বহিঃৰাষ্ট্ৰৰ পৰা নিয়ন্ত্ৰণ হয় কংগ্ৰেছৰ শীৰ্ষ নেতৃত্বৰ ছ’চিয়েল মিডিয়াৰ হেণ্ডেলসামাজিক মাধ্যমত মন্ত্ৰী জয়ন্ত মল্লবৰুৱা-পীযুষ হাজৰীকাৰ বিস্ফোৰক অভিযোগবাংলাদেশী নাগৰিকৰে ভৰি আছে অসম কংগ্ৰেছৰ এগৰাকী নেতাৰ ফেচবুকৰ ফেন ক্লাবঃ মন্ত্ৰী পীযুষ হাজৰীকাভাৰতীয় ভোটাৰক প্ৰভাৱিত কৰাৰ বাবে কংগ্ৰেছে বহিঃৰাষ্ট্ৰৰ শক্তি ব্যৱহাৰ কৰিছেঃ মন্ত্ৰী জয়ন্ত মল্লবৰুৱাগৌৰৱ গগৈৰ ফেন ক্লাব পৰিচালিত হয় বাংলাদেশৰ পৰাপ্ৰদ্যুৎ বৰদলৈ আৰু মল্লিকাৰ্জুন খৰ্গেৰ ছ’চিয়েল মিডিয়া
বহিঃৰাষ্ট্ৰৰ পৰা নিয়ন্ত্ৰণ হয় কংগ্ৰেছৰ শীৰ্ষ নেতৃত্বৰ ছ’চিয়েল মিডিয়াৰ হেণ্ডেল
সামাজিক মাধ্যমত মন্ত্ৰী জয়ন্ত মল্লবৰুৱা-পীযুষ হাজৰীকাৰ বিস্ফোৰক অভিযোগ
বাংলাদেশী নাগৰিকৰে ভৰি আছে অসম কংগ্ৰেছৰ এগৰাকী নেতাৰ ফেচবুকৰ ফেন ক্লাবঃ মন্ত্ৰী পীযুষ হাজৰীকা
ভাৰতীয় ভোটাৰক প্ৰভাৱিত কৰাৰ বাবে কংগ্ৰেছে বহিঃৰাষ্ট্ৰৰ শক্তি ব্যৱহাৰ কৰিছেঃ মন্ত্ৰী জয়ন্ত মল্লবৰুৱা
গৌৰৱ গগৈৰ ফেন ক্লাব পৰিচালিত হয় বাংলাদেশৰ পৰা
প্ৰদ্যুৎ বৰদলৈ আৰু মল্লিকাৰ্জুন খৰ্গেৰ ছ’চিয়েল মিডিয়া হেণ্ডেল নিয়ন্ত্ৰিত হয় বহিঃৰাষ্ট্ৰৰ পৰা
কংগ্ৰেছ দল আৰু কংগ্ৰেছৰ নেতাসকল ‘বিদেশী এজেণ্ট’ৰ দ্বাৰা নিয়ন্ত্ৰিত আৰু পৰিচালিত হয় বুলি গুৰুতৰ অভিযোগ কৰিছে দুগৰাকী কেবিনেট মন্ত্ৰীয়ে৷ কংগ্ৰেছৰ শীৰ্ষ নেতৃত্বৰ ছ’চিয়েল মিডিয়াৰ হেণ্ডেল বহিঃৰাষ্ট্ৰৰ পৰা নিয়ন্ত্ৰণ হয় বুলি দুই কেবিনেট মন্ত্ৰী জয়ন্ত মল্লবৰুৱা আৰু পীযুষ হাজৰীকাই অভিযোগ কৰিছে। সামাজিক মাধ্যমত মন্ত্ৰী পীযুষ হাজৰীকাই কংগ্ৰেছ দল আৰু তেওঁলোকৰ নেতাসকল ‘বিদেশী এজেণ্ট’ৰ দ্বাৰা নিয়ন্ত্ৰিত আৰু পৰিচালিত হোৱাৰ কিছু তথ্য দাঙি ধৰিছে৷ মন্ত্ৰীগৰাকীয়ে অসম কংগ্ৰেছৰ এগৰাকী নেতাৰ ফেচবুকৰ ফেন ক্লাব কেনেদৰে বাংলাদেশী নাগৰিকৰে ভৰি আছে তাৰ তথ্য সামাজিক মাধ্যমত দাঙি ধৰে৷ আনহাতে, অসমৰ আন এজন কংগ্ৰেছ নেতাৰ ফেচবুক পেজ আমেৰিকাৰ পৰা নিয়ন্ত্ৰিত হোৱাৰ তথ্য দাঙি ধৰাৰ লগতে আৰু এই নেতা দুগৰাকীৰ ‘ওপৰৱালা’ তথা কংগ্ৰেছৰ সভাপতি মল্লিকাৰ্জুন খাৰ্গেৰ ফেচবুক পেজ নৰৱেৰ পৰা পৰিচালিত হোৱাৰ তথ্য সদৰী কৰিছে৷
