728 x 90
Like Us On Facebook
Facebook Pagelike Widget
728 x 90

কলম্বোত ‘ভাৰত-শ্ৰীলংকা মৈত্ৰী উৎসৱ’ত অসমৰ বিহুক মূল সাংস্কৃতিক আকৰ্ষণ ৰূপে প্ৰদৰ্শন

কলম্বোত ‘ভাৰত-শ্ৰীলংকা মৈত্ৰী উৎসৱ’ত অসমৰ বিহুক মূল সাংস্কৃতিক আকৰ্ষণ ৰূপে প্ৰদৰ্শন

🔹ভাৰতৰ ৭৮ সংখ্যক স্বাধীনতা দিৱসৰ লগত সংগতি ৰাখি আয়োজন কৰা হয় এই উৎসৱৰ🔹ভাৰতীয় উচ্চায়োগৰ স্বামী বিবেকানন্দ সাংস্কৃতিক কেন্দ্ৰৰ সঞ্চালক অধ্যাপক অংকুৰণ দত্তৰ নিৰ্দেশনাত শ্ৰীলংকাত প্ৰথমবাৰৰ বাবে আয়োজন কৰা হয় ‘ভাৰত শ্ৰীলংকা মৈত্ৰী উৎসৱ’🔹প্ৰখ্যাত লোকসংস্কৃতি পৰিবেশক ৰঞ্জিত কুমাৰ গগৈৰ নেতৃত্বত বিহু, ঢোল বাদন আৰু বিহু নৃত্য পৰিবেশন কৰা হয় কলম্বোস্থিত ভাৰতীয় উচ্চায়োগৰ স্বামী বিবেকানন্দ সাংস্কৃতিক কেন্দ্ৰৰ

🔹ভাৰতৰ ৭৮ সংখ্যক স্বাধীনতা দিৱসৰ লগত সংগতি ৰাখি আয়োজন কৰা হয় এই উৎসৱৰ
🔹ভাৰতীয় উচ্চায়োগৰ স্বামী বিবেকানন্দ সাংস্কৃতিক কেন্দ্ৰৰ সঞ্চালক অধ্যাপক অংকুৰণ দত্তৰ নিৰ্দেশনাত শ্ৰীলংকাত প্ৰথমবাৰৰ বাবে আয়োজন কৰা হয় ‘ভাৰত শ্ৰীলংকা মৈত্ৰী উৎসৱ’
🔹প্ৰখ্যাত লোকসংস্কৃতি পৰিবেশক ৰঞ্জিত কুমাৰ গগৈৰ নেতৃত্বত বিহু, ঢোল বাদন আৰু বিহু নৃত্য পৰিবেশন কৰা হয়

কলম্বোস্থিত ভাৰতীয় উচ্চায়োগৰ স্বামী বিবেকানন্দ সাংস্কৃতিক কেন্দ্ৰৰ উদ্যোগত ১২ আগষ্টৰ পৰা ১৮ আগষ্টলৈ শ্ৰীলংকাৰ কলম্বোত ৭৮ সংখ্যক স্বাধীনতা দিৱস উদযাপনৰ লগত সংগতি ৰাখি আয়োজিত ‘ভাৰত শ্ৰীলংকা মৈত্ৰী উৎসৱ’ত অসমৰ বিহুক মূল আকৰ্ষণ ৰূপে প্ৰদৰ্শন কৰা হয়। ভাৰত চৰকাৰৰ সাংস্কৃতিক সম্পৰ্ক পৰিষদে মনোনীত কৰা প্ৰখ্যাত লোকসংস্কৃতি পৰিবেশক ৰঞ্জিত কুমাৰ গগৈৰ নেতৃত্বত এটা বিহু দলে কলম্বো, গল, ৰত্নপুৰা আৰু ত্ৰিংকোমালীত বিহু পৰিবেশন কৰি ঢোল বাদন আৰু বিহু নৃত্যৰ সুন্দৰ পৰিবেশনেৰে শ্ৰীলংকাৰ দৰ্শকক মন্ত্ৰমুগ্ধ কৰে।
ভাৰতীয় উচ্চায়োগৰ স্বামী বিবেকানন্দ সাংস্কৃতিক কেন্দ্ৰৰ সঞ্চালক অধ্যাপক অংকুৰণ দত্তৰ নিৰ্দেশনাত শ্ৰীলংকাত প্ৰথমবাৰৰ বাবে ‘ভাৰত শ্ৰীলংকা মৈত্ৰী উৎসৱ’ৰ আয়োজন কৰা হয়। ২০২৪ চনৰ ১২ আগষ্টত কলম্বো বিশ্ববিদ্যালয়ত আয়োজিত অনুষ্ঠানত বিশ্ববিদ্যালয়খনৰ উপাচাৰ্য অধ্যাপক এইচ ডি কৰুণাৰাত্নেই দুয়োখন দেশৰ যুগ যুগ ধৰি চলি অহা সম্পৰ্ক আৰু শৈক্ষিক বিনিময়ৰ বিষয়ে কয়। ভাৰত শ্ৰীলংকা মৈত্ৰী সপ্তাহৰ উদ্বোধনী অনুষ্ঠান হিচাপে মহামহিম ভাৰতৰ উচ্চায়ুক্ত শ্ৰী সন্তোষ ঝাই শতিকা গৰকা কলম্বো পাব্লিক লাইব্ৰেৰীত ‘ভাৰত কোষ’ মুকলি কৰে য’ত ভাৰতৰ ওপৰত আৰু ভাৰতীয় লেখকৰ নিৰ্বাচিত গ্ৰন্থ, শিল্পকৰ্ম আৰু সাংস্কৃতিক সম্পদ প্ৰদৰ্শিত কৰা হয়। ১৩ আগষ্টত বৌদ্ধ আৰু পালি বিশ্ববিদ্যালয়ত ভাৰত-শ্ৰীলংকা সম্পৰ্কৰ ওপৰত আলোচনাচক্ৰৰ লগতে ‘ইণ্ডিয়া ৰিইমেজিনড’ শীৰ্ষক প্ৰদৰ্শনী অনুষ্ঠিত কৰা হয় য’ত বিশ্ববিদ্যালয়খনৰ উপাচাৰ্য অধ্যাপক নেলুৱে সুমানাৱানছা নায়ক থেৰ’ই হাজাৰ বছৰ পুৰণি দুয়োখন দেশৰ বৌদ্ধ ধৰ্মৰ ঐতিহ্যৰ বিষয়ে কয়। ১৪ আগষ্টত কলম্বোৰ সৌন্দৰ্য বিশ্ববিদ্যালয়ত উপাচাৰ্য অধ্যাপক ৰোহন নেথছিংহেই বিহু নৃত্যৰ কৰ্মশালা উদ্বোধন কৰে য’ত ৰঞ্জিত গগৈৰ দলে কৰ্মশালাখন পৰিচালনা কৰে।

তিনিখন ভিন্ন বিশ্ববিদ্যালয়ৰ তিনিওটা কাৰ্যসূচীতে অধ্যাপক অংকুৰণ দত্তই ভাষণ প্ৰদান কৰে। আন এটা অনুষ্ঠানত ভাৰতৰ উপ-উচ্চায়ুক্ত ড° সত্যাঞ্জল পাণ্ডেই কেন্দ্ৰত দেশ-বিভাজন স্মৃতি দিৱসৰ ওপৰত এখন প্ৰদৰ্শনী উদ্বোধন কৰে আৰু ১৯৪৭ চনত বিভাজনৰ ভুক্তভোগী সকলোকে শ্ৰদ্ধাঞ্জলি জনায়। ২০২৪ চনৰ ১৫ আগষ্ট তাৰিখে কলম্বোৰ ইণ্ডিয়া হাউচত পতাকা উত্তোলন অনুষ্ঠানত অসমৰ পৰা যোৱা ইণ্ডিয়ান কাউন্সিল ফৰ কালচাৰেল ৰিলেচনছৰ দলে বিহু নৃত্য প্ৰদৰ্শনৰ কৰে। ১৮৩ বছৰীয়া চহকী ইতিহাস থকা শ্ৰীলংকাৰ প্ৰতিষ্ঠিত বৌদ্ধ শিক্ষা অনুষ্ঠান পৰমাধম্মা চেথিয়া মহা পিৰিভেনাতো ভাৰতৰ ৭৮তম স্বাধীনতা দিৱস অতি শ্ৰদ্ধাৰে উদযাপন কৰা হয়। শিক্ষানুষ্ঠানটিৰ মুখ্য কাৰ্যবাহী ড০ মাইটিপে উইমালাছাৰা মহা থেৰাই ভাৰত আৰু শ্ৰীলংকাৰ মাজৰ প্ৰাচীন আৰু চিৰস্থায়ী সম্পৰ্কক আলোকপাত কৰি এক ভাষণ প্ৰদান কৰে। সঞ্চালক অধ্যাপক দত্তই প্ৰতিষ্ঠানটোত হিন্দী পাঠ্যক্ৰমৰ শুভাৰম্ভ কৰে। অনুষ্ঠানৰ সময়ত এক মনোমোহা বিহু পৰিবেশন কৰা হয়।


