728 x 90
Like Us On Facebook
Facebook Pagelike Widget
728 x 90

বিটিআৰত হোৱা শান্তি-সুৰক্ষাৰ ব্যৱস্থাই মানাহৰ আকৰ্ষণ যথেষ্ট বৃদ্ধি কৰিছেঃ মন্ত্ৰী জয়ন্ত মল্লবৰুৱা

বিটিআৰত হোৱা শান্তি-সুৰক্ষাৰ ব্যৱস্থাই মানাহৰ আকৰ্ষণ যথেষ্ট বৃদ্ধি কৰিছেঃ মন্ত্ৰী জয়ন্ত মল্লবৰুৱা

দৰ্শনাৰ্থীৰ বাবে মানাহ ৰাষ্ট্ৰীয় উদ্যান মুকলি মন্ত্ৰী জয়ন্ত মল্লবৰুৱাৰ আজি বিশ্ব পৰ্যটন দিৱস। এই দিৱসৰ লগত সংগতি ৰাখি ২০২৪-২৫ পৰ্যটন বৰ্ষৰ বাবে মুকলি কৰা হয় বিশ্ব ঐতিহ্য ক্ষেত্ৰ মানাহ ৰাষ্ট্ৰীয় উদ্যান। বিটিআৰৰ মুখ্য কার্যবাহী সদস্য প্ৰমোদ বড়োৰ উপস্থিতিত দৰ্শনাৰ্থীৰ বাবে মানাহ ৰাষ্ট্ৰীয় উদ্যান আজি আনুষ্ঠানিকভাৱে মুকলি কৰে অসম চৰকাৰৰ পৰ্যটন বিভাগৰ মন্ত্ৰী জয়ন্ত মল্লবৰুৱাই। দৰ্শনাৰ্থীৰ

