জাগীৰোড সমজিলা আনুষ্ঠানিকভাৱে মুকলি মন্ত্ৰী পীযুষ হাজৰীকাৰজাগীৰোডক সমজিলাৰ মান্যতা প্ৰদান কৰাৰ বাবে মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাক ধন্যবাদ মন্ত্ৰীগৰাকীৰ আজি জাগীৰোডৰ কাৰণে এটা ভাল খবৰ। অকল জাগীৰোডৰ কাৰণেই নহয়, সমগ্ৰ অসমৰ কাৰণে এটা ভাল খবৰ। এতিয়ালৈ অসমত সৰ্বমুঠ ৩৯ খন সমজিলা গঠন কৰা হ’ল। এই ভাল কামটো কৰিলে অসমৰ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই। –
জাগীৰোড সমজিলা আনুষ্ঠানিকভাৱে মুকলি মন্ত্ৰী পীযুষ হাজৰীকাৰ
জাগীৰোডক সমজিলাৰ মান্যতা প্ৰদান কৰাৰ বাবে মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাক ধন্যবাদ মন্ত্ৰীগৰাকীৰ
আজি জাগীৰোডৰ কাৰণে এটা ভাল খবৰ। অকল জাগীৰোডৰ কাৰণেই নহয়, সমগ্ৰ অসমৰ কাৰণে এটা ভাল খবৰ। এতিয়ালৈ অসমত সৰ্বমুঠ ৩৯ খন সমজিলা গঠন কৰা হ’ল। এই ভাল কামটো কৰিলে অসমৰ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই। – এই মন্তব্য অসম চৰকাৰৰ জলসম্পদ, সংসদীয় পৰিক্ৰমা, তথ্য আৰু জনসংযোগ আদি বিভাগৰ মন্ত্ৰী পীযুষ হাজৰীকাৰ। আজি জাগীৰোড সমজিলা আনুষ্ঠানিকভাৱে মুকলি কৰি ৰাইজক উদ্দেশ্যি দিয়া ভাষণত মন্ত্ৰীগৰাকীয়ে এইদৰে মন্তব্য কৰে। জাগীৰোডক সমজিলাৰ মান্যতা প্ৰদান কৰাৰ বাবে মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাক মন্ত্ৰীগৰাকীয়ে ধন্যবাদ জ্ঞাপন কৰে। ৰাইজক উদ্দেশ্যি দিয়া ভাষণত মন্ত্ৰীগৰাকীয়ে কয় যে মৰিগাঁৱৰ পৰা জাগীৰোডৰ দূৰত্ব বৰ বেছি নহয়, মাত্ৰ ১৫ কিলোমিটাৰ। সেয়ে আমাৰ সমষ্টিত বহুত সমস্যা হোৱা নাছিল। তথাপি মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই ভাবিলে যে আমাৰ চৰকাৰী ব্যৱস্থাটোক আৰু মানুহৰ ওচৰলৈ লৈ যাব লাগে, মানুহক সুবিধা কৰি দিব লাগে, মানুহক সহায় কৰিব লাগে, সেই কাৰণে এনেকৈ একোখন একোখন সমজিলা গঠন কৰিব লাগে। এতিয়ালৈকে ৩৯ খন সমজিলা গঠন কৰা হ’ল, পৰৱৰ্তী সময়ত জিলা হেড কোৱাৰ্টাক বাদ দি সকলোতে সমজিলা গঠন কৰা হ’ব আৰু শাসন ব্যৱস্থাটোক বা চৰকাৰী ব্যৱস্থাটোক মানুহৰ ওচৰলৈকে লৈ যাবলৈ যি প্ৰয়াস চলোৱা হৈছে, তাক বাস্তৱত ৰূপায়িত কৰা হ’ব।
মন্ত্ৰীগৰাকীয়ে ভাষণত সমজিলাৰ এই কাৰ্যালয়টো জাগীৰোডৰ পৰিৱৰ্তে কিয় জাগীভকতগাঁৱত কৰা হ’ল সেই বিষয়েও ব্যাখ্যা দাঙি ধৰে। মন্ত্ৰীগৰাকীয়ে কয় যে আমি সিদ্ধান্ত লৈছিলো যে এই সমজিলাখন জাগীভকতগাঁৱত হ’ব লাগে আৰু ইয়াক অস্থায়ীকৈ কৰাৰ কথা ভবা হৈছিল। কিন্তু পৰৱৰ্তী সময়ত আমি ভাবিবলৈ বাধ্য হ’লো যে এই সমজিলাখনৰ এই কাৰ্যালয়টো জাগীভকতগাঁৱতে স্থায়ীভাৱে কৰাটো উচিত হ’ব। কিয়নো এই অঞ্চলটো হ’ল মধ্যস্থল।

