728 x 90
Like Us On Facebook
Facebook Pagelike Widget
728 x 90

শিৱসাগৰত অখিল গগৈ, দেবব্ৰত শইকীয়া আৰু ভূপেন বৰাৰ বিৰুদ্ধে গোচৰ ৰুজু বিজেপি নেতা ময়ূৰ বৰগোহাঁইৰ

শিৱসাগৰত অখিল গগৈ, দেবব্ৰত শইকীয়া আৰু ভূপেন বৰাৰ বিৰুদ্ধে গোচৰ ৰুজু বিজেপি নেতা ময়ূৰ বৰগোহাঁইৰ

তেওঁলোকে মোৰ বিৰুদ্ধে মিছা অভিযোগ আনিছে, এয়া ৰাজনৈতিক উদ্দেশ্যপ্ৰণোদিতঃ ময়ূৰ বৰগোহাঁইশিৱসাগৰত বিজেপিৰ জিলা সভাপতি ময়ূৰ বৰগোহাঁইৰ সংবাদমেল শিৱসাগৰত অখিল গগৈ, দেবব্ৰত শইকীয়া আৰু ভূপেন বৰাৰ বিৰুদ্ধে গোচৰ ৰুজু কৰে বিজেপি নেতা ময়ূৰ বৰগোহাঁয়ে। শিৱসাগৰ ন্যায়িক দণ্ডাধীশৰ আদালতত আজি গোচৰ ৰুজু কৰে বিজেপি নেতাগৰাকীয়ে। উল্লেখ্য যে এটা বিশেষ ভিডিঅ’ক লৈ চৰ্চাত আছিল বিজেপি নেতাগৰাকীৰ নাম। ময়ূৰ

তেওঁলোকে মোৰ বিৰুদ্ধে মিছা অভিযোগ আনিছে, এয়া ৰাজনৈতিক উদ্দেশ্যপ্ৰণোদিতঃ ময়ূৰ বৰগোহাঁই
শিৱসাগৰত বিজেপিৰ জিলা সভাপতি ময়ূৰ বৰগোহাঁইৰ সংবাদমেল

