728 x 90
Like Us On Facebook
Facebook Pagelike Widget
728 x 90

অসমৰ লগতে ভাৰতবৰ্ষৰ প্ৰত্যকখন ৰাজ্যৰ উন্নয়ন হ’লেহে এখন উন্নত ভাৰত হ’বঃ মন্ত্ৰী পীযুষ হাজৰীকা

অসমৰ লগতে ভাৰতবৰ্ষৰ প্ৰত্যকখন ৰাজ্যৰ উন্নয়ন হ’লেহে এখন উন্নত ভাৰত হ’বঃ মন্ত্ৰী পীযুষ হাজৰীকা

‘ছেমিকণ্ডাক্টৰক লৈ অসমৰ মানুহক ইতিকিং কৰা প্ৰিয়ংক খৰ্গেক লৈ সৰৱ মন্ত্ৰী পীযুষ হাজৰীকা’‘মল্লিকাৰ্জুন খৰ্গেৰ পুত্ৰ প্ৰিয়ংক খৰ্গেক অসমবাসীৰ ওচৰত বিনাচৰ্তে ক্ষমা খোজাৰ দাবী’‘ভূপেন বৰা, গৌৰৱ গগৈ, ৰকিবুল হুছেইন আৰু প্ৰদ্যুৎ বৰদলৈকো তৎকালীনভাৱে প্ৰতিক্ৰিয়া প্ৰকাশ কৰিবলৈ আহ্বান’সমজিলাৰ শুভাৰম্ভ আৰু বেদেতী ডিগ্ৰী কলেজৰ আধাৰশিলা স্থাপনক লৈ বিহালীত মন্ত্ৰী পীযুষ হাজৰীকাৰ সংবাদমেল বিহালীবাসীৰ কাৰণে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব

‘ছেমিকণ্ডাক্টৰক লৈ অসমৰ মানুহক ইতিকিং কৰা প্ৰিয়ংক খৰ্গেক লৈ সৰৱ মন্ত্ৰী পীযুষ হাজৰীকা’
‘মল্লিকাৰ্জুন খৰ্গেৰ পুত্ৰ প্ৰিয়ংক খৰ্গেক অসমবাসীৰ ওচৰত বিনাচৰ্তে ক্ষমা খোজাৰ দাবী’
‘ভূপেন বৰা, গৌৰৱ গগৈ, ৰকিবুল হুছেইন আৰু প্ৰদ্যুৎ বৰদলৈকো তৎকালীনভাৱে প্ৰতিক্ৰিয়া প্ৰকাশ কৰিবলৈ আহ্বান’
সমজিলাৰ শুভাৰম্ভ আৰু বেদেতী ডিগ্ৰী কলেজৰ আধাৰশিলা স্থাপনক লৈ বিহালীত মন্ত্ৰী পীযুষ হাজৰীকাৰ সংবাদমেল

