728 x 90
Like Us On Facebook
Facebook Pagelike Widget
728 x 90

‘আপোনালোক চৰকাৰৰ লগত থাকিলেহে, আপোনালোকৰ উন্নয়নমূলক কাম হ’ব’- মন্ত্ৰী জয়ন্ত মল্লবৰুৱা

‘আপোনালোক চৰকাৰৰ লগত থাকিলেহে, আপোনালোকৰ উন্নয়নমূলক কাম হ’ব’- মন্ত্ৰী জয়ন্ত মল্লবৰুৱা

‘অসমত আগন্তুক ৫০ বছৰলৈ কংগ্ৰেছৰ চৰকাৰ নাহে’কংগ্ৰেছক বলধ গৰু আখ্যা মন্ত্ৰী জয়ন্ত মল্লবৰুৱাৰক্লেভাৰ হাউচ পঞ্চায়তত ‘বিজয় সংকল্প’ জনসভাত মন্ত্ৰী জয়ন্ত মল্লবৰুৱা আপোনালোক চৰকাৰৰ লগত থাকিলেহে, আপোনালোকৰ উন্নয়নমূলক কাম হ’ব। কেন্দ্ৰত আমাৰ চৰকাৰ, ৰাজ্যত আমাৰ চৰকাৰ, সাংসদো আমাৰ গতিকে ধলাইত বিধায়কো আমাৰ হ’লেহে ইয়াত উন্নয়নমূলক কাম হ’ব।- এই মন্তব্য মন্ত্ৰী জয়ন্ত মল্লবৰুৱাৰ। ধলাই বিধানসভা সমষ্টিৰ উপ-নিৰ্বাচনৰ

‘অসমত আগন্তুক ৫০ বছৰলৈ কংগ্ৰেছৰ চৰকাৰ নাহে’
কংগ্ৰেছক বলধ গৰু আখ্যা মন্ত্ৰী জয়ন্ত মল্লবৰুৱাৰ
ক্লেভাৰ হাউচ পঞ্চায়তত ‘বিজয় সংকল্প’ জনসভাত মন্ত্ৰী জয়ন্ত মল্লবৰুৱা

আপোনালোক চৰকাৰৰ লগত থাকিলেহে, আপোনালোকৰ উন্নয়নমূলক কাম হ’ব। কেন্দ্ৰত আমাৰ চৰকাৰ, ৰাজ্যত আমাৰ চৰকাৰ, সাংসদো আমাৰ গতিকে ধলাইত বিধায়কো আমাৰ হ’লেহে ইয়াত উন্নয়নমূলক কাম হ’ব।- এই মন্তব্য মন্ত্ৰী জয়ন্ত মল্লবৰুৱাৰ। ধলাই বিধানসভা সমষ্টিৰ উপ-নিৰ্বাচনৰ প্ৰাৰ্থী নীহাৰ ৰঞ্জন দাসৰ সমৰ্থনত আজি ক্লেভাৰ হাউচ পঞ্চায়তত অনুষ্ঠিত ‘বিজয় সংকল্প’ জনসভাত অংশগ্ৰহণ কৰি ৰাইজক উদ্দেশ্যি মন্ত্ৰীগৰাকীয়ে এইদৰে কয়। তেওঁ আৰু কয় যে আপোনালোক সদা-সৰ্বদা উন্নয়নৰ সৈতে আছে তথা ভাৰতীয় জনতা পাৰ্টিৰ লগত আছে। মোৰ বিশ্বাস আপোনালোকে আমাৰ প্ৰাৰ্থী নীহাৰ ৰঞ্জন দাসক বিপুল ভোটত জয়যুক্ত কৰিব। মন্ত্ৰীগৰাকীয়ে কংগ্ৰেছক চোকা সমালোচনা কৰি কয় যে কংগ্ৰেছ দল বলধ গৰুৰ দৰে, বলধ গৰুৱে গাখীৰ নিদিয়ে। তদ্ৰুপ যিমান চেষ্টা নকৰক কিয়, কংগ্ৰেছে একো দিব নোৱাৰে। কংগ্ৰেছৰ চৰকাৰ আগন্তুক ৫০ বছৰলৈও নাহে। গতিকে কংগ্ৰেছৰ পিছে পিছে দৌৰিও কোনো লাভ নাই।
মন্ত্ৰীগৰাকীয়ে অহা ২০২৫ বৰ্ষৰ জানুৱাৰী মাহত ধলাই বিধানসভাত ১৫ৰ পৰা ২০ হাজাৰ অৰুণোদয় দিয়া হ’ব বুলি মন্তব্য কৰে। ৰেচন কাৰ্ড থকা প্ৰত্যককে একোটাকৈ অৰুণোদয় দিয়া হ’ব বুলি তেওঁ কয়। মন্ত্ৰীগৰাকীয়ে কয় যে প্ৰথমে ১৯ লাখ লোকক অৰুণোদয় দিয়া হৈছিল, এতিয়া ২৭ লাখ লোকে অৰুণোদয় লাভ কৰিছে। জানুৱাৰীত আৰু ৪০ লাখ মহিলাক অৰুণোদয় দিয়াৰ লক্ষ্য লোৱা হৈছে। গৰীৱ-দুখীয়া মহিলাক সহায় কৰাই এই আঁচনিখনৰ মূল উদ্দেশ্য। আমাৰ চৰকাৰে এইদৰে কামবোৰ কৰি গৈ আছে। কিন্তু কংগ্ৰেছে তেওঁলোকৰ চৰকাৰ আহিলে অৰুণোদয় বন্ধ কৰি দিয়াৰ কথাহে কয়। গৰীৱ-দুখীয়া মানুহৰ বাবে একো কৰিব নোৱাৰা কংগ্ৰেছ আগন্তুক ৫০ বছৰলৈ চৰকাৰলৈ নাহে। তেওঁলোকৰ চৰকাৰ অহাৰ কোনো সম্ভৱনাই নাই বুলি মন্ত্ৰীগৰাকীয়ে ভাষণত কয়।
উল্লেখ্য যে ইয়াৰ পূৰ্বে মন্ত্ৰীগৰাকীয়ে ধলাই বজাৰত অনুষ্ঠিত ‘বিজয় সংকল্প’ পদযাত্ৰাত অংশগ্ৰহণ কৰে। পদযাত্ৰাত কৌশিক ৰায়, কৃষ্ণেন্দু পাল, কে পুৰকায়স্থ, বিজেপি দলৰ নেতা আৰু কাৰ্যকৰ্তাসকলে অংশগ্ৰহণ কৰে।

Posts Carousel

Leave a Comment

Your email address will not be published. Required fields are marked with *

Latest Posts

Top Authors

Most Commented

Featured Videos

error: Content is protected !!