‘ট্ৰাইবেল বেল্টৰ মাটিত মিঞাই প্ৰৱেশ কৰিলে আমি মনে মনে বহি নাথাকো’ অসমখনক কাশ্মীৰ হ’বলৈ নিদিওঁ। অসমীয়া খিলঞ্জীয়া মানুহৰ কবৰ মই ইয়াত খান্দিবলৈ নিদিওঁ।- এই তাৎপৰ্যপূৰ্ণ মন্তব্য মন্ত্ৰী জয়ন্তমল্ল বৰুৱাৰ। কচুতলীৰ ঘটনাক লৈ সাংবাদিকৰ আগত এই মন্তব্য কৰে মন্ত্ৰী জয়ন্ত মল্লবৰুৱাই। নিজৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰি মন্ত্ৰীগৰাকীয়ে কয় যে অসমখনক কাশ্মীৰ হ’বলৈ নিদিওঁ। অসমীয়া খিলঞ্জীয়া মানুহৰ কবৰ
‘ট্ৰাইবেল বেল্টৰ মাটিত মিঞাই প্ৰৱেশ কৰিলে আমি মনে মনে বহি নাথাকো’
অসমখনক কাশ্মীৰ হ’বলৈ নিদিওঁ। অসমীয়া খিলঞ্জীয়া মানুহৰ কবৰ মই ইয়াত খান্দিবলৈ নিদিওঁ।- এই তাৎপৰ্যপূৰ্ণ মন্তব্য মন্ত্ৰী জয়ন্তমল্ল বৰুৱাৰ। কচুতলীৰ ঘটনাক লৈ সাংবাদিকৰ আগত এই মন্তব্য কৰে মন্ত্ৰী জয়ন্ত মল্লবৰুৱাই। নিজৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰি মন্ত্ৰীগৰাকীয়ে কয় যে অসমখনক কাশ্মীৰ হ’বলৈ নিদিওঁ। অসমীয়া খিলঞ্জীয়া মানুহৰ কবৰ মই ইয়াত খান্দিবলৈ নিদিওঁ। ট্ৰাইবেল বেল্টৰ মাটিত মিঞাই প্ৰৱেশ কৰিলে আমি মনে মনে বহি নাথাকো।
মন্ত্ৰীগৰাকীয়ে আৰু কয় যে যিসকল মানুহে নিজৰ ল’ৰা-ছোৱালীৰ কবৰ এইখন অসমত খান্দিব খোজে, তেওঁলোকে সোণাপুৰৰ এই অনুপ্ৰৱেশকাৰীসকলক উচটনি দি থাকক। মই, মোৰ ল’ৰা, মোৰ নাতি ল’ৰা, মোৰ পৰিনাতি বা অসমীয়া খিলঞ্জীয়া মানুহৰ নাতি-পৰিনাতিক ইয়াত মূৰদাঙি জীয়াই থকাটো বিচাৰো। মই মোৰ অসমীয়া খিলঞ্জীয়া মানুহৰ কবৰ ইয়াত খান্দিবলৈ নিদিওঁ। গতিকে স্পষ্ট কথা, যাৰ নিজৰ ল’ৰা-ছোৱালীৰ প্ৰতি মৰম নাই, ভৱিষ্যত প্ৰজন্মৰ প্ৰতি মৰম নাই তেওঁলোকে মিঞাসকলক তেল মাৰি থাকক, আমাৰ ক’লগীয়া একো নাই।
অনুপ্ৰৱেশকাৰীয়ে ট্ৰাইবেল্ট বেল্টত সোমোৱাত আশ্চৰ্য প্ৰকাশ কৰি মন্ত্ৰীগৰাকীয়ে কয় যে অনুপ্ৰৱেশকাৰী বাংলাদেশী মিঞাই আহি ট্ৰাইবেল্ট বেল্টত সোমাই গ’ল, যি ট্ৰাইবেল্ট বেল্ট গোপীনাথ বৰদলৈয়ে আমাৰ খিলঞ্জীয়া মানুহসকলক সুৰক্ষা দিয়াৰ কাৰণে বনাইছিল। সেই ট্ৰাইবেল্ট বেল্ট অনুপ্ৰৱেশকাৰী মিঞাই আহি দখল কৰিব আৰু আমি মাত নমতাকৈ থাকিম এয়া কেতিয়াও হ’ব নোৱাৰে।
