728 x 90
Like Us On Facebook
Facebook Pagelike Widget
728 x 90

সমাৱৰ্তন ছাত্ৰ-ছাত্ৰীৰ জীৱনৰ এটা অত্যন্ত গুৰুত্বপূৰ্ণ দিশঃ মন্ত্ৰী জয়ন্ত মল্লবৰুৱা

সমাৱৰ্তন ছাত্ৰ-ছাত্ৰীৰ জীৱনৰ এটা অত্যন্ত গুৰুত্বপূৰ্ণ দিশঃ মন্ত্ৰী জয়ন্ত মল্লবৰুৱা

‘এটা অঞ্চলৰ সভ্যতা-সংস্কৃতি সদায় বিশ্ববিদ্যালয়ৰ ওপৰত নিৰ্ভৰ কৰে’‘এখন বিশ্ববিদ্যালয় অকল মানৱ সম্পদ গঢ় দিয়া অনুষ্ঠানেই নহয়, ই এখন ৰাষ্ট্ৰৰ সভ্যতা-সংস্কৃতিৰ প্ৰাণকেন্দ্ৰ হিচাপেও কাম কৰে’অসম ডাউন টাউন বিশ্ববিদ্যালয়ৰ সমাৱৰ্তন সমাৰোহত মন্ত্ৰী জয়ন্ত মল্লবৰুৱা অসমৰ ৰাজ্যপাল লক্ষ্মণ আচার্যৰ উপস্থিতিত আজি অসম ডাউন টাউন বিশ্ববিদ্যালয়ৰ ১১ সংখ্যক সমাৱৰ্তন সমাৰোহত অংশগ্রহণ কৰে মন্ত্ৰী জয়ন্ত মল্লবৰুৱা। মন্ত্ৰীগৰাকীয়ে ছাত্র-ছাত্রীসকলক সম্বোধন কৰি

‘এটা অঞ্চলৰ সভ্যতা-সংস্কৃতি সদায় বিশ্ববিদ্যালয়ৰ ওপৰত নিৰ্ভৰ কৰে’
‘এখন বিশ্ববিদ্যালয় অকল মানৱ সম্পদ গঢ় দিয়া অনুষ্ঠানেই নহয়, ই এখন ৰাষ্ট্ৰৰ সভ্যতা-সংস্কৃতিৰ প্ৰাণকেন্দ্ৰ হিচাপেও কাম কৰে’
অসম ডাউন টাউন বিশ্ববিদ্যালয়ৰ সমাৱৰ্তন সমাৰোহত মন্ত্ৰী জয়ন্ত মল্লবৰুৱা

অসমৰ ৰাজ্যপাল লক্ষ্মণ আচার্যৰ উপস্থিতিত আজি অসম ডাউন টাউন বিশ্ববিদ্যালয়ৰ ১১ সংখ্যক সমাৱৰ্তন সমাৰোহত অংশগ্রহণ কৰে মন্ত্ৰী জয়ন্ত মল্লবৰুৱা। মন্ত্ৰীগৰাকীয়ে ছাত্র-ছাত্রীসকলক সম্বোধন কৰি সমাৱৰ্তন ছাত্ৰ-ছাত্ৰীৰ জীৱনৰ এটা অত্যন্ত গুৰুত্বপূৰ্ণ দিশ বুলি মন্তব্য কৰে। এই ডাউন টাউন ইউনিভাৰ্চিটীখন নিৰ্মাণ কৰি থকা অৱস্থাত মন্ত্ৰীগৰাকী ইয়ালৈ আহিছিল বুলি ভাষণত উল্লেখ কৰে। তেওঁ কয় যে আজি প্ৰথমবাৰৰ কাৰণে তেওঁ এই এই ডাউন টাউন ইউনিভাৰ্চিটীলৈ আহি আনন্দ অনুভৱ কৰিছো। এটা সুন্দৰ প্ৰকৃতিক পৰিৱেশৰ মাজত এই বিশ্ববিদ্যালয়খন জিলিকাই ৰখাৰ বাবে মন্ত্ৰীগৰাকীয়ে বিশ্ববিদ্যালয়খনৰ আচাৰ্য-উপাচাৰ্যৰ লগতে ইয়াৰ সৈতে জড়িত সকলোকে ধন্যবাদ জ্ঞাপন কৰে।


