728 x 90
Like Us On Facebook
Facebook Pagelike Widget
728 x 90

আমি সকলোৱে চাফাই কৰ্মী, এই মানসিকতাৰে আমি ভাৰতবৰ্ষখন পৰিষ্কাৰ কৰিব লাগিবঃ মন্ত্ৰী জয়ন্ত মল্লবৰুৱা

আমি সকলোৱে চাফাই কৰ্মী, এই মানসিকতাৰে আমি ভাৰতবৰ্ষখন পৰিষ্কাৰ কৰিব লাগিবঃ মন্ত্ৰী জয়ন্ত মল্লবৰুৱা

‘স্বচ্ছ ভাৰত মিছন আৰম্ভ কৰাৰ পিছত অসমত আমি ৪৬ লাখ শৌচাগাৰ নিৰ্মাণ কৰিছো’কাজিৰঙাৰ কঁহৰাত স্বচ্ছ ভাৰত অভিযানৰ কাৰ্যসূচীত মন্ত্ৰী জয়ন্ত মল্লবৰুৱা কাজিৰঙাৰ কঁহৰাত আজি ‘স্বচ্ছতাই সেৱা ২০২৪’-ৰ সামৰণি অনুষ্ঠানৰ লগতে ‘স্বচ্ছ ভাৰত দিৱস’ৰ কাৰ্যসূচীৰ আয়োজন কৰা হয়। এই অনুষ্ঠান অংশগ্ৰহণ কৰে অসম চৰকাৰৰ জনস্বাস্থ্য, অভিযান্ত্ৰিক, দক্ষতা বিকাশ, নিয়োগ আৰু উদ্যোগীকৰণ আৰু পৰ্যটন দপ্তৰৰ মন্ত্ৰী জয়ন্ত

‘স্বচ্ছ ভাৰত মিছন আৰম্ভ কৰাৰ পিছত অসমত আমি ৪৬ লাখ শৌচাগাৰ নিৰ্মাণ কৰিছো’
কাজিৰঙাৰ কঁহৰাত স্বচ্ছ ভাৰত অভিযানৰ কাৰ্যসূচীত মন্ত্ৰী জয়ন্ত মল্লবৰুৱা

