728 x 90
Like Us On Facebook
Facebook Pagelike Widget
728 x 90

ঋণ ল’বলৈ যোগ্যতা লাগে আৰু সেই যোগ্যতা আছে কাৰণে আমাৰ চৰকাৰে ঋণ লৈছেঃ মন্ত্ৰী জয়ন্ত মল্লবৰুৱা

ঋণ ল’বলৈ যোগ্যতা লাগে আৰু সেই যোগ্যতা আছে কাৰণে আমাৰ চৰকাৰে ঋণ লৈছেঃ মন্ত্ৰী জয়ন্ত মল্লবৰুৱা

‘এখন ৰাজ্যই মুঠ ৰাজ্যিক ঘৰুৱা উৎপাদনৰ ৩২ শতাংশলৈকে ঋণ ল’ব পাৰে’‘কিন্তু অসমৰ ঋণৰ পৰিমাণ মুঠ জিএছডিপিৰ ২৪ শতাংশৰ ভিতৰতে আছে’‘এফআৰবিএম (FRBM) আইন অনুসৰি অসম চৰকাৰে ঋণ লৈছে’ প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাই ৰাজ্য চৰকাৰ গভীৰ বিত্তীয় বিশৃংখলতাত ভাৰাক্ৰান্ত বুলি কৰা মন্তব্য সন্দৰ্ভত আজি তীব্ৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰে মন্ত্ৰী জয়ন্ত মল্লবৰুৱাই। সামাজিক মাধ্যমযোগে নিজৰ প্ৰতিক্ৰিয়া ব্যক্তি

‘এখন ৰাজ্যই মুঠ ৰাজ্যিক ঘৰুৱা উৎপাদনৰ ৩২ শতাংশলৈকে ঋণ ল’ব পাৰে’
‘কিন্তু অসমৰ ঋণৰ পৰিমাণ মুঠ জিএছডিপিৰ ২৪ শতাংশৰ ভিতৰতে আছে’
‘এফআৰবিএম (FRBM) আইন অনুসৰি অসম চৰকাৰে ঋণ লৈছে’

