যোৰহাট, ১৬ আগষ্টঃ অসম কৃষি বিশ্ববিদ্যালয়ৰ অন্তৰ্গত কৃষি মহাবিদ্যালয়, যোৰহাটৰ ৭৭ সংখ্যক প্ৰতিষ্ঠা দিৱস আজি পালন কৰা হয়। বিশ্ববিদ্যালয়ৰ যোৰহাটস্থ মুল চৌহদত আয়োজিত এই কাৰ্যসূচীত পুৱা স্মৃতি তৰ্পণেৰে কাৰ্যসূচীৰ শুভাৰম্ভ কৰে বিশ্ববিদ্যালয়ৰ উপাচাৰ্য ড০ বিদ্যুৎ চন্দন ডেকাই। পতাকা উত্তোলন কৰে কৃষি মহাবিদ্যালয়ৰ বিজ্ঞান গুৰু ড০ প্ৰসন্ন কুমাৰ পাঠকে। প্ৰতিষ্ঠা দিৱসৰ কাৰ্যসূচীত মুখ্য অতিথি হিচাপে অংশগ্ৰহণ
যোৰহাট, ১৬ আগষ্টঃ অসম কৃষি বিশ্ববিদ্যালয়ৰ অন্তৰ্গত কৃষি মহাবিদ্যালয়, যোৰহাটৰ ৭৭ সংখ্যক প্ৰতিষ্ঠা দিৱস আজি পালন কৰা হয়। বিশ্ববিদ্যালয়ৰ যোৰহাটস্থ মুল চৌহদত আয়োজিত এই কাৰ্যসূচীত পুৱা স্মৃতি তৰ্পণেৰে কাৰ্যসূচীৰ শুভাৰম্ভ কৰে বিশ্ববিদ্যালয়ৰ উপাচাৰ্য ড০ বিদ্যুৎ চন্দন ডেকাই। পতাকা উত্তোলন কৰে কৃষি মহাবিদ্যালয়ৰ বিজ্ঞান গুৰু ড০ প্ৰসন্ন কুমাৰ পাঠকে। প্ৰতিষ্ঠা দিৱসৰ কাৰ্যসূচীত মুখ্য অতিথি হিচাপে অংশগ্ৰহণ কৰি অসম চৰকাৰৰ মুখ্য সচিব ৰবি কোটাই ভাষণত ৰাজ্যখনৰ কৃষি উৎপাদন পূৰ্বতকৈ বৃদ্ধি পাইছে বুলি উল্লেখ কৰি সকলোৰে সমন্বিত প্ৰয়াসত অসমৰ কৃষি ক্ষেত্ৰ অধিক আগুৱাই যাব পাৰিব বুলি উল্লেখ কৰে। উন্নত তথ্য প্ৰযুক্তিৰ সহায়েৰে কৃষি উৎপাদন, বিপননৰ দিশত সঠিকভাবে চিন্তা কৰি আগুৱাই গ’লে অসম সমৃদ্ধিশালী কৃষি ক্ষেত্ৰ হ’ব পাৰিব বুলি উল্লেখ কৰি কয় যে কৃষি প্ৰধান ৰাজ্য হিচাপে চিহ্নিত অসম কৃষিৰ ক্ষেত্ৰত বহু পিছুৱাই আছিল। কিন্তু বৰ্তমান সময়ত অসম কৃষি উৎপাদনৰ ক্ষেত্ৰত আত্মনির্ভৰশীল হৈ উঠিবলৈ সক্ষম হৈছে। কৃষিৰ ক্ষেত্ৰত বহু প্ৰত্যাহ্বান পূৰ্বতেও আছিল আৰু বৰ্তমান সময়তো যুগৰ পৰিৱৰ্তনৰ লগে লগে নতুন নতুন প্ৰত্যাহ্বান আহি পৰিছে। সেইসমূহ প্ৰত্যাহ্বান নেওচি কৃষি খণ্ডৰ উত্তৰণৰ বাবে প্ৰকৃতিৰ লগত খাপ খাব পৰা প্ৰযুক্তিৰ উদ্ভাৱন কৰিব লাগিব। এই ক্ষেত্ৰত কৃষি বিজ্ঞানীসকলৰ গধুৰ দায়িত্ব আছে। যাতে কৃষক সমাজ উপকৃত হ’ব পৰাকৈ বীজ উদ্ভাৱন কৰি অৰ্থনীতিৰো দ্ৰুত পৰিৱৰ্তন কৰিব পাৰি। কৃষিৰ উৎপাদন বৃদ্ধিৰ লগে লগে কৃষি অৰ্থনীতিৰ ক্ষেত্ৰত