728 x 90
Like Us On Facebook
Facebook Pagelike Widget
728 x 90

শিৱসাগৰৰ যুৱ দ’লত বাগান কর্তৃপক্ষৰে মন্ত্ৰী জয়ন্ত মল্লবৰুৱাৰ বৈঠক

শিৱসাগৰৰ যুৱ দ’লত বাগান কর্তৃপক্ষৰে মন্ত্ৰী জয়ন্ত মল্লবৰুৱাৰ বৈঠক

স্বচ্ছ ভাৰত অভিযান-জলজীৱন মিছনৰ আঁচনিসমূহৰ এশ শতাংশ ৰূপায়ণ সন্দৰ্ভত আলোচনা শিৱসাগৰৰ যুৱ দ’লত আজি মন্ত্ৰী জয়ন্ত মল্লবৰুৱাই শিৱসাগৰ আৰু চৰাইদেউ জিলাৰ চাহ বাগিচাসমূহৰ স্বত্বাধিকাৰী, পৰিচালনা কর্তৃপক্ষ আৰু অন্যান্য সংশ্লিষ্ট পক্ষসমূহৰ সৈতে এখন বৈঠকত মিলিত হয়। মন্ত্ৰীগৰাকীয়ে বৈঠকত মিলিত হৈ জিলা দুখনৰ চাহ বাগান এলেকাসমূহত স্বচ্ছ ভাৰত অভিযান (গ্রাম্য) আৰু জলজীৱন মিছনৰ আঁচনিসমূহৰ এশ শতাংশ ৰূপায়ণ

স্বচ্ছ ভাৰত অভিযান-জলজীৱন মিছনৰ আঁচনিসমূহৰ এশ শতাংশ ৰূপায়ণ সন্দৰ্ভত আলোচনা

শিৱসাগৰৰ যুৱ দ’লত আজি মন্ত্ৰী জয়ন্ত মল্লবৰুৱাই শিৱসাগৰ আৰু চৰাইদেউ জিলাৰ চাহ বাগিচাসমূহৰ স্বত্বাধিকাৰী, পৰিচালনা কর্তৃপক্ষ আৰু অন্যান্য সংশ্লিষ্ট পক্ষসমূহৰ সৈতে এখন বৈঠকত মিলিত হয়। মন্ত্ৰীগৰাকীয়ে বৈঠকত মিলিত হৈ জিলা দুখনৰ চাহ বাগান এলেকাসমূহত স্বচ্ছ ভাৰত অভিযান (গ্রাম্য) আৰু জলজীৱন মিছনৰ আঁচনিসমূহৰ এশ শতাংশ ৰূপায়ণ সন্দৰ্ভত বিতং আলোচনা কৰে। বৈঠকত মন্ত্ৰীগৰাকীয়ে ২০১৯ চনত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে প্ৰত্যেক মানুহৰ ঘৰত নলযোগে খোৱাপানী দিয়াৰ সংকল্প লৈ জলজীৱন মিছন আৰম্ভ কৰাৰ কথা উল্লেখ কৰে। তেওঁ কয় যে যিসময়ত আমি জলজীৱন মিছন আৰম্ভ কৰিছিলো, শিৱসাগৰ বা চৰাইদেউ জিলাত ১ শতাংশ বা ক’ৰবাত ১.৫ শতাংশ মানুহক পানী দিছিলো আৰু আজি আমি অতিকমেও ৮০ শতাংশ মানুহক পানী দিছো। য’ত আগতে ১০০০ মানুহক পানী দিছিলো, তাত আজি আমি ১ লাখ মানুহৰ ঘৰত নলযোগে পানী দিছো। য’ত ২ হাজাৰ মানুহক পানী দিছিলো, তাত আজি আমি প্ৰায় ২ লাখ মানুহক নলযোগে ঘৰত খোৱা পানী দিয়া আৰম্ভ কৰিছো। গতিকে এটা বিশেষ পৰিৱৰ্তন খোৱাপানী যোগানৰ ক্ষেত্ৰত আমি কৰিবলৈ সক্ষম হৈছো।
অসমৰ বাগানসমূহতো প্ৰায় ৯৫ শতাংশ বাগানত পানী যোগান আঁচনিৰ কাম কৰিবলৈ সক্ষম হোৱা বুলি মন্ত্ৰীগৰাকীয়ে ভাষণত উল্লেখ কৰে। শিৱসাগৰ আৰু চৰাইদেউ জিলাৰ প্ৰায়ভাগ বাগানতে জলজীৱন আঁচনিৰ কাম সম্পূৰ্ণ হৈছে বা ক’ৰবাত ক’ৰবাত সম্পূৰ্ণ হোৱাৰ পথত বুলি কয়। মন্ত্ৰীগৰাকীয়ে কয় যে, প্লেনটেচন লেবাৰ এক্ট মতে, বাগানৰ শ্ৰমিকসকলক সকলোধৰণৰ সা-সুবিধা দিয়াৰ দায়িত্ব বাগান কৰ্তৃপক্ষৰ। বাগানত স্কুলেই হওক, খোৱাপানীয়েই হওক, চিকিৎসালয়ে হওক এই সকলো ধৰণৰ দায়িত্ব বাগান কৰ্তৃপক্ষই ল’ব লাগে। কিন্তু বাগান কৰ্তৃপক্ষৰ সেই আগৰদৰে স্বচ্ছলতা নাই, যাৰ কাৰণে ইচ্ছা থাকিলেও বহুতেই হয়তো সেই কামখিনি কৰিব নোৱাৰে। যোৱা সময়ত আমাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াই যেতিয়া স্বাস্থ্যমন্ত্ৰীৰ দায়িত্ব লৈছিল, তেতিয়া তেখেতে বাগানত হাস্পতালেৰে এই কাম আৰম্ভ কৰিছিল। শিক্ষামন্ত্ৰী হিচাপে স্কুল নিৰ্মাণেৰে চৰকাৰী ব্যৱস্থাৰ মাজেৰে এই কামসমূহ হাতত ল’লে। আৰু এতিয়া খোৱাপানীৰ ক্ষেত্ৰতো যাতে ১০০ শতাংশ দায়িত্ব ল’ব পাৰো, সেইধৰণে আমি কামসমূহ আগবঢ়াইছো। কিন্তু এই কামসমূহ কৰাৰ ক্ষেত্ৰত আপোনালোকৰ সহযোগিতাৰ প্ৰয়োজন আছে। কিয়নো বাগানৰ বাবে আমি যিসমূহ আঁচনি লৈছো, এই আঁচনিসমূহ সফলভাৱে ৰূপায়িত হ’ব লাগিলে বাগান কৰ্তৃপক্ষৰ এক বিশেষ ভূমিকা থাকিব লাগিব। সেই ভূমিকা সুন্দৰভাৱে নিৰূপিত কৰিবৰ কাৰণে আজি আপোনালোকক ইয়ালৈ নিমন্ত্ৰণ কৰিছো বুলি মন্ত্ৰীগৰাকীয়ে ভাষণত কয়।

