728 x 90
Like Us On Facebook
Facebook Pagelike Widget
728 x 90

‘কংগ্ৰেছৰ ঔৰষতে আজমলৰ জন্ম হৈছে’- মন্ত্ৰী জয়ন্ত মল্লবৰুৱা

‘কংগ্ৰেছৰ ঔৰষতে আজমলৰ জন্ম হৈছে’- মন্ত্ৰী জয়ন্ত মল্লবৰুৱা

‘কংগ্ৰেছ-AIUDF একেলগ হৈ থাকিলে আমাৰ চিন্তা কৰিবলগীয়া একো নাই’আমি ৰাইজৰ আশীৰ্বাদ লৈ বিপুল ভোটৰ ব্যৱধানত জয়লাভ কৰিমঃ মন্ত্ৰী জয়ন্ত মল্লবৰুৱা কংগ্ৰেছৰ ঔৰষতে আজমলৰ জন্ম হৈছে। AIUDFৰ ঔৰষতেতো কংগ্ৰেছৰ জন্ম হৈছে। গতিকে কংগ্ৰেছ-AIUDF একেলগ হৈ থাকিলে তাত আমাৰ ক’বলগীয়া একো নাই বা চিন্তা কৰিবলগীয়া একো নাই। কিন্তু এটা কথা ঠিক যে চামগুৰি সমষ্টিটোত আমি এইবাৰ জিকিম।-

‘কংগ্ৰেছ-AIUDF একেলগ হৈ থাকিলে আমাৰ চিন্তা কৰিবলগীয়া একো নাই’
আমি ৰাইজৰ আশীৰ্বাদ লৈ বিপুল ভোটৰ ব্যৱধানত জয়লাভ কৰিমঃ মন্ত্ৰী জয়ন্ত মল্লবৰুৱা

কংগ্ৰেছৰ ঔৰষতে আজমলৰ জন্ম হৈছে। AIUDFৰ ঔৰষতেতো কংগ্ৰেছৰ জন্ম হৈছে। গতিকে কংগ্ৰেছ-AIUDF একেলগ হৈ থাকিলে তাত আমাৰ ক’বলগীয়া একো নাই বা চিন্তা কৰিবলগীয়া একো নাই। কিন্তু এটা কথা ঠিক যে চামগুৰি সমষ্টিটোত আমি এইবাৰ জিকিম।- এই মন্তব্য মন্ত্ৰী জয়ন্ত মল্লবৰুৱাৰ।
আজি ধলাই বিধানসভা সমষ্টিৰ উপ-নিৰ্বাচনৰ বিজেপি প্ৰাৰ্থী নিহাৰ ৰঞ্জন দাসৰ সমৰ্থনত মনোনয়ন পত্র দাখিল কৰি সাংবাদিকৰ আগত এইদৰে মন্তব্য কৰে মন্ত্ৰীগৰাকীয়ে। তেওঁ কয় যে বিগত দিনসমূহত ধোলাই সমষ্টিত আমি যি ব্যৱধানত জিকিছো, তাতকৈ বেছি ব্যৱধানত আমি এইবাৰ জিকিব পাৰিম, সেই উৎসাহ আজি আমি দেখিছো।
মনোনয়ন পত্ৰ দাখিলৰ আগমুহূৰ্তত আজি যিধৰণে ৰাইজ ওলাই আহিছে, তাৰ পৰা বুজা যায় যে সেই ধৰণৰ উৎসাহ আমাৰ দলৰ মাজত আছে, আমি ৰাইজৰ আশীৰ্বাদ লৈ বিপুল ভোটৰ ব্যৱধানত জয়লাভ কৰিম।
অমিয়কান্তি দাসৰ প্ৰসংগত সাংবাদিকে সোধা প্ৰশ্নৰ উত্তৰ মন্ত্ৰীগৰাকীয়ে কয় যে আমাৰ দলত এটা কথাই শিকোৱা হয় যে ৰাষ্ট্ৰ প্ৰথম, তাৰ পিছত দল, তাৰ পিছত ব্যক্তি। ব্যক্তিৰ হিচাপ আমি কেতিয়াও নকৰো। গতিকে কোন ব্যক্তিয়ে কি কৰিছে সেইবোৰ আমাৰ হিচাপত নপৰে আৰু সেইবিলাক আমাৰ হিচাপৰ বিষয়ো নহয়।

মন্ত্ৰীগৰাকীয়ে অসম সন্মিলিত মঞ্চৰ লগতে কংগ্ৰেছ দলকো তীব্ৰ সমালোচনা কৰে। তেওঁ কয় যে তেওঁলোকে যি দল গঠন কৰিছিল সন্মিলিত ঐক্য মঞ্চ, তেনেধৰণৰ দল ভাঙি যোৱাটো তেনেই স্বাভাৱিক কথা। বৰ অসমখনকে কংগ্ৰেছে ৭ টা ভাগত বিভক্ত কৰি পেলাইছিল। তেওঁ পুনৰ কয় যে বিজেপি দলত ব্যক্তিৰ কোনো প্ৰাধান্য নাই। দলৰ যিসকল সমৰ্থক, যিসকল ভোটাৰ, যিসকলে দলটোক ভাল পায়, সেই লোকসকলে কেতিয়াও ব্যক্তিৰ লগত সম্পৰ্ক নাৰাখে। আমাৰ কথা হ’ল ৰাষ্ট্ৰ নিৰ্মাণ কৰিব লাগে। ৰাষ্ট্ৰ নিৰ্মাণ কৰাৰ কাৰণে নৰেন্দ্ৰ মোদীৰ দৰে নেতৃত্ব আমি পাইছো, অসমত ড০ হিমন্ত বিশ্ব শৰ্মাৰ দৰে নেতৃত্ব আমি পাইছো, গতিকে তেওঁলোকৰ নেতৃত্বত আমি অসম নিৰ্মাণ, ভাৰত নিৰ্মাণ কৰিবৰ কাৰণে কাম কৰিছো। অমিয় কান্তি দাসৰ প্ৰসংগত তেওঁ পুনৰ কয় যে যিবিলাক দলত ব্যক্তি, পৰিয়ালৰ হিচাপ হয়, সেইবিলাক দলত ব্যক্তিৰ প্ৰভাৱ পৰিব পাৰে। আমাৰ দলত যিহেতু ব্যক্তিৰ হিচাপ নহয়, গতিকে ব্যক্তিয়ে কোনো প্ৰভাৱ নেপেলায়।
উল্লেখ যে মন্ত্ৰীগৰাকীয়ে আজি ইয়াৰ পূৰ্বে ভাৰতীয় জনতা পাৰ্টী, কাছাৰ জিলা কাৰ্যালয়ত এক গুৰুত্বপূৰ্ণ বৈঠকত মিলিত হৈ আগন্তুক ধলাই বিধানসভা সমষ্টিৰ উপ-নিৰ্বাচনৰ প্ৰস্তুতি আৰু ৰণনীতি সন্দৰ্ভত বিস্তৃত আলোচনা কৰে।
উক্ত সভাত বিজেপি অসমৰ প্ৰভাৰী হৰিশ দ্বিবেদী, ধলাই বিধানসভা সমষ্টিৰ বিজেপি প্ৰাৰ্থী নিহাৰ ৰঞ্জন দাস, দলৰ কেইবাগৰাকীও বিধায়ক, সাংসদ, কাছাৰ জিলাৰ দলীয় বিষয়ববীয়া আৰু আগন্তুক উপ-নিৰ্বাচনত ধলাই বিধানসভা সমষ্টিৰ দায়িত্বত থকা কেইবাগৰাকীও ব্যক্তি উপস্থিত থাকে।

Posts Carousel

Leave a Comment

Your email address will not be published. Required fields are marked with *

Latest Posts

Top Authors

Most Commented

Featured Videos

error: Content is protected !!