728 x 90
Like Us On Facebook
Facebook Pagelike Widget
728 x 90

২০২৪ বর্ষৰ লক্ষেশ্বৰ হাজৰিকা স্পন্দন বঁটা ঘোষণা

২০২৪ বর্ষৰ লক্ষেশ্বৰ হাজৰিকা স্পন্দন বঁটা ঘোষণা

‘অঁ, কবিতা’ শীৰ্ষক পাণ্ডুলিপিৰ বাবে অম্লান দেউৰীলৈ লক্ষেশ্বৰ হাজৰিকা স্পন্দন বঁটা গুৱাহাটী, ১৪ নৱেম্বৰঃ ভাষা-সাহিত্য-সমাজ-সংস্কৃতিৰ সেৱাত উৎসৰ্গিত চৰকাৰী পঞ্জীয়নভুক্ত স্বেচ্ছাসেৱী অনুষ্ঠান ‘স্পন্দন… শব্দৰ পৰা হৃদয়লৈ’ৰ উদ্যোগত চতুৰ্থ বর্ষৰ বাবে আয়োজিত ৪০ বছৰৰ অনুৰ্ধৰ কবিৰ ৪০ টা কবিতাৰ পাণ্ডুলিপি প্ৰতিযোগিতাত শীৰ্ষস্থান লাভ কৰি ‘লক্ষেশ্বৰ হাজৰিকা স্পন্দন বঁটা ২০২৪’ এইবাৰ লাভ কৰিবলৈ সক্ষম হৈছে প্ৰতিভাৱান কবি অম্লান

‘অঁ, কবিতা’ শীৰ্ষক পাণ্ডুলিপিৰ বাবে অম্লান দেউৰীলৈ লক্ষেশ্বৰ হাজৰিকা স্পন্দন বঁটা

গুৱাহাটী, ১৪ নৱেম্বৰঃ ভাষা-সাহিত্য-সমাজ-সংস্কৃতিৰ সেৱাত উৎসৰ্গিত চৰকাৰী পঞ্জীয়নভুক্ত স্বেচ্ছাসেৱী অনুষ্ঠান ‘স্পন্দন… শব্দৰ পৰা হৃদয়লৈ’ৰ উদ্যোগত চতুৰ্থ বর্ষৰ বাবে আয়োজিত ৪০ বছৰৰ অনুৰ্ধৰ কবিৰ ৪০ টা কবিতাৰ পাণ্ডুলিপি প্ৰতিযোগিতাত শীৰ্ষস্থান লাভ কৰি ‘লক্ষেশ্বৰ হাজৰিকা স্পন্দন বঁটা ২০২৪’ এইবাৰ লাভ কৰিবলৈ সক্ষম হৈছে প্ৰতিভাৱান কবি অম্লান দেউৰীয়ে। ‘অঁ, কবিতা’ শীৰ্ষক পাণ্ডুলিপিৰ বাবে অম্লান দেউৰীলৈ আগবঢ়োৱা হৈছে ২০২৪ বর্ষৰ লক্ষেশ্বৰ হাজৰিকা স্পন্দন বঁটা। এই বঁটাত আছে এটি ৰূপৰ স্মাৰক, মানপত্ৰ, অংগবস্ত্ৰ, কিতাপৰ টোপোলা আৰু নগদ দহ(১০,০০০) হাজাৰ টকা।
অহা ডিচেম্বৰ মাহৰ ২৫ তাৰিখে কটন কলেজৰ এলমনাই ভৱনত অনুষ্ঠিত হ’বলগীয়া এক বিশেষ অনুষ্ঠানত এই বঁটা আনুষ্ঠানিকভাৱে প্ৰদান কৰা হ’ব বুলি উদ্যোক্তাসকলে জনাইছে।

Posts Carousel

Leave a Comment

Your email address will not be published. Required fields are marked with *

Latest Posts

Top Authors

Most Commented

Featured Videos