প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাই ৰাজ্য চৰকাৰ গভীৰ বিত্তীয় বিশৃংখলতাত ভাৰাক্ৰান্ত বুলি কৰা মন্তব্য সন্দৰ্ভত আজি তীব্ৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰে মন্ত্ৰী জয়ন্ত মল্লবৰুৱাই। সামাজিক মাধ্যমযোগে নিজৰ প্ৰতিক্ৰিয়া ব্যক্তি কৰি মন্ত্ৰীগৰাকীয়ে ৰাজ্য এখনৰ অৰ্থনীতি সম্পৰ্কীয় জ্ঞান নাথাকিলে তেনেকৈ কোৱাটো স্বাভাৱিক বুলি উল্লেখ কৰে। ভূপেন বৰাক কটাক্ষ কৰি মন্ত্ৰীগৰাকীয়ে কয় যে বিৰোধীত থাকিলে মুখত যি আহে তাকে কব পাৰি, যিহেতু ৰাজ্যৰ জনসাধাৰণৰ প্ৰতি তেওঁলোকৰ কোনো দায়বদ্ধতা নাথাকে। অসমৰ অৰ্থনৈতিক উন্নয়ন এতিয়া কংগ্ৰেছে ভবাতকৈ বহুত আগুৱাই গৈছে বুলি মন্ত্ৰীগৰাকীয়ে প্ৰকাশ কৰে। তেওঁ কয় যে দীৰ্ঘদিন কংগ্ৰেছে শাসন কৰি স্থবিৰ কৰি পেলোৱা অসমৰ অৰ্থনীতিক পুনৰ প্ৰাণ দিবলৈ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই বহুত কষ্ট কৰিবলগীয়া হৈছে। প্ৰদেশ কংগ্ৰেছৰ সভাপতিজনৰ জ্ঞাতাৰ্থে মন্ত্ৰীগৰাকীয়ে কেইটামান তথ্যও দাঙি ধৰে।
আজি ২০২৪-২৫ বৰ্ষত বিজেপিৰ শাসনত অসমৰ মুঠ ৰাজ্যিক ঘৰুৱা উৎপাদন (GSDP) ৬,৪৩,০৮৯ কোটি লক্ষ্য নিৰ্ধাৰণ কৰা হৈছে বুলি মন্ত্ৰীগৰাকীয়ে তথ্য দাঙি ধৰি ইয়াৰ পৰিমাণ ২০২৩-২৪ বৰ্ষতকৈ ১৩ শতাংশ অধিক বুলি উল্লেখ কৰে৷ আনহাতে, কংগ্ৰেছ শাসনত অৰ্থাৎ ২০১৫-১৬ বিত্তীয় বৰ্ষত অসমৰ জিএছডিপি আছিল ২,২৭,৯৩৯ কোটি টকা। তেনেকৈ কংগ্ৰেছ শাসনত ২০১৫-১৬ বৰ্ষত অসমৰ মানুহৰ জনমূৰি আয় আছিল ৪৮,৪৬৫ টকা। একেটা বৰ্ষত দেশৰ মানুহৰ জনমূৰি আয় আছিল ৭২,৮০৫ টকা৷ ইয়াৰ বিপৰীতে বিজেপিৰ শাসনত ২০২৪ বৰ্ষত অসমৰ মানুহৰ জনমূৰি আয় ১,৮২,৬০০ টকালৈ বৃদ্ধি হয় আৰু একেটা বৰ্ষতে দেশৰ জনসাধাৰণৰ জনমূৰি আয়ৰ পৰিমাণ ১,৮৪,০০০ টকা। প্ৰায় ওচৰাওচৰি। এই ব্যৱধান মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মা চৰকাৰে কমাই আনিবলৈ সক্ষম হৈছে বুলি মন্ত্ৰীগৰাকীয়ে উল্লেখ কৰে।
মন্ত্ৰীগৰাকীয়ে কয় যে কংগ্ৰেছৰ দৰে যি মন যায় তাকে আমি বলকি থকা নাই৷ যি কেগৰ প্ৰতিবেদনৰ উদ্ধৃতি দি বৰা ডাঙৰীয়াই বাৰে বাৰে ভুল ব্যাখা কৰে, সেই প্ৰতিবেদনতে এই বিষয়ে উল্লেখ আছে বুলি মন্ত্ৰীগৰাকীয়ে উল্লেখ কৰে।


