নিৰ্বাচনৰ দিনাই বিহালীৰ বুথে বুথে নিৰ্বাচনী প্ৰচাৰ চলায় গৌৰৱ গগৈয়েসংবিধান ৰক্ষাৰ কোৱা গৌৰৱে আইন উলংঘা কৰি অপমান কৰিছে সংবিধানকসদ্যসমাপ্ত উপ-নিৰ্বাচন সন্দৰ্ভত মন্ত্ৰী পীযুষ হাজৰীকাৰ সংবাদমেল উপ-নিৰ্বাচনত এইবাৰ নাভূত-নাশ্ৰুত ঘটনা সংঘটিত হৈছে! ভোটগ্ৰহণ চলি থকা সময়ত সমষ্টিৰ বাহিৰৰ মানুহে আহি নিৰ্বাচনী প্ৰচাৰ চলাইছে। অসমত প্ৰথমবাৰৰ কাৰণে এনে ঘটনা সংঘটিত হোৱা পৰিলক্ষিত হৈছে। কালি ভোটগ্ৰহণৰ সময়ত সমষ্টিৰ
নিৰ্বাচনৰ দিনাই বিহালীৰ বুথে বুথে নিৰ্বাচনী প্ৰচাৰ চলায় গৌৰৱ গগৈয়ে
সংবিধান ৰক্ষাৰ কোৱা গৌৰৱে আইন উলংঘা কৰি অপমান কৰিছে সংবিধানক
সদ্যসমাপ্ত উপ-নিৰ্বাচন সন্দৰ্ভত মন্ত্ৰী পীযুষ হাজৰীকাৰ সংবাদমেল
উপ-নিৰ্বাচনত এইবাৰ নাভূত-নাশ্ৰুত ঘটনা সংঘটিত হৈছে! ভোটগ্ৰহণ চলি থকা সময়ত সমষ্টিৰ বাহিৰৰ মানুহে আহি নিৰ্বাচনী প্ৰচাৰ চলাইছে। অসমত প্ৰথমবাৰৰ কাৰণে এনে ঘটনা সংঘটিত হোৱা পৰিলক্ষিত হৈছে। কালি ভোটগ্ৰহণৰ সময়ত সমষ্টিৰ বাহিৰৰ পৰা আহি কংগ্ৰেছৰ একাংশ নেতা-কৰ্মীয়ে বিহালীৰ বুথে বুথে গৈ প্ৰচাৰ চলোৱা কাৰ্যক লৈ তীব্ৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে মন্ত্ৰী পীযুষ হাজৰীকাই। মন্ত্ৰীগৰাকীয়ে আজি সদ্যসমাপ্ত উপ-নিৰ্বাচন সন্দৰ্ভত গুৱাহাটীস্থিত তেওঁৰ চৰকাৰী বাসগৃহত এখন সংবাদমেল সম্বোধন কৰি উক্ত ঘটনাক গৰিহণা দিয়াৰ লগতে সংবাদ মাধ্যমৰ জৰিয়তে কংগ্ৰেছ দল তথা দলৰ শীৰ্ষ নেতা গৌৰৱ গগৈৰ পৰা কেইবাটাও প্ৰশ্নৰ উত্তৰ বিচাৰে। সংবাদমেলত মন্ত্ৰীগৰাকীয়ে কয় যে আমি সকলোৱে জানো যে নিৰ্বাচনৰ নিয়মাৱলী বা কোড অৱ কনডাক্ট থাকে। সেই কোড অৱ কনডাক্টসমূহ সাধাৰণতে সকলোৱে মানি চলে। কোড অৱ কনডাক্টত কোৱা হৈছে যে যেতিয়াৰ পৰা ‘ছাইলেণ্ট পিৰিয়ড’ আৰম্ভ হয় নিৰ্বাচনৰ ২৪ ঘণ্টা আগতে সেই সমষ্টিটোৰ বাহিৰৰ কোনো মানুহ সেই সমষ্টিটোত থাকিব নোৱাৰে। কিন্তু কালি আমি দেখিবলৈ পালো যে কংগ্ৰেছ দলৰ বাহিৰৰ নেতা-কৰ্মীসকলে বিহালীত মুকলিকৈ বাহৰ পাতি থাকিল। বাহিৰৰ সমষ্টিৰ পৰা কংগ্ৰেছ দলৰ নেতা-কৰ্মীসকলে বিহালীত গৈ কালিও প্ৰচাৰ চলোৱা আমি দেখিবলৈ পালো। এই ঘটনাটোৱে স্পষ্ট কৰে যে তেওঁলোকে নিৰ্বাচনী আচৰণবিধি উলংঘা কৰিছে। মন্ত্ৰীগৰাকীয়ে এই কাৰ্যৰ তীব্ৰ বিৰোধিতা কৰি কংগ্ৰেছক ভৱিষ্যতে এনেকুৱা কাম নকৰিবলৈ সকীয়াই দিয়ে। মন্ত্ৰীগৰাকীয়ে কংগ্ৰেছ নেতা গৌৰৱ গগৈক আক্ৰমণ কৰি কয় যে ভাৰতবৰ্ষৰ কংগ্ৰেছ দলৰ এগৰাকী ডেপুটী লিডাৰ, অসমৰ কংগ্ৰেছ নেতা গৌৰৱ গগৈককো কালি বিহালীৰ বুথে বুথে গৈ প্ৰচাৰ চলোৱা আমি দেখিবলৈ পালো। সাধাৰণ কৰ্মীৰ কথাতো বাদেই দিলো, কিন্তু গৌৰৱ গগৈৰ দৰে এজন নেতাই ‘ছাইলেণ্ট পিৰিয়ড’ত বিহালীতে বাহৰ পাতি থাকি বিহালীৰ বুথে বুথে গৈ প্ৰচাৰ চলোৱা কাৰ্য গৰিহণা যোগ্য।
মন্ত্ৰীগৰাকীয়ে আৰু কয় যে ময়ো বিহালীত আছিলো যদিও মই ১১ তাৰিখে ৫.১০ বজাত বিহালীৰ পৰা ওলাই আহিছো। ঠিক সেইদৰে ছিদলী সমষ্টিত মন্ত্ৰী অশোক সিংঘলে বাহৰ পাতি আছিল যদিও তেৱোঁ ১১ তাৰিখে আবেলি তাৰ পৰা গুচি আহিছে। একেদৰে ধলাই সমষ্টিতো মন্ত্ৰী জয়ন্ত মল্লবৰুৱা আছিল যদিও তেৱোঁ সেইখিনি সময়ত ধলাইৰ পৰা ওলাই আহিছে।
গৌৰৱ গগৈয়ে কোনটো নিয়মেৰে কালি বিহালীৰ বুথে বুথে গৈ প্ৰচাৰ চলাইছিল বুলি মন্ত্ৰীগৰাকীয়ে গৌৰৱ গগৈক প্ৰশ্ন কৰে। গৌৰৱ গগৈ এগৰাকী সাংসদ, বিৰোধী দলৰ লোকসভা নিৰ্বাচনৰ এজন ডেপুটী লিডাৰ, তেওঁ কিহৰ ভিত্তিত এনে কাম কৰিলে বুলি মন্ত্ৰীগৰাকীয়ে সাংসদগৰাকীৰ পৰা উত্তৰ বিচাৰে। এয়া গণতন্ত্ৰৰ বাবে ভাল লক্ষণ নহয় বুলি মন্ত্ৰীগৰাকীয়ে মন্তব্য কৰি সাংবাদিকসকলেও গৌৰৱ গগৈৰ পৰা ইয়াৰ উত্তৰ বিচৰা উচিত বুলি কয়।
স’ততে সংবিধানৰ কথা কোৱা, সংবিধান ৰক্ষাৰ কথা কোৱা আৰু লোকসভালৈ প্ৰত্যক দিনাই সংবিধানৰ কপি এটা লৈ যোৱা দলটোৰ এনে নেতাই এই কাম কৰিলে সংবিধান বিৰোধী হয়নে নহয় এই প্ৰশ্নটোও মন্ত্ৰীগৰাকীয়ে গৌৰৱ গগৈৰ পৰা জানিব বিচাৰে বুলি উল্লেখ কৰে।
