বিহালীৰ কংগ্ৰেছ প্ৰাৰ্থী জয়ন্ত বৰাৰ ঘনিষ্ঠ তথা জয়ন্ত বৰাৰ হৈ দুদিন আগলৈকে নিৰ্বাচনী প্ৰচাৰ অভিযানত ব্যস্ত থকা বিক্ৰম ডুবে আজি বিহালীৰ বৰগাঙস্থিত বিজেপিৰ কাৰ্যালয়ত বৈদেশিক পৰিক্ৰমা বিভাগৰ ৰাজ্যিক মন্ত্ৰী পৱিত্ৰ মাৰ্ঘেৰিটা, মন্ত্ৰী পীযুষ হাজৰিকা, সাংসদ ৰঞ্জিত দত্ত আৰু বিধায়ক দিগন্ত কলিতাৰ উপস্থিতিত বিজেপিত যোগদান কৰে৷ কংগ্ৰেছ প্ৰাৰ্থী জয়ন্ত বৰাৰ হৈ দুদিন আগলৈকে বিহালীত নিৰ্বাচনী প্ৰচাৰ
বিহালীৰ কংগ্ৰেছ প্ৰাৰ্থী জয়ন্ত বৰাৰ ঘনিষ্ঠ তথা জয়ন্ত বৰাৰ হৈ দুদিন আগলৈকে নিৰ্বাচনী প্ৰচাৰ অভিযানত ব্যস্ত থকা বিক্ৰম ডুবে আজি বিহালীৰ বৰগাঙস্থিত বিজেপিৰ কাৰ্যালয়ত বৈদেশিক পৰিক্ৰমা বিভাগৰ ৰাজ্যিক মন্ত্ৰী পৱিত্ৰ মাৰ্ঘেৰিটা, মন্ত্ৰী পীযুষ হাজৰিকা, সাংসদ ৰঞ্জিত দত্ত আৰু বিধায়ক দিগন্ত কলিতাৰ উপস্থিতিত বিজেপিত যোগদান কৰে৷ কংগ্ৰেছ প্ৰাৰ্থী জয়ন্ত বৰাৰ হৈ দুদিন আগলৈকে বিহালীত নিৰ্বাচনী প্ৰচাৰ কাৰ্যত ব্যস্ত থকা বিক্ৰম ডুবেৰ বিজেপিত যোগদান কৰা কাৰ্যই বিহালী কংগ্ৰেছ দল তথা কংগ্ৰেছ প্ৰাৰ্থী জয়ন্ত বৰাৰ বাবে এক মোক্ষম আঘাত বুলি বিবেচিত হৈছে৷ শোণিতপুৰ লোকসভা সমষ্টিৰ সাংসদ ৰঞ্জিত দত্তই কয় যে বিহালীৰ কংগ্ৰেছ প্ৰাৰ্থীৰগৰাকীয়ে মোৰ বিৰুদ্ধে যি অভিযোগ আনিছে সেয়া একেবাৰে ভিত্তিহীন৷ তেওঁ কয় যে পল্লৱ লোচন দাসক বিহালীত টিকট দিলে তেওঁক নিৰ্দলীয় খেলিবলৈ ৩ কোটি টকা দিয়া বুলি কোৱাৰ যদি কিবা প্ৰমাণ আছে ৰাজহুৱা কৰক, যদি ৰাজহুৱা কৰিব নোৱাৰে মই মানহানিৰ গোচৰ তৰিম।


















Leave a Comment
Your email address will not be published. Required fields are marked with *