ভাৰত শ্ৰীলংকা মৈত্ৰী উৎসৱ- ভাৰত আৰু শ্ৰীলংকাৰ বন্ধুত্বৰ প্ৰথম বিশাল অনুষ্ঠানটি ভাৰতৰ উচ্চায়ুক্ত সন্তোষ ঝা আৰু শ্ৰীলংকাৰ সাংস্কৃতিক পৰিক্ৰমা মন্ত্ৰী বিদুৰ বিক্ৰমনায়কে ভাৰতৰ ৭৮ সংখ্যক স্বাধীনতা দিৱস উপলক্ষে কলম্বোত উদ্বোধন কৰে। এই মহোৎসৱত অসম, উত্তৰ প্ৰদেশ, অন্ধ্ৰপ্ৰদেশ আৰু শ্ৰীলংকাৰ বিভিন্ন প্ৰদেশৰ শিপিনীৰ এক হস্তশিল্প মেলাৰ জৰিয়তে দুয়োখন দেশৰ খাদ্য উৎসৱ আৰু মন্ত্ৰমুগ্ধ সাংস্কৃতিক প্ৰদৰ্শন অন্তৰ্ভুক্ত কৰা হয়। চাৰিদিনীয়া এই অনুষ্ঠানত বহু সাংস্কৃতিক অনুষ্ঠানৰ লগতে শিশুসকলৰ মাজত কুইজ, শিল্প আৰু গীত প্ৰতিযোগিতা অনুষ্ঠিত হয়।

ভাৰতীয় সাংস্কৃতিক কেন্দ্ৰৰ সঞ্চালক হিচাপে যোগদান কৰাৰ পিছত অধ্যাপক অংকুৰণ দত্তই ২০২৩ চনৰ গণৰাজ্য দিৱসৰ কাৰ্যসূচীত নাগালেণ্ডৰ কেইবাগৰাকী শিল্পীক চিনাকি কৰাই দিছিল, য’ত শ্ৰীলংকাৰ ৰাষ্ট্ৰপতি ৰানিল বিক্ৰমসিংহেই নগা শিল্পীসকলৰ অভিনয়ৰ শলাগ লৈছিল। অধ্যাপক দত্তই শ্ৰীলংকাৰ বহু মঞ্চত সত্ৰীয়া নৃত্য, বৰগীত, শ্ৰীমন্ত শংকৰদেৱৰ অৱদান, অসম আৰু উত্তৰ-পূব ভাৰতৰ অন্যান্য ৰাজ্যৰ লোকসংস্কৃতিৰ লগতে ভাৰতৰ সাংস্কৃতিক সমৃদ্ধিৰ পৰিচয় দি আহিছে। তেওঁৰ নিৰ্দেশনাত কেন্দ্ৰটোৱে বছৰি ৩০০ৰো অধিক অনুষ্ঠানৰ আয়োজন কৰিছে। ইয়াৰ উপৰি তেওঁ “ইণ্ডিয়া ৰিইমেজিনড” নামৰ এখন প্ৰদৰ্শনী এখন প্ৰস্তুত কৰি উলিয়াইছিল যিখন শ্ৰীলংকাত ৩০ বাৰতকৈও অধিক প্ৰদৰ্শিত হৈছে।

Posts Carousel

Leave a Comment

Your email address will not be published. Required fields are marked with *

Latest Posts

Top Authors

Most Commented

Featured Videos