‘বিধায়ক অখিল গগৈ হৈছে এই বিশেষ সম্প্ৰদায়টোৰ মুখ্য পৃষ্ঠপোষক’‘দুৰ্যোধন’কো মষিমূৰ কৰা হ’ব আৰু ‘দুঃশাসন’কো মষিমূৰ কৰা হ’বঃ মন্ত্ৰী পীযুষ হাজৰীকা অসমত নাৰী নিৰ্যাতনৰ প্ৰায়খিনি ঘটনাৰ আঁৰত এটা ‘বিশেষ সম্প্ৰদায়’ জড়িত থাকে। আৰু এই বিশেষ সম্প্ৰদায়টোৰ মুখ্য পৃষ্ঠপোষক হৈছে বিধায়ক অখিল গগৈ ডাঙৰীয়া। এই ‘বিশেষ সম্প্ৰদায়’টোক তেওঁ ‘দুঃশাসন’ বুলি অভিহিত কৰিছে। কিন্তু তেওঁলোকৰ মুখ্য পৃষ্ঠপোষক, জ্যেষ্ঠ
‘বিধায়ক অখিল গগৈ হৈছে এই বিশেষ সম্প্ৰদায়টোৰ মুখ্য পৃষ্ঠপোষক’
‘দুৰ্যোধন’কো মষিমূৰ কৰা হ’ব আৰু ‘দুঃশাসন’কো মষিমূৰ কৰা হ’বঃ মন্ত্ৰী পীযুষ হাজৰীকা
অসমত নাৰী নিৰ্যাতনৰ প্ৰায়খিনি ঘটনাৰ আঁৰত এটা ‘বিশেষ সম্প্ৰদায়’ জড়িত থাকে। আৰু এই বিশেষ সম্প্ৰদায়টোৰ মুখ্য পৃষ্ঠপোষক হৈছে বিধায়ক অখিল গগৈ ডাঙৰীয়া। এই ‘বিশেষ সম্প্ৰদায়’টোক তেওঁ ‘দুঃশাসন’ বুলি অভিহিত কৰিছে। কিন্তু তেওঁলোকৰ মুখ্য পৃষ্ঠপোষক, জ্যেষ্ঠ ভাতৃ ‘দুৰ্যোধন’ হ’ল বিধায়ক অখিল গগৈ নিজেই।- এই তাৎপৰ্যপূৰ্ণ মন্তব্য মন্ত্ৰী পীযুষ হাজৰীকাৰ। আজি বিধানসভা চৌহদত সাংবাদিকৰ আগত এইদৰে মন্তব্য কৰে মন্ত্ৰীগৰাকীয়ে। অসম বিধানসভাৰ শৰৎকালীন অধিৱেশনৰ দ্বিতীয় দিনাৰ কাৰ্যসূচীৰ পূৰ্বে আজি পুৱা বিধায়ক অখিল গগৈয়ে এখন ছবি প্ৰদৰ্শন কৰি প্ৰতিবাদ সাব্যস্ত কৰাৰ পিছত এই সন্দৰ্ভত নিজৰ প্ৰতিক্ৰিয়া ব্যক্ত কৰি মন্ত্ৰী হাজৰীকাই অখিল গগৈক তীব্ৰ কটাক্ষ কৰে।
মন্ত্ৰীগৰাকীয়ে সাংবাদিকৰ আগত কয় যে আজি পুৱা বিধানসভা চৌহদত অখিল গগৈয়ে এখন ছবি প্ৰদৰ্শন কৰিছে। তাত মুখ্যমন্ত্ৰীক তেওঁ ধৃতৰাষ্ট্ৰ বুলি কৈছে। অখিল গগৈৰ মতে অসমত নাৰীৰ ওপৰত নিৰ্যাতন হৈছে, দুঃশাসনে নিৰ্যাতন চলাইছে আৰু মুখ্যমন্ত্ৰী ডাঙৰীয়াই নিৰৱ ভূমিকা পালন কৰিছে। মন্ত্ৰী পীযুষ হাজৰীকাই পুনৰ কয় যে মই অসমৰ ৰাইজক ক’ব খোজো যে মুখ্যমন্ত্ৰী ডাঙৰীয়াই নাৰী সুৰক্ষাৰ কাৰণে বহুখিনি কৰিছে। মুখ্যমন্ত্ৰীগৰাকীয়ে অতি দৃঢ়ভাৱে নাৰীক যিয়ে হাত দিছে, দুৰ্ব্যৱহাৰ কৰিছে, তাক মষিমূৰ কৰিবলৈ অহৰহ প্ৰয়াস চলাইছে।
