728 x 90
Like Us On Facebook
Facebook Pagelike Widget
728 x 90

প্রদ্যুৎ বৰদলৈৰ বিৰুদ্ধে মানহানিৰ গোচৰ তৰিব মন্ত্ৰী পীযুষ হাজৰীকাই

প্রদ্যুৎ বৰদলৈৰ বিৰুদ্ধে মানহানিৰ গোচৰ তৰিব মন্ত্ৰী পীযুষ হাজৰীকাই

🔹উজনিলৈ মাছৰ যোগান বন্ধ কৰা প্ৰসংগঃ🔹মন্ত্ৰী পীযুষ হাজৰীকাৰ বিৰুদ্ধে অপপ্ৰচাৰ সাংসদ প্ৰদ্যুৎ বৰদলৈৰ সাংসদ প্রদ্যুৎ বৰদলৈৰ বিৰুদ্ধে মানহানিৰ গোচৰ তৰিব জলসম্পদ মন্ত্রী পীযুষ হাজৰীকাই। মন্ত্ৰী হাজৰীকাই সামজিক মাধ্যম ‘এক্স’ত কালি এই কথা ঘোষণা কৰে। উল্লেখ্য যে উজনিৰ পৰা মিঞা খেদা অভিযানৰ পাছত উজনিলৈ মাছ সৰবৰাহ বন্ধ কৰাৰ কথা ঘোষণা কৰিছিল নগাঁৱৰ দুজন মাছ ব্যৱসায়ীয়ে। উজনিলৈ

🔹উজনিলৈ মাছৰ যোগান বন্ধ কৰা প্ৰসংগঃ
🔹মন্ত্ৰী পীযুষ হাজৰীকাৰ বিৰুদ্ধে অপপ্ৰচাৰ সাংসদ প্ৰদ্যুৎ বৰদলৈৰ

সাংসদ প্রদ্যুৎ বৰদলৈৰ বিৰুদ্ধে মানহানিৰ গোচৰ তৰিব জলসম্পদ মন্ত্রী পীযুষ হাজৰীকাই। মন্ত্ৰী হাজৰীকাই সামজিক মাধ্যম ‘এক্স’ত কালি এই কথা ঘোষণা কৰে। উল্লেখ্য যে উজনিৰ পৰা মিঞা খেদা অভিযানৰ পাছত উজনিলৈ মাছ সৰবৰাহ বন্ধ কৰাৰ কথা ঘোষণা কৰিছিল নগাঁৱৰ দুজন মাছ ব্যৱসায়ীয়ে। উজনিলৈ মাছ সৰবৰাহ বন্ধৰ আঁৰৰ ব্যক্তি দুজন মন্ত্ৰী হাজৰীকা আৰু এ আই ইউ ডি এফৰ ধিঙৰ বিধায়ক আমিনুল ইছলামৰ বিশ্বস্ত মানুহ বুলি সাংসদ বৰদলৈয়ে সংবাদ মাধ্যমত মন্তব্য কৰিছিল। সাংসদ বৰদলৈৰ বিৰুদ্ধে কালি মন্ত্ৰী পীযুষ হাজৰীকাই সামাজিক মাধ্যমত কয়, ‘সাংসদ প্রদ্যুৎ বৰদলৈ ডাঙৰীয়াই হকে-বিহকে মোৰ বিৰুদ্ধে অপপ্ৰচাৰত নামি পৰা পৰিলক্ষিত হৈছে। বিগত লোকসভা নির্বাচনত মই প্রতিনিধিত্ব কৰা জাগীৰোড বিধানসভা সমষ্টিত ৭৬,৮০০ ভোটৰ ব্যৱধানত পৰাজয় কৰাৰ পাছত বৰদলৈ ডাঙৰীয়াই জনমানসত মোক হেয় প্রতিপন্ন কৰিবলৈ উঠিপৰি লাগিছে। সন্মানীয় নগাঁও লোক সভা সমষ্টি মূলতঃ ‘মিঞা’ সম্প্ৰদায়ৰ ভোট লাভ কৰি সাংসদ হোৱাৰ বৰদলৈ ডাঙৰীয়াই উজনিলৈ মাছ প্ৰেৰণ বন্ধ কৰাৰ আঁৰত মোকো সাঙুৰি আবোল-তাবোল বলকিবলৈ আৰম্ভ কৰিছে। বাতৰি কাকতত আজি প্রকাশিত এই বাতৰিটো অপপ্ৰচাৰমূলক আৰু মোৰ বিৰুদ্ধে ষড়যন্ত্রমূলক। প্রদ্যুৎ বৰদলৈ ডাঙৰীয়াৰ বিৰুদ্ধে মই মানহানিৰ গোচৰ তৰিবলৈ সাজু হৈছোঁ।’

Posts Carousel

Leave a Comment

Your email address will not be published. Required fields are marked with *

Latest Posts

Top Authors

Most Commented

Featured Videos

error: Content is protected !!