728 x 90
Like Us On Facebook
Facebook Pagelike Widget
728 x 90

‘দক্ষ মানুহে কেতিয়াও সংস্থাপনৰ বাবে চিন্তা কৰিব নালাগে’- মন্ত্ৰী জয়ন্ত মল্লবৰুৱা

‘দক্ষ মানুহে কেতিয়াও সংস্থাপনৰ বাবে চিন্তা কৰিব নালাগে’- মন্ত্ৰী জয়ন্ত মল্লবৰুৱা

‘ভাল দক্ষতা থকা মানুহ কেতিয়াও বিপদত নপৰে’কাজিৰঙাত অসম দক্ষতা বিকাশ অভিযানৰ যুটীয়া প্ৰশিক্ষণ কাৰ্যসূচীত মন্ত্ৰী জয়ন্ত মল্লবৰুৱা যিসকল মানুহ আহিলে আমাৰ অৰ্থনীতিৰ উন্নয়ন হয়, ব্যৱসায়-বাণিজ্যৰ সুবিধা স্থানীয় লোকসকলেও লাভ কৰে, সেই ধৰণৰ পৰ্যটনলৈ কাজিৰঙাক আমি লৈ যাব লাগিব।- এই মন্তব্য অসম চৰকাৰৰ জনস্বাস্থ্য, অভিযান্ত্ৰিক, দক্ষতা বিকাশ, নিয়োগ আৰু উদ্যোগীকৰণ আৰু পৰ্যটন দপ্তৰৰ মন্ত্ৰী জয়ন্ত মল্লবৰুৱাৰ।

‘ভাল দক্ষতা থকা মানুহ কেতিয়াও বিপদত নপৰে’
কাজিৰঙাত অসম দক্ষতা বিকাশ অভিযানৰ যুটীয়া প্ৰশিক্ষণ কাৰ্যসূচীত মন্ত্ৰী জয়ন্ত মল্লবৰুৱা

যিসকল মানুহ আহিলে আমাৰ অৰ্থনীতিৰ উন্নয়ন হয়, ব্যৱসায়-বাণিজ্যৰ সুবিধা স্থানীয় লোকসকলেও লাভ কৰে, সেই ধৰণৰ পৰ্যটনলৈ কাজিৰঙাক আমি লৈ যাব লাগিব।- এই মন্তব্য অসম চৰকাৰৰ জনস্বাস্থ্য, অভিযান্ত্ৰিক, দক্ষতা বিকাশ, নিয়োগ আৰু উদ্যোগীকৰণ আৰু পৰ্যটন দপ্তৰৰ মন্ত্ৰী জয়ন্ত মল্লবৰুৱাৰ। আজি কাজিৰঙাত অসম চৰকাৰৰ বন, পৰিৱেশ সংৰক্ষণ আৰু পর্যটন বিভাগৰ সহযোগত দক্ষতা, নিয়োগ আৰু উদ্যমিতা বিভাগৰ অধীনত অসম দক্ষতা বিকাশ অভিযানৰ দ্বাৰা আয়োজিত যুটীয়া প্ৰশিক্ষণ কাৰ্যসূচীত উপস্থিত থাকি মন্ত্ৰীগৰাকীয়ে ভাষণত এইদৰে মন্তব্য কৰে। তেওঁ কয় যে আমাৰ লক্ষ্য হৈছে যে কাজিৰঙাত আমি কেনেকৈ ব্ৰেণ্ডেড হোটেল কৰিব পাৰো! যেতিয়ালৈকে ইয়াত ব্ৰেণ্ডেড হোটেল, ফাইভষ্টাৰ হোটেল নাহিব বা ভাল তেনেকুৱা ব্ৰেণ্ডৰ দুই-তিনিখন হোটেল নাথাকিব তেতিয়ালৈকে সেই উচ্চ পৰ্যায়ৰ পৰ্যটক আমি আনিব নোৱাৰিম। কিয়নো কিছুমান ব্ৰেণ্ডৰ হোটেলৰ ওপৰত ৰাইজৰ ভৰসা আছে, সেই ভৰসা থকা ব্ৰেণ্ডৰ হোটেলৰ ইয়াত প্ৰয়োজন আছে। কিয়নো ইয়াত অৰ্থনীতিৰ উন্নয়ন কৰিবলৈ হ’লে ধনী পৰ্যটক আমি আনিব পাৰিব লাগিব।
মন্ত্ৰীগৰাকীয়ে কয় যে কাজিৰঙা আমাৰ কাৰণে গৌৰৱ। কাজিৰঙাৰ কথা-বতৰা, কাজিৰঙাৰ পৰিৱেশ-পৰিস্থিতি, অসমখনৰ বাৰ্তাটো পৰ্যটকসকলে বিদেশলৈ লৈ যায়। আজি আটাইতকৈ বেছি বিদেশী পৰ্যটক কাজিৰঙালৈ আহে। এই কাজিৰঙালৈ অহা বিদেশী পৰ্যটকসকলে যিটো বাৰ্তা লৈ যাব, সেই বাৰ্তা তেওঁলোকে নিজৰ দেশত বিলাব। তাত গৈ ১০ জনৰ আগত ক’ব যে অসমৰ কাজিৰঙালৈ গৈছিলো, তাত এনেকুৱা পৰিৱেশ পাইছো ইত্যাদি। মন্ত্ৰীগৰাকীয়ে প্ৰশিক্ষাৰ্থীসকলক তেওঁলোকেৰ আচাৰ-ব্যৱহাৰ মাৰ্জিত কৰাৰ লগতে কাজৰিঙাৰ জীৱ-জন্তু, চৰাই-চিৰিকতি, গছ-গছনি আদিৰ বিষয়েও সম্যক জ্ঞান আহৰণ কৰিবলৈ আহ্বান জনায়।