আনহাতে, অসমত যিসকলে নাৰীক ধৰ্ষণ কৰে, নাৰীক দুৰ্ব্যৱহাৰ কৰে, নাৰীক সন্মান নকৰে, ইয়াৰ ৯০ শতাংশই ‘এটা বিশেষ সম্প্ৰদায়ৰ ব্যক্তি’ বুলি মন্ত্ৰীগৰাকীয়ে মন্তব্য কৰে। তেওঁ পুনৰ কয় যে এই বিশেষ সম্প্ৰদায়ৰ ব্যক্তিসকলৰ মুখ্য পৃষ্ঠপোষক হ’ল অখিল গগৈ। এই ‘বিশেষ সম্প্ৰদায়’টোক ‘দুঃশাসন’ বুলি অখিল গগৈয়ে অভিহিত কৰিছে। কিন্তু এই দুঃশাসনসকলৰ জ্যেষ্ঠ ভাতৃ ‘দুৰ্যোধন’ হ’ল বিধায়ক অখিল গগৈ। গতিকে দুৰ্যোধনকো মষিমূৰ কৰা হ’ব আৰু দুঃশাসনকো মষিমূৰ কৰা হ’ব। আমাৰ চৰকাৰ এইক্ষেত্ৰত কোনোদিনেই থমকি নৰয় বুলি মন্তব্য কৰে মন্ত্ৰী পীযুষ হাজৰীকাই।
মন্ত্ৰীগৰাকীয়ে কয় যে যিসকল দুঃশাসনে নাৰীক অত্যাচাৰ কৰে, নাৰীক ধৰ্ষণ কৰে- এই দুঃশাসনসকলৰ পৃষ্ঠপোষকতা কৰি আহিছে ককায়েক ৰূপী দুৰ্যোধন বিধায়ক অখিল গগৈয়ে। ক’ৰবাত মাটি দখল কৰিবলৈ যদি তেওঁলোক গৈছে, তেতিয়া অখিল গগৈয়ে হুলস্থূল কৰিছে। ক’ৰবাত যদি নাৰী ধৰ্ষণ কৰিছে, ডকাইতিত লিপ্ত হৈছে, পুলিচক মাৰিবলৈ গৈ এনকাউণ্টাৰত ডকাইত মৃত্যুমুখত পৰিছে- তাতো অখিল গগৈয়ে গৈ আৰক্ষীৰ বিৰুদ্ধে চিঞৰিছে। বিধানসভাতো তালফাল লগাইছে এই দুৰ্যোধন ৰূপী অখিল গগৈয়ে। গতিকে অসমৰ আবাল-বৃদ্ধ-বনিতা সকলোৱে জানে এই বিশেষ ব্যক্তি- যিসকল দুঃশাসন, যাক অখিল গগৈয়ে দুঃশাসন বুলি অভিহিত কৰিছে, এই দুঃশাসনৰ ককায়েক হ’ল অখিল গগৈ নিজে। মন্ত্ৰীগৰাকীয়ে অখিল গগৈক উদ্দেশ্যি কয় যে গগৈ ডাঙৰীয়া আপুনি আপোনাৰ ভাতৃসকলক বুজাওক যে নাৰীক ধৰ্ষণ কৰিব নাপায়। আপোনাৰ ভাতৃসকলক কওক যে নাৰীক সন্মান কৰক। তেতিয়া অসমখন বহুখিনি ঠিক হ’ব, অসমখন বহুখিনি শান্তিত থাকিব বুলি আমি উপলব্ধি কৰো।


















Leave a Comment
Your email address will not be published. Required fields are marked with *