728 x 90
Like Us On Facebook
Facebook Pagelike Widget
728 x 90

বুধবাৰে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই উন্মোচন কৰিব লৌহমানৱ বিষ্ণুৰাম মেধিৰ প্ৰতিমূৰ্তি

বুধবাৰে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই উন্মোচন কৰিব লৌহমানৱ বিষ্ণুৰাম মেধিৰ প্ৰতিমূৰ্তি

নিউজ ডেস্কঃ তীৰ্থনগৰী হাজোত কাইলৈ অসমৰ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্বই উন্মোচন কৰিব অসমৰ দ্বিতীয়গৰাকী মুখ্যমন্ত্ৰী তথা প্ৰথম অসমীয়া ৰাজ্যপাল লৌহমানৱ বিষ্ণুৰাম মেধিৰ প্ৰতিমূৰ্তি। প্ৰয়াত বিষ্ণুৰাম মেধিৰ হাজো ভৰালীটোলাস্থিত নিজ বাসভৱন “শিশু কল্যাণ ভৱন”ত পুৱা চাৰে দহ বজাত সাত ফুট উচ্চতাৰ প্ৰতিমূৰ্তি উন্মোচন কৰি এক ৰাজহুৱা সভাত অংশগ্ৰহণ কৰিব মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই। এই অনুষ্ঠানতেই

নিউজ ডেস্কঃ তীৰ্থনগৰী হাজোত কাইলৈ অসমৰ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্বই উন্মোচন কৰিব অসমৰ দ্বিতীয়গৰাকী মুখ্যমন্ত্ৰী তথা প্ৰথম অসমীয়া ৰাজ্যপাল লৌহমানৱ বিষ্ণুৰাম মেধিৰ প্ৰতিমূৰ্তি। প্ৰয়াত বিষ্ণুৰাম মেধিৰ হাজো ভৰালীটোলাস্থিত নিজ বাসভৱন “শিশু কল্যাণ ভৱন”ত পুৱা চাৰে দহ বজাত সাত ফুট উচ্চতাৰ প্ৰতিমূৰ্তি উন্মোচন কৰি এক ৰাজহুৱা সভাত অংশগ্ৰহণ কৰিব মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই। এই অনুষ্ঠানতেই মুখ্যমন্ত্ৰীগৰাকীয়ে “লৌহমানৱ” শীৰ্ষক এখন স্মৃতিগ্ৰন্থও উন্মোচন কৰিব। অনুষ্ঠানৰ আৰম্ভণিতে আন্তঃৰাষ্ট্ৰীয় বঁটাপ্ৰাপক জনপ্ৰিয় সংগীত শিল্পী তৰালী শৰ্মা আৰু কল্লোল বৰঠাকুৰে পৰিবেশন কৰিব এটি বৰগীত। জনদৰদী নেতা লৌহমানৱ বিষ্ণুৰাম মেধিৰ স্মৃতি আৰু কৰ্মৰাজী সজীৱ কৰি ৰাখিবলৈ লৌহমানৱ বিষ্ণুৰাম মেধি স্মৃতি সুৰক্ষা সমিতি, প্ৰতিমূৰ্তি নিৰ্মাণ সমিতিৰ লগতে হাজোবাসী ৰাইজে অনুষ্ঠানটো সফল কৰিবলৈ স্বতঃস্ফুতভাবে সঁহাৰি আগবঢ়াইছে। উক্ত অনুষ্ঠানলৈ ৰাইজৰ উপস্থিতি শ্ৰদ্ধাৰে কামনা কৰিছে লৌহমানৱ বিষ্ণুৰাম মেধি প্ৰতিমূৰ্তি নিৰ্মাণ সমিতিয়ে। ইফালে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাক চেঁচা দলঙৰ পৰা পাখামেলালৈ মটৰ চাইকেল ৰেলীৰে আদৰি অনাৰ প্ৰস্তুতি চলাইছে হাজো বিজেপিৰ যুৱ মৰ্চাই।

Posts Carousel

Leave a Comment

Your email address will not be published. Required fields are marked with *

Latest Posts

Top Authors

Most Commented

Featured Videos

error: Content is protected !!