আনহাতে, মন্ত্ৰী জয়ন্ত মল্লবৰুৱাই সামাজিক মাধ্যমত কংগ্ৰেছৰ শীৰ্ষ নেতাসকলৰ বিৰুদ্ধে এই গুৰুতৰ অভিযোগ উত্থাপন কৰি কয় যে এয়া অসম আৰু দেশৰ বাবে এক ডাঙৰ ভাবুকি। সামজিক মাধ্যমত মন্ত্ৰীগৰাকীয়ে তথ্যসহকাৰে কিদৰে কংগ্ৰেছে বিদেশী হস্তক্ষেপেৰে ভাৰতীয় নিৰ্বাচনৰ ওপৰত প্ৰভাৱ পেলাবলৈ চেষ্টা কৰিছে সেই বিষয়ে উল্লেখ কৰে৷ তেওঁ কয় যে এতিয়া সকলো পৰিষ্কাৰকৈ ওলাই পৰিছে। মন্ত্ৰীগৰাকীয়ে প্ৰকাশ কৰে যে অসম প্ৰদেশ কংগ্ৰেছৰ নেতাসকলৰ ওপৰত বিদেশী গোষ্ঠীৰ প্ৰভাৱ থকাটো কোনো আচৰিত কথা নহয়, য’ত অনুৰাগীসকলৰ ভিতৰত বাংলাদেশীসকল অন্যতম। কংগ্ৰেছৰ শীৰ্ষ নেতৃত্বৰ সামাজিক মাধ্যমৰ পেজসমূহ আমেৰিকা আৰু ন’ৰৱেৰ সংস্থাসমূহৰ দ্বাৰা পৰিচালিত হয় বুলি মন্ত্ৰীগৰাকীয়ে অভিযোগ কৰিছে। আজি যিসকলে ভাৰতীয় সংবিধান ৰক্ষা কৰাৰ শপত লৈছে, তেওঁলোকেই নিজৰ ডিজিটেল মাধ্যম বিদেশী এজেণ্টৰ হাতত দিয়া কথা খুবেই উদ্বেগজনক। এইটো অসম আৰু দেশৰ বাবে এক ডাঙৰ ভাবুকি বুলি মন্ত্ৰীগৰাকীয়ে উদ্বেগ প্ৰকাশ কৰিছে।
উল্লেখ্য যে যিসকল ব্যক্তি ভাৰতীয় সংবিধানৰ শপত লৈ সাংসদ হৈছে বা বিভিন্ন চৰকাৰী পদবীত আছে তেওঁলোকে ভাৰতীয় ভোটাৰক প্ৰভাৱিত কৰিবৰ বাবে বহিঃৰাষ্ট্ৰৰ শক্তি ব্যৱহাৰ কৰিছে। এয়া অত্যন্ত এক চিন্তনীয় বিষয়। প্ৰাপ্ত তথ্য মতে, সাংসদ গৌৰৱ গগৈৰ ফেন ক্লাবৰ বেছিভাগ সদস্যই বাংলাদেশৰ মিঞা৷ মন্ত্ৰীগৰাকীয়ে শ্বেয়াৰ কৰা স্ক্ৰীন শ্ব’টত এই কথা নিশ্চিত হৈছে৷ সেই অনুসৰি গৌৰৱ গগৈৰ ফেন ক্লাবটো আটাইতকৈ বেছি বাংলাদেশৰ পৰা নিয়ন্ত্ৰণ হয় বুলি চৰ্চা চলা পৰিলক্ষিত হৈছে। আনহাতে, মন্ত্ৰীগৰাকীয়ে কংগ্ৰেছী সাংসদ প্ৰদ্যুৎ বৰদলৈৰ ফেচবুক পেজ, কংগ্ৰেছৰ জ্যেষ্ঠ নেতা মল্লিকাৰ্জুন খাৰ্গেৰ ছ’চিয়েল মিডিয়া হেণ্ডেলৰ স্ক্ৰীন শ্ব’ট সামাজিক মাধ্যমত শ্বেয়াৰ কৰি তেওঁলোকৰ ছ’চিয়েল মিডিয়া হেণ্ডেল যে আমেৰিকা আৰু ন’ৰৱেৰ পৰা পৰিচালিত হয় তাৰ প্ৰমাণো দাঙি ধৰিছে৷ ইপিনে, সাংসদ গৌৰৱ গগৈ, প্ৰদ্যুৎ বৰদলৈ আৰু কংগ্ৰেছৰ জ্যেষ্ঠ নেতা মল্লিকাৰ্জুন খাৰ্গেৰ ছ’চিয়েল মিডিয়া হেণ্ডেল বহিঃৰাষ্ট্ৰৰ পৰা নিয়ন্ত্ৰিত হোৱা বিষয়টো পোহৰলৈ অহাত সচেতন মহলৰ মাজত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে৷ সমগ্ৰ বিষয়টোত দেশৰ সুৰক্ষাৰ কথা জড়িত হৈ আছে বাবে বিষয়টো চৰকাৰে গুৰুত্ব সহকাৰে ল’ব বুলি সচেতন মহলে আশা কৰিছে।
