728 x 90
Like Us On Facebook
Facebook Pagelike Widget
728 x 90

অসমে ছেমিকণ্ডাক্টৰ প্ৰকল্প পোৱা বাবে মল্লিকাৰ্জুনৰ পুত্ৰ প্ৰিয়ংক খাৰ্গেৰ গা জ্বলিছেঃ মন্ত্ৰী হাজৰীকা

অসমে ছেমিকণ্ডাক্টৰ প্ৰকল্প পোৱা বাবে মল্লিকাৰ্জুনৰ পুত্ৰ প্ৰিয়ংক খাৰ্গেৰ গা জ্বলিছেঃ মন্ত্ৰী হাজৰীকা

‘কংগ্ৰেছ দল যে অসম বিৰোধী, উত্তৰ-পূৰ্বাঞ্চল বিৰোধী তেওঁলোকৰ মানসিকতাই উদঙাই দিছে’মল্লিকাৰ্জুন খাৰ্গে, প্ৰিয়ংক খাৰ্গেক অসমবাসীক ক্ষমা খুজিবলৈ আহ্বান মন্ত্ৰী পীযুষ হাজৰীকাৰ কংগ্ৰেছৰ জ্যেষ্ঠ নেতা মল্লিকাৰ্জুন খাৰ্গে, তেওঁৰ পুত্ৰ প্ৰিয়ংক খাৰ্গেৰ বিৰুদ্ধে আজি পুনৰ সৰৱ হৈ পৰে মন্ত্ৰী পীযুষ হাজৰীকা। আজি সাংবাদিকৰ আগত কংগ্ৰেছ নেতাৰ অসম বিৰোধী মানসিকতাক চোকা সমালোচনা কৰি মন্ত্ৰীগৰাকীয়ে কয় যে মল্লিকাৰ্জুন খাৰ্গেই

‘কংগ্ৰেছ দল যে অসম বিৰোধী, উত্তৰ-পূৰ্বাঞ্চল বিৰোধী তেওঁলোকৰ মানসিকতাই উদঙাই দিছে’
মল্লিকাৰ্জুন খাৰ্গে, প্ৰিয়ংক খাৰ্গেক অসমবাসীক ক্ষমা খুজিবলৈ আহ্বান মন্ত্ৰী পীযুষ হাজৰীকাৰ

কংগ্ৰেছৰ জ্যেষ্ঠ নেতা মল্লিকাৰ্জুন খাৰ্গে, তেওঁৰ পুত্ৰ প্ৰিয়ংক খাৰ্গেৰ বিৰুদ্ধে আজি পুনৰ সৰৱ হৈ পৰে মন্ত্ৰী পীযুষ হাজৰীকা। আজি সাংবাদিকৰ আগত কংগ্ৰেছ নেতাৰ অসম বিৰোধী মানসিকতাক চোকা সমালোচনা কৰি মন্ত্ৰীগৰাকীয়ে কয় যে মল্লিকাৰ্জুন খাৰ্গেই ভূপেন হাজৰিকাক অপমান কৰা, তেওঁৰ পুত্ৰ তথা কৰ্ণাটকৰ মন্ত্ৰী প্ৰিয়ংক খাৰ্গেয়ে অসমক বেয়াকৈ ইতিকিং কৰা আদি কথাবিলাকে তেওঁলোকৰ মানসিকতাক বুজাইছে। তেওঁলোক যে অসম বিৰোধী, উত্তৰ-পূৰ্বাঞ্চল বিৰোধী এই কথাটো স্পষ্ট হৈছে। মন্ত্ৰীগৰাকীয়ে পুনৰ কয় যে উন্নয়ন অকল তেওঁলোককে লাগে, আমি তলত থাকিব লাগে- এই কথাবিলাকে তেওঁলোকৰ মানসিকতাক উদঙাই দিছে। মল্লিকাৰ্জুন খাৰ্গেই এজন গায়কে কিয় ভাৰত ৰত্ন পাব লাগে বুলি প্ৰশ্ন কৰিছিল বুলি মন্ত্ৰীগৰাকীয়ে উল্লেখ কৰি কয় যে ভূপেন হাজৰিকা প্ৰত্যেকজন অসমীয়াৰ হিয়াৰ আমঠু। ভূপেন হাজৰিকা অসমৰ সম্পদ। অসমে ছেমিকণ্ডাক্টৰ প্ৰকল্প পোৱা বাবে মল্লিকাৰ্জুনৰ পুত্ৰ প্ৰিয়ংক খাৰ্গেৰ গা জ্বলিল। কিয় তেওঁলোকে অসমক হিংসা কৰে, কিয় তেওঁলোকৰ গা জ্বলিল – এই কথাবোৰ মই নাজানো। মন্ত্ৰীগৰাকীয়ে তাৎক্ষণিকভাৱে এই কথা দুটাৰ বাবে মল্লিকাৰ্জুন খাৰ্গে আৰু প্ৰিয়ংক খাৰ্গেয়ে অসমবাসীক ক্ষমা খুজিবলৈ আহ্বান জনায়। আনহাতে, কংগ্ৰেছ দলেও ইয়াৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিব লাগে বুলি মন্ত্ৰীগৰাকীয়ে মন্তব্য কৰে। মন্ত্ৰী পীযুষ হাজৰীকাই কংগ্ৰেছৰ শীৰ্ষ নেতা ভূপেন বৰা, ৰকিবুল হুছেইন, গৌৰৱ গগৈ আৰু প্ৰদ্যুৎ বৰদলৈকো এইক্ষেত্ৰত নিজৰ নিজৰ স্থিতি স্পষ্ট কৰাৰ বাবে আহ্বান জনায়। অসমৰ অসমৰ ল’ৰা-ছোৱালী দক্ষ নহয়, অসমত উদ্যোগ হ’ব পৰা আন্তঃগাঁথনি নাই, অসমত অমুক নাই তমুক নাই আদি কথাৰে প্ৰিয়ংক খাৰ্গেয়ে অসমৰ জনসাধাৰণক ইতিকিং কৰা সন্দৰ্ভত কংগ্ৰেছ দলৰ অসমৰ নেতৃত্বই এতিয়া কি প্ৰতিক্ৰিয়া প্ৰকাশ কৰে তাৰ বাবে মন্ত্ৰীগৰাকীয়ে অপেক্ষা কৰি থকা বুলি প্ৰকাশ কৰে।

Posts Carousel

Leave a Comment

Your email address will not be published. Required fields are marked with *

Latest Posts

Top Authors

Most Commented

Featured Videos

error: Content is protected !!