ৰাজ্যত তুংগত উঠিছে উপ-নিৰ্বাচনৰ প্ৰচাৰ। পাঁচ সমষ্টিত জয়ৰ বাবে জঁপিয়াই পৰিছে শাসক-বিৰোধী। বিহালী সমষ্টিতো জোৰদাৰ প্ৰচাৰ চলাইছে শাসকীয় দল বিজেপিয়ে। আজি সমষ্টিটোৰ সৰাশিমলুত দলৰ প্ৰাৰ্থী দিগন্ত ঘাটোৱাৰৰ হৈ প্ৰচাৰ চলায় কেন্দ্ৰীয় মন্ত্ৰী(ৰাজ্যিক) পৱিত্ৰ মাৰ্ঘেৰিটা আৰু জল সম্পদ, তথ্য আৰু জনসম্পৰ্ক, সংসদীয় পৰিক্ৰমা বিভাগৰ মন্ত্ৰী পীযুষ হাজৰীকাই। দলৰ প্রার্থী দিগন্ত ঘাটোৱাৰক লগত লৈ অনুষ্ঠিত কৰা প্ৰচাৰ
ৰাজ্যত তুংগত উঠিছে উপ-নিৰ্বাচনৰ প্ৰচাৰ। পাঁচ সমষ্টিত জয়ৰ বাবে জঁপিয়াই পৰিছে শাসক-বিৰোধী। বিহালী সমষ্টিতো জোৰদাৰ প্ৰচাৰ চলাইছে শাসকীয় দল বিজেপিয়ে। আজি সমষ্টিটোৰ সৰাশিমলুত দলৰ প্ৰাৰ্থী দিগন্ত ঘাটোৱাৰৰ হৈ প্ৰচাৰ চলায় কেন্দ্ৰীয় মন্ত্ৰী(ৰাজ্যিক) পৱিত্ৰ মাৰ্ঘেৰিটা আৰু জল সম্পদ, তথ্য আৰু জনসম্পৰ্ক, সংসদীয় পৰিক্ৰমা বিভাগৰ মন্ত্ৰী পীযুষ হাজৰীকাই। দলৰ প্রার্থী দিগন্ত ঘাটোৱাৰক লগত লৈ অনুষ্ঠিত কৰা প্ৰচাৰ সভাত মন্ত্ৰী পীযুষ হাজৰীকাই ভাষণত বিশেষকৈ মহিলাসকলক উদ্দেশ্যি অৰুণোদয় আঁচনিৰ বিষয়ে ব্যাখ্যা দাঙি ধৰে। তেওঁ বিগত বিধানসভা নিৰ্বাচনৰ পূৰ্বে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই দিয়া প্ৰতিশ্ৰুতিৰ কথা উল্লেখ কৰি সেই প্ৰতিশ্ৰুতিসমূহ কিদৰে পালন কৰিছে সেই বিষয়ে কয়। মন্ত্ৰীগৰাকীয়ে কয় যে যোৱা বিধানসভা নিৰ্বাচনৰ এবছৰ পূৰ্বে আমি অৰুণোদয় দিছিলো। সেই অৰুণোদয় দিয়াৰ লগতে মুখ্যমন্ত্ৰী ডাঙৰীয়াই কৈছিল যে অৰুণোদয়ৰ ধন বৃদ্ধি কৰা হ’ব লগতে অৰুণোদয়ৰ সংখ্যাও বৃদ্ধি কৰা হ’ব। ৮৩০ টকাৰে আৰম্ভ কৰা অৰুণোদয়ৰ ধন পিছলৈ ১০০০ টকালৈ আৰু বৰ্তমান সেই ধন ১২৫০ টকালৈ বৃদ্ধি কৰা হ’ল। মন্ত্ৰীগৰাকীয়ে পুনৰ কয় যে প্ৰথম অৰুণোদয় আমি ১৯ লাখ ৫০ হাজাৰ মহিলাক দিছিলো আৰু আজি আমি অসমত ২৬ লাখ ৫০ হাজাৰ মহিলাক অৰুণোদয় দিবলৈ সক্ষম হৈছো।

নিৰ্বাচনী প্ৰচাৰ সভাখনত কেন্দ্ৰীয় মন্ত্ৰী পৱিত্ৰ মাৰ্ঘেৰিটাৰ লগতে বিধায়ক প্ৰমোদ বৰঠাকুৰ, চক্ৰধৰ গগৈ, অসম যুৱ আয়োগৰ সদস্য ৰাতুল শৰ্মাসহ দলীয় নেতা-কৰ্মীসকল উপস্থিত থাকে।


















Leave a Comment
Your email address will not be published. Required fields are marked with *