বিহালীবাসীৰ কাৰণে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই আগবঢ়োৱা দুটা উপহাৰৰ কথা ঘোষণা কৰাৰ উদ্দেশ্যে মন্ত্ৰী পীযুষ হাজৰীকাই আজি বিহালীত এক সংবাদমেল সম্বোধন কৰে। সংবাদমেলত মন্ত্ৰীগৰাকীয়ে কয় যে এই উপহাৰ দুটাৰ ভিতৰত এটা হ’ল বিহালী সমজিলা। অহা ৪ অক্টোবৰত বিহালী সমষ্টিৰ এই সমজিলাখনৰ শুভাৰম্ভ কৰা হ’ব বৰগাঁৱত। যাৰ ফলত বিহালীৰ ৰাইজৰ অত্যন্ত সুবিধা হ’ব। মন্ত্ৰীগৰাকীয়ে কয় যে ৪ তাৰিখৰ পৰা বিহালীৰ কোনো ব্যক্তিয়ে এতিয়া চৰকাৰী কামৰ কাৰণে আৰু বিশ্বনাথলৈ যাব নালাগিব। উল্লেখ্য যে অসম চৰকাৰে ১২৬ টা সমষ্টিক পৰ্যায়ক্ৰমে একোখনকৈ সমজিলা ৰূপে ৰূপান্তৰ কৰাৰ এক ঐতিহাসিক সিদ্ধান্ত লৈছে। ইয়াৰ কেবাখনো অহা ৪ আৰু ৫ অক্টোবৰত আৰম্ভ কৰা হ’ব। ইয়াৰ ভিতৰত বিহালী সমজিলাখনৰো শুভাৰম্ভ কৰা হ’ব। সংবাদেমেলত এই শুভাৰম্ভ অনুষ্ঠানত মন্ত্ৰীগৰাকীৰ সৈতে শিক্ষা মন্ত্ৰী ডাঃ ৰণোজ পেগুও উপস্থিত থকাৰ কথা জানিবলৈ দিয়ে। মন্ত্ৰীগৰাকীয়ে সংবাদমেলত দ্বিতীয়টো উপহাৰস্বৰূপ ঘোষণাৰ কথাও ব্যক্ত কৰে। তেওঁ কয় যে বিহালীবাসীৰ বাবে এটা অত্যন্ত ভাল খবৰ মই দিব খোজো। মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই বিহালীৰ ৰাইজক প্ৰতিশ্ৰুতি দিছিল যে বেদেতীত আমি এখন কলেজ স্থাপন কৰিম। আপোনালোকক আজি জনাবলৈ পাই সুখী হৈছো যে অহা ৪ তাৰিখেই সেই বেদেতী ডিগ্ৰী কলেজখনৰো আধাৰশিলা স্থাপন কৰা হ’ব। মন্ত্ৰী পীযুষ হাজৰীকা, শিক্ষামন্ত্ৰী ডাঃ ৰণোজ পেগু আৰু সাংসদ ৰঞ্জিত দত্তই সেই আধাৰশিলা স্থাপন কৰিব। এই দুটা বিহালীবাসীৰ কাৰণে মুখ্যমন্ত্ৰীয়ে দিয়া উপহাৰ বুলি উল্লেখ কৰি এই উপহাৰ দুটাৰ বিষয়ে জনাবলৈ পাই মন্ত্ৰীগৰাকী নথৈ আনন্দিত হোৱা বুলি উল্লেখ কৰে।
সংবাদমেলত টুইটাৰত ছেমিকণ্ডাক্টৰক লৈ কংগ্ৰেছক মন্ত্ৰীগৰাকীয়ে সমালোচনা কৰা সন্দৰ্ভত সাংবাদিকে প্ৰতিক্ৰিয়া জানিবলৈ বিচৰাত মন্ত্ৰীগৰাকীয়ে কয় যে এয়া অত্যন্ত দুখৰ কথা যে কংগ্ৰেছৰ নেতাসকলে অসমক বেয়া দৃষ্টিৰে চায়, হীন দৃষ্টিৰে চায়, অসমক ইতিকিং কৰে, এয়া কংগ্ৰেছৰ নেতাসকলৰ আচৰণত পৰিস্ফূট হয়। মন্ত্ৰীগৰাকীয়ে কয় যে লোকসভা নিৰ্বাচন যেতিয়া চলি আছিল কংগ্ৰেছৰ অভাৰচিছ কংগ্ৰেছৰ সভাপতি ছেমপ্ৰিটদা ডাঙৰীয়াই কৈছিল যে উত্তৰ-পূবৰ মানুহবিলাক চাইনীজ মানুহৰ নিচিনা। ইয়াৰ বিৰুদ্ধে প্ৰৱল প্ৰতিক্ৰিয়া হৈছিল। প্ৰতিক্ৰিয়াৰ কাৰণে ৰাহুল গান্ধী ডাঙৰীয়াই বা কংগ্ৰেছ দলে ছেমপ্ৰিটদা ডাঙৰীয়াক অভাৰচিছ কংগ্ৰেছৰ পদৰ পৰা অব্যাহতি দিছিল। কিন্তু অতি নিৰ্লজ্জভাৱে উত্তৰ-পূবৰ ব্যক্তিসকলক দোষ দি নিৰ্বাচন হৈ যোৱাৰ পিছত সেইজন ছেমপ্ৰিটদাক আকৌ অভাৰচিছ কংগ্ৰেছৰ সভাপতি পদটো ঘূৰাই দিয়ে। মন্ত্ৰীগৰাকীয়ে পুনৰ কয় যে কেইদিনমান আগতে আমাৰ দেশৰ প্ৰাক্তন বিত্তমন্ত্ৰী পি চিদাম্বৰমৰ পুত্ৰ কাৰ্তি পি চিদাম্বৰমে একে কথাই কৈছিল যে অসমলৈকে ছেমিকণ্ডাক্টৰ উদ্যোগ কিয় আহিব লাগে? কালি কংগ্ৰেছ দলৰ সভাপতি মল্লিকাৰ্জুন খৰ্গেৰ পুত্ৰ, তেওঁ কৰ্ণাটকৰ এগৰাকী মন্ত্ৰীও, তেওঁ স্পষ্টভাৱে কৈছে যে অসমত উদ্যোগ স্থাপন কৰিব পৰা পৰ্যাপ্ত সুবিধা নাই। তেওঁ অসমক তিনিটা চাৰিটা কথা কৈ ইতিকিং কৰিছে। তৎসত্বতেও অসমলৈ ছেমিকণ্ডাক্টৰ উদ্যোগ আহিছে, কিন্তু সেই উদ্যোগ আহিব লাগিছিল হেনো কৰ্ণাটকলৈ। মন্ত্ৰীগৰাকীয়ে কয় যে কৰ্ণাটক এখন ডেভলপড ষ্টেট, তাত যথেষ্ট উদ্যোগ আছে, তেওঁলোকেই অকল উন্নত হৈ থাকিব লাগে নেকি? তেওঁলোকৰ মতে অসম, বিহাৰৰ উন্নয়ন হ’ব নালাগে। কংগ্ৰেছক কটাক্ষ কৰি মন্ত্ৰীগৰাকীয়ে কয় যে অসমৰ লগতে ভাৰতবৰ্ষৰ প্ৰত্যকখন ৰাজ্যৰ উন্নয়ন হ’লেহে এখন উন্নত ভাৰত হ’ব। গতিকে তেওঁলোকে যদি আমাক বেয়াকৈ ট্ৰিট কৰে, ইতিকিং কৰে যে অসমত সুবিধা নাই, অসমৰ মানুহ স্কীল্ড নহয়, অসমত কিয় উদ্যোগ হ’ব- এনেধৰণৰ কথা কৈ যদি অসমৰ মানুহক দুখ দিয়ে তেতিয়া অসম পিছুৱাই যাব। আৰু অসম পিছুৱাই গ’লে ভাৰতবৰ্ষ বিকশিত নহ’ব। মন্ত্ৰীগৰাকীয়ে এনেধৰণৰ কথাৰ তীব্ৰ প্ৰতিবাদ কৰাৰ লগতে মল্লিকাৰ্জুন খৰ্গেৰ পুত্ৰ প্ৰিয়ংক খৰ্গেয়ে কৰা মন্তব্যৰ বাবে তেওঁক অসমবাসীক বিনাচৰ্তে ক্ষমা খুজিবলৈ দাবী জনায়। লগতে এই সন্দৰ্ভত স’ততে ডাঙৰ ডাঙৰ কথা কৈ ফুৰা ভূপেন বৰা, গৌৰৱ গগৈ, ৰকিবুল হুছেইন আৰু প্ৰদ্যুৎ বৰদলৈক নিজৰ নিজৰ মন্তব্য তৎকালীনভাৱে প্ৰকাশ কৰিবলৈও আহ্বান জনায়।
বিহালী উপ-নিৰ্বাচনৰ কাৰণে গৌৰৱ গগৈয়ে বিহালীত বাহৰ পাতি লৈছে। ৫-০ত তেওঁলোকে বিজেপিক হৰুৱাব বুলি মন্তব্য প্ৰকাশ কৰিছে। গৌৰৱ গগৈয়েও ক’ৰবাত ক’ৰবাত কৈছে যে তেওঁলোক ৫ টা সমষ্টিতে জিকিব। ৰকিবুল হুছেইনো একেখিনি কথা কৈছে। এই সন্দৰ্ভত সাংবাদিকে প্ৰতিক্ৰিয়া জানিবলৈ বিচৰাত মন্ত্ৰীগৰাকীয়ে কয় যে আমি অহংকাৰ কৰা নাই, ৰাইজে আমাক সমৰ্থন কৰিব, ৰাইজে আমাক সহায় কৰিব আৰু নিৰ্বাচনত আমি খুব ভাল ফলাফল প্ৰদৰ্শন কৰিব বুলি মই দৃঢ়ভাৱে বিশ্বাসী।
বিজেপিৰ সদস্য ভৰ্তি অভিযানৰ পিছত কংগ্ৰেছেও এতিয়া সদস্য ভৰ্তি অভিযান আৰম্ভ কৰিছে। এই সন্দৰ্ভত মন্ত্ৰীগৰাকীয়ে কয় যে কংগ্ৰেছৰ হিংসা লাগিছে। কংগ্ৰেছ জ্বলি-পকি মৰিছে। যোৱাবাৰ আমাৰ সদস্য আছিল ১৮ লাখ, এইবাৰ এতিয়া আজিলৈকে ৫০ লাখ হৈছে। এইটো দাবি-ধমকি দি লোৱা বস্তু নহয়, এইটো এটা প্ৰক্ৰিয়াৰে মাজেৰে কৰা হয়। আগতে অকল মিছকল মাৰিলেই সদস্য হৈছিল। এতিয়া মিছকল মাৰিলে নহ’ব। মিছকল মাৰিলে এটা অটিপি আহিব, অটিপিটো মাৰিলে এখন ফৰ্ম আহিব। ফৰ্মখন ফিলআপ কৰিব লাগিব, মানুহজনে তেওঁৰ ডাটাখিনি দিব লাগিব। আমাৰ সদস্য ৫০ লাখ হোৱাৰ কাৰণে কংগ্ৰেছ জ্বলি-পকি মৰিছে, কেইটামান অঞ্চলক বাদ দি কংগ্ৰেছৰ সদস্য পদ কোনেও গ্ৰহণ নকৰে বুলি মন্ত্ৰীগৰাকীয়ে দৃঢ়তাৰে কয়।

Posts Carousel

Leave a Comment

Your email address will not be published. Required fields are marked with *

Latest Posts

Top Authors

Most Commented

Featured Videos

error: Content is protected !!