728 x 90
Like Us On Facebook
Facebook Pagelike Widget
728 x 90

‘আগতে চৰকাৰ হ’ব লাগিব, তেতিয়াহে ভূপেন বৰা মুখ্যমন্ত্ৰী হ’ব পাৰিব’- মন্ত্ৰী পীযুষ হাজৰীকা

‘আগতে চৰকাৰ হ’ব লাগিব, তেতিয়াহে ভূপেন বৰা মুখ্যমন্ত্ৰী হ’ব পাৰিব’- মন্ত্ৰী পীযুষ হাজৰীকা

‘তেওঁলোকৰ নিজৰে জিকাৰ ঠিক নাই, ক’ত চৰকাৰ হ’ব?’‘কংগ্ৰেছে আকাশত চাং পতাৰ দৰে কথা কৈ লাভ নাই’‘আকৌ এবাৰ মুখ্যমন্ত্ৰী হ’ব হিমন্ত বিশ্ব শৰ্মা’কংগ্ৰেছৰ বিৰুদ্ধে পুনৰ সৰৱ মন্ত্ৰী পীযুষ হাজৰীকা কংগ্ৰেছে আকাশত চাং পতাৰ দৰে কথা কৈ লাভ নাই। প্ৰথম কথা হ’ল তেওঁলোকৰ চৰকাৰ হ’ব লাগিব, তেতিয়াহে ভূপেন বৰা মুখ্যমন্ত্ৰী হ’ব পাৰিব। কংগ্ৰেছে এনেকুৱা আকাশত চাং পতাৰ

‘তেওঁলোকৰ নিজৰে জিকাৰ ঠিক নাই, ক’ত চৰকাৰ হ’ব?’
‘কংগ্ৰেছে আকাশত চাং পতাৰ দৰে কথা কৈ লাভ নাই’
‘আকৌ এবাৰ মুখ্যমন্ত্ৰী হ’ব হিমন্ত বিশ্ব শৰ্মা’
কংগ্ৰেছৰ বিৰুদ্ধে পুনৰ সৰৱ মন্ত্ৰী পীযুষ হাজৰীকা

কংগ্ৰেছে আকাশত চাং পতাৰ দৰে কথা কৈ লাভ নাই। প্ৰথম কথা হ’ল তেওঁলোকৰ চৰকাৰ হ’ব লাগিব, তেতিয়াহে ভূপেন বৰা মুখ্যমন্ত্ৰী হ’ব পাৰিব। কংগ্ৰেছে এনেকুৱা আকাশত চাং পতাৰ দৰে কথা কৈ লাভ নাই।- এই মন্তব্য মন্ত্ৰী পীযুষ হাজৰীকাৰ। বিৰোধীক তীব্ৰ কটাক্ষ কৰি আজি সাংবাদিকৰ আগত এইদৰে মন্তব্য কৰে মন্ত্ৰীগৰাকীয়ে। তেওঁ কয় যে মই যি শুনি আছো ভূপেন বৰা ডাঙৰীয়াই সমষ্টি বদলাইছে। লুৰীণজ্যোতি গগৈ ডাঙৰীয়াইও সমষ্টি বদলাব। তেওঁলোকৰ নিজৰ জিকাৰে ঠিক নাই। নিজৰ যদি জিকা ঠিক থাকে সমষ্টি বদলাই ফুৰে নেকি মন্ত্ৰীগাৰকীয়ে ওলোটাই প্ৰশ্ন কৰে। মন্ত্ৰীগৰাকীয়ে পুনৰ কয় যে তেওঁলোকৰ নিজৰে জিকাৰ ঠিক নাই, ক’ত চৰকাৰ হ’ব? গতিকে এইবিলাক আকাশত চাং পতাৰ কথা। আমি ৰাইজৰ কাম কৰিছো, ৰাইজক সুশাসন দিছো, আমি আকৌ চৰকাৰ গঠন কৰিম। হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া আকৌ মুখ্যমন্ত্ৰী হ’ব বুলি মন্ত্ৰীগৰাকীয়ে দৃঢ়তাৰে মন্তব্য কৰে।
বিৰোধী ঐক্যমঞ্চৰ নাম সলনিক লৈও মন্ত্ৰীগৰাকীয়ে বিৰোধী ঐক্যমঞ্চক তীব্ৰ কটাক্ষ কৰে। মন্ত্ৰীগৰাকীয়ে কয় যে জ্যোতিষীৰ কথা মতে হয়তো তেওঁলোকে নাম বদলাইছে, নাম যিয়েই নহওক তেওঁলোকক কোনেও ৰক্ষা কৰিব নোৱাৰে, মানুহে আমাক ৰক্ষা কৰিব।
চৰকাৰ আৰ্থিক সংকটত ভোগা বুলি বিৰোধীয়ে তোলা অভিযোগ সন্দৰ্ভত মন্ত্ৰীগৰাকীয়ে কয় যে চৰকাৰ অলপো আৰ্থিক সংকটত ভোগা নাই। তেওঁ মুখ্যমন্ত্ৰীয়ে কালি এই সন্দৰ্ভত দিয়া ভাষ্যৰ কথা উল্লেখ কৰি কয় যে আমি প্ৰতক্যেক মাহে অৰুণোদয়ৰ টকা দি আছো। প্ৰত্যেক মাহে আমি পেঞ্চন দিয়ে আছো বা আমাৰ যিমানবিলাক আঁচনি আছে সকলোবোৰ সুন্দৰভাৱে চলি আছে। সৌ সিদিনা আমি মুখ্যমন্ত্ৰী আত্মনিৰ্ভৰ অসম আঁচনিৰ অধীনত ২৫,৫০০ ল’ৰাক ৭৫ হাজাৰকৈ টকা দিলো। কালি অসমৰ ১ লাখ ৫৭ হাজাৰ ৫০০ ছোৱালীক মাহেত ১২৫০ আৰু ২৫০০ কৈ টকা দিলো। ৰাস্তা-পথৰ কাম চলি আছে, দলঙৰ কাম চলি আছে, মেডিকেল কলেজৰ কাম চলি আছে, ক’ত চৰকাৰ দেউলীয়া হৈছে? তেওঁলোকে এইবোৰ অপপ্ৰচাৰ চলাইছে। কোনে অপপ্ৰচাৰ চলায়, ৰাইজে জানে, অপপ্ৰচাৰকাৰীৰ কথাত ৰাইজ ভোল নাযায় বুলি মন্ত্ৰীগৰাকীয়ে মন্তব্য কৰে।
আনহাতে, উপ-নিৰ্বাচনত ৫ টা সমষ্টিতে বিজেপিয়ে জয়লাভ কৰিব বুলি সাংবাদিকৰ আগত মন্ত্ৰীগৰাকীয়ে মন্তব্য কৰে।

Posts Carousel

Leave a Comment

Your email address will not be published. Required fields are marked with *

Latest Posts

Top Authors

Most Commented

Featured Videos

error: Content is protected !!