728 x 90
Like Us On Facebook
Facebook Pagelike Widget
728 x 90

শ্রীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত যোৰহাটৰ ‘পাঞ্চজন্য নাট্যগোষ্ঠী’ৰ ‘কুৰ্ম অৱতাৰ’ ভাওনা প্ৰদৰ্শন

শ্রীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত যোৰহাটৰ ‘পাঞ্চজন্য নাট্যগোষ্ঠী’ৰ ‘কুৰ্ম অৱতাৰ’ ভাওনা প্ৰদৰ্শন

যুৱ-অভিনেতা ৰূপজিৎ কলিতাক ‘লক্ষেশ্বৰ হাজৰিকা যুৱ অনুপ্ৰেৰণা বঁটা প্রদান দেৱবাদ্যৰ শব্দ, দোহাৰ, ভাওনাৰ বচনৰে মুখৰিত হৈ পৰিল শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰৰ শ্ৰীশ্ৰী মাধৱদেৱ আন্তর্জাতিক প্রেক্ষাগৃহ। শনিবাৰে মঞ্চস্থ হ’ল কুর্ম অৱতাৰ শীৰ্ষক এখন ভাওনা। সমাজ সচেতক এগৰাকী ব্যক্তি তথা সাংস্কৃতিক কর্মী প্রয়াত লক্ষেশ্বৰ হাজৰিকাৰ সোঁৱৰণত তেওঁৰ পৰিবাৰ নিবেদিতা হাজৰিকা আৰু পৰিয়ালবর্গৰ লগতে বেচৰকাৰী স্বেচ্ছাসেৱী অনুষ্ঠান ‘স্পন্দন… শব্দৰ

যুৱ-অভিনেতা ৰূপজিৎ কলিতাক ‘লক্ষেশ্বৰ হাজৰিকা যুৱ অনুপ্ৰেৰণা বঁটা প্রদান

দেৱবাদ্যৰ শব্দ, দোহাৰ, ভাওনাৰ বচনৰে মুখৰিত হৈ পৰিল শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰৰ শ্ৰীশ্ৰী মাধৱদেৱ আন্তর্জাতিক প্রেক্ষাগৃহ। শনিবাৰে মঞ্চস্থ হ’ল কুর্ম অৱতাৰ শীৰ্ষক এখন ভাওনা। সমাজ সচেতক এগৰাকী ব্যক্তি তথা সাংস্কৃতিক কর্মী প্রয়াত লক্ষেশ্বৰ হাজৰিকাৰ সোঁৱৰণত তেওঁৰ পৰিবাৰ নিবেদিতা হাজৰিকা আৰু পৰিয়ালবর্গৰ লগতে বেচৰকাৰী স্বেচ্ছাসেৱী অনুষ্ঠান ‘স্পন্দন… শব্দৰ পৰা হৃদয়লৈ’-এ এইভাগ ভাওনা আগবঢ়াইছে বুলি উদ্যোক্তাসকলে জানিবলৈ দিছে। ১৯ অক্টোবৰ শনিবাৰে শ্রীমন্ত শংকৰদের কলাক্ষেত্ৰৰ মাধৱদেৱ প্রেক্ষাগৃহৰ মঞ্চত সম্পূর্ণ মহাপুৰুষীয়া নীতি-নিয়মেৰে প্ৰদৰ্শন কৰা হ’ল ‘কুৰ্ম অৱতাৰ’ শীর্ষক ভাওনাভাগি। ‘লক্ষেশ্বৰ হাজৰিকা সোঁৱৰণী মঞ্চ’ৰ উদ্যোগত আৰু ‘স্পন্দন… শব্দৰ পৰা হৃদয়লৈ’ৰ সহযোগত আয়োজিত ভাওনা পৰিৱেশনৰ অনুষ্ঠানটোত সাংস্কৃতিক নগৰী যোৰহাটৰ মাজ-মজিয়াৰ মালৌআলি, কমলাবৰীয়াৰ ‘পাঞ্চজন্য নাট্যগোষ্ঠী’য়ে সুন্দৰকৈ পৰিবেশন কৰিলে ‘কুর্ম অৱতাৰ’ শীর্ষক ভাওনাভাগি। ভাওনাভাগৰ পৰিচালনা পূর্ণানন্দ দত্তৰ। দোহাৰ মনোৰঞ্জন বৰা, ৰক্তিম শংকু বৰা আৰু সংগীবৃন্দৰ।

