‘কংগ্ৰেছ চৰকাৰৰ দিনত প্ৰতিযোগিতামূলক পৰীক্ষাত অৱতীৰ্ণ হ’বলৈ শিক্ষাৰ্থীসকলৰ বাবে কঠিন পৰিস্থিতি আছিল, যথেষ্ট কেলেংকাৰি হৈছিল, টকাৰ বিনিময়ত চাকৰি হৈছিল’মৰিগাঁও জিলাৰ আঁহতগুৰিত ৰসৰাজ কোচিং চেণ্টাৰ মুকলি কৰি মন্ত্ৰী পীযুষ হাজৰীকাৰ মন্তব্য ড০ হিমন্ত বিশ্ব শৰ্মা নেতৃতাধীন চৰকাৰখনৰ দিনত কোনেও এক টকা এটা চাকৰিৰ কাৰণে দিব নালাগে। তৃতীয়-চতুৰ্থ বৰ্গৰ কথাতো বাদেই, APSC চাকৰিৰ কাৰণেও এটকা এটাও দিব
‘কংগ্ৰেছ চৰকাৰৰ দিনত প্ৰতিযোগিতামূলক পৰীক্ষাত অৱতীৰ্ণ হ’বলৈ শিক্ষাৰ্থীসকলৰ বাবে কঠিন পৰিস্থিতি আছিল, যথেষ্ট কেলেংকাৰি হৈছিল, টকাৰ বিনিময়ত চাকৰি হৈছিল’
মৰিগাঁও জিলাৰ আঁহতগুৰিত ৰসৰাজ কোচিং চেণ্টাৰ মুকলি কৰি মন্ত্ৰী পীযুষ হাজৰীকাৰ মন্তব্য
ড০ হিমন্ত বিশ্ব শৰ্মা নেতৃতাধীন চৰকাৰখনৰ দিনত কোনেও এক টকা এটা চাকৰিৰ কাৰণে দিব নালাগে। তৃতীয়-চতুৰ্থ বৰ্গৰ কথাতো বাদেই, APSC চাকৰিৰ কাৰণেও এটকা এটাও দিব নালাগে।- এই মন্তব্য অসম চৰকাৰৰ মন্ত্ৰী পীযুষ হাজৰীকাৰ। আজি মৰিগাঁও জিলাৰ আঁহতগুৰিত ৰসৰাজ কোচিং চেণ্টাৰৰ এইবছৰৰ পাঠ্যক্ৰম আনুষ্ঠানিকভাৱে মুকলি কৰি ভাষণত এইদৰে মন্তব্য কৰে। আগতে APSC পোৱা চোকা ল’ৰা-ছোৱালীয়েও বদনামৰ ভাগ হ’ব লগা হৈছিল বুলি মন্ত্ৰীগৰাকীয়ে মন্তব্য কৰি কয় যে কিয়নো তেওঁলোকক কোৱা হৈছিল ৰাকেশ পালৰ দিনৰ APSC-ACS চাকৰি পোৱা ল’ৰা-ছোৱালী বুলি। যিকেইটা ল’ৰা-ছোৱালীয়ে তেতিয়া চাকৰি পাইছিল তেওঁলোক আজিও বিপদৰ সন্মুখীন হৈ আছে, সেই বিষয়ে মন্ত্ৰীগৰাকী ভালদৰে জ্ঞাত বুলি মন্তব্য কৰি কয় যে আজি সেই পৰিৱেশ নাই, সেই পৰিৱেশ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই অসমৰ পৰা নাইকিয়া কৰিছে। অসমৰ আকাশৰ পৰা সেই ক’লীয়া ডাৱৰ নাইকিয়া কৰাৰ বাবে এতিয়া গাঁৱৰ ল’ৰা-ছোৱালীয়ে APSC-ACSৰ চাকৰি পোৱা হ’ল। নগাঁও, মৰিগাঁও আৰু হোজাইৰ ল’ৰা-ছোৱালীয়ে যাতে বেছিকৈ APSCৰ চাকৰি পায়, সেই কাৰণে আজি এই কোটিং চেণ্টাৰটো আনুষ্ঠানিকভাৱে মুকলি কৰা হ’ল বুলি মন্ত্ৰীগৰাকীয়ে ভাষণত কয়।

