your email address will not be published. Required fields are marked with *

Latest Posts

Top Authors

Most Commented

Featured Videos