ইপিনে, এই সন্দৰ্ভত সাংবাদিকৰ আগত আজি মন্ত্ৰী জয়ন্ত মল্লবৰুৱাই প্ৰতিক্ৰিয়া ব্যক্ত কৰি কয় যে মোৰ লক্ষ্যত কিছুমান বস্তু পৰিছে যে অসমৰ এগৰাকী সাংসদ প্ৰদ্যুৎ বৰদলৈ, তেওঁ ছ’চিয়েল মিডিয়া পেজটো চলায় ইউনাইটেড ষ্টেটৰ পৰা৷ ভাৰতবৰ্ষৰ কংগ্ৰেছৰ সভাপতি মল্লিকাৰ্জুন খাৰ্গে, তেওঁৰ ছ’চিয়েল মিডিয়া পেজটো চলে ন’ৰৱেৰ পৰা৷ অসমৰ এগৰাকী সাংসদ গৌৰৱ গগৈ তেওঁৰ ফেনছ ক্লাব চলে বাংলাদেশৰ পৰা৷ গতিকে অসমৰ এগৰাকী সাংসদৰ ছ’চিয়েল মিডিয়া বা ডিজিটেল মিডিয়া যেতিয়া আমেৰিকাৰ পৰা চলিব, ভাৰতবৰ্ষৰ কংগ্ৰেছ সভাপতিগৰাকীৰ ছ’চিয়েল মিডিয়া যেতিয়া ন’ৰৱেৰ পৰা চলিব, গৌৰৱ গগৈৰ ফেনছ ক্লাবৰ গোটেই ব্যৱস্থাটো যেতিয়া বাংলাদেশীসকলে চলাব, সেয়া ভাৰতবৰ্ষৰ কাৰণে কিমান ভয়াৱহ কথা! যিসকলে ভাৰতবৰ্ষৰ সংবিধানৰ শপত লৈ ভাৰতৰ সাৰ্বভৌমত্ব ৰক্ষাৰ কাৰণে শপত লৈছে, সেইসকল মানুহক যদি বিদেশী এজেণ্টে এনেকৈ নিয়ন্ত্ৰণ কৰে, তেন্তে এয়া অসমৰ কাৰণে কিমান ভয়াৱহ দিনৰ কথা বুলি মন্ত্ৰীগৰাকীয়ে মন্তব্য কৰে৷ তেওঁ পুনৰ কয় যে কংগ্ৰেছ দলটো যদিওবা এগৰাকী বিদেশিনীয়ে সৃষ্টি কৰিছিল, তথাপি ভাৰতৰ স্বাধীনতা আন্দোলনৰ লগত কংগ্ৰেছ এনেকৈ জড়িত হৈ আছিল যে ভাৰতৰ মানুহে সাৰ্বভৌমত্ব, স্বাধীনতা এইবিলাক কংগ্ৰেছৰ লগত জড়িত বস্তু বুলি ভাবিছিল, কিন্তু এই সকলো কথা নস্যাৎ কৰি এতিয়া আজিৰ যিসকল কংগ্ৰেছী তেওঁলোকে এতিয়া ইউনাইটেড ষ্টেট, ন’ৰৱে, বাংলাদেশ এইবিলাকৰ লগত গোটেই ব্যৱস্থাটো চলাই আছে, এয়া আমাৰ কাৰণে অত্যন্ত ভয়াৱহ দিনৰ ইংগিত৷ মই তেওঁলোকক গৰিহণা দিছো৷ তেওঁলোকে এনেকুৱা কাম কৰিব নালাগে, যি কামে অসম বা ভাৰতীয় মানুহক তেওঁলোকৰ প্ৰতি সন্দেহ ওপজায় বুলি কয়৷ এই বিষয়টো সন্দৰ্ভত তদন্তৰ প্ৰয়োজন বুলি মন্ত্ৰীগৰাকীয়ে উল্লেখ কৰি কয় যে এয়া অসমৰ জাতীয় জীৱনৰ কাৰণে এটা অত্যন্ত অপমানৰ কথা৷ এয়া ভাৰতবৰ্ষৰ সাৰ্বভৌমত্বৰ কাৰণে এটা ভাবুকি, ভয়াৱহ এটা ইংগিত৷ বিষয়টো সন্দৰ্ভত কংগ্ৰেছক গুৰুত্ব দিবলৈও মন্ত্ৰীগৰাকীয়ে আহ্বান জনায়৷