চৰাইদেউত সৰু ডাঙৰ মিলাই ৬৮ আৰু শিৱসাগৰত ২৫-৩০ খনমান বাগান আছে বুলি মন্ত্ৰীগৰাকীয়ে উল্লেখ কৰি কয় যে বাগানৰ বাবে আমি যিসমূহ আঁচনি হাতত লৈছো, সেই আঁচনিসমূহৰ ক্ষেত্ৰত উপভোক্তা সমিতিৰ দায়িত্ব বাগান কৰ্তৃপক্ষই ল’ব লাগে। আমি এয়া বিচাৰিছো। যেনেকৈ বাগানত এখন স্কুল থাকিলে, জনকল্যাণ বিষয়া বা এচিছটেণ্ট মেনেজাৰ গৰাকী তাৰ চেয়াৰমেন হয়, তেনেদৰে বাগানৰ জলজীৱন মিছনৰ আঁচনিৰ চেয়াৰমেনজন বাগানৰ ৱেলফেয়াৰ অফিচাৰ বা বাগানৰ লেবাৰ অফিচাৰ বা বাগানৰ এচিছটেণ্ট মেনেজাৰে ল’ব লাগিব। বাগান কৰ্তৃপক্ষই মেনেজমেণ্টাৰ দায়িত্ব ল’লেও মন্ত্ৰীগৰাকীয়ে লগতে স্পষ্ট কৰি দিয়ে যে আঁচনিৰ মেনেজমেণ্টৰ খৰচ বাগান কৰ্তৃপক্ষই বহন কৰিব নালাগে। কৰ্মচাৰীৰ দৰমহাই হওক, বিদ্যুৎ বিলেই হওক বা কেমিকেলৰ খৰচেই হওক এই সকলোখিনি ১৫ বিত্তীয় আয়োগৰ জৰিয়তে দিয়া হ’ব বুলি মন্ত্ৰীগৰাকীয়ে স্পষ্ট কৰি দিয়ে। ইয়াত বিত্তীয় দিশত বাগান কৰ্তৃপক্ষ জড়িত হ’ব নালাগে বুলি তেওঁ জানিবলৈ দিয়ে। কেৱলমাত্ৰ বাগান কৰ্তৃপক্ষই সুন্দৰভাৱে আঁচনিখন চলাব লাগে বুলি মন্ত্ৰীগৰাকীয়ে উল্লেখ কৰে। আঁচনিৰ সৰু সুৰা কাম, যিসমূহ চৰকাৰীভাৱে কৰিবলৈ গ’লে অলপ সমস্যা হয়, যেনে ক’ৰবাত পানীৰ টেপ এটা বেয়া হ’ল, বা চুইচ এটা বেয়া হ’ল এনেধৰণৰ কাম কৰোঁতে যি খৰচ হয়, সেইখিনি বহন কৰিব লাগিব বাগান কৰ্তৃপক্ষই। যি খৰচ ২ হাজাৰৰ পৰা ৫ হাজাৰ টকাৰ ভিতৰত হয়।
মন্ত্ৰীগৰাকীয়ে বাগানৰ আঁচনিৰ কামসমূহ সুন্দৰভাৱে পৰিচালনা কৰাৰ ক্ষেত্ৰত বাগান কৰ্তৃপক্ষই যাতে দায়িত্ব লয়, সেই কাৰণে আজিৰ সভাত বাগান কৰ্তৃপক্ষক নিমন্ত্ৰণ কৰা হৈছে বুলি উল্লেখ কৰে। বাগানৰ শ্ৰমিকসকলক বিশুদ্ধ খোৱাপানী দিয়াই এই আঁচনিৰ মূল উদ্দেশ্য বুলি তেওঁ উল্লেখ কৰে। এই বিশুদ্ধ খোৱাপানী খোৱাৰ যদি আমি অভ্যাস গঢ়ি তুলিব পাৰো শ্ৰমিকসকলৰ বেমাৰ-আজাৰৰ ক্ষেত্ৰততো আমি যথেষ্ট সকাহ পাম। সেইকাৰণে বাগান কৰ্তৃপক্ষই এই কথাটো অত্যন্ত গুৰুত্বসহকাৰে ল’ব লাগে বুলি তেওঁ কয়।
মন্ত্ৰীগৰাকীয়ে ভাষণত স্বচ্ছ ভাৰত মিছনৰ বিষয়েও ব্যাখ্যা দাঙি ধৰে। এই মিছনৰ অধীনত এইবেলি অসমত ২ লাখ শৌচাগাৰ চাহ বাগানৰ শ্ৰমিকৰ বাবে নিৰ্মাণ কৰাৰ কথা উল্লেখ কৰে। এই ক্ষেত্ৰত বাগান কৰ্তৃপক্ষক বাগানৰ প্ৰকৃত হিতাধিকাৰীক চিনাক্ত কৰি তথ্য যোগান ধৰিবলৈও তেওঁ আহ্বান জনায়।