মন্ত্ৰীগৰাকীয়ে ৰাইজৰ সুবিধাৰ বাবে ৰাজ্যৰ ডি চি অফিচসমূহ ইণ্টিগ্ৰেটেড ডি চি অফিচ কৰাৰ কথাও উল্লেখ কৰে। মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই ইতিমধ্যে কেবাখনো জিলাত এই কাম আৰম্ভ কৰাৰ কথা মন্ত্ৰীগৰাকীয়ে জানিবলৈ দি কয় যে জাগীৰোডত ইণ্টিগ্ৰেড ডি চি অফিচ নকৰাকৈ সেই কাম হৈ গ’ল বুলি উল্লেখ কৰে। কিয়নো এতিয়া মুকলি কৰা সমজিলাৰ লগতে এই অঞ্চলটোতে আছে কেবাটাও চৰকাৰী কাৰ্যালয়। চৰকাৰী কাৰ্যালয়সমূহ একেটা অঞ্চলতে থাকিলে কাম-কাজৰ ক্ষেত্ৰত ৰাইজৰ সুবিধা হোৱাৰ লগতে কষ্টও লাঘৱ হয় বুলি তেওঁ মন্তব্য কৰে।
চাৰে তিনিবছৰত বিজেপি চৰকাৰে কি কি কৰিছে সেই বিষয়েও মন্ত্ৰীগৰাকীয়ে ৰাইজক উদ্দেশ্যি দিয়া ভাষণত উল্লেখ কৰে। তেওঁ কয় যে আমি চাৰে তিনি বছৰত ১ লাখ ৪০ হাজাৰতকৈ অধিক ল’ৰা-ছোৱালীক চাকৰি দিছো। ইয়াত মোৰ ঘৰৰ কোনো অঙহী-বঙহীয়ে চাকৰি পোৱা নাই, কোনো বিধায়ক, মন্ত্ৰীৰ অঙহী-বঙহীয়ে চাকৰি পোৱা নাই। আগতে যেতিয়া কংগ্ৰেছৰ চৰকাৰ আছিল, তেতিয়া চাকৰি পাইছিল মন্ত্ৰী-বিধায়ক বা কংগ্ৰেছী নেতাৰ অঙহী-বঙহীয়ে আৰু যিয়ে টকা দিব পাৰিছিল তেওঁলোকেহে চাকৰি পাইছিল। এতিয়া দুৰ্নীতি নাইকিয়া হ’ল, গাঁৱৰ ল’ৰাই টকা নিদিয়াকৈ ACS-APSCৰ চাকৰি পোৱা হ’ল। এই কাম আজি বিজেপি চৰকাৰে কৰিছে। কংগ্ৰেছৰ চৰকাৰৰ দিনত দুৰ্নীতিৰে চাকৰি দিয়া আৰু চাকৰি লোৱাসকলক আমি জে’লত ভৰাই আজি এনেকুৱা পৰিৱেশ কৰিলো যে অসমত টকা লৈ আৰু কোনেও চাকৰি দিব নোৱাৰিব বুলি মন্ত্ৰীগৰাকীয়ে ভাষণত দৃঢ়তাৰে উল্লেখ কৰে।
মন্ত্ৰীগৰাকীয়ে ভাষণত মুখ্যমন্ত্ৰীৰ আত্মনিৰ্ভৰ অসম আঁচনিৰ বিষয়ে ব্যাখ্যা দাঙি ধৰি ১ লাখ যুৱক-যুৱতীক ২ লাখৰ পৰা ৫ লাখ টকাকৈ দিয়াৰ কথা উল্লেখ কৰে। এই আঁচনিৰ অধীনত ইতিমধ্যে ২৫,৫০০ ল’ৰা-ছোৱালীক ২ ৰ পৰা ৫ লাখ টকাৰ অগ্ৰিম ধন তথা প্ৰথম কিস্তিৰ ধন ৭৫ হাজাৰকৈ টকা মোকলাই দিয়া হয় বুলি মন্ত্ৰীগৰাকীয়ে জানিবলৈ দিয়ে। জাগীৰোডৰ ৩০৭ গৰাকী যুৱক-যুৱতীয়ে এই আঁচনিৰ সুবিধা পাইছে বুলি তেওঁ কয়। আকৌ ৭৫ হাজাৰ ল’ৰা-ছোৱালীয়ে এই আঁচনিৰ সুবিধা পাব বুলি তেওঁ ভাষণত উল্লেখ কৰে। তেওঁ কয় যে এইবাৰ আমি আৰু সহায় কৰিবলৈ যত্ন কৰিম।
মন্ত্ৰীগৰাকীয়ে কয় যে মৰিগাঁৱৰ পৰা কোনো বস্তু কাঢ়ি লোৱাৰ মোৰ কোনো অভিপ্ৰায় নাই। প্ৰসংগক্ৰমে তেওঁ মৰিগাঁৱৰ মেডিকেল কলেজৰ কথা উল্লেখ কৰে। তেওঁ কয় যে যেতিয়া আমি মেডিকেল কলেজৰ বাবে জেগা চাই আছিলো, তেতিয়া মুখ্যমন্ত্ৰীয়ে জাগীৰোড পেপাৰ মিলত মেডিকেল কলেজখন স্থাপন কৰাৰ কথা কৈছিল। কিন্তু তেতিয়া মই মুখ্যমন্ত্ৰী ডাঙৰীয়াক স্বাধীনতা দিৱসত তেওঁ মৰিগাঁওবাসীক দিয়া প্ৰতিশ্ৰুতিৰ কথা মনত পেলাই দি কৈছিলো যে আপুনি মেডিকেল কলেজ মৰিগাঁৱতহে দিয়াৰ কথা কৈছিল। আপুনি যিহেতু কৈছিল মেডিকেল কলেজ মৰিগাঁৱত কৰিম, গতিকে মেডিকেল কলেজখন মৰিগাঁৱতহে কৰিম, জাগীৰোডত নকৰো, এয়া হৈছে মৰিগাঁৱৰ ৰাইজৰ প্ৰতি মোৰ সন্মান আৰু শ্ৰদ্ধা।