কাজিৰঙাৰ কঁহৰাত আজি ‘স্বচ্ছতাই সেৱা ২০২৪’-ৰ সামৰণি অনুষ্ঠানৰ লগতে ‘স্বচ্ছ ভাৰত দিৱস’ৰ কাৰ্যসূচীৰ আয়োজন কৰা হয়। এই অনুষ্ঠান অংশগ্ৰহণ কৰে অসম চৰকাৰৰ জনস্বাস্থ্য, অভিযান্ত্ৰিক, দক্ষতা বিকাশ, নিয়োগ আৰু উদ্যোগীকৰণ আৰু পৰ্যটন দপ্তৰৰ মন্ত্ৰী জয়ন্ত মল্লবৰুৱা। অনুষ্ঠানত অংশগ্ৰহণ কৰি মন্ত্ৰীগৰাকীয়ে ভাষণত কয় যে আজি এটা পৱিত্ৰ দিন। ভাৰতবাসীৰ কাৰণে এটা স্মৰণীয় দিন। আজি জাতিৰ পিতা মহামানৱ মহাত্মা গান্ধীৰ জন্মদিন। আজি সকলোৰে শ্ৰদ্ধাৰ লালবাহাদুৰ শাস্ত্ৰীৰো জন্মদিন। এই পৱিত্ৰ দিনটোত সমগ্ৰ ভাৰতবৰ্ষতে স্বচ্ছ ভাৰত দিৱস হিচাপে আমি পালন কৰিছো। যোৱা মাহৰ ১৭ ছেপ্টেম্বৰৰ পৰা পষেকজোৰা কাৰ্যসূচীৰে সেৱা সপ্তাহৰ শুভাৰণি কৰাৰ পিছত স্বচ্ছতাই সেৱা শীৰ্ষক শ্ল’গানেৰে সমগ্ৰ ভাৰতবৰ্ষতে ১৫ টা দিন স্বচ্ছতাৰ বিভিন্ন কাৰ্যসূচী কৰি আজি স্বচ্ছ ভাৰত দিৱসত আজি স্বচ্ছতাই সেৱা কাৰ্যসূচীৰ সামৰণি অনুষ্ঠান বুলি মন্ত্ৰীগৰাকীয়ে উল্লেখ কৰে। কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত অনুষ্ঠিত কৰা এই সামৰণি অনুষ্ঠানত কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ লগত জড়িত এই অঞ্চলৰ স্থানীয় ৰাইজ, এই অঞ্চলৰ ষ্টেক হোল্ডাৰ আদি সকলো ওলাই আহি আজিৰ এই স্বচ্ছ ভাৰত দিৱসত যিধৰণে নিজৰ অৰিহণা যোগাইছে বা নিজৰ উপস্থিতিৰে স্বচ্ছ ভাৰতৰ প্ৰতি তেওঁলোকৰ দায়বদ্ধতা সুন্দৰভাৱে দেখুৱাই দিছে তাৰ বাবে মন্ত্ৰীগৰাকীয়ে আটাইলৈ ধন্যবাদ জ্ঞাপন কৰে।
মহামানৱ মহাত্মা গান্ধীয়ে স্বাধীনতাৰ সময়তে স্বচ্ছতাৰ কথা কৈছিল বুলি মন্ত্ৰীগৰাকীয়ে ভাষণত উল্লেখ কৰে। তেওঁ কয় যে মহাত্মা গান্ধীৰ নেতৃত্বত ভাৰত স্বাধীন হোৱাৰ পিছত যিসকলে তেখেতৰ নামেৰে ৬০ টা বছৰ ভাৰতবৰ্ষত শাসন কৰিলে, তেখেতৰ যি মূলমন্ত্ৰ আছিল স্বচ্ছতা, সেই কথাটো যেন পাহৰি গৈছিল আৰু সেয়াই স্বাধীনতাৰ এই অমৃত কালৰ আমাৰ বিশ্লেষণ। তেওঁ পুনৰ কয় যে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ২০১৪ চনত দায়িত্ব লোৱাৰ পিছতেই মহামানৱ মহাত্মা গান্ধীৰ এটা মূল লক্ষ্য স্বচ্ছতা- আৰু এই স্বচ্ছতাকে জীৱনৰ লক্ষ্য হিচাপে ল’বৰ কাৰণে এই স্বচ্ছ ভাৰত মিছন আৰম্ভ কৰিছিল আজিৰ পৰা ১০ বছৰ আগত। স্বচ্ছ ভাৰত অভিযানে আজি ১০ টা বছৰ সম্পূৰ্ণ কৰিলে। এই ১০ টা বছৰত আমি গম নোপোৱাকৈ কিছুমান এনেকুৱা সুন্দৰ অভ্যাস আমি গঢ়ি তুলিলো, যি আজি আমাক কেতিয়াবা পুলকিত কৰে। মন্ত্ৰীগৰাকীয়ে ভাষণত কয় যে যেতিয়া মোদী ডাঙৰীয়াই ভাৰতবৰ্ষক স্বচ্ছ ৰখাৰ কথা কৈছিল, তেতিয়া বহুত মানুহে ইতিকিং কৰিছিল। কিন্তু যিসময়ত মোদী ডাঙৰীয়াই এই কথা কৈছিল, সেই সময়ত ভাৰতবৰ্ষৰ বহু মানুহৰ ঘৰত শৌচালয় নাছিল। মানুহে মুকলিত শৌচ কৰিবলৈ যাব লগা হৈছিল। ভাৰতৰ মানুহে যাতে মুকলিত শৌচ কৰিবলৈ যাব লগা নহয় তাৰ বাবে আমি শৌচাগাৰ নিৰ্মাণ কৰা আৰম্ভ কৰিলো। লাখ নহয়, কোটিৰ ঘৰত আমি শৌচাগাৰ নিৰ্মাণ কৰিলো। মন্ত্ৰীগৰাকীয়ে গৌৰৱেৰে কয় যে ২০১৪ চনত এই স্বচ্ছ ভাৰত মিছন আৰম্ভ কৰাৰ পিছত অসমত আমি ৪৬ লাখ শৌচাগাৰ নিৰ্মাণ কৰিলো। এয়া সৰু কথা নহয়। মন্ত্ৰীগৰাকীয়ে কয় যে অসমত এতিয়াও মুকলিত শৌচ কৰা মানুহ আছে। বিশেষকৈ বাগান অঞ্চলৰ কথা মন্ত্ৰীগৰাকীয়ে উল্লেখ কৰে। বাগানৰ শ্ৰমিকৰ ঘৰত ১০০ শতাংশ যাতে শৌচাগাৰ নিৰ্মাণ কৰিব পৰা তাৰ বাবে অহা বছৰৰ পৰা এক অভিযান আৰম্ভ কৰাৰ কথা মন্ত্ৰীগৰাকীয়ে উল্লেখ কৰে। এই অভিযান আজিৰে পৰা আৰম্ভ কৰা হ’ল বুলি মন্ত্ৰীগৰাকীয়ে ঘোষণা কৰে। এইক্ষেত্ৰত তেওঁ বাগান কৰ্তৃপক্ষ, শ্ৰমিক সংগঠনক সহযোগিতা আগবঢ়ালৈ আহ্বান জনায়। এইবেলি বাগান অঞ্চলত ২ লাখ শৌচাগাৰ নিৰ্মাণ কৰি শ্ৰমিকসকলৰ শৌচাগাৰৰ অভাৱ দূৰ কৰা হ’ব বুলি মন্ত্ৰীগৰাকীয়ে ভাষণত উল্লেখ কৰে। আনহাতে, বাগানৰ চালান বিলাকতো তেওঁ ম’বাইল টয়লেটৰ ব্যৱস্থা কৰি দিয়াৰ কথা ঘোষণা কৰে। মন্ত্ৰীগৰাকীয়ে কাজিৰঙাতো দুখন ম’বাইল টয়লেট অতি কম সময়ৰ ভিতৰত দিয়াৰ কথা ঘোষণা কৰে। স্বচ্ছতাৰ দিশটোৰ প্ৰতি গুৰুত্ব আৰোপ কৰি কাজিৰঙাৰ জাৱৰ-জোঁথৰ পেলোৱা একাংশ ঠাইক কেনেদৰে ছেলফি পইণ্টলৈকে পৰ্যবেসিত কৰিব পাৰি সেই সন্দৰ্ভতো চিন্তা-চৰ্চা কৰি থকাৰ কথা মন্ত্ৰীগৰাকীয়ে ভাষণত উল্লেখ কৰে। প্ৰধামন্ত্ৰী নৰেন্দ্ৰে মোদীয়ে আৰম্ভ কৰা এই স্বচ্ছ ভাৰত মিছনৰ পৰা ভাবিব নোৱাৰকৈ আমাৰ মানসিকতাৰ পৰিৱৰ্তন হৈছে বুলি মন্ত্ৰীগৰাকীয়ে মন্তব্য কৰে। পৰিৱেশ চাফা কৰা কাম অকল চাফাই কৰ্মীসকলৰে নহয়, পৰিৱেশ চাফ-চিকুণ কৰাৰ দায়িত্ব সকলোৰে। তেওঁ কয় কয় যে আমি সকলোৱে চাফাই কৰ্মী, এই মানসিকতাৰে আমি ভাৰতবৰ্ষখন পৰিষ্কাৰ কৰিব লাগিব।


