নগাঁও পলিটেকনিকত পিএম বিশ্বকৰ্মা আঁচনিৰ বৰ্ষপূৰ্তি কাৰ্যসূচীত মন্ত্ৰী পীযুষ হাজৰীকা‘পিএম বিশ্বকৰ্মা’ আঁচনিৰ অধীনত প্ৰশিক্ষণ গ্ৰহণ কৰা লোকক প্ৰমাণ পত্ৰ প্ৰদান ‘পিএম বিশ্বকৰ্মা’ আঁচনিৰ প্ৰথম বৰ্ষপূৰ্তি উপলক্ষে আজি নগাঁও পলিটেকনিকত আয়োজিত অনুষ্ঠানত মন্ত্ৰী পীযুষ হাজৰীকা উপস্থিত থাকি ভাৰ্ছুৱেলী প্ৰধানমন্ত্ৰীৰ লাইভ প্ৰত্যক্ষ কৰে। মন্ত্ৰীগৰাকীয়ে নগাঁও পলিটেকনিকত অনুষ্ঠিত পিএম বিশ্বকৰ্মা আঁচনিৰ বৰ্ষপূৰ্তি কাৰ্যসূচীত এই আঁচনিৰ অধীনত প্ৰশিক্ষণ গ্ৰহণ
নগাঁও পলিটেকনিকত পিএম বিশ্বকৰ্মা আঁচনিৰ বৰ্ষপূৰ্তি কাৰ্যসূচীত মন্ত্ৰী পীযুষ হাজৰীকা
‘পিএম বিশ্বকৰ্মা’ আঁচনিৰ অধীনত প্ৰশিক্ষণ গ্ৰহণ কৰা লোকক প্ৰমাণ পত্ৰ প্ৰদান
‘পিএম বিশ্বকৰ্মা’ আঁচনিৰ প্ৰথম বৰ্ষপূৰ্তি উপলক্ষে আজি নগাঁও পলিটেকনিকত আয়োজিত অনুষ্ঠানত মন্ত্ৰী পীযুষ হাজৰীকা উপস্থিত থাকি ভাৰ্ছুৱেলী প্ৰধানমন্ত্ৰীৰ লাইভ প্ৰত্যক্ষ কৰে। মন্ত্ৰীগৰাকীয়ে নগাঁও পলিটেকনিকত অনুষ্ঠিত পিএম বিশ্বকৰ্মা আঁচনিৰ বৰ্ষপূৰ্তি কাৰ্যসূচীত এই আঁচনিৰ অধীনত প্ৰশিক্ষণ গ্ৰহণ কৰা বহুকেইজন ব্যক্তিক প্ৰমাণ পত্ৰ প্ৰদান কৰে। উল্লেখ্য যে বিগত বৰ্ষত প্রধানমন্ত্রীয়ে ‘প্রধানমন্ত্রী বিশ্বকর্মা’ আঁচনিৰ শুভাৰম্ভ কৰিছিল। এই আঁচনিয়ে হাত আৰু সঁজুলিৰে কাম কৰা ১৮টা ব্যৱসায়ৰ থলুৱা শিল্পী তথা ব্যক্তিসকলক সহায় আগবঢায়। উল্লেখ্য যে এই আঁচনিৰ প্ৰথম বৰ্ষপূৰ্তি উপলক্ষে আজি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে মহাৰাষ্ট্ৰত এক অনুষ্ঠানত অংশ লয় আৰু হিতাধিকাৰীসকলৰ বাবে প্ৰমাণ পত্ৰ আৰু ঋণ মুকলি কৰি দিয়ে। ‘পিএম বিশ্বকৰ্মা’ আঁচনিৰ প্ৰথম বৰ্ষপূৰ্তি উপলক্ষে নগাঁও পলিটেকনিকত আয়োজিত কাৰ্যসূচীত বিধায়ক ৰূপক শৰ্মা আৰু জিতু গোস্বামী, জিলা আয়ুক্ত, পলিটেকনিকৰ শিক্ষাগুৰু আৰু শিক্ষার্থীসকল তথা আঁচনিৰ প্ৰশিক্ষণ গ্ৰহণ কৰা যথেষ্টসংখ্যক লোক উপস্থিত থাকে।
এই অনুষ্ঠানৰ অন্তত মন্ত্ৰী পীযুষ হাজৰীকাই সাংবাদিকৰ আগত নগাঁও জিলাই ‘প্রধানমন্ত্রী বিশ্বকর্মা’ আঁচনিত উল্লেখযোগ্য সফলতা লাভ কৰা বুলি মন্তব্য কৰে। এই আঁচনিৰ অধীনত বিভিন্ন ক্ষেত্ৰত কাম কৰা প্ৰায় ৯ হাজাৰ কাৰিকৰে প্ৰশিক্ষণ লোৱাৰ কথা মন্ত্ৰীগৰাকীয়ে জানিবলৈ দিয়ে। মন্ত্ৰীগৰাকীয়ে কয় যে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি এবছৰ ধৰি এটা অত্যন্ত উল্লেখযোগ্য কাম আৰম্ভ কৰিছে। এই আঁচনিৰ যোগেদি যেতিয়া কোনো এজন ব্যক্তিয়ে প্ৰশিক্ষণ লয়, তেতিয়া সেই ব্যক্তিজনে প্ৰত্যেক দিনা ৫০০ টকাকৈ ভাট্টা লাভ কৰে। তদুপৰি অহা-যোৱা কৰাৰ বাবদ ১০০০ কৈ টকা লাভ কৰে। আনহাতে, ট্ৰেইনিঙৰ অন্তত টুল কীট কিনিবৰ বাবে ১৫ হাজাৰ টকাকৈ দিয়া হয়। ইয়াৰ উপৰি আটাইতকৈ গুৰুত্বপূৰ্ণ কথাটো হ’ল যে ‘প্রধানমন্ত্রী বিশ্বকর্মা’ আঁচনিত যিয়ে প্ৰশিক্ষণ ল’ব, তেওঁলোকক ৩ লাখ টকালৈকে কোনো গেৰেণ্ট নথকাকৈ বা মটগেজ নিদিয়াকৈ ঋণ দিয়াৰ ব্যৱস্থা কৰা হৈছে। লগতে বজাৰতকৈ কম মূল্যত সুত দিব লাগে। এই কথাকেইটাই ভাৰতবৰ্ষত যথেষ্ট প্ৰগতি আনিব বুলি মন্ত্ৰীগৰাকীয়ে উল্লেখ কৰে। এই কথাকেইটাই বিপ্লৱৰ সূচনা কৰিব বুলি তেওঁ মন্তব্য কৰে। কিয়নো এই মানুহখিনিয়ে দেশৰ প্ৰগতিত সহায় কৰিব লাগিব বুলি তেওঁ মন্তব্য কৰে। এইখিনি মানুহ যদি স্কীলড হৈ উঠে, এইখিনি মানুহে যদি ভালদৰে কাম কৰে, তেন্তে দেশ যথেষ্ট আগবাঢ়ি যাব বুলি মন্ত্ৰীগৰাকীয়ে আশা ব্যক্ত কৰাৰ লগতে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ এই পদক্ষেপৰ শলাগ লয়।


















Leave a Comment
Your email address will not be published. Required fields are marked with *