728 x 90
Like Us On Facebook
Facebook Pagelike Widget
728 x 90

এইবাৰ নলবাৰী ৰাসত উপস্থিত থাকিব ‘ৰামায়ণ’ৰ ১৬ গৰাকী কলা-কুশলীৰ সৈতে ৰূপালী পৰ্দাৰ ‘ৰাম-সীতা’

এইবাৰ নলবাৰী ৰাসত উপস্থিত থাকিব ‘ৰামায়ণ’ৰ ১৬ গৰাকী কলা-কুশলীৰ সৈতে ৰূপালী পৰ্দাৰ ‘ৰাম-সীতা’

৯১ সংখ্যক নলবাৰী ৰাস মহোৎসৱ উদযাপন সন্দৰ্ভত মন্ত্ৰী জয়ন্ত মল্লবৰুৱাৰ সংবাদমেল নলবাৰী শ্রীশ্রী হৰিমন্দিৰ প্ৰাংগণত আগন্তুক ৯১ সংখ্যক নলবাৰী ৰাস মহোৎসৱ উদযাপন সম্পৰ্কে মন্ত্ৰী জয়ন্ত মল্লবৰুৱাই কালি এক সংবাদমেল সম্বোধন কৰে। মন্ত্ৰীগৰাকীয়ে সংবামেল সম্বোধন কৰি এইবেলি নলবাৰী ৰাস মহোৎসৱৰ কাৰ্যক্ৰমণিকা কেনেধৰণৰ হ’ব সেই বিষয়ে ব্যাখ্যা দাঙি ধৰে। মন্ত্ৰীগৰাকীয়ে কয় যে নলবাৰীৰ শ্রীশ্রীহৰি মন্দিৰৰ ৯১ সংখ্যক

৯১ সংখ্যক নলবাৰী ৰাস মহোৎসৱ উদযাপন সন্দৰ্ভত মন্ত্ৰী জয়ন্ত মল্লবৰুৱাৰ সংবাদমেল

নলবাৰী শ্রীশ্রী হৰিমন্দিৰ প্ৰাংগণত আগন্তুক ৯১ সংখ্যক নলবাৰী ৰাস মহোৎসৱ উদযাপন সম্পৰ্কে মন্ত্ৰী জয়ন্ত মল্লবৰুৱাই কালি এক সংবাদমেল সম্বোধন কৰে। মন্ত্ৰীগৰাকীয়ে সংবামেল সম্বোধন কৰি এইবেলি নলবাৰী ৰাস মহোৎসৱৰ কাৰ্যক্ৰমণিকা কেনেধৰণৰ হ’ব সেই বিষয়ে ব্যাখ্যা দাঙি ধৰে। মন্ত্ৰীগৰাকীয়ে কয় যে নলবাৰীৰ শ্রীশ্রীহৰি মন্দিৰৰ ৯১ সংখ্যক ঐতিহ্যমণ্ডিত নলবাৰী ৰাস মহোৎসৱ উদযাপনৰ বাবে আজি এখন সাধাৰণ সভা অনুষ্ঠিত হয়। এই সভাৰ পূৰ্বে এখন কাৰ্যনিৰ্বাহক সভাও অনুষ্ঠিত হয়। কাৰ্যনিৰ্বাহক সভাৰ সিদ্ধান্ত অনুযায়ী সাধাৰণ সভাৰ লগত আলোচনা কৰি ৯১ সংখ্যক ৰাস মহোৎসৱ ২০২৪ অহা ১৫ নৱ্ম্বৰৰ পৰা ২৭ নৱেম্বৰলৈকে ১৩ দিনীয়া কাৰ্যসূচীৰে উদযাপন কৰাৰ সিদ্ধান্ত লোৱা হয়। এইবাৰ নলবাৰীৰ ৰাস মহোৎসৱ বিগত বছৰসমূহৰ দৰে ১৩ দিনীয়া হ’ব। এই ১৩ দিনীয়া কাৰ্যসূচীত বিভিন্ন ধৰণৰ কাৰ্যসূচী থাকিব বুলি মন্ত্ৰীগৰাকীয়ে উল্লেখ কৰে। অহা ১৫ নৱেম্বৰত ৰাসপূৰ্ণিমাৰ দিনাখন ৰাস মহোৎসৱৰ শুভাৰম্ভণি কৰা হ’ব আৰু ২৭ নৱেম্বৰত ৰাস মহোৎসৱৰ সামৰণি পৰিব। ৰাস মহোৎসৱৰ শুভাৰম্ভণিৰ দিনাখনেই ৰামায়ণত ৰাম-সীতাৰ চৰিত্ৰত অভিনয় কৰা অৰুণ গোভেল আৰু দিপীকা চিক্ৰিয়াই আন ১৬ গৰাকী শিল্পী তথা ৰামায়ণৰ দলটোৰে সৈতে নলবাৰীত উপস্থিত হ’ব বুলি মন্ত্ৰীগৰাকীয়ে জানিবলৈ দি কয় যে তেওঁলোকে ৰাস মহোৎসৱৰ উদ্বোধনী অনুষ্ঠানত অংশগ্ৰহণ কৰি ডেৰ ঘণ্টাজুৰি ‘ৰাম কথা’ অনুষ্ঠিত কৰিব। ইমানদিনে আমি টিভিত দেখি থকা অৰুণ গোভেল আৰু দিপীকা চিখলিয়াৰ ৰামায়ণৰ শিল্পীসকলক এইবাৰ নলবাৰী ৰাসত দেখিবলৈ পাম। তেওঁলোকে ৰাসৰ শুভ উদ্বোধন কৰাৰ লগতে ৰাম কথা পৰিৱেশন কৰিব। তেওঁলোকৰ এই অনুষ্ঠানে ৰাস মহোৎসৱত এটা সুন্দৰ পৰিৱেশ আনিবলৈ সক্ষম হ’ব বুলি মন্ত্ৰীগৰাকীয়ে আশা ব্যক্ত কৰে।


