🔹বিহালীৰ চাহ জনগোষ্ঠী-আদিবাসী ৰাইজক দিগন্ত ঘাটোৱাৰক বিপুল ভোটত জয়যুক্ত কৰিবলৈ আহ্বান🔹চাহ জনগোষ্ঠীৰ লোকক প্ৰতাৰণা কৰাৰ বাবে কংগ্ৰেছ দলক গৰিহণা আটছাৰ উপ-নিৰ্বাচনৰ দিন চমু চাপি অহাৰ লগে লগে বিহালীত গৰম হৈ পৰিছে নিৰ্বাচনী বতাহ। ইয়াৰ মাজতে অসমৰ চাহ জনগোষ্ঠী লোকসকলৰ অন্যতম সংগঠন অসম চাহ জনজাতি ছাত্ৰ সন্থাই বিজেপি দলক মুকলিকৈ সমৰ্থন আগবঢ়োৱা পৰিলক্ষিত হৈছে। হয়, আটছাই
🔹বিহালীৰ চাহ জনগোষ্ঠী-আদিবাসী ৰাইজক দিগন্ত ঘাটোৱাৰক বিপুল ভোটত জয়যুক্ত কৰিবলৈ আহ্বান
🔹চাহ জনগোষ্ঠীৰ লোকক প্ৰতাৰণা কৰাৰ বাবে কংগ্ৰেছ দলক গৰিহণা আটছাৰ
উপ-নিৰ্বাচনৰ দিন চমু চাপি অহাৰ লগে লগে বিহালীত গৰম হৈ পৰিছে নিৰ্বাচনী বতাহ। ইয়াৰ মাজতে অসমৰ চাহ জনগোষ্ঠী লোকসকলৰ অন্যতম সংগঠন অসম চাহ জনজাতি ছাত্ৰ সন্থাই বিজেপি দলক মুকলিকৈ সমৰ্থন আগবঢ়োৱা পৰিলক্ষিত হৈছে। হয়, আটছাই এইবাৰ মুকলিকৈ সমৰ্থন জনাইছে বিহালী বিজেপিৰ প্ৰাৰ্থী দিগন্ত ঘাটোৱাললৈ। আজি বিশ্বনাথ জিলা আটছাৰ সহকাৰী সম্পাদক বিমল দ্বীপসহ বিহালী আটছাৰ বিষয়ববীয়াসকলে চাহ জনগোষ্ঠীৰ নেতাক বিহালী উপ-নিৰ্বাচনত বিজেপি দলে টিকট প্ৰদান কৰাৰ বাবে বিজেপিক ধন্যবাদ জনোৱাৰ লগতে বিহালীৰ আদিবাসী লোকসকলক বিহালী বিজেপিৰ প্ৰাৰ্থী দিগন্ত ঘাটোৱালক ভোট দিবলৈ মুকলিকৈ আহ্বান জনায়। আটছাৰ সহকাৰী সম্পাদক বিমল দ্বীপে আজি সাংবাদিকৰ আগত কয় যে চাহ জনগোষ্ঠী অধ্যুষিত অঞ্চল বিহালী। অসম চাহ জনজাতি ছাত্ৰ সন্থাৰ প্ৰাক্তন কেন্দ্ৰীয় সহঃ সম্পাদক দিগন্ত ঘাটোৱাৰক আজি ভাৰতীয় জনতা পাৰ্টিয়ে প্ৰাৰ্থিত্ব প্ৰদান কৰাত আমি নথৈ আনন্দিত হৈছো। ইয়াৰ বাবে বিজেপিক আমি ধন্যবাদ জনোৱাৰ লগতে বিজেপি দলৰ প্ৰাৰ্থী দিগন্ত ঘাটোৱাৰক আমি শুভেচ্ছা জনাইছো। আনহাতে, কংগ্ৰেছ দলে চাহ জনগোষ্ঠীৰ লোকক প্ৰতাৰণা কৰাৰ বাবে অসম চাহ জনজাতি ছাত্ৰ সন্থাই কংগ্ৰেছ দলক গৰিহণা দিয়ে। সংগঠনটোৰ নেতাগৰাকীয়ে কয় যে কংগ্ৰেছ দলে চাহ জনজাতি অধ্যুষিত অঞ্চলত চাহ জনগোষ্ঠীৰ লোকক প্ৰাৰ্থিত্ব প্ৰদান নকৰিলে। ইয়াৰ বিপৰীতে অসম চাহ জনজাতি ছাত্ৰ সন্থাৰ প্ৰাক্তন কেন্দ্ৰীয় সহকাৰী সম্পাদক দিগন্ত ঘাটোৱাৰ বিজেপিৰ প্ৰাৰ্থিত্ব লৈ আজি বিহালীলৈ আহিছে। গতিকে আমাৰ নৈতিক অধিকাৰ আছে, সেয়ে আমি অৰাজনৈতিক সংগঠন হৈও কিছু কিছু ক্ষেত্ৰত আমি ৰাজনৈতিক দলক সমৰ্থন কৰিবলৈ বাধ্য হওঁ। জাতীয় স্বাৰ্থত তথা চাহ জনগোষ্ঠীটোৰ উন্নয়নৰ স্বাৰ্থত বিহালী বিজেপিৰ প্ৰাৰ্থী দিগন্ত ঘাটোৱালক বিহালীৰ চাহ জনগোষ্ঠী আৰু আদিবাসী ৰাইজক ভোট দি বিপুল ভোটত জয়যুক্ত কৰিবলৈ সংগঠনটোৰ নেতাগৰাকীয়ে মুকলি আহ্বান জনায়।
আনহাতে, মুখ্যমন্ত্ৰীক লগ ধৰাৰ সম্পৰ্কত সাংবাদিকে সোধা প্ৰশ্নৰ উত্তৰ সংগঠনটোৰ নেতাগৰাকীয়ে কয় যে বিহালীৰ কিছুমান সমস্যা আমাৰ দৃষ্টিগোচৰ হৈছে আৰু সেইসমূহ সমস্যা সমাধাৰ বাবে মুখ্যমন্ত্ৰীক আমি লগ ধৰি স্মাৰক পত্ৰ প্ৰদান কৰিম।
আনহাতে, সংগঠনটোৱে চাহজনগোষ্ঠীৰ লোকক প্ৰাৰ্থিত্ব প্ৰদান কৰাৰ বাবে চিপিআই(এম) দলৰ চাহ জনগোষ্ঠীৰ প্ৰাৰ্থী লক্ষীকান্ত কুৰ্মীকো শুভেচ্ছা জনোৱাৰ লগতে লগতে চিপিআই(এম) দলক ধন্যবাদ জ্ঞাপন কৰে।


















Leave a Comment
Your email address will not be published. Required fields are marked with *