সুৰ বাহিনীৰ অনুষ্ঠানত গোৰ্খা জনগোষ্ঠীৰ ইতিহাস-সংস্কৃতিৰ সুন্দৰ প্ৰতিফলনঅনুষ্ঠানত কেন্দ্ৰীয় ৰাজ্যিক মন্ত্ৰী পৱিত্ৰ মাৰ্ঘৰিটা, মন্ত্ৰী পীযুষ হাজৰীকা, সাংসদ ৰঞ্জিত দত্তৰ অংশগ্ৰহণ বিহালীত বিজেপিয়ে আৰম্ভ কৰে এক ব্যতিক্ৰমী নিৰ্বাচনী অভিযান। সুৰ বাহিনীৰ দ্বাৰা গীতে-মাতে বিহালীৰ বিজেপি প্ৰাৰ্থী দিগন্ত ঘাটোৱাৰৰ হৈ কেন্দ্ৰীয় ৰাজ্যিক মন্ত্ৰী পৱিত্ৰ মাৰ্ঘৰিটা, মন্ত্ৰী পীযুষ হাজৰীকা, সাংসদ ৰঞ্জিত দত্ত আৰু বিধায়ক পদ্ম হাজৰিকাৰ উপস্থিতিত এই
সুৰ বাহিনীৰ অনুষ্ঠানত গোৰ্খা জনগোষ্ঠীৰ ইতিহাস-সংস্কৃতিৰ সুন্দৰ প্ৰতিফলন
অনুষ্ঠানত কেন্দ্ৰীয় ৰাজ্যিক মন্ত্ৰী পৱিত্ৰ মাৰ্ঘৰিটা, মন্ত্ৰী পীযুষ হাজৰীকা, সাংসদ ৰঞ্জিত দত্তৰ অংশগ্ৰহণ
বিহালীত বিজেপিয়ে আৰম্ভ কৰে এক ব্যতিক্ৰমী নিৰ্বাচনী অভিযান। সুৰ বাহিনীৰ দ্বাৰা গীতে-মাতে বিহালীৰ বিজেপি প্ৰাৰ্থী দিগন্ত ঘাটোৱাৰৰ হৈ কেন্দ্ৰীয় ৰাজ্যিক মন্ত্ৰী পৱিত্ৰ মাৰ্ঘৰিটা, মন্ত্ৰী পীযুষ হাজৰীকা, সাংসদ ৰঞ্জিত দত্ত আৰু বিধায়ক পদ্ম হাজৰিকাৰ উপস্থিতিত এই নিৰ্বাচনী প্ৰচাৰ অভিযান শুভাৰম্ভ কৰা হয়। চতিয়াৰ বিধায়ক পদ্ম হাজৰিকাৰ নেতৃত্বত আজিৰ পৰা বিজেপিয়ে বিহালীত আৰম্ভ কৰে এই ব্যতিক্ৰমী নিৰ্বাচনী প্ৰচাৰ কাৰ্যসূচী। কংগ্ৰেছ চৰকাৰৰ অপশাসন আৰু বিজেপি চৰকাৰৰ সুশাসনৰ সঁচা ছবিখন গীত-নৃত্য-সংলাপেৰে ৰাইজৰ মাজত দাঙি ধৰাৰ প্ৰয়াস কৰা হয়। বিজেপি চৰকাৰে কৰা বিভিন্ন উন্নয়নমূলক আঁচনিসমূহকো সামৰি লোৱা হৈছে এই গীত-মাতে অনুষ্ঠানত। সুৰ বাহিনীৰ অনুষ্ঠানত অইন অইন জনগোষ্ঠীৰ লগতে বিশেষকৈ গোৰ্খা জনগোষ্ঠীৰ ইতিহাস-সংস্কৃতি নৃত্য-গীতৰ মাধ্যমেৰে দাঙি ধৰা হয়। বিহালী সমষ্টিত যথেষ্টসংখ্যক গোৰ্খা জনগোষ্ঠীৰ লোকে বাস কৰি আহিছে। আমাৰ সমাজ জীৱনৰ অবিচ্ছেদ্য অংগ হৈছে এই গোৰ্খা জনগোষ্ঠীৰ লোকসকল। সাহস আৰু অনন্য দেশ প্ৰেমৰ নিদৰ্শনেৰে গোৰ্খাসকলে নিজৰ শক্তিশালী স্থিতি সদায় অটুট ৰাখি আহিছে। এই জনগোষ্ঠীটোক এটা সময়ত নিজৰ প্ৰাপ্য অধিকাৰৰ পৰা বঞ্চিত কৰা হৈছিল। তেওঁলোকৰ প্ৰতি অবিচাৰ কৰা হৈছিল। কিন্তু কেন্দ্ৰত নৰেন্দ্ৰ মোদীৰ চৰকাৰ আৰু অসমত ড০ হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰৰ দিনত এনআৰচিৰ ক্ষেত্ৰত থকা সমস্যাই হওক বা ডি ভোটাৰক লৈ থকা সমস্যাই হওক বা আধাৰ কাৰ্ড পোৱাৰ ক্ষেত্ৰত থকা বায়’মেট্ৰিকছৰ সমস্যাই হওক – এই সকলোবোৰ সমস্যা এতিয়া নোহোৱা হ’ল। সেয়ে গোৰ্খা জনগোষ্ঠীৰ লোকসকল আজি উৎফুল্লিত, আনন্দিত। তদুপৰি, গীতে-মাতে অনুষ্ঠানৰ জৰিয়তে কংগ্ৰেছ চৰকাৰৰ দিনত সংঘটিত হোৱা বিভিন্ন হত্যা, হিংসা সকলো সামৰি লোৱাৰ লগতে এই অনুষ্ঠানৰ জৰিয়তেই কংগ্ৰেছ দল তথা সাংসদ গৌৰৱ গগৈক তীব্ৰ সমালোচনা কৰে। বিহালীৰ গাঁৱে গাঁৱে সুৰ বাহিনীৰ দ্বাৰা আজিৰ পৰা নিৰ্বাচনী প্ৰচাৰ চলাই যাব বিজেপি দলে।

এই সন্দৰ্ভত সাংবাদিকে কেন্দ্ৰীয় ৰাজ্যিক মন্ত্ৰী পৱিত্ৰ মাৰ্ঘেৰিটাৰ পৰা প্ৰতিক্ৰিয়া জানিবলৈ বিচৰাত, মন্ত্ৰীগৰাকীয়ে কয় যে ভাৰতীয় জনতা পাৰ্টিয়ে ৰাজনৈতিক বিভিন্ন কাৰ্যক্ৰম বা কাম কৰাৰ সমান্তৰালভাৱে দেশৰ বা ৰাজ্যৰ ভাষা-সংস্কৃতিৰ প্ৰতিও শ্ৰদ্ধাশীল হৈ বিভিন্ন সময়ত কাম কৰি যায়। আমাৰ মন্ত্ৰই হ’ল সেৱাই সংগঠন। সাংস্কৃতিক ক্ষেত্ৰততো আমি যিমান পাৰো সেৱা কৰিবলৈ চেষ্টা কৰোঁ। আজি আমি সুধাকণ্ঠক সুঁৱৰিছো। আজি আমি শ্ৰদ্ধা জনাইছো আমাৰ লোকসংস্কৃতিক, নেপালী সংস্কৃতি গোৰ্খালি সংস্কৃতিক। শ্ৰদ্ধা জনাইছো চাহ জনগোষ্ঠীয় সংস্কৃতিৰ পৰা বিভিন্ন ভাষা-ভাষিক সংস্কৃতিক। আজি পদ্ম হাজৰিকাৰ নেতৃত্বত এই আয়োজন চলিছে। যুৱ সমাজ ওলাই আহিছে স্বতঃস্ফুৰ্তভাৱে নৃত্য-গীত পৰিৱেশন কৰিছে, এক সুন্দৰ পৰিৱেশ। উপ-নিৰ্বাচনত বিহালীবাসী ৰাইজক
কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে কি আহ্বান জনাব বুলি সাংবাদিকে সোধা প্ৰশ্নৰ উত্তৰত মন্ত্ৰীগৰাকীয়ে কয় যে বিহালীবাসী ৰাইজক আমাক ভোট দিয়ক বুলি নতুনকৈ কোৱাৰ প্ৰয়োজন নাই। যেতিয়া অসমৰ বেছিভাগ অঞ্চলতে সাংগঠনিকভাৱে আমি ইমান শক্তিশালী নাছিলো তেতিয়াই, আজিৰ পৰা ২৩-২৪ বছৰ আগতেই বিহালীবাসীয়ে ৰঞ্জিত দত্তদেৱক বিধানসভালৈ প্ৰেৰণ কৰিছিল। গতিকে বিহালীবাসীক বিজেপি কি, বিজেপিক কিয় ভোট দিব লাগে কোৱাৰ প্ৰয়োজন নাই। তেওঁলোকে এজোপা সৰু গছপুলিৰ পৰা বিজেপিক এজোপা বৃক্ষলৈকে ৰূপান্তৰ কৰাত সাৰ-পানী যোগাই আহিছে। গতিকে বিহালীবাসীয়ে বিজেপি মিত্ৰজোঁটক সদায় বুকুৰ কাষত ৰাখে। কেন্দ্ৰীয় ৰাজ্যিক মন্ত্ৰীগৰাকীয়ে কংগ্ৰেছ দলক তীব্ৰ সমালোচনা কৰি কয় যে কংগ্ৰেছ দলে নিকৃষ্ট ৰাজনীতিৰ আশ্ৰয় লৈছে, এয়া বৰ পৰিতাপৰ কথা। কংগ্ৰেছে তেওঁলোকৰ পৰাজয় অৱধাৰিত বুলি গম পাই আমাৰ যি সাতামপুৰুষীয়া সংস্কৃতি, তাত কুঠাৰাঘাত