কাজিৰঙা হৈছে অসম পৰ্যটনৰ শিৰৰ মুকুট। সেয়ে কাজিৰঙাত স্বচ্ছতাৰ এই বিশেষ অনুষ্ঠান আয়োজন কৰা হৈছে যাতে দেশী-বিদেশী পর্যটকে সদায় অসমৰ এটি নিকা আৰু স্বচ্ছ ছবি প্রত্যক্ষ কৰে। এই উদ্দেশ্যেৰে SBM-G -ৰ অন্তর্গত যোৱা ১০ টা বছৰৰ সাফল্য উদযাপন কৰাৰ লগতে বনাঞ্চলিক খণ্ডত প্লাষ্টিক বটল আদি সংগ্ৰহৰ স্থান স্থাপন কৰা, কাজিৰঙাৰ হোটেল-ৰিজৰ্ট আদি আতিথ্য সুবিধাসমূহলৈ স্বচ্ছতা সেউজ পত্র মাপকাঠিৰ প্ৰমাণপত্ৰৰ ব্যৱস্থা আদি কৰা হৈছে বুলি মন্ত্ৰীগৰাকীয়ে উল্লেখ কৰে। ইতিমধ্যে চাহ বাগিচা অঞ্চলত ১০০ শতাংশ শৌচাগাৰ কভাৰেজ প্রচেষ্টাৰ অংশ হিচাপে ডিফলু টি ইষ্টেটে চাহ বাগিচাৰ শ্ৰমিকসকলৰ বাবে ১৫৫ টা IHHL নিৰ্মাণ আৰম্ভ কৰাৰ খবৰে তেওঁক আনন্দিত কৰিছে বুলি মন্ত্ৰীগৰাকীয়ে প্ৰকাশ কৰে।
উল্লেখ্য যে আজি মন্ত্ৰীগৰাকীয়ে ভাৰ্ছুৱেলভাৱে ৰাজ্যখনৰ কেইবাঠাইতো স্থাপন কৰা ‘গোবৰ্ধন আঁচনি’ৰ অন্তর্গত জৈৱ গেছ প্ৰকল্প আৰু ‘প্লাষ্টিক আৱৰ্জনা ব্যৱস্থাপনা ইউনিট’ উদ্বোধন কৰে।

Posts Carousel

Leave a Comment

Your email address will not be published. Required fields are marked with *

Latest Posts

Top Authors

Most Commented

Featured Videos

error: Content is protected !!