ইপিনে, অহা নৱেম্বৰ মাহৰ ২৬, ২৭ আৰু ২৮ তাৰিখে ইণ্টাৰনেচনেল টুৰিজ্যিম মাৰ্ট কাজিৰঙাত আয়োজন কৰাৰ কথা মন্ত্ৰীগৰাকীয়ে জানিবলৈ দিয়ে। এই ইণ্টাৰনেচনেল টুৰিজ্যিম মাৰ্টত দেশ-বিদেশৰ বিভিন্ন অপাৰেটৰ, ট্ৰেভেল এজেন্সিৰ লগতে বহু পৰ্যটক আহিব বুলি মন্ত্ৰীগৰাকীয়ে আশা ব্যক্ত কৰে। তেওঁ কয় যে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী কাজৰিঙালৈ অহাৰ পিছতেই কাজিৰঙাকলৈ সমগ্ৰ বিশ্বতেই উৎসুকতা বৃদ্ধি হৈছে। প্ৰধানমন্ত্ৰীগৰাকী ইয়ালৈ অহাৰ পিছদিনাখনেই গুগুলত সৰ্বাধিক চাৰ্চ হৈছে ‘কাজিৰঙা’। বিশ্বৰ বহু লোকে কাজিৰঙাৰ বিষয়ে জানিবলৈ চেষ্টা কৰিছে। সমগ্ৰ উত্তৰ-পূৰ্বাঞ্চলৰ টুৰিজ্যিম মাৰ্ট এইবাৰ কাজিৰঙাত অনুষ্ঠিত হ’ব। ভাৰতবৰ্ষৰ টুৰ অপাৰেটৰসকল, ট্ৰেভেল এজেণ্টসকল, হোটেলৰিয়াৰসকলৰ লগতে বিদেশৰো হোটেলিয়াৰ, টুৰ অপাৰেটৰ যথেষ্ট আহিব। তেওঁলোকে তিনিদিন ইয়াত থাকিব, আপোনালোকৰ জৰিয়তে কাজিৰঙাখন চাব। কাজিৰঙাখন স্বচক্ষে চাই যোৱাৰ পিছত তেওঁলোকে তেওঁলোকৰ ক্লাইণ্টসকলক ইয়ালৈ পঠোৱাৰ বাবে আগ্ৰহ প্ৰকাশ কৰিব। সেই সময়ছোৱাত আমি কাজিৰঙাৰ চাফ-চিকুণতা, কাজিৰঙাৰ পৰিৱেশ, কাজিৰঙাৰ সকলো ধনাত্মক দিশসমূহ আমি তেওঁলোকৰ আগত দাঙি ধৰিব লাগিব। সেইদিনা হয়তো কেন্দ্ৰীয় পৰ্যটন মন্ত্ৰীও ইয়ালৈ আহিব, আমাৰ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাও আহিব, আমি এটা সুন্দৰ পৰিৱেশৰ মাজেৰে অনুষ্ঠানটি আগবঢ়াই নিব লাগিব।
কাজিৰঙাৰ পৰ্যটন ক্ষেত্ৰখন পূৰ্বতকৈ কিদৰে বহুখিনি আগবাঢ়ি গৈছে সেই বিষয়েও মন্ত্ৰীগৰাকীয়ে ভাষণত উল্লেখ কৰে। নৱেম্বৰ-ডিচেম্বৰ মাহত এতিয়া কাজিৰঙাৰ হোটেলসমূহ ৯০ শতাংশ বুক হৈ থাকে বুলি তেওঁ উল্লেখ কৰে। মন্ত্ৰীগৰাকীয়ে স্বচ্ছতাৰ দিশৰ ওপৰতো বক্তব্য দাঙি ধৰে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ জন্মদিনৰ লগত সংগতি ৰাখি এইবেলি স্বচ্ছতাৰ এক সেৱা পষেক আৰম্ভ কৰা বুলি মন্ত্ৰীগৰাকীয়ে উল্লেখ কৰে। এই সেৱা পষেকৰ সামৰণি অনুষ্ঠান এইবেলি ২ অক্টোবৰত কাজিৰঙাত অনুষ্ঠিত কৰা হ’ব বুলি মন্ত্ৰীগৰাকীয়ে জানিবলৈ দিয়ে। আনহাতে, কাজিৰঙাৰ জাৱৰ-জোঁথৰ পেলোৱা ঠাইৰ লেতেৰা পৰিৱেশ আঁতৰাই তাত কেনেদৰে ছেলফি পইণ্ট স্থাপন কৰিব পাৰি সেই বিষয়েও চিন্তা-চৰ্চা কৰা হৈছে বুলি মন্ত্ৰীগৰাকীয়ে জানিবলৈ দিয়ে। চাফ-চিকুণতা আৰু স্বচ্ছতা পৰ্যটন ক্ষেত্ৰৰ এক গুৰুত্বপূৰ্ণ বিষয় বুলি মন্ত্ৰীগৰাকীয়ে উল্লেখ কৰি কয় যে আজিকালি মানুহে য’ত চাফ-চিকুণতা থাকে, স্বচ্ছতা থাকে সেই ঠাইসমূহলৈযাবলৈ ইচ্ছা কৰে।
মন্ত্ৰীগৰাকীয়ে প্ৰশিক্ষাৰ্থীসকল উদ্দেশ্যি কয় যে কাজিৰঙাৰ পৰ্যটনক শীৰ্ষ পৰ্যায়লৈ লৈ যাবলৈ হ’লে আপোনাকে নিজৰ দক্ষতা উন্নত কৰিব লাগিব। দক্ষ মানুহৰ ক’তো মৰণ নাই। দক্ষ মানুহে কেতিয়াও সংস্থাপনৰ বাবে চিন্তা কৰিব নালাগে। উদাহৰণস্বৰূপে তেওঁ অসমত এনেকুৱা কিছু মানুহ আছে, যিসকলে চুলি কাটে আৰু মাহত ৫ লাখ টকা উপাৰ্জন কৰে বুলি উল্লেখ কৰে। তেওঁ কয় যে আপোনালোক যদি ভাল টুৰিষ্ট গাইড হয়, ভাল জীপছী অনাৰ হয়, ভাল মাউত হয়, আপোনালোক কামৰ কাৰণে কেতিয়া ৰৈ থাকিব নালাগে। ভাল দক্ষতা থকা মানুহ কেতিয়াও বিপদত নপৰে।
মন্ত্ৰীগৰাকীয়ে ভাষণত কয় যে আপোনালোকে ভাবি নল’ব যে আগৰদৰে সেই পৰম্পৰাগত স্কীলত কাজিৰঙাও চলি থাকিব। কাজিৰঙাতো নতুন টেকন’লজী আহিব। নতুন নতুন আঁচনিৰ সংযোজন ঘটিব।
কাজিৰঙাৰ কঁহৰাৰ সভাগৃহত অনুষ্ঠিত এই কাৰ্যসূচীত মন্ত্ৰীগৰাকীয়ে ভাষণত কাজিৰঙাই প্ৰতি বছৰে ইয়াৰ বৰ্ণিল প্ৰাকৃতিক সৌন্দৰ্যৰে লাখ লাখ দেশী আৰু বিদেশী পৰ্যটকক আকৰ্ষণ কৰে বুলি উল্লেখ কৰি এই প্ৰচেষ্টাই ৰাষ্ট্ৰীয় উদ্যানখনত জৈৱ বৈচিত্ৰ্যৰ সংৰক্ষণ আৰু দৰ্শনাৰ্থীৰ সন্তুষ্টি দুয়োটাই উল্লেখযোগ্যভাৱে উন্নত কৰিব আশা ব্যক্ত কৰে। উল্লেখ্য যে এই প্ৰশিক্ষণ কাৰ্যসূচীৰ যোগেদি কাজিৰঙাৰ জৈৱ বৈচিত্ৰ্য অক্ষুণ্ণ ৰাখি পৰ্যটকসকলৰ ‘ছাফাৰী অভিজ্ঞতা’ অধিক ৰোমাঞ্চকৰ কৰিবলৈ ৭০০-ৰো অধিক ছাফাৰী গাইড, জিপছী চালক, মাউত আৰু হোমষ্টে’ৰ মালিকসকলক প্ৰশিক্ষণ দিয়া হয়।

Posts Carousel

Leave a Comment

Your email address will not be published. Required fields are marked with *

Latest Posts

Top Authors

Most Commented

Featured Videos

error: Content is protected !!