যোৰহাটতো যোৰহাট আৰু গোলাঘাট জিলাৰ বাগিচা কৰ্তৃপক্ষৰ সৈতে মন্ত্ৰী জয়ন্ত মল্লবৰুৱাৰ বৈঠক

মন্ত্ৰী জয়ন্ত মল্লবৰুৱাই আজি শিৱসাগৰৰ যুৱ দ’লত শিৱসাগৰ আৰু চৰাইদেউ জিলাৰ চাহ বাগিচাসমূহৰ স্বত্বাধিকাৰী, পৰিচালনা কর্তৃপক্ষৰ সৈতে এখন বৈঠকত মিলিত হোৱাৰ পিছত একেদিনাই মন্ত্ৰীগৰাকীয়ে যোৰহাটতো বাগিচা কৰ্তৃপক্ষৰ সৈতে আন এখন বৈঠকত ভাগ লয়। যোৰহাটৰ কাজিৰঙা বিশ্ববিদ্যালয় প্রেক্ষাগৃহত অনুষ্ঠিত সভাখনত যোৰহাট আৰু গোলাঘাট জিলাৰ চাহ বাগিচাসমূহৰ স্বত্বাধিকাৰী, পৰিচালনা কর্তৃপক্ষৰ লগতে অন্যান্য সংশ্লিষ্ট পক্ষৰ ব্যক্তিসকল উপস্থিত থাকে। বৈঠকত মন্ত্ৰীগৰাকীয়ে জিলা দুখনৰ চাহ বাগান এলেকাত স্বচ্ছ ভাৰত অভিযান (গ্রাম্য) আৰু জলজীৱন মিছনৰ আঁচনিসমূহৰ ৰূপায়ণ সন্দৰ্ভতো আলোচনা কৰে।
মন্ত্ৰীগৰাকীয়ে বৈঠকত আঁচনিৰ সঞ্চালন আৰু ব্যৱস্থাপনা (O&M)-ৰ বাবে বুজাবুজিৰ চুক্তি চূড়ান্ত কৰাৰ লগতে শৌচালয় নিৰ্মাণৰ বাবে পুঁজিৰ আবণ্টন তথা বাগিচা কর্তৃপক্ষৰ সহযোগত মোবাইল টয়লেট আৰু বনুৱাসকলৰ ঘৰৰ বাবে শৌচালয় (IHHL)-ৰ ব্যৱস্থা কৰি দুয়োটা আঁচনিৰ ১০০ শতাংশ ৰূপায়ণৰ বাবে প্রতিশ্রুতি প্রদান কৰে।

Posts Carousel

Leave a Comment

Your email address will not be published. Required fields are marked with *

Latest Posts

Top Authors

Most Commented

Featured Videos

error: Content is protected !!