অসমত জল জীৱন মিছনৰ ইতিবাচক অগ্রগতিক জনমানসত হেয় প্রতিপন্ন কৰিবলৈ কিছু বিভ্রান্তিকৰ তথ্য সাম্প্ৰতিক সময়ত প্ৰচাৰ কৰি থকা আমাৰ দৃষ্টিগোচৰ হৈছে। এইক্ষেত্ৰত যোৱা ৩ অক্টোবৰ, ২০২৪ তাৰিখে জনস্বাস্থ্য কাৰিকৰী বিভাগৰ তৰফৰ পৰা অসমত জল জীৱন মিছনৰ অস্থায়ী স্থগিতাদেশ আৰু মিছনৰ অধীনত ৰূপায়িত আঁচনিৰ গুণাগুণ পৰীক্ষা সন্দৰ্ভত জাৰী কৰা বিভাগীয় পত্ৰ নম্বৰ ৫৫৫৫১৯/২ ক লক্ষ্য কৰি
অসমত জল জীৱন মিছনৰ ইতিবাচক অগ্রগতিক জনমানসত হেয় প্রতিপন্ন কৰিবলৈ কিছু বিভ্রান্তিকৰ তথ্য সাম্প্ৰতিক সময়ত প্ৰচাৰ কৰি থকা আমাৰ দৃষ্টিগোচৰ হৈছে। এইক্ষেত্ৰত যোৱা ৩ অক্টোবৰ, ২০২৪ তাৰিখে জনস্বাস্থ্য কাৰিকৰী বিভাগৰ তৰফৰ পৰা অসমত জল জীৱন মিছনৰ অস্থায়ী স্থগিতাদেশ আৰু মিছনৰ অধীনত ৰূপায়িত আঁচনিৰ গুণাগুণ পৰীক্ষা সন্দৰ্ভত জাৰী কৰা বিভাগীয় পত্ৰ নম্বৰ ৫৫৫৫১৯/২ ক লক্ষ্য কৰি লোৱা পৰিলক্ষিত হৈছে। সেয়েহে বিভ্রান্তিকৰ প্ৰচাৰৰ বিপৰীতে সঠিক তথ্য আৰু উদ্দেশ্য জল জীৱন মিছনৰ প্ৰতিটো অংশীদাৰী গোট যেনে গ্ৰাম্যাঞ্চলৰ ৰাইজ, ঠিকাদাৰ, বিভাগীয় বিষয়াসকলক অৱগত কৰাৰ উদ্দেশ্যে এই স্পষ্টীকৰণ প্ৰকাশ কৰা হৈছে।
অসমত জল জীৱন মিছনৰ ঐতিহাসিক আৰু প্ৰত্যাহ্বানমূলক সাফল্যঃ আজিৰ পৰা পাঁচটা বছৰ আগতে, অসমৰ গ্ৰাম্যাঞ্চলৰ ১০০% লোকৰ ঘৰলৈ বিশুদ্ধ খোৱাপানী যোগান ধৰাটো ৰাজ্য চৰকাৰৰ প্ৰধান লক্ষ্য আছিল। ৰাজ্যখনৰ ২৫০০০ গাঁৱৰ প্ৰায় ৭০ লাখ পৰিয়ালক সাঙুৰি এতিয়ালৈকে প্রায় ১৯,৫৫০ কোটি ব্যয় সাপেক্ষে ৮০০০ ঠিকাদাৰক জড়িত কৰা বৃহৎ পৰিমাণ আৰু পৰিসৰৰ কাৰ্যসূচী ৰূপায়ণ কৰাৰ অভিজ্ঞতা জল জীৱন মিছনৰ আগতে ৰাজ্যখনৰ নাছিল, কিন্তু পাঁচটা বছৰতকৈ কম সময়ৰ কষ্টকৰ যাত্ৰাৰ অন্তত অসমে আজি জল জীৱন মিছনৰ ৰূপায়ণত এক ঈর্ষণীয় সাফল্য লাভ কৰিবলৈ সক্ষম হৈছে। এই কম সময়ৰ ভিতৰতে অসমৰ গ্ৰাম্যাঞ্চলৰ খোৱা পানী ব্যৱস্থাৰ দৃশ্যপট সলনি কৰোঁতে, ৰাজ্যৰ কিছু অংশত ঠিকাদাৰৰ দক্ষতাৰ অভাৱৰ পৰিপ্ৰেক্ষিতত প্ৰকল্পৰ বিলম্ব লগতে গুণগত মানৰ ক্ষেত্ৰত কিছু শতাংশ প্রত্যাহ্বান নিশ্চয়কৈ আছে। সেয়েহে ৰাজ্য চৰকাৰে আঁচনিসমূহৰ প্ৰয়োজনীয় সংশোধন আগতীয়াকৈ কৰিব বিচাৰিছে, যাতে গ্ৰাম্যাঞ্চলৰ প্ৰতিটো পৰিয়ালে বিশুদ্ধ খোৱাপানীৰ সুবিধা লাভ কৰা লগতে
