গুৱাহাটী, ৬ ছেপ্টেম্বৰঃ উত্তৰ-পূৰ্বাঞ্চলৰ উচ্চ শিক্ষাৰ অন্যতম প্ৰতিষ্ঠান কটন বিশ্ববিদ্যালয়ে ৰাষ্ট্ৰীয় মূল্যাংকন আৰু প্ৰত্যাপন পৰিষদ চমুকৈ নাক(NAAC)ৰ দ্বাৰা ‘এ’ গ্ৰেডেৰে স্বীকৃতি লাভ কৰিছে। এই সাফল্যৰ জৰিয়তে কটন বিশ্ববিদ্যালয় উত্তৰ-পূবৰ অতি কম সংখ্যক বিশ্ববিদ্যালয়ৰ ভিতৰত অন্যতম আৰু ‘নেক’ৰ প্ৰথমটো মূল্যায়ন চক্ৰত ‘এ’ গ্ৰেড লাভ কৰি অসমৰ প্ৰথমখন ৰাজহুৱা খণ্ডৰ বিশ্ববিদ্যালয় হিচাপে পৰিগণিত হৈছে। কটন বিশ্ববিদ্যালয়ে লাভ
গুৱাহাটী, ৬ ছেপ্টেম্বৰঃ উত্তৰ-পূৰ্বাঞ্চলৰ উচ্চ শিক্ষাৰ অন্যতম প্ৰতিষ্ঠান কটন বিশ্ববিদ্যালয়ে ৰাষ্ট্ৰীয় মূল্যাংকন আৰু প্ৰত্যাপন পৰিষদ চমুকৈ নাক(NAAC)ৰ দ্বাৰা ‘এ’ গ্ৰেডেৰে স্বীকৃতি লাভ কৰিছে। এই সাফল্যৰ জৰিয়তে কটন বিশ্ববিদ্যালয় উত্তৰ-পূবৰ অতি কম সংখ্যক বিশ্ববিদ্যালয়ৰ ভিতৰত অন্যতম আৰু ‘নেক’ৰ প্ৰথমটো মূল্যায়ন চক্ৰত ‘এ’ গ্ৰেড লাভ কৰি অসমৰ প্ৰথমখন ৰাজহুৱা খণ্ডৰ বিশ্ববিদ্যালয় হিচাপে পৰিগণিত হৈছে।
কটন বিশ্ববিদ্যালয়ে লাভ কৰা এই সাফল্যৰ বাবে অসম চৰকাৰৰ শিক্ষা বিভাগৰ মন্ত্ৰী ডাঃ ৰণোজ পেগুৱে তেখেতৰ ছ’চিয়েল মিডিয়াৰ ‘X’ হেণ্ডেল আৰু ফেচবুকৰ জৰিয়তে বিশ্ববিদ্যালয়খনক অভিনন্দন জনায় আৰু কটনক ‘জ্ঞান আৰু উচ্চ শিক্ষাৰ মানদণ্ডৰ প্ৰতীক’ বুলি প্ৰশংসা কৰে।
কটন বিশ্ববিদ্যালয়ৰ উপাচাৰ্য অধ্যাপক ৰমেশ চন্দ্ৰ ডেকাই বিশ্ববিদ্যালয়খনৰ সৈতে জড়িত সকলো অংশীদাৰসকলক অভিনন্দন জ্ঞাপন কৰে। তেখেতে কয়, ‘নাকৰ প্ৰথম মূল্যাংকনত এ গ্ৰেড লাভ কৰাটো সঁচাকৈয়ে আমাৰ সকলোৰে বাবে এক অতি গৌৰৱৰ মুহূৰ্ত। এই কৃতিত্বই সামগ্ৰিকভাৱে বিশ্ববিদ্যালয়খনৰ মহান মনোভাৱ আৰু নিষ্ঠাক প্ৰতিফলিত কৰিছে। বিশ্ববিদ্যালয়খনৰ অংশীদাৰসকলৰ সমৰ্থন, প্ৰচেষ্টা আৰু কঠোৰ পৰিশ্ৰমৰ অবিহনে এইয়া সম্ভৱ নহ’লহেঁতেন।’
মহাবিদ্যালয় আৰু বিশ্ববিদ্যালয়ৰ বাবে পৃথক মূল্যায়নৰ পৰিমাপসমূহৰ সৈতে এই গ্ৰেডিঙে কটনৰ বিশ্ববিদ্যালয় হিচাপে কৰা যাত্ৰাক গতি প্ৰদান কৰিছে।
Leave a Comment
Your email address will not be published. Required fields are marked with *