দৰ্শনাৰ্থীৰ বাবে মানাহ ৰাষ্ট্ৰীয় উদ্যান মুকলি মন্ত্ৰী জয়ন্ত মল্লবৰুৱাৰ

আজি বিশ্ব পৰ্যটন দিৱস। এই দিৱসৰ লগত সংগতি ৰাখি ২০২৪-২৫ পৰ্যটন বৰ্ষৰ বাবে মুকলি কৰা হয় বিশ্ব ঐতিহ্য ক্ষেত্ৰ মানাহ ৰাষ্ট্ৰীয় উদ্যান। বিটিআৰৰ মুখ্য কার্যবাহী সদস্য প্ৰমোদ বড়োৰ উপস্থিতিত দৰ্শনাৰ্থীৰ বাবে মানাহ ৰাষ্ট্ৰীয় উদ্যান আজি আনুষ্ঠানিকভাৱে মুকলি কৰে অসম চৰকাৰৰ পৰ্যটন বিভাগৰ মন্ত্ৰী জয়ন্ত মল্লবৰুৱাই। দৰ্শনাৰ্থীৰ বাবে ৰাষ্ট্ৰীয় উদ্যানখন মুকলি কৰি সংবাদ মাধ্যমৰ আগত মন্ত্ৰীগৰাকীয়ে কয় যে বিগত বছৰসমূহত মানাহত যিধৰণে পৰ্যটকৰ সংখ্য বৃদ্ধি হৈছে, ই আমাৰ কাৰণে এটা অত্যন্ত শুভ লক্ষণ। বিটিআৰত হোৱা শান্তি আৰু সুৰক্ষাৰ যি ব্যৱস্থা, এই ব্যৱস্থাই মানাহৰ আকৰ্ষণ যথেষ্ট বৃদ্ধি কৰিছে। এই ৰাষ্ট্ৰীয় উদ্যানখনক লৈ মন্ত্ৰীগৰাকী যথেষ্ট আশাবাদী বুলি উল্লেখ কৰে। দুখন ৰাষ্ট্ৰৰ সীমাত থকা ৰাষ্ট্ৰীয় উদ্যানখনৰ অপৰূপ প্ৰাকৃতিক সৌন্দৰ্যৰ কথা বৰ্ণনা কৰি মন্ত্ৰীগৰাকীয়ে ৰাষ্ট্ৰীয় উদ্যানখনত যথেষ্টসংখ্যক জীৱ-জন্তু থকাৰ কথা উল্লেখ কৰে। সেয়ে ইয়ালৈ পৰ্যটক অহাৰ যথেষ্ট সম্ভাৱনা আছে বুলি তেওঁ সাংবাদিকৰ আগত প্ৰকাশ কৰে। মন্ত্ৰীগৰাকীয়ে কয় যে এই অঞ্চলটো গুৱাহাটীৰ একেবাৰে ওচৰত, বিমানবন্দৰৰ একেবাৰে ওচৰত। মই ভাবো যে এই ৰাষ্ট্ৰীয় উদ্যানখনৰ আকৰ্ষণ দিনক দিনে বৃদ্ধি হৈ গৈ আছে। বছৰে বছৰে মানাহলৈ পৰ্যটকৰ আগমন বৃদ্ধি হৈ গৈয়ে আছে। গতিকে বিগত বছৰসমূহৰ সকলো ৰেকৰ্ড ভংগ কৰি এইবাৰ ইয়াত পৰ্যটকৰ সংখ্য বৃদ্ধি হ’ব বুলি মন্ত্ৰীগৰাকীয়ে আশা ব্যক্ত কৰে।
মানাহক লৈ নতুন কিবা পৰিকল্পনা আছে নেকি বুলি বুলি সাংবাদিকে সোধা প্ৰশ্নৰ উত্তৰত মন্ত্ৰীগৰাকীয়ে কয় যে মানাহত ভাল ব্ৰেণ্ডৰ হোটেল আনিব পৰা যায় নেকি সেই বিষয়ে চিন্তা-চৰ্চা কৰি থকা হৈছে। কাৰণ এটা উচ্চ পৰ্যায়ৰ পৰ্যটন কৰিবলৈ হ’লে ভাল ব্ৰেণ্ডৰ হোটেল লাগিব। ইয়াত যথেষ্টসংখ্যক স্থানীয় যুৱক-যুৱতীক সংস্থাপন দিয়াৰ কাৰণে কিমান বেছি ‘হোম ষ্টে’ৰ ব্যৱস্থা কৰিব পাৰো, সেই বিষয়ে চিন্তা-চৰ্চা কৰা হৈছে। তেওঁ কয় যে স্থানীয় যুৱক-যুৱতীসকলক সংস্থাপন দিয়াৰ লক্ষ্যৰে ‘হোম ষ্টে’ৰ ওপৰত আমি অধিক গুৰুত্ব দিছো। এইবাৰ মানাহত যাতে ‘হোম ষ্টে’ যথেষ্টসংখ্যক কৰিব পৰা যায় তাৰ ওপৰত লক্ষ্য ৰাখিম।
মানাহৰ ওপৰত চলি চলি থকা বেদখল সন্দৰ্ভতো মন্ত্ৰীগৰাকীয়ে নিজৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰি কয় যে বনভূমি বেদখল কৰাৰ ক্ষেত্ৰত আমাৰ চৰকাৰ যথেষ্ট কঠোৰ। বেদখলকাৰীৰ বিৰুদ্ধে চৰকাৰে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰি আহিছে। তেওঁ পুনৰ কয় যে এইক্ষেত্ৰত আমি যি ব্যৱস্থা গ্ৰহণ কৰি আছো, তাক সকলোৱে দেখি আছে আৰু আগলৈও দেখি থাকিব।
উল্লেখ্য যে মন্ত্ৰীগৰাকীয়ে আজি মানাহ ৰাষ্ট্ৰীয় উদ্যানৰ বৰঙাবাৰী, বাঁশীবাৰীত বিটিচিৰ মুখ্য কার্যবাহী সদস্য প্ৰমোদ বড়োৰ সৈতে সেউজ বড়োলেণ্ড অভিযানৰ ‘ভিলেজ এডপচন’ উপাদানৰ অধীনত এক বৃক্ষৰোপণ কার্যসূচীতো অংশগ্ৰহণ কৰে।

Posts Carousel

Leave a Comment

Your email address will not be published. Required fields are marked with *

Latest Posts

Top Authors

Most Commented

Featured Videos

error: Content is protected !!