চৰকাৰে ঋণ লোৱা সন্দৰ্ভতো মন্ত্ৰীগৰাকীয়ে প্ৰতিক্ৰিয়া ব্যক্ত কৰি কয় যে হয়, ভূপেন বৰাই কোৱা মতে আমাৰ চৰকাৰে ঋণ লৈছে৷ আমি ঋণ লৈছো অসমক দেশৰ ভিতৰতে এখন আগশাৰীৰ ৰাজ্য হিচাপে প্ৰতিষ্ঠিত কৰিবলৈ। ঋণ ল’বলৈ যোগ্যতা লাগে আৰু সেই যোগ্যতা আছে কাৰণে আমাৰ চৰকাৰে ঋণ লৈছে। এই ঋণ এফআৰবিএম (FRBM) আইন অনুসৰি লোৱা হৈছে। এই আইন অনুসৰি আমি আমাৰ ৰাজ্যৰ মুঠ ৰাজ্যিক ঘৰুৱা উৎপাদনৰ ৩২ শতাংশলৈকে ঋণ লব পাৰোঁ। কিন্তু আমাৰ ঋণৰ পৰিমাণ মুঠ জিএছডিপিৰ ২৪ শতাংশৰ ভিতৰতে আছে। মন্ত্ৰীগৰাকীয়ে ভূপেন বৰাৰ জ্ঞাতাৰ্থে আৰু এটা কথা জনায় যে ঋণ সাধাৰণতে আন্তঃগাঁথনিৰ উন্নয়ন অথবা মূলধনী ব্যয়ৰ বাবেহে লোৱা হয়।
অসমত বিজেপিয়ে চৰকাৰ কৰাৰ আগলৈকেও ঋণ আছিল বুলি মন্ত্ৰীগৰাকীয়ে উল্লেখ কৰে। ২০১৬ চনলৈকে অসমৰ ঋণৰ পৰিমাণ আছিল প্ৰায় ৪২ হেজাৰ কোটি টকা৷ তেতিয়া কংগ্ৰেছৰ চৰকাৰ আছিল। সেই ঋণ কিয় লৈছিল প্ৰদেশ কংগ্ৰেছৰ সভাপতিজনে জনাব নেকি বুলি মন্ত্ৰীগৰাকীয়ে প্ৰশ্ন কৰে।
আনহাতে, দেশৰ সকলো উন্নত ৰাজ্যই অৰ্থনৈতিক উন্নয়নৰ বাবে ঋণ লয় বুলি উল্লেখ কৰি মন্ত্ৰীগৰাকীয়ে ভূপেন বৰাই এবাৰ কংগ্ৰেছ সমন্বিতে বিৰোধী শাসিত ৰাজ্য কেইখনৰ ঋণৰ পৰিমাণটোও চোৱা দৰকাৰ৷ তেতিয়া অন্ততঃ ঋণ কিয় লয় তেখেতৰ ধাৰণা স্পষ্ট হ’ব বুলি কয়।
মন্ত্ৰীগৰাকীয়ে কংগ্ৰেছ শাসিত তেলেংগানাৰ উদাহৰণ দাঙি ধৰি ঋণৰ পৰিমাণ ৰাজ্যখনৰ মুঠ জিএছডিপিৰ ২৭ শতাংশ হোৱা বুলি উল্লেখ কৰে৷ তেলেংগানাৰ ঋণৰ পৰিমাণ আজিৰ তাৰিখত ৪ লাখ ৫০ হেজাৰ কোটিতকৈ অধিক বুলি মন্ত্ৰীগৰাকীয়ে কয়।
মন্ত্ৰীগৰাকীয়ে সামাজিক মাধ্যমত নিজৰ প্ৰতিক্ৰিয়া ব্যক্ত কৰি প্ৰকাশ কৰা নাতিদীৰ্ঘ লেখাটিত কয় যে আমাৰ চৰকাৰে সাধাৰণ মানুহৰ ক্ৰয় ক্ষমতা বৃদ্ধিৰ হকে লোৱা পদক্ষেপসমূহক উপলুঙা কৰি হিতাধিকাৰী সৃষ্টি কৰা বুলি আমাক কটাক্ষ কৰে। অথচ বিভিন্ন ৰাজ্যৰ নিৰ্বাচনত কংগ্ৰেছে সাধাৰণ ভোটাৰক আকৰ্ষিত কৰিবলৈ হিতাধিকাৰী সৃষ্টিৰ প্ৰলোভন দি নিজৰ দুমুখীয়া চৰিত্ৰ উদঙাই দেখুৱাইছে। অসমতো আমাৰ চৰকাৰে সাধাৰণ মহিলাৰ আৰ্থিক প্ৰগতিৰ বাবে দিয়া অৰুণোদয়, নিবনুৱা যুৱক-যুৱতীক দিয়া মুখ্যমন্ত্ৰীৰ আত্মনিৰ্ভৰ অসম আৰু ছাত্ৰীসকলক সামৰি লোৱা নিযুত মইনা আঁচনিক কংগ্ৰেছে উপলুঙা কৰে ঠিকেই আকৌ কংগ্ৰেছ ক্ষমতাত আহিলে প্ৰতিগৰাকী মহিলাক তিনি হেজাৰকৈ দিব বুলিও ভুৱা প্ৰতিশ্ৰুতি দিয়ে। এয়াই দুতলীয়া কংগ্ৰেছ বুলি কংগ্ৰেছ দলক তীব্ৰ সমালোচনা কৰে৷

Posts Carousel

Leave a Comment

Your email address will not be published. Required fields are marked with *

Latest Posts

Top Authors

Most Commented

Featured Videos

error: Content is protected !!