728 x 90
Like Us On Facebook
Facebook Pagelike Widget
728 x 90

বিল অস্বাভাৱিকভাৱে বৃদ্ধি হোৱা যদি দেখুৱাই দিব পাৰে, নিশ্চয়কৈ আমি ব্যৱস্থা ল’মঃ পীযুষ হাজৰীকা

বিল অস্বাভাৱিকভাৱে বৃদ্ধি হোৱা যদি দেখুৱাই দিব পাৰে, নিশ্চয়কৈ আমি ব্যৱস্থা ল’মঃ পীযুষ হাজৰীকা

স্মাৰ্ট মিটাৰৰ বিল বৃদ্ধিক লৈ অসম বিধানসভা প্ৰাংগণত সাংবাদিকৰ আগত মন্ত্ৰী পীযুষ হাজৰীকাৰ মন্তব্য গৰমৰ দিনত মানুহে ফ্ৰীজ, AC, ফেন বেছিকৈ ব্যৱহাৰ কৰে গতিকে বিল অলপ বেছিকৈ অহাটো স্বাভাৱিক।- এই মন্তব্য মন্ত্ৰী পীযুষ হাজৰীকাৰ। স্মাৰ্ট মিটাৰৰ বিল বৃদ্ধিক লৈ মন্ত্ৰী পীযুষ হাজৰীকাই আজি অসম বিধানসভা প্ৰাংগণত সাংবাদিক আগত এইদৰে মন্তব্য কৰে। মন্ত্ৰীগৰাকীয়ে কয় যে যিসকলে

স্মাৰ্ট মিটাৰৰ বিল বৃদ্ধিক লৈ অসম বিধানসভা প্ৰাংগণত সাংবাদিকৰ আগত মন্ত্ৰী পীযুষ হাজৰীকাৰ মন্তব্য

গৰমৰ দিনত মানুহে ফ্ৰীজ, AC, ফেন বেছিকৈ ব্যৱহাৰ কৰে গতিকে বিল অলপ বেছিকৈ অহাটো স্বাভাৱিক।- এই মন্তব্য মন্ত্ৰী পীযুষ হাজৰীকাৰ। স্মাৰ্ট মিটাৰৰ বিল বৃদ্ধিক লৈ মন্ত্ৰী পীযুষ হাজৰীকাই আজি অসম বিধানসভা প্ৰাংগণত সাংবাদিক আগত এইদৰে মন্তব্য কৰে। মন্ত্ৰীগৰাকীয়ে কয় যে যিসকলে স্মাৰ্ট ইছ্যুটো আনিব মই তেওঁলোকক এটা কথাই অনুৰোধ কৰিম যে এই বছৰৰ আৰু আগৰ দুবছৰৰ জুলাই মাহৰ তিনিখন বিল লৈ আহক, তেতিয়া জলজল পটপটকৈ বিষয়টো ওলাই যাব। স্মাৰ্ট মিটাৰৰ পৰা যদি বাঢ়িছে তেতিয়া ওলাই পৰিব। মন্ত্ৰীগৰাকীয়ে আগষ্ট মাহত বিল বৃদ্ধিৰ কথাটো কিয় ওলায় তাৰ কাৰণো ব্যাখ্যা কৰে। তেওঁ কয় যে গৰম দিনত মানুহে অলপ ফ্ৰীজ, এচি বেছিকৈ ব্যৱহাৰ কৰে। টিভি ব্যৱহাৰ কৰে, ফেন ব্যৱহাৰ কৰে। গতিকে গৰম দিনত বিদ্যুতৰ বিল অলপ বেছি হোৱাটো স্বাভাৱিক। কিন্তু স্মাৰ্ট মিটাৰৰ পৰা বিল বেছি হোৱা বুলি এতিয়ালৈকে প্ৰমাণ হোৱা নাই বুলি মন্ত্ৰীগৰাকীয়ে মন্তব্য কৰে। মন্ত্ৰীগৰাকীয়ে সেয়ে আগৰৰ বছৰৰ এপ্ৰিল, মে’, জুন, জুলাই আৰু তাৰ আগৰ বছৰৰ এপ্ৰিল, মে’, জুন, জুলাই আৰু এই বছৰৰ এপ্ৰিল, মে’ জুন, জুলাই- এই তিনিটা বছৰৰ ৪ টা মাহৰ বিল লৈ আহি যদি বিল বৃদ্ধি হৈছে দেখুৱাই দিবলৈ আহ্বান জনায়। তেওঁ কয় যে আমাক যদি দেখুৱাই দিব পাৰে যে বিল অস্বাভাৱিকভাৱে বাঢ়ি গৈছে, তেতিয়া নিশ্চয়কৈ আমি ব্যৱস্থা ল’ম।

Posts Carousel

Leave a Comment

Your email address will not be published. Required fields are marked with *

Latest Posts

Top Authors

Most Commented

Featured Videos

error: Content is protected !!