আঁচনিসমূহক দীর্ঘদিনৰ বাবে কার্যক্ষম কৰি ৰাখিব পাৰি।
কেন্দ্ৰীয় চৰকাৰৰ পূৰ্ণ সহযোগঃ ভাৰত চৰকাৰৰ পূৰ্ণ সহযোগ, মাৰ্গ দৰ্শন আৰু যথোচিত আর্থিক
সহায়ৰ বাবে অসমত জল জীৱন মিছনৰ দৰে বিশাল পৰিসৰৰ প্ৰকল্প ৰূপায়ণ কৰাটো সম্ভৱপৰ হৈছে।
জল জীৱন মিছন- এক অৱলোকনঃ দেশৰ গ্ৰাম্যাঞ্চলৰ প্ৰতিটো পৰিয়াললৈ নল যোগে বিশুদ্ধ খোৱাপানী যোগান ধৰিবলৈ ৰূপায়ণ কৰা জল জীৱন মিছন হৈছে ভাৰতত এতিয়ালৈকে হাতত লোৱা সর্ববৃহৎ আন্তঃগাঁথনি বিনিয়োগ কার্যসূচীবোৰৰ ভিতৰত অন্যতম। অসমৰ পূৰ্বৰ চৰকাৰসমূহে ঐতিহাসিকভাৱে খোৱাপানী যোগান খণ্ডত কম ধনৰ বিনিয়োগ কৰিছিল, সেয়েহে অসমত পাঁচ বছৰৰ ভিতৰত প্ৰায় ৭০ লাখ গ্রাম্য পৰিয়ালক সামৰি লোৱাৰ লক্ষ্যটো নিশ্চয়কৈ এক অভিলাষী পদক্ষেপ। আজি এই কথা সকলোৱে স্বীকাৰ কৰিব যে জল জীৱন মিছনৰ এই অভূতপূর্ব প্রচেষ্টাই ৰাজ্যখনৰ গ্ৰাম্যাঞ্চলৰ খোৱাপানী যোগান ব্যৱস্থালৈ উল্লেখযোগ্য পৰিৱৰ্তন আনিবলৈ সক্ষম হৈছে।
প্ৰাৰম্ভিক স্থিতি আৰু অগ্রগতিঃ ২০১৯ বৰ্ষৰ ১৫ আগষ্ট তাৰিখে জল জীৱন মিছনৰ আৰম্ভণিৰ সময়ত, অসমৰ গ্ৰাম্যাঞ্চলৰ মুঠ জনসংখ্যাৰ মাত্র ১.৬% অর্থাৎ ১.১ লাখ লোকে কাৰ্যকৰী ঘৰুৱা টেপ সংযোগ লাভ কৰিছিল। এই হাৰ দেশৰ সকলো ৰাজ্যৰ ভিতৰত সৰ্বনিম্ন আৰু সেই সময়ৰ ৰাষ্ট্ৰীয় গড় ১৭% তকৈ বহু কম আছিল। ক’ভিড মহামাৰী আৰু বানপানীৰ দৰে প্ৰত্যাহ্বান স্বত্বেও, অসমে গ্ৰাম্যাঞ্চলৰ ৮১% (৫৮.৩৪ লাখ টেপ সংযোগ) ৰাইজক খোৱাপানী যোগান ধৰিবলৈ সক্ষম হৈছে আৰু এই সাফল্যই বৰ্তমানৰ ৰাষ্ট্ৰীয় গড় ৭৮%ক অতিক্রম কৰিছে। ভাৰত চৰকাৰৰ নিৰন্তৰ সহযোগিতা, ৫৮ লাখ গ্রাম্য পৰিয়ালৰ সহযোগ, ঠিকাদাৰৰ পেছাদাৰিত্ব আৰু ৰাইজৰ সক্রিয় অংশগ্ৰহণৰ বাবে, অসমত জল জীৱন মিছনৰ এই সফলতা সম্ভৱপৰ হৈছে।