মন্ত্ৰীগৰাকীয়ে পুনৰ কয় যে এইবিলাক কথাই কংগ্ৰেছ যে আজিও বিদেশী শক্তিৰ দ্বাৰা চালিত হৈ আছে, তাকে প্ৰমাণ কৰিছে৷ নিজৰ যিটো স্বাভিমান, নিজৰ যিটো আত্মগৌৰৱ- এই কথাবিলাক কংগ্ৰেছীসকলৰ মনত নাই, সেই কাৰণে আমেৰিকা, ন’ৰৱে, বাংলাদেশে তেওঁলোকক চলায় বুলি মন্তব্য কৰে৷ মন্ত্ৰীগৰাকীয়ে পুনৰ কয় যে কংগ্ৰেছ হ’ল অসম বিৰোধী, ভাৰত বিৰোধী৷ অসমৰ খিলঞ্জীয়া মানুহৰ কথা, ভাৰতীয় মানুহৰ কথা তেওঁলোকে নাভাবে৷ তেওঁলোকে কেৱল ভাবে গান্ধী পৰিয়ালটোক কেনেদৰে বচাই ৰাখিব পাৰি৷ গান্ধী পৰিয়াল মানে ইটালীৰ পৰিয়াল বুলি কটাক্ষ কৰি মন্ত্ৰীগৰাকীয়ে এই পৰিয়ালটোক বচাই ৰাখিবৰ কাৰণে কংগ্ৰেছে কাম কৰে বুলি মন্তব্য কৰে৷ বিদেশী লোকৰ পৃষ্ঠপোষকতাত তেওঁলোক পৰিচালিত নোহোৱা হ’লে, তেওঁলোকে ভাৰত বিৰোধী কথা-বতৰাবিলাক ক’ব নোৱাৰিলেহেঁতেন বুলিও মন্ত্ৰীগৰাকীয়ে মন্তব্য কৰে৷ আগন্তুক সময়ত ৰাইজে ইয়াৰ ৰায় দিব বুলিও মন্ত্ৰীগৰাকীয়ে মন্তব্য কৰে৷ কিয়নো আগতে ৰাইজে এইবিলাক কথা গম পোৱা নাছিল, এতিয়া ৰাইজে গম পাইছে৷ তেওঁ কয় যে আমি যেতিয়া এইকথাবিলাক গম পাওঁ আমি লগে লগে ৰাইজক জনাই দিওঁ, ৰাইজক জনাই দিয়াটো আমাৰ দায়িত্ব৷ যেতিয়া মই জানিব পাৰিলো যে তেওঁলোকৰ ছ’চিয়েল মিডিয়া আমেৰিকা, ন’ৰৱে, বাংলাদেশৰ দ্বাৰা চলে, তেতিয়া মই সামাজিক মাধ্যমযোগে কথাবোৰ দেখুৱাই দিছো৷ মই ভাবো যে এইখিনি দেখা পোৱাৰ পিছত অসমৰ ৰাইজে বুজি পাব যে আচলতে কংগ্ৰেছৰ ছ’চিয়েল মিডিয়া বা ডিজিটেল মিডিয়া প্লেটফৰ্মবিলাক কোন এজেণ্টে পৰিচালনা কৰে, কোন বিদেশী শক্তিয়ে নিয়ন্ত্ৰণ কৰে৷ মই ভাবো যে এই বিদেশী শক্তিবোৰ নিজে নিজে চিনাক্ত হ’ব আৰু অসমৰ ৰাইজে ইয়াৰ উচিত প্ৰত্যুত্তৰ দিব বুলি মন্ত্ৰীগাৰকীয়ে মন্তব্য কৰে৷


















Leave a Comment
Your email address will not be published. Required fields are marked with *