উল্লেখ্য যে বিগত বছৰত এই কোচিং চেণ্টাৰটো অনানুষ্ঠানিকভাৱে আৰম্ভ কৰা হয়। ইয়াত অধ্যয়ন কৰা ২৫ জনৰ ৯ জন শিক্ষাৰ্থীয়ে প্ৰিলিমিছ উত্তীৰ্ণ হয় আৰু ৩০ জনে ইয়াত অনলাইনযোগে অধ্যয়ন কৰি মূল পৰীক্ষাত অৱতীৰ্ণ হ’বলৈ সক্ষম হৈছে। এয়া আমাৰ কাৰণে এটা অত্যন্ত ভাল খবৰ, আমাৰ কাৰণে গৌৰৱৰ কথা বুলি মন্ত্ৰীগৰাকীয়ে ভাষণত উল্লেখ কৰে।
উল্লেখ যে মন্ত্ৰগৰাকীয়ে মৰিগাঁও জিলাৰ আঁহতগুৰিত ড° ভীমৰাও আম্বেদকাৰ ভৱনৰ শুভ উদ্বোধন কৰাৰ লগতে ৰসৰাজ কোচিং চেণ্টাৰৰ এইবছৰৰ পাঠ্যক্ৰম আনুষ্ঠানিকভাৱে মুকলি কৰে। মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ আহ্বানমৰ্মে মন্ত্ৰীগৰাকীৰ উদ্যোগত আঁহতগুৰিত আৰম্ভ কৰা ৰসৰাজ কোচিং চেণ্টাৰত আগন্তুক এপিএছচি পৰীক্ষা তথা যিকোনো প্ৰতিযোগিতামূলক পৰীক্ষাত অৱতীৰ্ণ হ’ব বিচৰা শিক্ষাৰ্থীসকলৰ বাবে এই বৰ্ষৰ শ্ৰেণীসমূহ আনুষ্ঠানিকভাৱে আৰম্ভ কৰা হয়।
প্ৰতিযোগিতামূলক পৰীক্ষাসমূহত অধিক শিক্ষার্থীৰ অংশগ্ৰহণৰ উদ্দেশ্যে মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই বিভিন্ন পদক্ষেপ গ্ৰহণ কৰিছে। পূৰ্বে কংগ্ৰেছ চৰকাৰৰ দিনত প্ৰতিযোগিতামূলক পৰীক্ষাত অৱতীৰ্ণ হ’বলৈ শিক্ষাৰ্থীসকলৰ বাবে কঠিন পৰিস্থিতি আছিল, যথেষ্ট কেলেংকাৰি হৈছিল, টকাৰ বিনিময়ত চাকৰি হৈছিল। কিন্তু মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ সুদক্ষ নেতৃত্বত বৰ্তমান সম্পূৰ্ণ স্বচ্ছ আৰু মেধাভিত্তিত নিযুক্তি প্ৰক্ৰিয়া সম্পন্ন হৈ আছে বুলি মন্ত্ৰীগৰাকীয়ে ভাষণত উল্লেখ কৰে। উল্লেখ যে এই কোচিং চেণ্টাৰটোত ৫০জন শিক্ষাৰ্থীক বিনামূলীয়াকৈ শিক্ষা প্ৰদান কৰা হ’ব। এইক্ষেত্ৰত সকলোৰে সহযোগিতা তথা আশীৰ্বাদ মন্ত্ৰীগৰাকীয়ে কামনা কৰিছে।
অনুষ্ঠানত মন্ত্ৰীগৰাকীৰ সৈতে বিধায়ক জিতু গোস্বামী, অসম যুৱ আয়োগৰ সদস্য ৰাতুল শৰ্মা, মৰিগাঁও আৰু নগাঁৱৰ জিলা আয়ুক্ত ক্ৰমে দেৱাশীষ শৰ্মা আৰু নৰেন্দ্ৰ কুমাৰ শ্বাহ, মৰিগাঁৱৰ আৰক্ষী অধীক্ষক হেমন্ত কুমাৰ দাস, মীন বিভাগৰ সঞ্চালক গৌৰী শংকৰ দাস, সামাজিক ন্যায় আৰু সবলীকৰণ বিভাগৰ যুটীয়া সচিব হেমন্ত কুমাৰ পেগুসহ বহুকেইগৰাকী বিশিষ্ট ব্যক্তি উপস্থিত থাকে।


















Leave a Comment
Your email address will not be published. Required fields are marked with *