যুৱ কংগ্ৰেছৰ সভাপতি জুবেইৰ এনামৰ নেতৃত্বত অনলাইন ট্ৰেডিং কেলেংকাৰিকংগ্ৰেছৰ বিধায়ক আছিফ মহম্মদ নাজাৰৰ ভাৰাঘৰৰ পৰা স্বপ্ননীলে মেলিছিল লুণ্ঠনৰ জাল অনলাইন ট্ৰেডিং কেলেংকাৰিত জড়িতসকল এজন এজনকৈ ধৰা পৰাৰ সময়তে এই ট্ৰেডিং কেলেংকাৰিত কংগ্ৰেছ দলৰ একাংশ নেতা-কৰ্মী জড়িত থকাৰ বিস্ফোৰক তথ্য পোহৰলৈ আহিছে। আনকি কংগ্ৰেছৰ ছত্ৰছায়াতে এই অবৈধ ট্ৰেডিং চলি থকা বুলি অভিযোগ উত্থাপিত হৈছে। শেহতীয়াভাৱে কাছাৰৰ
যুৱ কংগ্ৰেছৰ সভাপতি জুবেইৰ এনামৰ নেতৃত্বত অনলাইন ট্ৰেডিং কেলেংকাৰি
কংগ্ৰেছৰ বিধায়ক আছিফ মহম্মদ নাজাৰৰ ভাৰাঘৰৰ পৰা স্বপ্ননীলে মেলিছিল লুণ্ঠনৰ জাল
অনলাইন ট্ৰেডিং কেলেংকাৰিত জড়িতসকল এজন এজনকৈ ধৰা পৰাৰ সময়তে এই ট্ৰেডিং কেলেংকাৰিত কংগ্ৰেছ দলৰ একাংশ নেতা-কৰ্মী জড়িত থকাৰ বিস্ফোৰক তথ্য পোহৰলৈ আহিছে। আনকি কংগ্ৰেছৰ ছত্ৰছায়াতে এই অবৈধ ট্ৰেডিং চলি থকা বুলি অভিযোগ উত্থাপিত হৈছে। শেহতীয়াভাৱে কাছাৰৰ বাখৰশালৰ ছাকিৰ এণ্ড কোম্পানীৰ প্ৰায় ৪০০ কোটি টকা লুণ্ঠনৰ তথ্য পোহৰলৈ অহাৰ পিছতে এই সমগ্ৰ ঘটনা যে কংগ্ৰেছে সাৰ পানী যোগাই আহিছিল সেয়া এতিয়া স্পষ্ট হৈ পৰিছে। ইপিনে, ট্ৰেডিং প্ৰৱঞ্চক স্বপ্ননীল দাসে যিটো স্থানৰ পৰা ট্ৰেডিঙৰ লুণ্ঠন চলাইছিল সেয়া আছিল লাহৰীঘাটৰ প্ৰাক্তন মন্ত্ৰী, জ্যেষ্ঠ কংগ্ৰেছ নেতা তথা বিধায়ক প্ৰয়াত ডাঃ নজৰুল ইছলামৰ পুত্ৰ বিধায়ক ডাঃ আছিফ মহম্মদ নাজাৰৰ ভাৰাঘৰ। এইগৰাকী কংগ্ৰেছ নেতাৰ ভাৰাঘৰতে স্বপ্ননীলে অবৈধ ট্ৰেডিঙৰ লুণ্ঠনৰ জাল মেলিবলৈ সক্ষম হৈছিল। আনহাতে, অনলাইন ট্রেডিঙৰ নামত প্ৰৱঞ্চনা কৰি সাধাৰণ ৰাইজৰ পৰা কোটি কোটি টকা সৰকাই নিয়া কৰিমগঞ্জৰ বাখৰশাল এলেকাৰ মহম্মদ ছাকিৰ নামৰ যুৱকজন প্ৰদেশ যুৱ কংগ্ৰেছৰ সভাপতি জুবেৰ আনম মজুমদাৰৰ অতিকৈ ঘনিষ্ঠ। এই ছাকিৰে বাখৰশালত ‘ছাকিৰ ট্রেডিং ক্লাচেছ নামৰ শিক্ষা প্রতিষ্ঠান’ খুলি ৰাইজক প্রশিক্ষণ দিছিল। এই ছাকিৰৰ সৈতে যুৱ কংগ্ৰেছৰ ৰাজ্যিক সভাপতি জুবেৰ এনামে বিগত লোকসভা নির্বাচনত দলীয় টিকট লাভ কৰাৰ আশাত বৰাকলৈ আহি গাড়ীত উঠি ঘূৰা ফুৰা কৰিছিল। লগতে ছাকিৰ এণ্ড কোম্পানীৰ কেইবাজনো যুৱকক যুৱ কংগ্ৰেছৰ বিভিন্ন পদত অধিষ্ঠিত কৰা হৈছিল। ৪০০ কোটি টকা লুণ্ঠন কৰি সম্প্ৰতি পলাতক ছাকিৰ এণ্ড কোম্পানীৰ সদস্যসকল। লগতে পলাতক অৱস্থাত আছে যুৱ কংগ্ৰেছী নেতা জুবেৰ এনামো। মুন্না ওৰফে মুজ্জাকিৰ আহমেদ নাৰ আন এজন যুৱক ছাকিৰৰ অন্যতম সহযোগী। এওঁৰো আছে প্ৰদেশ যুৱ কংগ্ৰেছৰ সভাপতি জুবেৰ আনম মজুমদাৰ সৈতে সু-সম্পৰ্ক। আনহাতে, যুৱ কংগ্ৰেছে ছাকিৰৰ পৰা লৈছিল ৫০ লাখৰ অধিক টকা। যাৰ সুবাদত লুণ্ঠনৰ এজেণ্টক যুৱ কংগ্ৰেছত দিছিল বিভিন্ন পদ। মহম্মদ আফছাদ যুৱ কংগ্ৰেছৰ সম্পাদকো জড়িত এই লুণ্ঠনত। একেদৰে মুজ্জাকিৰক এন এছ ইউ আইৰ সম্পাদক পদ যঁচা হৈছিল। পলাতক আটাইৰে বিৰুদ্ধে আৰক্ষীয়ে জাৰি কৰিছে লুকআউট ন’টিচ।
উল্লেখ্য যে কৰিমগঞ্জ আৰক্ষীয়ে ইতিমধ্যে ‘ট্রেডিং প্রশিক্ষক’ ছাকিৰ এণ্ড কোম্পানীৰ বিৰুদ্ধে নিজাববীয়াকৈ গোচৰ ৰুজু কৰিছে। কৰিমগঞ্জ সদৰ থানাত ৫৪৩/২০২৪ নম্বৰৰ এটা গোচৰ পঞ্জীয়ন কৰি তদন্ত আৰম্ভ কৰিছে।


















Leave a Comment
Your email address will not be published. Required fields are marked with *