শিৱসাগৰত অখিল গগৈ, দেবব্ৰত শইকীয়া আৰু ভূপেন বৰাৰ বিৰুদ্ধে গোচৰ ৰুজু কৰে বিজেপি নেতা ময়ূৰ বৰগোহাঁয়ে। শিৱসাগৰ ন্যায়িক দণ্ডাধীশৰ আদালতত আজি গোচৰ ৰুজু কৰে বিজেপি নেতাগৰাকীয়ে। উল্লেখ্য যে এটা বিশেষ ভিডিঅ’ক লৈ চৰ্চাত আছিল বিজেপি নেতাগৰাকীৰ নাম। ময়ূৰ বৰগোহাঁইৰ বিৰুদ্ধে বৰপেটাত ৰুজু হৈছিল দুটাকৈ গোচৰ। ইয়াৰ পিছতেই বিষয়টোক লৈ সৰৱ হৈ পৰিছিল শিৱসাগৰ সমষ্টিৰ বিধায়ক অখিল গগৈ, বিৰোধী দলপতি দেবব্ৰত শইকীয়া আৰু প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰা। আজি বিজেপি নেতাগৰাকীয়ে দলীয় কৰ্মকৰ্তাক লগত লৈ শিৱসাগৰ ন্যায়িক দণ্ডাধীশ আদালতত উপস্থিত হৈ অখিল গগৈ, দেবব্ৰত শইকীয়া আৰু ভূপেন বৰাৰ বিৰুদ্ধে গোচৰ ৰুজু কৰে। এই সন্দৰ্ভত তেওঁ সাংবাদিকৰ আগত নিজৰ প্ৰতিক্ৰিয়া ব্যক্ত কৰে। সম্পূৰ্ণ ভুল তথ্যৰে অখিল গগৈ, দেবব্ৰত শইকীয়া আৰু ভূপেন বৰাই তেওঁৰ বিৰুদ্ধে মিছা অভিযোগ আনি সাম্প্ৰদায়িক সংঘৰ্ষ সৃষ্টি কৰা পৰিৱেশৰ সৃষ্টি কৰা বুলি অভিযোগ কৰে। মাৰপিটৰ দুটাকৈ ভিডিঅ’ৰে বিজেপি নেতাগৰাকী সমগ্ৰ ঘটনাটোত জড়িত বুলি যি প্ৰচাৰ চলোৱা হৈছিল, এই সমগ্ৰ বিষয়টো তেওঁলোকে ভুল তথ্যৰে ৰাইজৰ আগত দাঙি ধৰা বুলি বিজেপি নেতাগৰাকীয়ে অভিযোগ কৰে। নেতাগৰাকীয়ে সংবাদমেলৰ জৰিয়তে সকলো প্ৰমাণ কৰিব বুলিও সাংবাদিকৰ আগত প্ৰকাশ কৰে। আনহাতে, সমগ্ৰ ঘটনাটো সম্পূৰ্ণ ৰাজনৈতিক উদেশ্যপ্ৰণোদিতভাৱে তেওঁলোকে কৰা বুলি বিজেপি নেতাগৰাকীয়ে অভিযোগ কৰে। নেতাগৰাকীয়ে কয় যে ভিডিঅ’টোৰ সম্পৰ্কত প্ৰথম এখন এজাহাৰ দিয়া হৈছিল, কিন্তু প্ৰথম এজাহাৰখনত নেতাগৰাকীৰ কথা বা সাম্প্ৰদায়িক সংঘৰ্ষৰ কথা বা পইচা দিয়াৰ কথা উল্লেখেই নাছিল। তাৰ দ্বিতীয় দিনা আৰু এখন এজাহাৰ দিয়া হৈছিল, যিখন এজাহাৰ সম্পূৰ্ণ পৰিকল্পিতভাৱে দিয়া হৈছিল। দ্বিতীয় এজাহাৰখনত তেওঁলোকে বন্দুক-বাৰুদৰ কথা কৈছে, তৰোৱাল আদি কৰি বিভিন্ন কথা লিখি দিছে। সম্পূৰ্ণ পৰিকল্পিতভাৱে গোটেই বিষয়বস্তুটো উলিয়াই দিয়া হৈছে বুলি নেতাগৰাকীয়ে অভিযোগ কৰে। তেওঁ কয় যে আমাৰ শিৱসাগৰ জিলাত ৩০ টা জাতি-জনগোষ্ঠীয়ে ‘আমাৰ বজাৰ আৰু আমাৰ পথাৰ’ৰ উদ্দেশ্যে খিলঞ্জীয়াৰ অস্তিত্ব ৰক্ষাৰ যি সংগ্ৰাম শিৱসাগৰৰ পৰা আৰম্ভ কৰিছিল, সেই সংগ্ৰামখনক সম্পূৰ্ণ বিপথে পৰিচালিত কৰিবৰ কাৰণে তেওঁলোকে এইধৰণৰ পৰিকল্পিত এক পৰিৱেশৰ সৃষ্টি কৰিছে। যিসময়ত অসমৰ সাম্প্ৰতিক পৰিস্থিতিৰ ওপৰত তথা ধিঙৰ নাবালিকা ধৰ্ষণৰ ঘটনাৰ বিৰুদ্ধে বিধানসভাত তেওঁলোকে ভূমিকা ল’ব লাগিছিল, সেই সময়ত গোটেই বিষয়বস্তুসমূহৰ পৰা ফালৰি কাটি আহি তেওঁলোকে শিৱসাগৰক কেন্দ্ৰ কৰি গোটেই বিষয়টো উত্থাপন কৰিছে। এয়া সম্পূৰ্ণ ৰাজনৈতিক উদ্দেশ্যপ্ৰণোদিত বুলি বিজেপি নেতাগৰাকীয়ে সাংবাদিকৰ আগত মন্তব্য কৰে।