উল্লেখ্য যে নলবাৰী ৰাসৰ ১৩ দিনীয়া কাৰ্যসূচীৰ ভিতৰত মৃন্ময় মূৰ্তিৰ ৰাস অন্যতম। এইবাৰ নতুন নতুন সংযোজনেৰে মৃন্ময় মূৰ্তিৰ ৰাস অনুষ্ঠিত কৰা হ’ব। ইয়াৰ উপৰি নলবাৰীৰ হৰি মন্দিৰৰ সহায়ত আৰু প্ৰজ্ঞাৰ উদ্যোগত জীৱন্ত ৰাস অনুষ্ঠিত কৰা হ’ব। য’ত নলবাৰীৰ স্থানীয় শিল্পীসকলৰ লগতে প্ৰতিষ্ঠিত শিল্পীসকলে দুদিনীয়া কাৰ্যসূচীৰে জীৱন্ত ৰাস অনুষ্ঠিত কৰিব। মৃন্ময় ৰাস আৰু জীৱন্ত ৰাসৰ সমাহাৰ ইয়াত হ’ব। ইয়াৰ লগে লগে নলবাৰীৰ অন্যতম এক কলা পুতলা নাচৰ জৰিয়তেও নলবাৰীত ৰাস প্ৰদৰ্শিত হ’ব। ইয়াৰ উপৰি এইবাৰ নলবাৰী ৰাসত ১৭ নৱেম্বৰৰ পৰা থিয়েটাৰসমূহ আৰম্ভ হ’ব। ১৭ তাৰিখৰ পৰা ২৭ নৱেম্বৰলৈ ১০ দিনত অসমৰ আগশাৰীৰ ১১ খন ভ্ৰাম্যমাণ থিয়েটাৰে নাট প্ৰদৰ্শন কৰিব। ইয়াৰ উপৰি ৰাসত অসম প্ৰকাশন পৰিষদৰ গ্ৰন্থমেলা, বাণিজ্য মেলা, আত্মসহায়ক গোটৰ নলবৰীয়া হাট আদিৰ ব্যৱস্থা থকাৰ উপৰি গতানুগতিকভাৱে চলি অহা প্ৰতিযোগিতা যেনে নাম-প্ৰসংগ, দিহা নাম, নাগাৰা নাম, কৃষ্ণ নৃত্য আদি চলি থাকিব। ৰাসৰ আখ্যান বৰ্ণনাৰ এক কাৰ্যসূচীও থাকিব য’ত স্কুলীয়া ছাত্ৰ-ছাত্ৰী বা স্থানীয় যুৱক-যুৱতীসকলে ইয়ালৈ অহা যিকোনো ভক্ত বা দৰ্শনাৰ্থীক মৃন্ময় মূৰ্তি ৰাসৰ ব্যাখ্যা দাঙি ধৰাৰ ব্যৱস্থা থাকিব, যাতে প্ৰতিগৰাকী ভক্তই সুন্দৰভাৱে ৰাসৰ আখ্যান বুজিব পাৰে। পৰ্যটকক যাতে সুন্দৰভাৱে ৰাসৰ বিষয়ে বুজাই দিব পাৰে তাৰ বাবে ষ্টৰী টেলিঙৰ ব্যৱস্থাও থাকিব বুলি মন্ত্ৰীগৰাকীয়ে সদৰী কৰে। মন্ত্ৰীগৰাকীয়ে কয় যে ৰাসৰ আখ্যান যাতে সকলোৱে বুজিব পাৰে তাৰ ব্যৱস্থাও থাকিব। এইবাৰ ৰাসত নতুনকৈ এটা বিষয় সংযোজন কৰা হ’ব য’ত থিয়েটাৰ প্ৰদৰ্শনীৰ পৰা পাৰ্কিংলৈ, দোকান এলোটমেণ্টৰ পৰা ডনেচনলৈকে সকলো অনলাইন ব্যৱস্থা কৰা হ’ব। মানুহে ঘৰতে বহি নলবাৰী হৰি মন্দিৰৰ ৱেবছাইটৰ জৰিয়তে থিয়েটাৰৰ টিকট ক্ৰয়কে ধৰি সকলো ধৰণৰ কাম অনলাইন ব্যৱস্থাৰ জৰিয়তে কৰিব পাৰিবষ লগতে অফলাইন ব্যৱস্থাও থাকিব। মন্ত্ৰীগৰাকীয়ে কয় যে প্ৰতি বছৰে ৰাসৰ আকৰ্ষণ বৃদ্ধিৰ বাবে এনেধৰণৰ নতুন নতুন পদক্ষেপ হাতত লোৱা হয়। এইবেলি ৰাসত ভাওনা ৰাসো থাকিব। নলবাৰীৰ প্ৰতিষ্ঠিত শিল্পীসকলে এই ভাওনাত অংশগ্ৰহণ কৰিব।

Posts Carousel

Leave a Comment

Your email address will not be published. Required fields are marked with *

Latest Posts

Top Authors

Most Commented

Featured Videos