নিউজ ডেস্কঃ শ্ৰীলংকাৰ ফটোগ্ৰাফী এছ’চিয়েচনৰ উদ্যোগত কালি সন্ধিয়া কলম্বোৰ বিখ্যাত লায়নেল ৱেণ্ট কলা কেন্দ্ৰত “লিৰিকেল লেন্স” নামৰ তথ্যচিত্ৰখনিৰ বিশেষ প্ৰদৰ্শনৰ ব্যৱস্থা কৰা হয়। প্ৰখ্যাত ফটোগ্ৰাফাৰ নলিনী বৰুৱাৰ ওপৰত নিৰ্মাণ কৰা ছবিখনৰ পৰিচালনা অধ্যাপক অংকুৰণ দত্তৰ। আঠটা দশকৰ দীঘলীয়া কেৰিয়াৰত তিনি লাখতকৈও অধিক ফটোগ্ৰাফ শ্বু’ট কৰা বৰুৱাৰ অভিজ্ঞতাক লৈ নিৰ্মাণ কৰা হৈছে তথ্যচিত্ৰখন, যি কেৱল শিল্পীগৰাকীৰ
নিউজ ডেস্কঃ শ্ৰীলংকাৰ ফটোগ্ৰাফী এছ’চিয়েচনৰ উদ্যোগত কালি সন্ধিয়া কলম্বোৰ বিখ্যাত লায়নেল ৱেণ্ট কলা কেন্দ্ৰত “লিৰিকেল লেন্স” নামৰ তথ্যচিত্ৰখনিৰ বিশেষ প্ৰদৰ্শনৰ ব্যৱস্থা কৰা হয়। প্ৰখ্যাত ফটোগ্ৰাফাৰ নলিনী বৰুৱাৰ ওপৰত নিৰ্মাণ কৰা ছবিখনৰ পৰিচালনা অধ্যাপক অংকুৰণ দত্তৰ। আঠটা দশকৰ দীঘলীয়া কেৰিয়াৰত তিনি লাখতকৈও অধিক ফটোগ্ৰাফ শ্বু’ট কৰা বৰুৱাৰ অভিজ্ঞতাক লৈ নিৰ্মাণ কৰা হৈছে তথ্যচিত্ৰখন, যি কেৱল শিল্পীগৰাকীৰ বায়’-স্কেচ্চেই নহয়, তেওঁৰ আজীৱন অভিজ্ঞতাৰে ফটোগ্ৰাফী সম্পৰ্কে তেওঁৰ ধাৰণা আৰু তেওঁৰ লেন্সেৰ জৰিয়তে অসমক চিনাকি কৰাই দিয়াৰ প্ৰয়াস প্ৰতিফলিত হৈছে।

১৯০৬ চনত প্ৰতিষ্ঠা হোৱা শ্ৰীলংকাৰ ফটোগ্ৰাফী এছ’চিয়েচনে অধ্যাপক দত্তৰ তথ্যচিত্ৰৰ জৰিয়তে নলিনী বৰুৱাৰ কৰ্মৰাজিৰ পৰিচয় কৰাই দিয়াৰ উদ্যোগ লৈছে। ফটোগ্ৰাফীত ৮০ বছৰীয়া কেৰিয়াৰেৰে এজন ফটোগ্ৰাফাৰৰ ওপৰত এখন ছবি নিৰ্মাণ কৰাৰ বাবে এছ’চিয়েচনৰ সভাপতি ৰোমেশ ডি চিলভাই অধ্যাপক দত্তক ধন্যবাদ জনায়। তেওঁ লগতে মন্তব্য কৰে যে হয়তো নলিনী বৰুৱা পৃথিৱীৰ একমাত্ৰ ফটোগ্ৰাফাৰ যিয়ে আঠটা দশকৰো অধিক সময় সক্ৰিয় ফটোগ্ৰাফীৰ কেৰিয়াৰ অব্যাহত ৰাখিছে। সন্থাৰ বহু সদস্য আৰু বিশেষ নিমন্ত্ৰিত ব্যক্তিয়ে এই প্ৰদৰ্শনীত অংশগ্ৰহণ কৰে।

২০২৩ চনত নিৰ্মিত ৫২ মিনিটৰ এই তথ্যচিত্ৰখনে ইতিমধ্যে ১৩ সংখ্যক চেন্নাই আন্তঃৰাষ্ট্ৰীয় তথ্যচিত্ৰ আৰু চুটি চলচ্চিত্ৰ মহোৎসৱ ২০২৪, বুডাপেষ্টৰ পেৰাডাইজ ফিল্ম ফেষ্টিভেল ২০২৩, নৱম জাফনা আন্তঃৰাষ্ট্ৰীয় চিনেমা মহোৎসৱ ২০২৩, কলহাপুৰ আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱ ২০২৪ আদিকে ধৰি বহু চলচ্চিত্ৰ মহোৎসৱত প্ৰশংসা লাভ কৰিছে। এই ছবিখনৰ পূৰ্বে ২০২০ চনত বৰটোকোলাৰ ওপৰত নিৰ্মিত অধ্যাপক দত্তৰ “Stalking the Storks” শীৰ্ষক তথ্যচিত্ৰখনেও বহু আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱত প্ৰদৰ্শিত হৈছিল।
Leave a Comment
Your email address will not be published. Required fields are marked with *