প্রত্যাহ্বান আৰু সমাধানঃ যিকোনো বৃহৎ পৰিসৰৰ প্ৰকল্পৰ দৰে, জল জীৱন মিছনৰ ক্ষেত্ৰতো কিছু সংশোধন আৰু প্ৰচেষ্টা, বিশেষকৈ আঁচনিৰ কাৰিকৰী মানদণ্ড আৰু প্ৰকল্পৰ সময়সীমা ক্ষেত্ৰত প্রয়োজন অনুভৱ কৰা হৈছে। তেনে চিন্তাকে জনস্বাস্থ্য কাৰিকৰী বিভাগৰ উল্লেখিত পত্ৰখনত প্ৰতিফলিত কৰা হৈছিল য’ত কিছু আঁচনিৰ কাম অস্থায়ীৰূপত স্থগিত ৰাখি ৰাজ্যখনৰ সামগ্রিক পৰিস্থিতিটো পুনৰ মূল্যায়নৰ ব্যৱস্থাৰ কথা ব্যক্ত কৰা হৈছে যাতে জল জীৱন মিছন সম্পূৰ্ণ হোৱাৰ আগতে আঁচনিসমূহৰ প্ৰয়োজনীয় সংশোধন কৰিব পৰা যায়। তৎস্বত্ত্বেও কিন্তু চলিত বিত্তীয় বর্ষ- ২০২৪-২৫ত ইতিমধ্যে ১৬০০ কোটি টকা মুকলি কৰা হৈছে আৰু নির্দেশনাৱলী মতে কাম সম্পূর্ণ হ’বলগীয়া আঁচনিসমূহৰ বাবেও পুঁজি আবণ্টন কৰি ৰখা হৈছে।
আঁচনি ৰূপায়ণ আৰু ৰাইজৰ অংশগ্ৰহণঃ অসমত সমগ্ৰ ৰাজ্যজুৰি ২৭০০০ ত কৈয়ো অধিক
নলযুক্ত পানী যোগান আঁচনিৰ (PWSS) ৰূপায়ণৰ কাম চলি আছে, যাৰ ভিতৰত ১৫৮০০ খন আঁচনিৰ নিৰ্মাণকাৰ্য এতিয়ালৈকে সম্পূর্ণ হৈছে। নির্মাণ কার্য সম্পূৰ্ণ হোৱা প্রায় ১৩৫০০ খন আঁচনি পানী উপভোক্তা সমিতিৰ (WUC) হাতত অর্পণ কৰা হৈছে, যিয়ে এই আঁচনিসমূহৰ পৰিচালনা আৰু তদাৰকীৰ দায়িত্ব বহন কৰে। এই হস্তান্তৰ প্ৰক্ৰিয়াই প্রকল্প সমূহৰ দীৰ্ঘম্যাদী বহনক্ষমতা নিশ্চিত কৰিব। ইয়াৰ আগতে উল্লেখ কৰা ধৰণে, নিৰ্মাণকাৰ্য সম্পূর্ণ হোৱা বাকী থকা আঁচনিসমূহৰ কাৰ্যদক্ষতাৰ বিভাগীয় পৰীক্ষণৰ অন্তত হস্তান্তৰ কৰা হব।
বিত্তীয় প্রতিশ্রুতিঃ ২০১৯ চনৰ পৰা এতিয়ালৈকে, জল জীৱন মিছনে অসমত কেন্দ্রীয় আৰু ৰাজ্যিক অংশক ধৰি মুঠ ১৯৫৫০.০২ কোটি টকা ব্যয় কৰিছে। চলিত বিত্তীয় বৰ্ষৰ বাবে ৰাজ্যখনে ইতিমধ্যে দুটা খণ্ডত (এপ্রিল আৰু জুলাই, ২০২৪) কেন্দ্ৰীয় অংশৰ ১৫৫৯.৬৩ কোটি টকা লাভ কৰিছে আৰু এই ধনৰ সৈতে ৰাজ্য চৰকাৰৰ অংশৰ ধন ঠিকাদাৰ আৰু অন্যান্য অংশীদাৰ সকলৰ বাবে মুকলি কৰি দিয়া হৈছে। পৰৱৰ্তী পুঁজি অনতিপলমে পোৱা যাব বুলি আশা কৰা
