অসম চৰকাৰৰ জলসম্পদ বিভাগৰ মন্ত্ৰী পীযুষ হাজৰীকাই আজি সদনত জলসম্পদ বিভাগৰ খতিয়ান দাঙি ধৰে। বিৰোধীয়ে সদনত পুঁজি বিতৰণত বৈষম্য হোৱা বুলি অভিযোগ তোলে যদিও মন্ত্ৰীগৰাকীয়ে সেয়া পোনছাটেই নাকচ কৰে। স্মৰ্তব্য যে বিধানসভাত আজি জলসম্পদ বিভাগৰ কৰ্তন প্ৰস্তাৱ আছিল। প্ৰায় ২৮ গৰাকী বিধায়কে অংশগ্ৰহণ কৰা কৰ্তন প্ৰস্তাৱত মন্ত্ৰীগৰাকীয়ে ৪৩ মিনিটৰ উত্তৰ দিয়ে। এই সন্দৰ্ভত মন্ত্ৰীগৰাকীয়ে আজি
অসম চৰকাৰৰ জলসম্পদ বিভাগৰ মন্ত্ৰী পীযুষ হাজৰীকাই আজি সদনত জলসম্পদ বিভাগৰ খতিয়ান দাঙি ধৰে। বিৰোধীয়ে সদনত পুঁজি বিতৰণত বৈষম্য হোৱা বুলি অভিযোগ তোলে যদিও মন্ত্ৰীগৰাকীয়ে সেয়া পোনছাটেই নাকচ কৰে। স্মৰ্তব্য যে বিধানসভাত আজি জলসম্পদ বিভাগৰ কৰ্তন প্ৰস্তাৱ আছিল। প্ৰায় ২৮ গৰাকী বিধায়কে অংশগ্ৰহণ কৰা কৰ্তন প্ৰস্তাৱত মন্ত্ৰীগৰাকীয়ে ৪৩ মিনিটৰ উত্তৰ দিয়ে। এই সন্দৰ্ভত মন্ত্ৰীগৰাকীয়ে আজি সাংবাদিকৰ আগত কয় যে বিধানসভাত আজি জলসম্পদ বিভাগৰ কৰ্তন প্ৰস্তাৱ আছিল। তাত প্ৰায় ২৮ গৰাকী বিধায়কে অংশগ্ৰহণ কৰিছিল। মই ৪৩ মিনিটৰ উত্তৰ দিয়াৰ সুযোগ পাওঁ। বিৰোধী দলপতিয়ে ফাণ্ড ডিষ্ট্ৰিবিউচনত ডিছক্ৰিমেচন তথা বৈষম্য হোৱা বুলি অভিযোগ তুলিছিল। কিন্তু মই সেয়া পোনছাটেই নাকচ কৰো।
মন্ত্ৰীগৰাকীয়ে আৰু কয় যে ২০০১-২০০২ চনত যেতিয়া কংগ্ৰেছৰ নতুনকৈ চৰকাৰ আহিছিল, সেইবাৰ অসমৰ বানপানী সমস্যা সমাধানৰ কাৰণে কংগ্ৰেছ চৰকাৰে খৰচ কৰিছিল ৫ কোটি টকা। ২০০২-২০০৩ চনত খৰচ কৰিছিল মাত্ৰ ৫৮ লাখ টকা। ২০০৩-২০০৪ চনত খৰচ কৰিছিল ৫ কোটি টকা। ২০০৪-২০০৫ চনত খৰচ কৰিছিল ২ কোটি টকা। ঠিক তেনেকৈ ২০১১ চনত খৰচ কৰিছিল ১৫ কোটি। ২০১২ চনত খৰচ কৰিছিল ১৮ কোটি টকা। আনহাতে, ২০১৪-১৫ত বানপানী সমস্যা সমাধানৰ কাৰণে খৰচ কৰিছিল ২৯ কোটি। ২০১৩-১৪ত খৰচ কৰিছিল ২৮ কোটি। ২০১৪-১৫ চনত খৰচ কৰিছিল ১১৪ কোটি টকা। ২০১৫-১৬ত খৰচ কৰিছিল মাত্ৰ ৭৯ কোটি। মন্ত্ৰীগৰাকীয়ে খৰচৰ তথ্যসমূহ দাঙি ধৰি কয় যে মই মন্ত্ৰী হোৱাৰে পৰা, ড০ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া মুখ্যমন্ত্ৰী হোৱাৰ পৰা আমি ২০২১-২২ চনত খৰচ কৰিছো ৫৭৮ কোটি টকা। কিন্তু কংগ্ৰেছে খৰচ কৰিছিল ৫ কোটিৰ পৰা আৰম্ভ কৰি ১৫ বছৰত ৬৯ কোটি টকা। কিন্তু আমি প্ৰথম বছৰত খৰচ কৰিছিলো ৫৭৮ কোটি, ২০২২-২৩ ত খৰচ কৰিছিলো ৫৩২ কোটি টকা আৰু ২০২৩-২৪ চনত খৰচ কৰিলো ৭৬৭ কোটি টকা। ইয়াৰ পিছতো প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই আমাক যোৱা তিনি বছৰত ৫ হাজাৰ কোটি টকা দিছে। ব্ৰহ্মপুত্ৰ আৰু উপ-নৈসমূহৰ কাৰণে বিশ্ব বেংক আৰু এডিবিৰ পৰা লোণ লৈ এই ৫ হাজাৰ কোটি টকা দিছে। এই ঋণ ভাৰত চৰকাৰে ৯০ শতাংশ মাৰে আৰু অসম চৰকাৰে ১০ শতাংশ মাৰে। অৰ্থাৎ প্ৰত্যেক বছৰে আমি ভাৰত চৰকাৰৰ পৰা আমি ১ হাজাৰ কোটি টকা খৰচ কৰিব পাৰো। গতিকে ভাৰত চৰকাৰে দিয়া ১ হাজাৰ কোটি আৰু অসম চৰকাৰৰ পৰা ৭০০-৮০০ কোটি টকা অৰ্থাৎ বছৰত আমি ১৭০০-১৮০০ কোটি টকা খৰচ কৰো। কিন্তু কংগ্ৰেছে মাত্ৰ ৫ কোটি-৭ কোটি টকাহে খৰচ কৰিছিল।
মন্ত্ৰীগৰাকীয়ে কংগ্ৰেছক সমালোচনা কৰি পুনৰ কয় যে আজি বহু কংগ্ৰেছ নেতা-সাংসদে কয় যে বানপানীত হেনো এইবাৰ মানুহ উটি গৈছে। বানপানীত হোনো অসম এইবাৰ ধ্বংস হৈছে। মই তেনেকুৱা নেতা-সাংসদসকলক কওঁ যে ২০০৪ চনত অসমত মথাউৰি ভাঙিছিল ৩৫৪ টা। সেইখিনি সময়ত চৰকাৰ আছিল কংগ্ৰেছৰ। ২০০৭ চনত মথাউৰি ভাঙিছিল ১৯৫ টা। কংগ্ৰেছৰ ১৫ বছৰীয়া শাসনকালত মুঠ মথাউৰি ভাঙিছিল ১,১১৩ টা। কিন্তু যোৱা ৪ বছৰত মথাউৰি ভাঙিলে মাত্ৰ ৬০ টা। আৰু আমাৰ ৮ বছৰত মথাউৰি ভাঙিছে মাত্ৰ ২১৩ টা। মোৰ দিনত মথাউৰি ভাঙিছে মাত্ৰ ৬০ টা। কংগ্ৰেছ চৰকাৰৰ দিনত ২০০৪ চনত এবছৰত মথাউৰি ভাঙিছিল ৩৫৪ টা। গড় হিচাপত তেওঁলোকৰ দিনত বছৰত ৫৫ টা মথাউৰি ভাঙিছিল আৰু আমাৰ দিনত এইবাৰ মথাউৰি ভাঙে মাত্ৰ ৮ টা। কংগ্ৰেছৰ চৰকাৰৰ দিনত যেতিয়া মথাউৰি ভাঙিছিল, তেতিয়া এবছৰলৈকে মথাউৰি মেৰামতি কৰাৰ কোনো লক্ষণ নাছিল বুলি মন্ত্ৰীগৰাকীয়ে মন্তব্য কৰে। তেওঁ কয় যে এবাৰ যদি মথাউৰি ভাঙে, সেই মথাউৰিৰে দুবছৰলৈকে পানী সোমাইছিল। এতিয়া য’ত য’ত মথাউৰি ভাঙে ১৫ দিনৰ ভিতৰত আমি মেৰামতি কৰিছো। এই সন্দৰ্ভত তেওঁ মাজুলীৰ যুগিনীদাৰী, টেঙাখাট, বৰাক ভেলী, মঙলদৈ, বাংকোৱাল-বোকাখাত, হাতীমুৰা খবৰলৈও আহ্বান জনায়। মন্ত্ৰীগৰাকীয়ে কয় যে এই অঞ্চলবিলাকত ৮ টা মথাউৰি ভাঙিছিল আৰু আটাইকেটা মথাউৰিকে আমি নতুন প্ৰযুক্তিৰে মেৰামতি কৰাৰ ব্যৱস্থা কৰিছো। তেওঁ কয় যে আমি কোনো ধৰণৰ কম্প্ৰমাইজ কৰা নাই, আমি কাম কৰি আছো। এইক্ষেত্ৰত কোনোধৰণৰ বৈষম্য তেওঁ কৰা নাই বুলি তেওঁ মন্তব্য কৰে। তেওঁ কয় যে আমি যদি ডিব্ৰুগড়ত টকা দিছো, বৰপেটাতো টকা দিছো। যদি মৰিগাঁৱত টকা দিছো, গোৱালপাৰতো দিছো। আমাৰ এজনো বিধায়ক হাইলাকান্দিত নাই, হাইলাকান্দিত যোৱা তিনি বছৰত ৪৮ কোটি টকা দিছো। আমি সকলোতে টকা দিছো, সকলোতে কাম কৰিছো। মন্ত্ৰীগৰাকীয়ে বিটিআৰ, ডিমা হাছাও, কাৰ্বিআংলঙত টকা দিয়াৰ কথা উল্লেখ কৰে। তেওঁ কয় যে কংগ্ৰেছৰ দিনতকৈ আমি ১৫ গুণ টকা খৰচ কৰিছো আৰু এইদৰে আমি অসমৰ ৰাইজৰ সেৱা কৰিবলৈ চেষ্টা চলাইছো।


















Leave a Comment
Your email address will not be published. Required fields are marked with *