অনুষ্ঠানত মন্ত্ৰীগৰাকীয়ে ছাত্ৰ-ছাত্ৰীসকলক উদ্দেশ্যি কয় যে আমিও ছাত্ৰ জীৱনৰ মাজৰ পৰাই আহিছো। ছাত্ৰ ৰাজনীতিৰ পৰা আহিছো আৰু সেই কাৰণেই প্ৰতিজন ছাত্ৰৰ মনত কলেজ বা বিশ্ববিদ্যালয়ৰ জীৱনকালত যিধৰণৰ দেশপ্ৰেম, সমাজৰ প্ৰতি কাম কৰাৰ হেঁপাহ, আৰ্তজন-দৰিদ্ৰজনৰ প্ৰতি কাম কৰাৰ হেঁপাহ- সেই হেঁপাহ যদি কোনোবাই গোটেই জীৱন ৰাখিব পাৰে, তেওঁহে এগৰাকী প্ৰকৃত শিক্ষিত মানুহ হিচাপে নিজক প্ৰতিষ্ঠিত কৰিব পাৰে। কিন্তু সময়ৰ সোঁতত আমি বেছিভাগকেই দেখিবলৈ পাঁও যে বিভিন্ন ঘাত-প্ৰতিঘাতে মানুহক এনেকুৱা ব্যৱস্থালৈ লৈ যায় যে যিসকলৰ পৰা আমি আটাইতকৈ বেছি আশা কৰো, সেইসকলৰ পৰা কেতিয়াবা নিৰাশা বা হতাশা আহে। মন্ত্ৰী হিচাপে যেতিয়া আটাইতকৈ উচ্চ শিক্ষিত মানুহ এজনৰ বিভিন্ন কামৰ কাৰণে বা কেতিয়াবা দুৰ্নীতিৰ অভিযোগ বা অন্যান্য কাৰণত চাছপেন্সন বা ইত্যাদিৰ ফাইলত চহী কৰিব লাগে তেতিয়া মনত আটাইতকৈ দুখ লাগে। সেয়ে সমাজ সেৱাৰ কাৰণে আমি যি শপত লওঁ এই শপতৰ কথা আমি জীৱনত সদায় মনত ৰাখিব লাগে। আমাৰ বৃত্তি যিয়েই নহওক সেই বৃত্তি আমি খুব নিষ্ঠা সহকাৰে, দায়িত্ব সহকাৰে পালন কৰিব লাগে। কিন্তু সেই দায়িত্ব পালন কৰোঁতে সমাজ আৰু ৰাষ্ট্ৰৰ প্ৰতি যি দায়িত্ব আমাক বিশ্ববিদ্যালয় বা মহাবিদ্যালয়সমূহে যিধৰণে শিকাইছে, তাক আমি সদায় আগত ৰাখি কাম কৰিব লাগে বুলি মন্ত্ৰীগৰাকীয়ে কয়।
মন্ত্ৰীগৰাকীয়ে ভাষণত কয় যে এই বিশ্ববিদ্যালয়খন আজি ৮ হাজাৰতকৈও বেছি শিক্ষাৰ্থীৰে সুন্দৰ ৰূপত জাতিষ্কাৰ হৈ উঠিছে। দেশী-বিদেশী ছাত্ৰ-ছাত্ৰীয়েও ইয়ালৈ আহি সুন্দৰভাৱে শিক্ষা গ্ৰহণ কৰিছে। ইতিহাসৰ পাতত যদি চাওঁ- এটা অঞ্চলৰ সভ্যতা-সংস্কৃতি সদায় বিশ্ববিদ্যালয়ৰ ওপৰত নিৰ্ভৰ কৰে। ভাৰতবৰ্ষৰ সভ্যতা-সংস্কৃতি নালন্দা-তথ্যশিলাৰ ওপৰত নিৰ্ভৰ কৰে, বিশ্বৰ বিভিন্ন সংস্কৃতি-সভ্যতা অক্সফৰ্ড-কেম্ব্ৰিজৰ ওপৰত নিৰ্ভৰ কৰে। গতিকে এখন বিশ্ববিদ্যালয় অকল মানুহ গঢ়া বা মানৱ সম্পদ গঢ় দিয়া অনুষ্ঠানেই নহয়, অসম বা ভাৰতবৰ্ষ বা ৰাষ্ট্ৰখনৰ কাৰণে সভ্যতা-সংস্কৃতিৰ প্ৰাণকেন্দ্ৰ হিচাপে কাম কৰে। আজি ভাৰতবৰ্ষৰ সভ্যতা-স্কৃতিৰ কথা ক’লে, নালন্দা-তথ্যশিলাক বাদ দি সভ্যতা-সংস্কৃতিৰ কথা ক’ব নোৱাৰি। ঠিক তেনেদৰে অসমৰ প্ৰতিখন বিশ্ববিদ্যালয়ে অসমৰ ভৱিষ্যতৰ দিনৰ সকলো দিশ প্ৰতীয়মান কৰিব, সকলো দিশ প্ৰতিফলিত কৰিব বুলি মন্ত্ৰীগৰাকীয়ে উল্লেখ কৰে। মন্ত্ৰীগৰাকীয়ে কয় যে এইখন বিশ্ববিদ্যালয়েও সকলো দিশতে অসমক প্ৰতিনিধিত্ব কৰক, ভাৰতবৰ্ষক প্ৰতিনিধিত্ব কৰক, বিশ্বক প্ৰতিনিধিত্ব কৰক। অসমৰ আগশাৰীৰ এইখন বিশ্ববিদ্যালয়ৰ পৰা সুখ্যাতিৰে ওলাই যোৱা এই ছাত্র-ছাত্রীসকলে যাতে নিজকে দক্ষ মানৱ সম্পদৰূপে পৰিচয় দি ৰাজ্যখনৰ লগতে দেশৰ প্ৰগতিত অৰিহণা যোগাব পাৰে মন্ত্ৰীগৰাকীয়ে সেই আশা ব্যক্ত কৰাৰ লগতে সমাৱৰ্তন সমাৰোহত ডিগ্ৰী গ্ৰহণ কৰা সকলো শিক্ষাৰ্থীক শুভেচ্ছা জ্ঞাপন কৰে।

Posts Carousel

Leave a Comment

Your email address will not be published. Required fields are marked with *

Latest Posts

Top Authors

Most Commented

Featured Videos

error: Content is protected !!