হৈছে আৰু নিৰ্ধাৰিত প্ৰক্ৰিয়া অনুসৰি ইতিমধ্যে সম্পূৰ্ণ হোৱা কামৰ বিপৰীতে ধন আদায় দিয়া প্রক্রিয়াটো অব্যাহত থাকিব।
বিলম্ব আৰু গুণাগুণ সম্পৰ্কীয় বিষয়ৰ গুৰুত্বঃ কিছুসংখ্যক ঠিকাদাৰে প্ৰকল্প ৰপায়ণত বিলম্ব কৰা দেখা গৈছে, আৰু পথ নিৰ্মাণ কাৰ্যৰ বাবে হোৱা কিছুমান আঁচনিৰ পাইপৰ ক্ষতি বা পানী উপভোক্তা সমিতিৰ নিষ্ক্রিয়তাকে ধৰি বিভিন্ন ধৰণৰ সমস্যাৰ সম্মুখীন হবলগীয়া হৈছে। ইয়াৰ পৰিপ্ৰেক্ষিতত, জনস্বাস্থ্য কাৰিকৰী বিভাগে দেশৰ অগ্ৰণী প্রতিষ্ঠান যেনে আই আই টি আৰু টাটা ইনষ্টিটিউট ফৰ চছিয়েল চাইন্সৰ দ্বাৰা এক বিস্তৃত পুনৰীক্ষণ/পর্যালোচনা প্রক্রিয়া হাতত লৈছে। এই প্রক্রিয়াই জল জীৱন মিছনৰ ১০০% ৰূপায়ণৰ নিৰ্দিষ্ট লক্ষ্যত উপনীত হোৱাৰ আগতেই প্রয়োজন হোৱা সকলো ধৰণৰ সংশোধন নিশ্চিত কৰিব।
ৰাষ্ট্ৰীয় আৰু আন্ত:ৰাষ্ট্ৰীয় স্বীকৃতিঃ জল জীৱন মিছনৰ অধীনত অসমে গ্রহণ কৰা কেইবাটাও পদক্ষেপক ৰাষ্ট্ৰীয় তথা আন্ত:ৰাষ্ট্ৰীয় পৰ্যায়ত শ্রেষ্ঠ পদক্ষেপ হিচাপে স্বীকৃতি প্রদান কৰা হৈছে।
(১) পৰিচালনা আৰু তদাৰকী নীতিঃ পঞ্চদশ বিত্তীয় আয়োগৰ অনুদান একত্ৰিত কৰি এক বিস্তৃত পৰিচালনা আৰু তদাৰকী নীতি প্রস্তুত আৰু ৰূপায়ণ কৰা অগ্ৰণী ৰাজ্যসমূহৰ ভিতৰত অসমো অন্যতম। এই নীতি এতিয়া অন্য ৰাজ্যৰ বাবে এক আৰ্হি হিচাপে পৰিগণিত হৈছে।
(২) জলমিত্ৰৰ প্ৰশিক্ষণঃ ৰাজ্যখনে দক্ষতা, নিযুক্তি আৰু উদ্যমিতা বিভাগৰ সহযোগত এক বাধ্যতামূলক ১০ দিনীয়া কাৰ্যসূচীৰ জৰিয়তে ১৭০০০ তকৈয়ো অধিক জলমিত্র (পাম্প অপাৰেটৰ)ক প্রশিক্ষণ প্রদান কৰিছে। ‘নল জলমিত্র’ কাৰ্যসূচীৰ অধীনত এই পদক্ষেপক বর্তমান ৰাষ্ট্ৰীয়ভাৱে স্বীকৃত আৰু সম্প্ৰসাৰিত কৰা হৈছে।
