728 x 90
Like Us On Facebook
Facebook Pagelike Widget
728 x 90

অসম কৃষি বিশ্ববিদ্যালয়ত বুজাবুজি চুক্তি স্বাক্ষৰ

অসম কৃষি বিশ্ববিদ্যালয়ত বুজাবুজি চুক্তি স্বাক্ষৰ

জৈৱিক কীটনাশকৰ বাণিজ্যিক উৎপাদনৰ জৰিয়তে কৃষকক সকাহ দিয়াৰ লক্ষ্য যোৰহাট, ২৩ ছেপ্টেম্বৰঃ অসম কৃষি বিশ্ববিদ্যালয়ে আজি নাছিক এগ্ৰিকালচাৰেল মাইক্ৰ অৰ্গেনিজিম ম্যেনুফেকচাৰ’চ এণ্ড ফাৰ্মাৰ্চ এছছিয়েশ্যনৰ(আম্মা )সৈতে এক বুজাবুজি চুক্তি স্বাক্ষৰ কৰে। এই বুজাবুজিৰ চুক্তিৰ জৰিয়তে অসম কৃষি বিশ্ববিদ্যালয়ে উদ্ভাৱন কৰা জৈৱিক কীটনাশকৰ ব্যৱসায়িক ভাৱে উৎপাদনৰ জৰিয়তে কৃষকক সকাহ দিয়াৰ বাবে হয়। অসম কৃষি বিশ্ববিদ্যালয়ৰ কৃষি গৱেষণা

জৈৱিক কীটনাশকৰ বাণিজ্যিক উৎপাদনৰ জৰিয়তে কৃষকক সকাহ দিয়াৰ লক্ষ্য

যোৰহাট, ২৩ ছেপ্টেম্বৰঃ অসম কৃষি বিশ্ববিদ্যালয়ে আজি নাছিক এগ্ৰিকালচাৰেল মাইক্ৰ অৰ্গেনিজিম ম্যেনুফেকচাৰ’চ এণ্ড ফাৰ্মাৰ্চ এছছিয়েশ্যনৰ(আম্মা )সৈতে এক বুজাবুজি চুক্তি স্বাক্ষৰ কৰে। এই বুজাবুজিৰ চুক্তিৰ জৰিয়তে অসম কৃষি বিশ্ববিদ্যালয়ে উদ্ভাৱন কৰা জৈৱিক কীটনাশকৰ ব্যৱসায়িক ভাৱে উৎপাদনৰ জৰিয়তে কৃষকক সকাহ দিয়াৰ বাবে হয়। অসম কৃষি বিশ্ববিদ্যালয়ৰ কৃষি গৱেষণা সঞ্চালকৰ সভা গৃহত আয়োজিত বিশেষ অনুষ্ঠানত অসম কৃষি বিশ্ববিদ্যালয়ৰ হৈ কৃষি গৱেষণা সঞ্চালক ড০ সঞ্জয় কুমাৰ চেতিয়া আৰু আম্মাৰ মুৰব্বী ড০ দন্যানেশ্বৰ ৱাঘচৌৰে এই চুক্তিত স্বাক্ষৰ কৰে। এই উপলক্ষে আয়োজিত আলোচনাত জৈৱিক কীটনাশকৰ উৎপাদনৰ দিশত সহায়ৰ লগতে এই ক্ষেত্ৰত প্ৰয়োজন হোৱা পৰ্যালোচনা, প্ৰশিক্ষণ, কাৰিকৰী সহযোগিতা আৰু শিক্ষাৰ্থীৰ শৈক্ষিক উত্তৰণৰ বাবে বিভিন্ন পদক্ষেপ হাতত লোৱাৰ বিষ‌য়ত বিস্তৃত আলোচনা কৰা হয়। এই চুক্তি স্বাক্ষৰ অনুষ্ঠানত আম্মাৰ সচিব প্ৰধান ড০ পি এছ ধৰনকাৰৰ লগতে অসম কৃষি বিশ্ববিদ্যালয়ৰ গৱেষণা সঞ্চালকালয়ৰ জ্যেষ্ঠ গৱেষক বিজ্ঞানী ড০ নিলয় বৰা, ড০ সুৰজিৎ কলিতা, ড০ আৰাধনা বৰুৱা আৰু ড০ পপী বৰা উপস্থিত থাকে।

Posts Carousel

Leave a Comment

Your email address will not be published. Required fields are marked with *

Latest Posts

Top Authors

Most Commented

Featured Videos

error: Content is protected !!