‘কংগ্ৰেছ দলে ট্রেডিং কেলেংকাৰিৰ সঠিক তদন্ত কৰিব বিচৰা নাছিল’‘তদন্ত যাতে হৈ নুঠে, তাৰ কাৰণে কংগ্ৰেছে ষড়যন্ত্ৰ ৰচনা কৰিছিল’ অনলাইন ট্রেডিঙেই হওক বা আন প্ৰৱঞ্চনাই হওক, ইয়াৰ লগত জড়িত এজনো লোক সাৰি যাব নোৱাৰে।- এই গুৰুত্বপূৰ্ণ মন্তব্য অসম চৰকাৰৰ মন্ত্ৰী পীযুষ হাজৰীকাৰ। অসমত ব্যাপকভাৱে চৰ্চা লাভ কৰা অনলাইন ট্ৰেডিং প্ৰৱঞ্চনাৰ ঘটনা সন্দৰ্ভত আজি সাংবাদিকৰ আগত নিজৰ
‘কংগ্ৰেছ দলে ট্রেডিং কেলেংকাৰিৰ সঠিক তদন্ত কৰিব বিচৰা নাছিল’
‘তদন্ত যাতে হৈ নুঠে, তাৰ কাৰণে কংগ্ৰেছে ষড়যন্ত্ৰ ৰচনা কৰিছিল’
অনলাইন ট্রেডিঙেই হওক বা আন প্ৰৱঞ্চনাই হওক, ইয়াৰ লগত জড়িত এজনো লোক সাৰি যাব নোৱাৰে।- এই গুৰুত্বপূৰ্ণ মন্তব্য অসম চৰকাৰৰ মন্ত্ৰী পীযুষ হাজৰীকাৰ। অসমত ব্যাপকভাৱে চৰ্চা লাভ কৰা অনলাইন ট্ৰেডিং প্ৰৱঞ্চনাৰ ঘটনা সন্দৰ্ভত আজি সাংবাদিকৰ আগত নিজৰ প্ৰতিক্ৰিয়া ব্যক্ত কৰি মন্ত্ৰীগৰাকীয়ে এই মন্তব্য কৰে। তেওঁ কয় যে ড০ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ চৰকাৰখনৰ নীতি হ’ল দুৰ্নীতিৰ বিৰুদ্ধে শূন্য সহনশীলতা। এইকেইদিনত যি প্ৰৱঞ্চনাৰ কথা সকলোতে চলি আছে বা প্ৰচলিত হৈছে বা ব্যাপক চৰ্চা লাভ কৰিছে, অনলাইন ট্ৰেডিঙৰ যোগেদি মানুহক সৰ্বস্বান্ত কৰা হৈছে, মানুহৰ পইচা আত্মসাৎ কৰা হৈছে, ইয়াৰ বিৰুদ্ধে চৰকাৰৰ স্পষ্ট নীতি যে শূন্য সহনশীলতা। গতিকে যিসকল ব্যক্তি অভিযুক্ত বুলি নাম ওলাইছিল, প্ৰায়সংখ্যক ব্যক্তিকে কৰায়ত্ত কৰা হৈছে। আৰু যি এজন দুজন পলাই আছে, কোনেও পলাই থাকিব নোৱাৰে, মই অসম চৰকাৰৰ মন্ত্ৰী হিচাপে এইক্ষেত্ৰত নিশ্চিত। মন্ত্ৰীগৰাকীয়ে পুনৰ কয় যে ড০ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া এইক্ষেত্ৰত অত্যন্ত কঠোৰ, যি এজন দুজন পলাই আছে, তেওঁলোকো বেছিদিন পলাই থাকিব নোৱাৰে। তেওঁলোক আহি হয়তো আত্মসমৰ্পণ কৰিব লাগিব, নতুবা তেওঁলোকক আমাৰ আৰক্ষী প্ৰশাসনে কৰায়ত্ত কৰিব। ইয়াৰ বিৰুদ্ধে গুৰুত্বসহকাৰে ব্যৱস্থা লোৱা হ’ব, তদন্ত হ’ব। মই ভাবো যে আইনে নিজৰ পথ গুৰুত্বসহকাৰে ল’ব। কোনোবাই যদি সঁচাকৈ প্ৰৱঞ্চনা কৰিছে, তেওঁলোকৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা নিশ্চয়কৈ লোৱা হ’ব বুলি মন্ত্ৰীগৰাকীয়ে প্ৰকাশ কৰে।
চুমি বৰা নেপাললৈ পলাই যোৱা বুলি কংগ্ৰেছে কৰা অপপ্ৰচাৰ সন্দৰ্ভতো মন্ত্ৰীগৰাকীয়ে নিজৰ প্ৰতিক্ৰিয়া ব্যক্ত কৰে। তেওঁ কয় যে কংগ্ৰেছে এনেধৰণৰ অপপ্ৰচাৰ কৰি সমগ্ৰ তদন্তৰ প্ৰক্ৰিয়াটোক বিপথে পৰিচালিত কৰিব বিচাৰিছিল। কংগ্ৰেছৰ এই কাৰ্যক মন্ত্ৰীগৰাকীয়ে তীব্ৰ গৰিহণা দিয়ে। মন্ত্ৰীগৰাকীয়ে কয় যে অসম চৰকাৰ বা অসম আৰক্ষীয়ে গুৰুত্বসহকাৰে এই বিষয়টোৰ তদন্ত কৰি আছিল। তদন্ত যাতে হৈ নুঠে, ইয়াৰ বাবে মানুহে যাতে চৰকাৰখনক বেয়া পায়, তাৰ কাৰণে কংগ্ৰেছে ষড়যন্ত্ৰ ৰচনা কৰিছিল। কিন্তু সেই ষড়যন্ত্ৰৰ ৰহস্য ফাদিল হ’ল, কিয়নো চুমি বৰা আৰু অন্য অভিযুক্তসকল ধৰা পৰিল। কোনেও পলাই সাৰিব নোৱাৰে, অসম চৰকাৰ এই ক্ষেত্ৰত আৰু অধিক কঠোৰ হ’ব বুলি তেওঁ দৃঢ়তাৰে মন্তব্য কৰে। অনলাইন ট্ৰেডিঙেই হওক বা আন প্ৰৱঞ্চনাই হওক, এইবোৰ কৰি অসম পুলিচৰ পৰা কোনেও বাচি থাকিব নোৱাৰে বুলি তেওঁ কয়। এই বিষয়টোক লৈ অসমৰ ৰাইজক বিপথে পৰিচালিত কৰাৰ বাবে কংগ্ৰেছে যি ষড়যন্ত্ৰ কৰিছিল, তেওঁলোকৰ ষড়যন্ত্ৰ ব্যৰ্থ হোৱা বুলি মন্ত্ৰীগৰাকীয়ে প্ৰকাশ কৰে। এই কেলেংকাৰিত জড়িত এজনো ব্যক্তি সাৰি যাব নোৱাৰে বুলি তেওঁ সংবাদমাধ্যমৰ জৰিয়তে ৰাইজক আশ্বাস প্ৰদান কৰে।


















Leave a Comment
Your email address will not be published. Required fields are marked with *