কৰিবলৈ চেষ্টা চলাইছে। অৱশ্যে তাৰ বাবে তেওঁলোক ইতিমধ্যে ৰাইজৰ ক্ষোভৰ মুখামুখি হৈছে আৰু ক্ষমা খুজিবলৈও বাধ্য হৈছে। তেওঁ পুনৰ কয় যে কংগ্ৰেছৰ প্ৰাৰ্থীগৰাকীৰ লগতে কংগ্ৰেছৰ শীৰ্ষ নেতৃত্বই অসমীয়া জনজীৱনৰ প্ৰধান অংগ অনুসূচীত জাতিক বাৰম্বাৰ অপমান কৰিছে। তেওঁলোকে কেৱল আমাৰ চাহ জনগোষ্ঠীৰ প্ৰাৰ্থীগৰাকীকেই নহয়, চিপিআই(এম)ৰ যিগৰাকী চাহ জনগোষ্ঠীয় প্ৰাৰ্থী সেইগৰাকী প্ৰাৰ্থীৰ লগতে তেওঁলোকৰ শীৰ্ষ নেতৃত্বকো অপমান কৰিছে। আনকি চাহ জনগোষ্ঠী হোৱা বাবে গৌৰৱ গগৈয়ে দিগন্ত ঘাটোৱাৰক চালানী মাছ বুলি কৈছে, চাহ জনগোষ্ঠীৰ মানুহ কি চালানী মাছ নেকি বুলি মন্ত্ৰীগৰাকীয়ে প্ৰশ্ন কৰে। গৌৰৱ গগৈ বিলাত ফেৰৎ হ’ল বুলিয়েই বিজেপিৰ প্ৰাৰ্থী দিগন্ত ঘোটৱাৰক চালানী মাছ আখ্যা দিয়া কাৰ্যক কেন্দ্ৰীয় ৰাজ্যিক গৰাকীয়ে ধিক্কাৰ দিয়ে। মন্ত্ৰীগৰাকীয়ে অসমৰ সাতামপুৰুষীয়া সংস্কৃতিত আঘাত হনা কাৰ্যৰ পৰা বিৰত থাকিবলৈ কংগ্ৰেছ দলক আহ্বান জনায়।
অনুষ্ঠানত উপস্থিত থকা সাংসদ ৰঞ্জিত দত্তই সাংবাদিকৰ আগত সুৰ বাহিনীৰ গীতে-মাতে প্ৰচাৰ অভিযান সন্দৰ্ভত কয় যে পদ্ম হাজৰিকাৰ নেতৃত্বত সুৰ বাহিনীয়ে আগন্তুক উপ-নিৰ্বাচনৰ প্ৰচাৰ অভিযান আৰম্ভ কৰিছে। বিহালী বিভিন্ন জাতি-জনগোষ্ঠীৰ বসতিস্থলী। অসমীয়া, আদিবাসী, গোৰ্খা, মিছিং, কাৰ্বি, বড়ো সকলো জাতি-উপজাতিৰ বিচৰণ থলী হ’ল বিহালী। সুৰ বাহিনীয়ে বিভিন্ন গীত-মাতেৰে নিৰ্বাচনী প্ৰচাৰ কাৰ্যসূচী আৰম্ভ কৰিছে। এই নিৰ্বাচনী প্ৰচাৰে বিহালী সমষ্টিৰ উন্নয়নৰ কথা প্ৰতিফলিত কৰিব। বিগত কংগ্ৰেছ চৰকাৰৰ দিনত সমান্তালভাৱে যি উগ্ৰপন্থীৰ চৰকাৰ চলি আছিল, ভাৰতীয় জনতা পাৰ্টিৰ চৰকাৰ অহাৰ পিছত অসমলৈ শান্তি ঘূৰি আহিল। মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ দ্বাৰা ইয়াত আমি ৰাস্তা-ঘাটৰ লগতে বিভিন্ন উন্নয়নমূলক কাম কৰিছো। এই প্ৰচাৰৰ জৰিয়তে আমি আমাৰ প্ৰাৰ্থী দিগন্ত ঘাটোৱাৰক বিপুল ভোটত জয়যুক্ত কৰিবলৈ সক্ষম হ’ম, এয়া ১০০ শতাংশই নিশ্চিত। সাংসদগৰাকীয়ে বিহালীৰ উন্নয়নৰ স্বাৰ্থত তেওঁ বিহালীবাসীক পদুম ফুলৰ চিনত ভোট দি বিজেপিৰ প্ৰাৰ্থী দিগন্ত ঘাটোৱাৰক বিপুল ভোটত জয়যুক্ত কৰিবলৈ বিহালীবাসীক আহ্বান জনায়।


















Leave a Comment
Your email address will not be published. Required fields are marked with *