খোৱাঙৰ বান-খহনীয়া সমস্যা সম্পূৰ্ণৰূপে সমাধান কৰাৰ প্ৰতিশ্ৰুতি প্ৰদান মন্ত্ৰীগৰাকীৰ মৰাণৰ খোৱাঙত বানপীড়িতৰ সৈতে আজি এক মত বিনিময় অনুষ্ঠানত অংশগ্ৰহণ কৰে মন্ত্ৰী পীয়ুষ হাজৰীকাই। এই উপলক্ষে খোৱাং চাৰিআলিৰ জয়মতী প্ৰেক্ষাগৃহত অনুষ্ঠিত হোৱা সভাত মন্ত্ৰীগৰাকীয়ে ভাষণ দাঙি ধৰে। ভাষণত মন্ত্ৰীগৰাকীয়ে আগন্তুক সময়ত খোৱাং সমষ্টিত পৰ্যায়ক্ৰমে বান-খহনীয়া সমস্যা সম্পূৰ্ণৰূপে সমাধান কৰাৰ প্ৰতিশ্ৰুতি প্ৰদান কৰে। ভাষণত তেওঁ এইবাৰ ব্ৰহ্মপুত্ৰত
খোৱাঙৰ বান-খহনীয়া সমস্যা সম্পূৰ্ণৰূপে সমাধান কৰাৰ প্ৰতিশ্ৰুতি প্ৰদান মন্ত্ৰীগৰাকীৰ
মৰাণৰ খোৱাঙত বানপীড়িতৰ সৈতে আজি এক মত বিনিময় অনুষ্ঠানত অংশগ্ৰহণ কৰে মন্ত্ৰী পীয়ুষ হাজৰীকাই। এই উপলক্ষে খোৱাং চাৰিআলিৰ জয়মতী প্ৰেক্ষাগৃহত অনুষ্ঠিত হোৱা সভাত মন্ত্ৰীগৰাকীয়ে ভাষণ দাঙি ধৰে। ভাষণত মন্ত্ৰীগৰাকীয়ে আগন্তুক সময়ত খোৱাং সমষ্টিত পৰ্যায়ক্ৰমে বান-খহনীয়া সমস্যা সম্পূৰ্ণৰূপে সমাধান কৰাৰ প্ৰতিশ্ৰুতি প্ৰদান কৰে। ভাষণত তেওঁ এইবাৰ ব্ৰহ্মপুত্ৰত তিনিটা মথাউৰি ভঙাৰ কথা উল্লেখ কৰে। এই মথাউৰিকেইটাৰ ভিতৰত এটা মাজুলীৰ যুগিনীধাৰী গাঁৱত, এটা বোকাখাত সমষ্টিৰ বাংকোৱাল নামৰ গাঁৱত আৰু এটা মাটিংগাত। মন্ত্ৰীগৰাকীয়ে কয় যে আগতে ব্ৰহ্মপুত্ৰৰ এই মথাউৰিসমূহ ১৫-২০ দিনত নিৰ্মাণ কৰাটো অসম্ভৱ কথা আছিল। কিন্তু আমি ভৰ বাৰিষা ব্ৰহ্মপুত্ৰৰ ভঙা মথাউৰি আমি ১৫ দিনৰ ভিতৰত এটা এটাকৈ নিৰ্মাণ কৰিছো। মন্ত্ৰীগৰাকীয়ে ভাষণত টেঙাখাটত বুঢ়ীদিহিং নদীৰ পাৰৰ মথাউৰিৰ কথাও উল্লেখ কৰে। সেই মথাউৰিটোও মন্ত্ৰীগৰাকীয়ে ১৫-১৭ দিনৰ ভিতৰত মেৰামতি কৰি বানপানীৰ পৰা অঞ্চলটোৰ ৰাইজক সকাহ দিয়াৰ কথা উল্লেখ কৰে।

তেওঁ পুনৰ কয় যে আগতে যেতিয়া এটা মথাউৰি ভাঙিছিল, তেতিয়া মথাউৰি ছমাহ, এবছৰলৈকে মেৰামতি হোৱা নাছিল। সেই মথাউৰিৰে ভঙাৰ তিনিমাহ-ছমাহ ধৰি পানী সোমাই আছিল আৰু মানুহক জুৰুলা কৰি আহিছিল। কিন্তু আজি আমি অসমবাসীক সেই পৰিৱেশত থাকিবলৈ দিয়া নাই। আমাৰ বিভাগে দিনে-ৰাতিয়ে কষ্ট কৰি য’ত য’ত মথাউৰি ভাঙিছিল, সেই ভঙা মথাউৰিসমূহ ১৫ দিনৰ ভিতৰত মেৰামতি কৰিছো। ভাষণত মন্ত্ৰীগৰাকীয়ে বান প্ৰতিৰোধৰ বাবে সমষ্টিটোত ১০০ কোটি টকা দিয়াৰ ব্যৱস্থা কৰাৰ কথাও উল্লেখ কৰে। সমষ্টিটোৰ সমস্যা সমাধানৰ বাবে মন্ত্ৰীগৰাকীয়ে আন্তৰিকতাৰে কাম কৰি থকাৰ কথা উল্লেখ কৰি আগন্তুক সময়ত সমষ্টিটোত পৰ্যায়ক্ৰমে বান-খহনীয়া সমস্যা সম্পূৰ্ণৰূপে সমাধান কৰাৰ প্ৰতিশ্ৰুতি দিয়ে। সভাত চৰকাৰে গ্ৰহণ কৰা জনকল্যাণমূলক আঁচনিসমূহৰ বিষয়েও মন্ত্ৰীগৰাকীয়ে উল্লেখ কৰে।
সভাত বিধায়ক ক্ৰমে চক্ৰধৰ গগৈ, দিগন্ত কলিতা, জিলা বিজেপিৰ সভাপতি উজ্জ্বল কাশ্যপ, বিজেপি যুৱ মৰ্চাৰ ৰাজ্যিক সাধাৰণ সম্পাদক ত্ৰিদিৱজ্যোতি মৰাণৰ লগতে বিভাগীয় অভিযন্তা-বিষয়সকল উপস্থিত থাকে।



















Leave a Comment
Your email address will not be published. Required fields are marked with *