(৩) জলদূত কার্যসূচীঃ বহনক্ষম পানীৰ ব্যৱহাৰ সম্পৰ্কে সজাগতা সৃষ্টিৰ উদ্দেশ্যে বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীক “ৱাটাৰ চেম্পিয়ন” হিচাপে গঢ় দিয়াৰ লক্ষ্যৰে আৰম্ভ কৰা এই পদক্ষেপে আগষ্ট ২০২৪ত আন্তঃৰাষ্ট্ৰীয় জল সংস্থাৰ প্ৰকল্প উদ্ভাৱন বঁটা লাভ কৰিবলৈ সক্ষম হৈছে। কেন্দ্রীয় চৰকাৰৰ শিক্ষা মন্ত্রণালয় দ্বাৰা এই পদক্ষেপক ৰাষ্ট্ৰীয় নীতি হিচাপেও গ্ৰহণ কৰা হৈছে আৰু সমগ্ৰ দেশৰ চি বি এছ ই বিদ্যালয়সমূহত প্ৰৱৰ্তনৰ ব্যৱস্থা কৰা হৈছে।
(৪) জল-কোষ: আঁচনি সম্পর্কীয় ‘QR’ ক’ড সম্বলিত ডিজিটেল তথ্যৰ ভঁৰাল আৰু অভিযোগ নিষ্পত্তিৰ প্ৰণালী, ৰাষ্ট্ৰীয় স্বাস্থ্য অভিযানৰ সহযোগত ‘জল-স্বাস্থ্য’ কার্যসূচী আৰু পানীৰ গুণাগুণ পৰীক্ষাৰ বাবে বিভাগীয় জল-পৰীক্ষাগাৰৰ লগত মহাবিদ্যালয়ক সংযোগ কৰা ‘জল-বিদ্যা’ কাৰ্যসূচী আদি অসমে গ্ৰহণ কৰা উদ্ভাৱণীমূলক পদক্ষেপক আজি ৰাষ্ট্ৰীয় পৰ্যায়ত শ্রেষ্ঠ পদক্ষেপ হিচাপে বিবেচিত কৰা হৈছে।
জল জীৱন মিছনৰ ইতিবাচক প্ৰভাৱঃ মাত্র পাঁচ বছৰত ১.৬% ৰ পৰা ৮১% গ্ৰাম্যাঞ্চলৰ ৰাইজক জল জীৱন মিছনে সাঙুৰি লব পৰাটো ৰাজ্যখনৰ বাবে এক ঐতিহাসিক আৰু যোগাত্মক সাফল্য। স্বাস্থ্য, শিক্ষা আৰু অৰ্থনৈতিক উপাৰ্জনৰ ওপৰত বিশুদ্ধ খোৱাপানীৰ ইতিবাচক প্ৰভাৱৰ বিষয়ে বিশ্ব স্বাস্থ্য সংস্থা আৰু নবেল বঁটা বিজয়ী অধ্যাপক মাইকেল ক্ৰেমাৰৰ অধ্যয়নত ইতিমধ্যে স্পষ্টকৈ প্রতিফলিত হৈছে।
বিলম্ব হোৱা আৰু গুণাগুণৰ ক্ষেত্ৰত সমস্যা থকা চলিত আঁচনিৰ পুনর্মূল্যায়নঃ এই সাময়িক স্থগিতাদেশে চলি থকা প্ৰকল্প সমূহৰ দীৰ্ঘম্যাদী কার্যক্ষমতা নিশ্চিত কৰিব আৰু সম্পূৰ্ণ হোৱা আঁচনিসমূহৰ গুণাগুণ নিৰ্ধাৰিত সময়সীমাৰ ভিতৰত পুনৰীক্ষণ কৰাৰ বাবে এক সুযোগ প্রদান কৰিব। জনস্বাস্থ্য কাৰিকৰী বিভাগৰ চিঠিখনত উল্লেখ কৰা ধৰণে ৰাইজক সম্পূৰ্ণভাৱে হস্তান্তৰ কৰাৰ পূৰ্বে আঁচনিসমূহৰ পুনৰীক্ষণ কৰাৰ বাবে এই সময়ছোৱা অতিকৈ গুৰুত্বপূৰ্ণ বুলি বিবেচিত কৰা হৈছে, যাতে এই আঁচনিসমূহৰ লগত জড়িত সমূহ অংশীদাৰেই উচ্চ মানদণ্ডৰ দীৰ্ঘম্যাদী আন্তঃগাঁথনিৰ দ্বাৰা উপকৃত হ’ব পাৰে।


















Leave a Comment
Your email address will not be published. Required fields are marked with *