ইপিনে, অখিল গগৈ, দেৱব্ৰত শইকীয়া আৰু অখিল গগৈৰ বিৰুদ্ধে গোচৰ ৰুজু কৰাৰ পিছতেই আজি বিয়লি শিৱসাগৰত বিজেপিৰ জিলা সভাপতি ময়ূৰ বৰগোহাঁয়ে সমগ্ৰ বিষয়টো সন্দৰ্ভত এক সংবাদমেল সম্বোধন কৰে। সংবাদমেলত নেতাগাৰকীয়ে ৰাজনৈতিক উদ্দেশ্যপ্ৰণোদিতভাৱে তেওঁৰ নাম সাঙুৰি লোৱা হৈছে বুলি তথ্য-প্ৰমাণসহ উল্লেখ কৰে। তেওঁ কয় যে পৰিকল্পিতভাৱে গোচৰত সন্নিবিষ্ট কৰা হৈছে মোৰ নাম। দুখন এজাহাৰ দিয়া হৈছিল। প্ৰথমখন এজাহাৰত নাছিল মোৰ নাম। প্ৰথম এজাহাৰত নাছিল পোন্ধৰ লাখ টকাৰ কথা। দ্বিতীয় এজাহাৰত উদ্দেশ্যপ্ৰণোদিতভাৱে মোৰ নাম সন্নিবিষ্ট কৰিছিল। দেৱব্ৰত শইকীয়াৰ কথা-বতৰা শুনি অনুমান হয় যে তেওঁৱেই সমগ্ৰ দৃশ্যপট ৰচনা কৰিছিল। পৰিকল্পনা হৈছিল দেৱব্ৰত শইকীয়াৰ মতেই। ভূপেন বৰাই একো নজনাকৈয়ে দোষীক শাস্তি দিব লাগে বুলি প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে। চাওলুং চুকাফাৰ মৈদাম যে বেদখল হৈ আছে তাত গুৰুত্ব নাই দেৱব্ৰত শইকীয়াৰ।
কিন্তু টাই আহোম পৰিষদৰ নেতৃত্বত প্ৰায় এক কোটি আঠ লাখ টকাৰে কাম আৰম্ভ হৈছে, যিটো সহজে গ্ৰহণ কৰিব পৰা নাই শইকীয়াই। এনে এক সুযোগ লৈ মোৰ সামাজিকভাৱে মানহানি কৰিছে। বিজেপি নেতাগৰাকীয়ে দেবব্ৰত শইকীয়াক চোকা সমালোচনা কৰি পুনৰ কয় যে ৰাষ্ট্ৰীয় পৰ্যায়ৰ খেলুৱৈ জিমি দাসক মাত এষাৰ দিবলৈ সময় নাছিল শইকীয়াৰ। ৩০ দল-সংগঠনৰ প্ৰতিও কোনো সঁহাৰি নিদিলে শইকীয়াই, কিন্তু বিধানসভা অধিবেশনত ওলোটাকৈ এই কথাটো উলিয়াইছিল শইকীয়াই। ৩০ দল-সংগঠনে কাৰ শ্ৰুতলিপি মতে কাম কৰিছে বুলি প্ৰশ্নহে কৰিছে দেৱব্ৰত শইকীয়াই।
সংবাদমেলত বিজেপিৰ জিলা সভাপতিগৰাকীয়ে পুনৰ কয় যে মিঞাৰ সুৰক্ষাৰ বাবেই সদায় কাম কৰে কংগ্ৰেছে। অখিল গগৈক জেলত থাকোঁতেও জিকাইছিল। কিন্তু মিঞাৰ পৰিৱৰ্তে খিলঞ্জীয়াৰ বাবে কাম কৰক অখিল গগৈয়ে। মোৰ নাম লৈ অখিল গগৈয়ে দুই নম্বৰ এজাহাৰখনৰ কথা বাৰে বাৰে কৈছিল।
খিলঞ্জীয়াৰ সুৰক্ষাৰ বাবে পূৰ্বেও কাম কৰিছিলোঁ এতিয়াও কৰি যাম বুলি বিজেপি নেতাগৰাকীয়ে মন্তব্য কৰে। শ্বেৰমান আলীক সমালোচনা কৰি তেওঁ কয় যে শ্বেৰমান আলীয়ে এই বিষয়ক লৈ মিঞাৰ মাজত জনপ্ৰিয় হ’বলৈ কিবাকিবি কৈ ফুৰিছে, কিন্তু শ্বেৰমান আলীক লৈ মই বিশেষ গুৰুত্ব দিয়া নাই।

Posts Carousel

Leave a Comment

Your email address will not be published. Required fields are marked with *

Latest Posts

Top Authors

Most Commented

Featured Videos

error: Content is protected !!