গোৰ্খাকে ধৰি অসমৰ কেইবাটাও থলুৱা গোষ্ঠী আৰু সম্প্ৰদায়ক ভূমিৰ অধিকাৰৰ বাবে তিনিটা প্ৰজন্ম অসমত বাস কৰাৰ প্ৰমাণ দিয়াৰ বাধ্যতামূলক চৰ্তৰ পৰা ৰেহাই দিয়া হৈছে। তদুপৰি গোৰ্খাসকলৰ ডি ভোটাৰৰ সমস্যাটোও সম্পূৰ্ণৰূপে সমাধান কৰাৰ কাৰণে আন্তৰিকতাৰে চেষ্টা কৰা হৈছে।- এই মন্তব্য মন্ত্ৰী পীযুষ হাজৰীকাৰ। বিহালীত এখন নিৰ্বাচনী প্ৰচাৰ সভাত অংশ লৈ এই মন্তব্য কৰে মন্ত্ৰীগৰাকীয়ে। উল্লেখ্য যে
গোৰ্খাকে ধৰি অসমৰ কেইবাটাও থলুৱা গোষ্ঠী আৰু সম্প্ৰদায়ক ভূমিৰ অধিকাৰৰ বাবে তিনিটা প্ৰজন্ম অসমত বাস কৰাৰ প্ৰমাণ দিয়াৰ বাধ্যতামূলক চৰ্তৰ পৰা ৰেহাই দিয়া হৈছে। তদুপৰি গোৰ্খাসকলৰ ডি ভোটাৰৰ সমস্যাটোও সম্পূৰ্ণৰূপে সমাধান কৰাৰ কাৰণে আন্তৰিকতাৰে চেষ্টা কৰা হৈছে।- এই মন্তব্য মন্ত্ৰী পীযুষ হাজৰীকাৰ। বিহালীত এখন নিৰ্বাচনী প্ৰচাৰ সভাত অংশ লৈ এই মন্তব্য কৰে মন্ত্ৰীগৰাকীয়ে। উল্লেখ্য যে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ দূৰদৰ্শী চিন্তাৰ ফচল মিছন বসুন্ধৰা ৩.০। ইয়াৰ জৰিয়তে ইতিমধ্যে গোৰ্খাকে ধৰি অসমৰ কেইবাটাও থলুৱা গোষ্ঠী আৰু সম্প্ৰদায়ক ভূমিৰ অধিকাৰৰ বাবে তিনিটা প্ৰজন্ম অসমত বাস কৰাৰ প্ৰমাণ দিয়াৰ বাধ্যতামূলক চৰ্তৰ পৰা ৰেহাই দিয়া হৈছে। এই সন্দৰ্ভত মন্ত্ৰীগৰাকীয়ে সভাখনত ৰাইজক সম্বোধন কৰি কয় যে নেপালীসকলৰ ডি ভোটাৰৰ সমস্যা আজি নাইকিয়া হ’ল। গোৰ্খাসকলৰ মাটিৰ কাৰণে যি তিনিটা প্ৰজন্মৰ প্ৰমাণ-পত্ৰ প্ৰয়োজন হৈছিল, সেয়া নলগা হ’ল। বঙালীসকলৰ মাজতো যিসকল ছিডুল কাষ্ট, তেওঁলোকৰ তিনিটা প্ৰজন্মৰ প্ৰমাণ-পত্ৰ আজি মিছন বসুন্ধৰাৰ কাৰণে নালাগে। মন্ত্ৰীগৰাকীয়ে আৰু কয় যে অল ৰাউণ্ড ডেভলেপমেণ্ট যাক কোৱা হয়, অৰুণোদয়ে হওক, বিনামূলীয়া চাউল, ডেৰ লাখ চাকৰি, ৰেচন কাৰ্ড, আয়ুষ্মান কাৰ্ডেই হওক- আমি যিখিনি কৰিছো আগতে কোনো চৰকাৰে কৰিব পৰা নাছিল। অসমৰ ২৬ লাখ মানুহে এতিয়া অৰুণোদয় লাভ কৰে। অহা তিনি মাহৰ ভিতৰত অসমৰ আৰু ১১ লাখ মানুহে অৰুণোদয় লাভ কৰিব। যাৰ ঘৰত ৰেচন কাৰ্ড আছে, সকলোৱে অৰুণোদয় লাভ কৰিব। আনহাতে, মহিলাসকলে আত্মসহায়ক গোট গঠনৰ মাজেদি ১০ হাজাৰ টকাৰ যি প্ৰ-পত্ৰ পূৰণ কৰিছিল, সেই ধন অহা ১ ফেব্ৰুৱাৰীৰ পৰা মুখ্যমন্ত্ৰীয়ে প্ৰদান কৰাৰ কথা ঘোষণা কৰিছে। ১ ফেব্ৰুৱাৰীৰ পৰা বিহালী সমষ্টিৰ পৰা মুখ্যমন্ত্ৰীয়ে টকা দিয়া কাৰ্যসূচী আৰম্ভ কৰিব বুলি মন্ত্ৰীগৰাকীয়ে ভাষণত উল্লেখ কৰে। মন্ত্ৰী হাজৰীকাই আগন্তুক দিনতো এনেদৰে অসমৰ প্ৰতিটো জাতি-জনগোষ্ঠীৰ বিকাশ আৰু প্ৰগতিৰ স্বাৰ্থত কাম কৰি যাব বুলি প্ৰতিশ্ৰুতি দিয়ে।
ইপিনে, মন্ত্ৰী পীযুষ হাজৰীকাই আজি বিহালী বিধানসভা সমষ্টিৰ উপ-নিৰ্বাচন উপলক্ষে সাংসদ ৰঞ্জিত দত্ত আৰু বিধায়ক সুশান্ত বৰগোঁহাইৰ সৈতে ৰামপুৰত বিজেপি দলৰ প্রার্থী দিগন্ত ঘাটোৱাৰৰ হৈ নিৰ্বাচনী প্ৰচাৰ চলায়। ইয়াৰ পিছত মন্ত্ৰীগৰাকীয়ে বৰগাং গাঁও পঞ্চায়তৰ নিউ কেটলাত নিৰ্বাচনী ৰেলী মুকলি কৰে।
Leave a Comment
Your email address will not be published. Required fields are marked with *