পৰিৱৰ্তন আহিছে। বৰ্তমান কৃষিয়ে সংস্থাপনৰ বাট মুকলি কৰিছে। কৃষিৰ উন্নয়নৰ ক্ষেত্ৰত তথা কৃষকৰ উপাৰ্জন বৃদ্ধিৰ ক্ষেত্ৰত চৰকাৰেও গুৰুত্ব আৰোপ কৰিছে। চৰকাৰে কৃষকৰ বাবে বহু আঁচনি লৈছে। আৰু চৰকাৰে গ্ৰহণ কৰা আঁচনি সমূহ কৃষক ৰাইজৰ মাজলৈ লৈ যোৱাৰ ক্ষেত্ৰত কৃষি বিশ্ববিদ্যালয় সমূহৰো দায়িত্ব আৰু কৰ্তব্য আছে। চৰকাৰ, কৃষি বিশ্ববিদ্যালয়, কৃষকৰ মাজত এক যোগসূত্ৰ স্থাপন হ’লে কৃষি খণ্ডৰ দ্ৰুত উন্নয়ন সম্ভৱ। আমি কেৱল উৎপাদন বৃদ্ধি কৰাত গুৰুত্ব দিলেই নহ’ব। ইয়াৰ সমান্তৰালভাৱে কৃষকক প্ৰকৃত বজাৰৰ লগতো চিনাকি কৰাই দিব লাগিব। বিশ্ববিদ্যালয়ৰ মাধৱ চন্দ্ৰ দাস সোঁৱৰণী প্ৰেক্ষাগৃহত আয়োজিত মূল সভাত আদৰণি ভাষণ প্ৰদান কৰি কৃষি বিশ্ববিদ্যালয়ৰ বিজ্ঞান গুৰু ড০ প্ৰসন্ন কুমাৰ পাঠকে ৭৬ বছৰ অতিক্ৰম কৰা মহাবিদ্যালয়ৰ গৌৰৱোজ্জ্বল পৰিক্ৰমাৰ বিষয়ে উল্লেখ কৰে। উপাচাৰ্য ড০ বিদ্যুৎ চন্দন ডেকাই অসম কৃষি বিশ্ববিদ্যালয়ৰ সফলতাৰ খতিয়ান দাঙি ধৰে। অনুষ্ঠানত প্ৰতিষ্ঠা দিৱস উপলক্ষে প্ৰকাশিত স্মৃতিগ্ৰন্থৰ লগতে বিশ্ববিদ্যালয়ে উদ্ভাৱন কৰা সামগ্ৰীৰ বিষয়ে প্ৰস্তুত কৰা এটা ভিডিঅ’ মুকলি কৰে। ইয়াৰ পূৰ্বে কাৰ্যসূচীৰ আৰম্ভনিতে বিশ্ববিদ্যালয়ৰ আই চি আৰ ফাৰ্ম পৰিদৰ্শন কৰি মুখ্য সচিব গৰাকীয়ে কৃষকৰ মাজত কঠিয়া বিতৰণৰ এক কাৰ্যসূচীত অংশগ্ৰহণ কৰে। এই অনুষ্ঠানত অসম কৃষি বিশ্ববিদ্যালয়ৰ উপাচাৰ্য ড০ বিদ্যুৎ চন্দন ডেকা, কৃষি গৱেষণা সঞ্চালক ড০ সঞ্জয় কুমাৰ চেতিয়া আৰু ফাৰ্ম মেনেজাৰ ড০ মিতুল শইকীয়াও উপস্থিত থাকে। মুখ্য সচিব গৰাকীয়ে বিশ্ববিদ্যালয়ৰ উপাচাৰ্যৰ সভাগৃহত বিশেষ বিষয়াসকল, মুৰব্বী অধ্যাপক, গৱেষক বিজ্ঞানী সকলৰ সৈতে এক পৰ্যালোচনাতো মিলিত হয়। প্ৰতিষ্ঠা দিৱসৰ কাৰ্যসূচীৰ লগত সংগতি ৰাখি কৃষি আৰু আনুসংগিক ক্ষেত্ৰৰ সফল ব্যক্তিৰ সৈতে শিক্ষাৰ্থীসকলৰ এক অন্তৰংগ আলাপ অনুষ্ঠানো অনুষ্ঠিত হয়। সন্ধিয়া সাংস্কৃতিক অনুষ্ঠান অনুষ্ঠিত হয়।



















Leave a Comment
Your email address will not be published. Required fields are marked with *