728 x 90
Like Us On Facebook
Facebook Pagelike Widget
728 x 90

অসম কেবিনেটৰ সিদ্ধান্ত সন্দৰ্ভত মন্ত্ৰী জয়ন্ত মল্লবৰুৱাৰ সংবাদমেল সম্বোধন

অসম কেবিনেটৰ সিদ্ধান্ত সন্দৰ্ভত মন্ত্ৰী জয়ন্ত মল্লবৰুৱাৰ সংবাদমেল সম্বোধন

‘তিনিখন পলিটেকনিকৰ কাৰণে ১৫০ কোটি টকাৰ অনুমোদন’‘হাজো, মাজুলী, টিংখঙৰ বাবে এই ধনৰ অনুমোদন’‘নৱম শ্ৰেণীৰ ছাত্ৰীসকলৰ চাইকেলৰ বাবে ১৪৮.৫৫ কোটিৰ অনুমোদন’ দিছপুৰৰ লোকসেৱা ভৱনত আজি অনুষ্ঠিত ৰাজ্যিক কেবিনেট বৈঠকত কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰে৷ অসম কেবিনেটে গ্ৰহণ কৰা সিদ্ধান্ত সন্দৰ্ভত অসম চৰকাৰৰ মন্ত্ৰী জয়ন্ত মল্লবৰুৱাই এক সংবাদমেল সম্বোধন কৰে৷ সংবাদমেল সম্বোধন কৰি মন্ত্ৰীগৰাকীয়ে কয় যে অসমলৈ

‘তিনিখন পলিটেকনিকৰ কাৰণে ১৫০ কোটি টকাৰ অনুমোদন’
‘হাজো, মাজুলী, টিংখঙৰ বাবে এই ধনৰ অনুমোদন’
‘নৱম শ্ৰেণীৰ ছাত্ৰীসকলৰ চাইকেলৰ বাবে ১৪৮.৫৫ কোটিৰ অনুমোদন’


দিছপুৰৰ লোকসেৱা ভৱনত আজি অনুষ্ঠিত ৰাজ্যিক কেবিনেট বৈঠকত কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰে৷ অসম কেবিনেটে গ্ৰহণ কৰা সিদ্ধান্ত সন্দৰ্ভত অসম চৰকাৰৰ মন্ত্ৰী জয়ন্ত মল্লবৰুৱাই এক সংবাদমেল সম্বোধন কৰে৷ সংবাদমেল সম্বোধন কৰি মন্ত্ৰীগৰাকীয়ে কয় যে অসমলৈ আহি থকা ৰে’ল লাইন দ্বৈত লাইন কৰি থকা হৈছে৷ এই দ্বৈত লাইন কৰি থকা অৱস্থাত বিশেষকৈ গোৱালপাৰা হৈ আজাৰা-কামাখ্যালৈ যিটো ৰে’ল লাইন আহিছে, তাৰ দ্বৈত লাইন কৰাৰ কাৰণে কিছু ভূমিৰ প্ৰয়োজন হৈছিল আৰু সেই ভূমি চৰকাৰী ভূমি আছিল৷ আজি অসম কেবিনেটে জালুকবাৰী মৌজাৰ ৭ বিঘা আৰু চকৰদৈ মৌজাৰ অন্তৰ্গত ১ বিঘা মুঠ ৮ বিঘা ভূমি ৰে’ল বিভাগক অনুমোদন দিছে যাতে দ্বৈত ৰে’ল লাইনৰ কাম হৈ উঠে৷ যিয়ে আমাৰ যোগাযোগ ব্যৱস্থাক উন্নত কৰিব৷ আজি অসম চৰকাৰে এই ৮ বিঘা মাটি ৰে’ল বিভাগক গতাই দিছে আৰু ৰে’ল বিভাগক দিয়াৰ কাৰণে অসম কেবিনেটে অনুমোদন দিয়াৰ কথা সংবাদমেলত মন্ত্ৰীগৰাকীয়ে সদৰী কৰে৷
আনহাতে, হাজো, মাজুলী আৰু টিংখঙত নিৰ্মাণ হৈ থকা তিনিখন পলিটেকনিকৰ প্ৰয়োজনীয় প্ৰশাসনীয় অনুমোদনৰ ৰিভেলিডেচনৰ বাবে আজি ১৫০ কোটি টকা আজিৰ কেবিনেটে অনুমোদন দিয়ে৷ অসমৰ বিভিন্ন ইঞ্জিনীয়াৰিং কলেজ আৰু পলিটেকনিকত ৪৫১ জন পাৰ্টটাইম ফেকাল্টীয়ে কাম কৰি আছিল আৰু শিক্ষাবৰ্ষত কোনো অসুবিধা নহ’বৰ কাৰণে এই ফেকাল্টীসকলক আণ্ডাৰৰুল ৩ এফ নিযুক্তি দিয়াৰ কাৰণে আজিৰ কেবিনেটে অনুমোদন দিয়া বুলি মন্ত্ৰীগৰাকীয়ে উল্লেখ কৰে৷
অসম চৰকাৰৰ এটা অভিলাসী আঁচনি ছাত্ৰ-ছাত্ৰীক চাইকেল দিয়া৷ এইবেলি নৱম শ্ৰেণীৰ ৩ লাখ ২৩ হাজাৰ ৬৪০ গৰাকী ছাত্ৰ-ছাত্ৰীক চাইকেল দিয়াৰ কাৰণে ১৪৮.৫৫ কোটি টকা আজিৰ কেবিনেটে অনুমোদন দিছে বুলি মন্ত্ৰীগৰাকীয়ে সদৰী কৰে৷
ইফালে, কাৰ্বিআংলং স্বায়ত্তশাসিত পৰিষদে শিক্ষকৰ প্ৰয়োজনবোধ কৰি ১৩১ জন শিক্ষকক নিযুক্তি দিছিল৷ আজিৰ কেবিনেটে সেইসকল শিক্ষকৰ নিযুক্তিত অনুমোদন দিয়াৰ কথা মন্ত্ৰীগৰাকীয়ে জানিবলৈ দিয়ে৷

Posts Carousel

Leave a Comment

Your email address will not be published. Required fields are marked with *

Latest Posts

Top Authors

Most Commented

Featured Videos

error: Content is protected !!