আমাৰ ল’ৰা-ছোৱালী ইয়াত জীয়াই থাকিব নালাগে নেকি বুলি প্ৰশ্ন কৰি মন্ত্ৰীগৰাকীয়ে কয় যে আমাৰ সতি-সন্ততি ইয়াত জীয়াই থাকিব লাগিব। অসমীয়া খিলঞ্জীয়া লোকৰ সন্তান ইয়াত জীয়াই থাকিব লাগিব। কাশ্মীৰৰ দৰে আমাৰ ল’ৰা-ছোৱালীক ইয়াৰ পৰা পলাই যাবলৈ দিম নেকি? গতিকে অনুপ্ৰৱেশকাৰী এই মিঞা সন্দৰ্ভত আমাৰ স্পষ্ট কথা – যিয়ে নিজৰ ল’ৰা-ছোৱালীৰ কবৰ ইয়াত খান্দিব খুজিছে, অসমীয়া খিলঞ্জীয়া মানুহৰ অৱস্থা কাশ্মীৰি মানুহৰ দৰে হোৱাটো বিচাৰিছে- তেওঁলোকে তেওঁলোকক তেল মাৰিব পাৰে, আমি নামাৰো আৰু ইয়াৰ বিৰুদ্ধে কঠোৰৰ পৰা কঠোৰ ব্যৱস্থা লোৱা হ’ব।
মন্ত্ৰীগৰাকীয়ে উচ্ছেদিতসকলৰ সপক্ষে নামি পৰা বিৰোধী, এআইইউডিএফ দলক সমালোচনা কৰি কয়- ‘মিঞাৰ আগ্ৰাসন যে চলি আছে, এইটো তেওঁলোকৰ বক্তব্যৰ পৰা ওলাই পৰে। গতিকে আমাৰ স্পষ্ট কথা যে এইখন অসমত মিঞাৰ আগ্ৰাসন নচলিব। আমি আমাৰ সতি-সন্ততিক, আমাৰ ভৱিষ্যত প্ৰজন্মক, খিলঞ্জীয়া মানুহক মূৰ দাঙি জীয়াই থকাৰ পৰিৱেশ এইখন অসমত আমি কৰি থৈ যাম। তাৰ কাৰণে যিমান কাম কৰিব লাগে আমি সকলোখিনি কাম কৰিবৰ কাৰণে আমি প্ৰস্তুত আছো।
উল্লেখ্য যে সোণাপুৰৰ ট্ৰেইবেল বেল্টৰ মাটিত অবৈধ অনুপ্ৰৱেশকাৰীয়ে মাটি দখল কৰি বসতি কৰি আছিল। সেই মানুহখিনিক অসম চৰকাৰৰ ফালৰ পৰা, জিলা প্ৰশাসনৰ ফালৰ পৰা ওলাই যাবলৈ জাননী জাৰি কৰা হৈছিল যদিও তেওঁলোকে ওলাই যোৱা নাছিল। পিছত তেওঁলোকক উচ্ছেদ কৰা হয়। আৰক্ষীয়ে উচ্ছেদ কৰিবলৈ যাওঁতেই সৃষ্টি হয় উত্তপ্ত পৰিস্থিতিৰ। ফলত আৰক্ষীক আক্ৰমণ কৰিবলৈ ওলাই আহে তাত থকা সন্দেহযুক্ত লোকসকল। আৰক্ষীয়ে প্ৰতি আক্ৰমণ কৰাৰ ফলত দুগৰাকী লোকৰ মৃত্যু হয়। ইয়াৰ পিছতেই এই ঘটনাক লৈ অব্যাহত থাকে বিভিন্ন ক্ৰিয়া-প্ৰতিক্ৰিয়া।


















Leave a Comment
Your email address will not be published. Required fields are marked with *