728 x 90
Like Us On Facebook
Facebook Pagelike Widget
728 x 90

হিন্দু বাংলাদেশীক বাংলাদেশী বুলি কোৱা কংগ্ৰেছক এইবাৰ আমি উচিত শিক্ষা দিমঃ মন্ত্ৰী জয়ন্ত মল্লবৰুৱা

হিন্দু বাংলাদেশীক বাংলাদেশী বুলি কোৱা কংগ্ৰেছক এইবাৰ আমি উচিত শিক্ষা দিমঃ মন্ত্ৰী জয়ন্ত মল্লবৰুৱা

🔹ধলাইত কংগ্ৰেছক তুলা-ধূণা দি নীহাৰ ৰঞ্জন দাসৰ হৈ মন্ত্ৰী জয়ন্ত মল্লবৰুৱাৰ ব্যাপক নিৰ্বাচনী প্ৰচাৰ কংগ্ৰেছে হিন্দু বাংলাদেশীক বাংলাদেশী বুলি কোৱা, হিন্দু বাংলাদেশীক অপমান কৰা আদি কাৰ্যৰ আমি উচিত প্ৰত্যুত্তৰ দিম। হিন্দু বাংলাদেশী ভাৰতৰ মানুহ। তেওঁলোক অখণ্ড ভাৰতৰ নাগৰিক। বাংলাদেশ আমাৰেই ভাৰত আছিল। তাত উৎপীড়নৰ বলি হৈ হিন্দু বাংলাদেশী লোকসকল আমাৰ ইয়ালৈ আহিছে।- এই মন্তব্য মন্ত্ৰী

🔹ধলাইত কংগ্ৰেছক তুলা-ধূণা দি নীহাৰ ৰঞ্জন দাসৰ হৈ মন্ত্ৰী জয়ন্ত মল্লবৰুৱাৰ ব্যাপক নিৰ্বাচনী প্ৰচাৰ

কংগ্ৰেছে হিন্দু বাংলাদেশীক বাংলাদেশী বুলি কোৱা, হিন্দু বাংলাদেশীক অপমান কৰা আদি কাৰ্যৰ আমি উচিত প্ৰত্যুত্তৰ দিম। হিন্দু বাংলাদেশী ভাৰতৰ মানুহ। তেওঁলোক অখণ্ড ভাৰতৰ নাগৰিক। বাংলাদেশ আমাৰেই ভাৰত আছিল। তাত উৎপীড়নৰ বলি হৈ হিন্দু বাংলাদেশী লোকসকল আমাৰ ইয়ালৈ আহিছে।- এই মন্তব্য মন্ত্ৰী জয়ন্ত মল্লবৰুৱাৰ। আজি ধলাইৰ নৰসিংপুৰত বিজেপি দলৰ প্ৰাৰ্থী নীহাৰ ৰঞ্জন দাসৰ সমৰ্থনত এখন বিশাল নিৰ্বাচনী প্ৰচাৰ সভাত অংশগ্ৰহণ কৰি ৰাইজক উদ্দেশ্যি এইদৰে মন্তব্য কৰে মন্ত্ৰীগৰাকীয়ে। মন্ত্ৰীগৰাকীয়ে ভাষণত কয় যে আমাৰ চৰকাৰে স্পষ্ট কৰি দিছে যে ২০১৪ চনৰ পূৰ্বে যিসকল ভাৰতলৈ আহিছে, সকলোকে নাগৰিকত্ব দিয়া হ’ব। এয়াই আমাৰ বিজেপি চৰকাৰ। ইয়াৰ বিপৰীতে কংগ্ৰেছে ইয়াতেই জন্মগ্ৰহণ কৰা, ইয়াতেই পঢ়া-শুনা কৰা, চাকৰি কৰা লোকসকলকো কৈছে বাংলাদেশী বুলি। এয়াই কংগ্ৰেছৰ মানসিকতা। এই কংগ্ৰেছক এইবাৰ উচিত শিক্ষা দিব লাগিব। ইয়াৰ বাবে অহা ১৩ নৱেম্বৰত নীহাৰ ৰঞ্জন দাসক পদুম ফুলৰ ছবিত ভোট দি বিপুল ভোটত জয়যুক্ত কৰিব লাগিব। হিন্দু বাংলাদেশীক বাংলাদেশী কোৱা কংগ্ৰেছক এনেদৰে প্ৰত্যুত্তৰ দিব লাগিব বুলি মন্ত্ৰীগৰাকীয়ে ভাষণত উল্লেখ কৰে। ভাষণ প্ৰসংগত মন্ত্ৰীগৰাকীয়ে শাসনত যাৰ চৰকাৰ থাকে, তেওঁলোকেহে কিছুমান সমস্যা সমাধান কৰিব পাৰে বা উন্নয়নমূলক কাম কৰিব পাৰে বুলি মন্তব্য কৰে। তেওঁ কয় যে শাসনত যাৰ চৰকাৰ থাকে, তেওঁলোকেহে সমস্যা সমাধান কৰিব পাৰে। কেন্দ্ৰীত নৰেন্দ্ৰ মোদী নেতৃত্বাধীন বিজেপি দলৰ চৰকাৰ আৰু অসমতো ড০ হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত বিজেপি চৰকাৰ আছে, যদি এই সমষ্টিত আন দলৰ প্ৰাৰ্থী জয়ী হয়, তেন্তে কিবা কাম কৰিব পাৰিব নেকি বুলি মন্ত্ৰীগৰাকীয়ে প্ৰশ্ন কৰে।
উল্লেখ্য যে মন্ত্ৰীগৰাকীয়ে আজি বিয়লি বিজেপি প্ৰাৰ্থী নীহাৰ ৰঞ্জন দাসৰ সমৰ্থনত ধলাইৰ দুৰ্গাবাৰীত আন এখন নিৰ্বাচনী সভাত অংশগ্ৰহণ কৰি সভাত উপস্থিত ৰাইজে নীহাৰ ৰঞ্জন দাসৰ প্ৰতি আগবঢ়োৱা বিপুল সহাঁৰিৰ বাবে সকলোকে আন্তৰিক ধন্যবাদ জ্ঞাপন কৰাৰ লগতে ধলাইৰ প্ৰগতিৰ বাবে দাসক ভোট প্ৰদান কৰিবলৈ আহ্বান জনায়।

Posts Carousel

Leave a Comment

Your email address will not be published. Required fields are marked with *

Latest Posts

Top Authors

Most Commented

Featured Videos

error: Content is protected !!