মন্ত্ৰীগৰাকীয়ে পুনৰ কয় যে আজি অকল মই জাগীৰোডৰ বানপানী নাইকিয়া কৰা নাই। লাহৰীঘাটৰো বানপানী নাইকিয়া কৰিছো, যদিও তেওঁলোকে আমাক বেয়া পায়, কিন্তু তেওঁলোকৰো বানপানী নাইকিয়া কৰিছো। সমগ্ৰ মৰিগাঁও জিলাৰ বানপানী নাইকিয়া কৰিছো। জিলাখনৰ কাৰণে আৰু কাম কৰিম, আপোনালোকক প্ৰতিশ্ৰুতি দিছো বুলি মন্ত্ৰীগৰাকীয়ে মন্তব্য কৰে।
ৰাইজক উলদ্দেশ্যি দিয়া ভাষণত এইকেদিনতে অসমৰ ৩৭ লাখ পৰিয়ালক মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই অৰুণোদয় দিয়াৰ ব্যৱস্থা কৰিব বুলি কয়। তেওঁ কয় যে আমি ১৯,৫০,০০০ৰে অৰুণোদয় আৰম্ভ কৰিছিলো। পাছত আমি ২৭ লাখক অৰুণোদয় দিলো আৰু এইবাৰ আমি ৩৭ লাখক অৰুণোদয় দিম বুলি কয়। আনহাতে, মৰিগাঁও জিলাখনৰ উন্নয়নৰ বাবে কি কি উল্লেখনীয় কাম কৰা হৈছে, সেই বিষয়েও ভাষণত উল্লেখ কৰে মন্ত্ৰীগৰাকীয়ে। মন্ত্ৰীগৰাকীয়ে জিলাখনৰ যুৱক-যুৱতীসকলক বিশেষকৈ মাকৈৰ খেতি কৰিবলৈ আহ্বান জনায়। কিয়নো মাকৈ আৰু ব্ৰকেন ৰাইছৰ পৰা ইথানল বনোৱা হয়। তেওঁ কয় যে যিখিনি তেল আমি খৰচ কৰো, সেয়া আমাৰ বাবে পৰ্যাপ্ত নহয়। আনকি অসমৰ তেল শোধনাগাৰকেইটাইও বাহিৰৰ পৰা তেল অসমলৈ আনিব লাগে। প্ৰতিবছৰে আমি প্ৰায় ৮ লাখ কোটি টকাৰ তেল বিদেশৰ পৰা আনিব লাগে। এই ইথানল যদি পেট্ৰ’লত মিহলি কৰা হয়, তেন্তে ভাৰতবৰ্ষৰ প্ৰায় ৮০ হাজাৰ কোটি টকা ৰাহি হ’ব বুলি মন্ত্ৰীগৰাকীয়ে ভাষণত উল্লেখ কৰে। সভাত মন্ত্ৰীগৰাকীয়ে ৰাজ্যৰ সৰ্বাংগীণ উন্নয়নৰ বাবে গ্ৰহণ কৰা আঁচনি, সুবিধাসমূহৰ বিষয়ে উল্লেখ কৰাৰ লগতে আগন্তুক দিনতো সকলোৰে হিতৰ বাবে নিষ্ঠা আৰু একাগ্ৰতাৰে কাম কৰি যাব বুলি ৰাইজক প্ৰতিশ্ৰুতি দিয়ে।
সভাত বিধায়ক ৰমাকান্ত দেউৰী, তিৱা স্বায়ত্তশাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য জীৱন চন্দ্ৰ কোঁৱৰ, জিলা আয়ুক্ত দেৱশীষ শৰ্মা, আৰক্ষী অধীক্ষক হেমন্ত কুমাৰ দাস, সমজিলাৰ আয়ুক্ত বিমান দাস, সমাজসেৱক ক্ৰমে প্ৰবীণ মেধি, মল্লিকা বৰদলৈ আৰু চন্দন দাসৰ লগতে জিলা প্ৰশাসনৰ বিষয়ববীয়া, বহুকেইগৰাকী বিশিষ্ট ব্যক্তি উপস্থিত থাকে।


















Leave a Comment
Your email address will not be published. Required fields are marked with *