728 x 90
Like Us On Facebook
Facebook Pagelike Widget
728 x 90

বংশবাদৰ ৰাজনীতিৰে কংগ্ৰেছ ধ্বংস-যজ্ঞৰ আৰম্ভণি কৰিছিল পিতৃয়ে, এতিয়া সেই মহাযজ্ঞত পূৰ্ণাহুতি দিছে পুত্ৰইঃ মন্ত্ৰী জয়ন্ত মল্লবৰুৱা

বংশবাদৰ ৰাজনীতিৰে কংগ্ৰেছ ধ্বংস-যজ্ঞৰ আৰম্ভণি কৰিছিল পিতৃয়ে, এতিয়া সেই মহাযজ্ঞত পূৰ্ণাহুতি দিছে পুত্ৰইঃ মন্ত্ৰী জয়ন্ত মল্লবৰুৱা

বিহালীত কংগ্ৰেছৰ নিকৃষ্ট ৰাজনীতিৰ বিপৰীতে প্ৰধানমন্ত্ৰী আৰু মুখ্যমন্ত্ৰীৰ জনহিতৈষী নীতিৰ জয়লাভ হ’লঃ মন্ত্ৰী পীষুষ হাজৰীকা বিহালীত বিজেপিৰ প্ৰাৰ্থী দিগন্ত ঘাটোৱালৰ জয়লাভ। ৯ হাজাৰৰো অধিক ভোটৰ ব্যৱধানত দিগন্ত ঘাটোৱালে জয়লাভ কৰাৰ পাছতে সামাজিক মাধ্যমত মন্ত্ৰী জয়ন্ত মল্লবৰুৱাৰ পোষ্ট। সামাজিক মাধ্যমত দিয়া এটা পোষ্টত মন্ত্ৰীগৰাকীয়ে কয় যে আগেয়ে কোৱাৰ দৰে আজি পুনৰবাৰ কৈছোঁ – গৌৰৱ গগৈ কাগজৰ

বিহালীত কংগ্ৰেছৰ নিকৃষ্ট ৰাজনীতিৰ বিপৰীতে প্ৰধানমন্ত্ৰী আৰু মুখ্যমন্ত্ৰীৰ জনহিতৈষী নীতিৰ জয়লাভ হ’লঃ মন্ত্ৰী পীষুষ হাজৰীকা

বিহালীত বিজেপিৰ প্ৰাৰ্থী দিগন্ত ঘাটোৱালৰ জয়লাভ। ৯ হাজাৰৰো অধিক ভোটৰ ব্যৱধানত দিগন্ত ঘাটোৱালে জয়লাভ কৰাৰ পাছতে সামাজিক মাধ্যমত মন্ত্ৰী জয়ন্ত মল্লবৰুৱাৰ পোষ্ট। সামাজিক মাধ্যমত দিয়া এটা পোষ্টত মন্ত্ৰীগৰাকীয়ে কয় যে আগেয়ে কোৱাৰ দৰে আজি পুনৰবাৰ কৈছোঁ – গৌৰৱ গগৈ কাগজৰ বাঘ৷ নীলা তেজৰ ৰাজনীতিৰ পৰিৱৰ্তে শ্ৰমিকৰ ঘামক উচিত সন্মান দিলে বিহালীৰ জনতাই৷
ৰাজনৈতিক জীৱনত প্ৰথমবাৰৰ বাবে এটা বিধানসভা সমষ্টিৰ দায়িত্ব লৈছিল গৌৰৱ গগৈয়ে। তেওঁৰ পাৰদৰ্শিতাৰ ৰিপ’ৰ্টকাৰ্ড ইতিমধ্যে ৰাইজে পঢ়িলে৷ কথাই কথাই যোৰহাটৰ উদাহৰণ দিয়াসকলৰ বাবেও এয়া সমুচিত প্ৰত্যুত্তৰ৷
বংশবাদৰ ৰাজনীতিৰে কংগ্ৰেছ ধ্বংস-যজ্ঞৰ আৰম্ভণি কৰিছিল পিতৃয়ে৷ এতিয়া সেই মহাযজ্ঞত পূৰ্ণাহুতি দিছে পুত্ৰই৷

ইপিনে, বিহালীত বিজেপিৰ প্ৰাৰ্থী দিগন্ত ঘাটোৱাৰ জয়ী হোৱাৰ পাছতে মন্ত্ৰী পীযুষ হাজৰীকাই সামাজিক মাধ্যমত প্ৰাৰ্থীগৰাকীক শুভেচ্ছা জনোৱাৰ লগতে বিহালী বিধানসভা সমষ্টিত ৩ সপ্তাহতকৈও অধিক সময় উপ-নিৰ্বাচনৰ বাবে প্ৰচাৰ চলোৱাৰ কথা উল্লেখ কৰি তেওঁলোকৰ দলৰ ওপৰত বিশ্বাস ৰখাৰ বাবে বিহালীবাসীক কৃতজ্ঞতা কৃতজ্ঞতা জ্ঞাপন কৰে। সামাজিক মাধ্যমত মন্ত্ৰীগৰাকীয়ে কয় যে বিজেপি দলক ৰোধ কৰিবলৈ কংগ্ৰেছ দলে সকলোপ্ৰকাৰৰ নিকৃষ্ট কৌশল অৱলম্বন কৰিলে, ভুৱা বাতৰি প্ৰচাৰ কৰিলে, দলীয় কৰ্মীৰ পৰা ধন আদায় কৰি তেওঁলোকৰ দলৰ নেতাই এমাহ সমষ্টিটোত বাহৰ পাতি প্ৰচাৰ চলালে। সদৌ শেষত কংগ্ৰেছ দলৰ এই সকলো নিকৃষ্ট ৰাজনীতিৰ বিপৰীতে মাননীয় প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়া আৰু আৰু মাননীয় মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ জনহিতৈষী নীতিৰ জয়লাভ হ’ল।
মন্ত্ৰীগৰাকীয়ে দিগন্ত ঘাটোৱালৰ লগতে দলৰ কৰ্মকৰ্তা-শুভাকাংক্ষীসকলক তেওঁলোকৰ কঠোৰ পৰিশ্ৰম, সহযোগিতাৰ বাবে অভিনন্দন জ্ঞাপন কৰে।

Posts Carousel

Leave a Comment

Your email address will not be published. Required fields are marked with *

Latest Posts

Top Authors

Most Commented

Featured Videos