২০০৪তে প্রতিষ্ঠা হোৱা যোৰহাটৰ পাঞ্চজন্য নাট্যগোষ্ঠী অসমৰ বিভিন্ন স্থানত ভাওনা প্রদর্শন কৰি সমাদৃত হোৱাৰ লগতে প্রতিযোগিতামূলক ভাওনাত বহুবাৰ শ্ৰেষ্ঠ আসন লাভ কৰিবলৈ সক্ষম হৈছে। মাজুলীৰ আউনীআটী সত্ৰৰ ভাওনা সমাৰোহতো দুবাৰকৈ শ্রেষ্ঠ দলৰ সন্মান লাভ কৰি ৰাইজৰ দৃষ্টি আকর্ষণ কৰিবলৈ সক্ষম হৈছে। আধ্যাত্মিক আৰু সাত্ত্বিক ভাবাদৰ্শৰে সংস্কৃতিৰ প্ৰচাৰ তথা প্ৰসাৰ কৰি সমাজত এক সুস্থ সাংস্কৃতিক পৰিবেশ সূচনাৰ ক্ষেত্ৰত দলটোয়ে উল্লেখযোগ্য ভূমিকা লৈ আহিছে। জন্ম লগ্নৰে পৰা দলটিৰ শিল্পীসকলে শ্রীমন্ত শংকৰদেৱৰ সৃষ্টিৰাজিৰ অনুশীলন অব্যাহত ৰাখি প্ৰজন্মৰ পৰা প্ৰজন্মলৈ আগুৱাই গৈছে। শিল্পীসকলৰ অভিনয়ৰ লগতে মুখা, সাজ-সজ্জা আদি ‘গুৱাহাটীবাসীৰ বাবে আছিল আকৰ্ষণৰ কেন্দ্রবিন্দু। ১৯ অক্টোবৰ শনিবাৰে পুৱা ১০ বজাত ভকতসকলৰ দ্বাৰা মাহ- প্রসাদ আগবঢ়াই নাম- প্ৰসংগৰে মঞ্চত অস্থায়ীভাবে প্রতিষ্ঠা কৰা হয় গুৰুআসন। দুপৰীয়া ১২-৩০ বজাত নাট তথা ভাওনাৰ মুখা আদৰণি। ‘স্পন্দন… শব্দৰ পৰা হৃদয়লৈ’ৰ সভাপতি ময়ূৰী দত্তই আঁত ধৰা অনুষ্ঠানটিত সন্ধিয়া প্রদর্শিত হোৱা ‘কুৰ্ম অৱতাৰ’ ভাওনাভাগ উদ্বোধন কৰে মুখ্য অতিথি হিচাপে উপস্থিত থকা জ্যেষ্ঠ সাংবাদিক নিতুমণি শইকীয়া আৰু বিশিষ্ট অভিনেত্ৰী সাগৰিকা গোস্বামীয়ে৷ ভাওনা ভাগ উপভোগ কৰি উপস্থিত দর্শক ৰাইজ আপ্লুত হৈ পৰে। ভাওনাভাগ পৰিৱেশনৰ আগতে এই অনুষ্ঠানতে যোৰহাটৰ যুৱ- অভিনেতা ৰূপজিৎ কলিতাক প্রদান কৰা হয় ‘লক্ষেশ্বৰ হাজৰিকা যুৱ অনুপ্ৰেৰণা বঁটা ২০২৪, লগতে যোৰহাটৰে জ্যেষ্ঠ লোকশিল্পী উজ্জ্বল কুমাৰ দত্তক বিশেষ সম্বর্ধনা জ্ঞাপন কৰা হয়। বঁটাসমূহ প্ৰদান কৰে জ্যেষ্ঠ সাংবাদিক নিতুমণি শইকীয়া আৰু অভিনেত্ৰী সাগৰিকা গোস্বামীয়ে৷

Posts Carousel

Leave a Comment

Your email address will not be published. Required fields are marked with *

Latest Posts

Top Authors

Most Commented

Featured Videos