নিৰ্বাচন আয়োগক ইতিমধ্যে এই বিষয়টো টেলিফোনযোগে অৱগত কৰা বুলি মন্ত্ৰীগৰাকীয়ে জানিবলৈ দি কয় যে আমাৰ দলৰ পৰাও বিষয়টো নিৰ্বাচন আয়োগক অৱগত কৰা হ’ব। এয়া অত্যন্ত গৰ্হিত কাম বুলি মন্ত্ৰীগৰাকীয়ে পুনৰ উল্লেখ কৰি গৌৰৱ গগৈৰ দৰে এজন নেতাই এনে কাম কৰাটো উচিত হোৱা নাই বুলি কয়। আনকি, মন্ত্ৰীগৰাকীয়ে নিজৰ নিৰ্বাচনতো ছাইলেণ্ট পিৰিয়ডত ঘৰৰ পৰা ওলাই নাযায় বুলি উল্লেখ কৰে।
বিহালীত নিৰ্বাচনৰ দিনা তিনিচুকীয়া, যোৰহাট, শিৱসাগৰৰ পৰা শতাধিক মানুহ বিহালীত বাহৰ পাতি আছিল বুলি মন্ত্ৰীগৰাকীয়ে সংবাদমেলত উল্লেখ কৰে। আনহাতে, চৰাইদেউ জিলা কংগ্ৰেছৰ সভাপতি উৎপল গগৈয়ে বিহালীত ভোটগ্ৰহণৰ দিনা তিনিটা ভোটকেন্দ্ৰত গৈ প্ৰচাৰ চলাইছিল। দুলীয়াজানৰ আন এগৰাকী ৰাভা উপাধিৰ কংগ্ৰেছৰ নেতাই পলিং কেন্দ্ৰৰ বাহিৰত কংগ্ৰেছ প্ৰাৰ্থীক ভোট দিব লাগে বুলি মুকলিকৈ আহ্বান জনোৱাৰ কথাও মন্ত্ৰীগৰাকীয়ে সংবাদমেলত উল্লেখ কৰে। কংগ্ৰেছে নিৰ্বাচনী আচৰণবিধি সম্পূৰ্ণ উলংঘা কৰিছে বুলি অভিযোগ তুলি কংগ্ৰেছে নিয়ম উলংঘা কৰিলে ভুল নহয়, আমি কৰিলে ভুল হয় বুলি মন্তব্য কৰে। সাধাৰণ মানুহৰ ঘৰৰ ব্যক্তিয়ে কৰিলে ভুল আৰু গৌৰৱ গগৈৰ দৰে বিখ্যাত ব্যক্তিয়ে কৰিলে ভুল নহয়, এনেকুৱা কিবা কথা আছে নেকি বুলিও মন্ত্ৰীগৰাকীয়ে প্ৰশ্ন কৰে। গৌৰৱ গগৈৰ নিৰ্বাচনী আচৰণবিধি উলংঘনৰ ঘটনাটো সংবাদ মাধ্যমে গুৰুত্ব সহকাৰে নোলোৱা বিষয়টোত মন্ত্ৰীগৰাকীয়ে আশ্চৰ্য প্ৰকাশ কৰি দুখ প্ৰকাশ কৰে। বিহালীত বিজেপিৰ প্ৰাৰ্থীগৰাকী নিশ্চিতভাৱে জয়ী হ’ব বুলি উল্লেখ কৰি তেওঁ কয় যে নিৰ্বাচনত জিকা-হৰাটোতো পিছৰ কথা, ইমানখিনিলৈ মই যোৱাই নাই। কিন্তু মোৰ প্ৰশ্ন হ’ল কোনোবাই নিয়ম-নীতি উলংঘা কৰিব পাৰে নেকি, নিৰ্বাচনী আচৰণবিধি উলংঘা কৰিব পাৰে নেকি? গৌৰৱ গগৈৰ দৰে ডাঙৰ নেতাই নিৰ্বাচনী আচৰণবিধি উলংঘা কৰিব পাৰে নেকি? কেৱল তেওঁৰ বংশ আৰু এজন বিখ্যাত ব্যক্তিৰ পুত্ৰ বুলিয়েই গৌৰৱ গগৈৰ বাবে সংবিধান প্ৰযোজ্য নহয় বুলি ভাবে নেকি?


















Leave a Comment
Your email address will not be published. Required fields are marked with *