728 x 90
Like Us On Facebook
Facebook Pagelike Widget
728 x 90

ভাল মানুহৰ নগ্ন চৰিত্ৰ! মাটি দখলেৰে কেলেংকাৰিৰ শীৰ্ষত অশোক শৰ্মা

ভাল মানুহৰ নগ্ন চৰিত্ৰ! মাটি দখলেৰে কেলেংকাৰিৰ শীৰ্ষত অশোক শৰ্মা

অশোক শৰ্মাই কংগ্ৰেছত যোগদান কৰাৰ পিছতেই নলবাৰীত আক্ৰমনাত্মক নলবাৰী বিজেপিৰ বিষয়ববীয়ানিজৰ স্বাৰ্থৰ বাবে সকলো কৰিব পাৰে অশোক শৰ্মাইব্যক্তি-স্বাৰ্থৰ বাবে তেওঁ নিজকে বিজেপিৰ এজন একনিষ্ঠ পুৰণি কাৰ্যকৰ্তা বুলি কয়অশোক শৰ্মা কোনো ৰাজনৈতিক দলৰ পৰা টিকট পোৱাৰ যোগ্য নহয় চৰকাৰী মাটি দখল কৰা, অন্যায়ভাৱে সাধাৰণ ৰাইজক হাৰাশাস্তি কৰা আদি বহু অভিযোগ বিজেপিৰ পৰা সদ্য পদত্যাগী নেতা অশোক

অশোক শৰ্মাই কংগ্ৰেছত যোগদান কৰাৰ পিছতেই নলবাৰীত আক্ৰমনাত্মক নলবাৰী বিজেপিৰ বিষয়ববীয়া
নিজৰ স্বাৰ্থৰ বাবে সকলো কৰিব পাৰে অশোক শৰ্মাই
ব্যক্তি-স্বাৰ্থৰ বাবে তেওঁ নিজকে বিজেপিৰ এজন একনিষ্ঠ পুৰণি কাৰ্যকৰ্তা বুলি কয়
অশোক শৰ্মা কোনো ৰাজনৈতিক দলৰ পৰা টিকট পোৱাৰ যোগ্য নহয়

চৰকাৰী মাটি দখল কৰা, অন্যায়ভাৱে সাধাৰণ ৰাইজক হাৰাশাস্তি কৰা আদি বহু অভিযোগ বিজেপিৰ পৰা সদ্য পদত্যাগী নেতা অশোক শৰ্মাৰ বিৰুদ্ধে। এই অভিযোগ উত্থাপন কৰিছে নলবাৰী জিলা বিজেপিৰ কৰ্মকৰ্তাসকলে। অশোক শৰ্মাই কংগ্ৰেছত যোগদান কৰাৰ পিছতেই নলবাৰীত আক্ৰমনাত্মক হৈ পৰিছে নলবাৰী বিজেপিৰ বিষয়ববীয়াসকল। আজি এক সংবাদমেল সম্বোধন কৰি প্ৰাক্তন বিধায়ক অশোক শৰ্মাৰ বহু দুৰ্নীতি, কেলেংকাৰিৰ তথ্য পোহৰলৈ আনে নলবাৰী জিলা বিজেপিৰ কৰ্মকৰ্তাসকলে। এছ আৰ ডিৰ প্ৰায় সন্মুখত প্ৰায় ২০ বিঘা মাটি অশোক শৰ্মাই বাউণ্ডাডেৰী ৱাল দিছে। তেওঁ এই মাটি ক’ৰ পৰা আৰু কেনেকৈ ক্ৰয় কৰিছে বুলি সংবাদমেলত প্ৰশ্ন উত্থাপন কৰে জিলা বিজেপিয়ে। নলবাৰী জিলা বিজেপিৰ কৰ্মকৰ্তাসকলে কয় যে তেওঁ বহুমুখী কৃষি পামৰ এজন স্কেল বয় আছিল। প্ৰণৱ ঠাকুৰীয়াই অশোক শৰ্মাক এজন বহুমুখী স্কীল বয় কৰিছিল। পৰ্ৱৰ্তী সময়ত সচিবৰ লগত বেইমানী কৰি চল-চাতুৰীৰে সচিবৰ আসনখনো হস্তগত কৰে অশোক শৰ্মাই। সচিবৰ হৈ তেওঁ বহু কেলেংকাৰি কৰিছে। বহু ঠাইত মাটি লৈছে। তেওঁ বিধায়ক হৈ থকা অৱস্থাত বহু কেলেংকাৰিত জড়িত হৈ মাটিবাৰী ক্ৰয় কৰিছে। যাৰ বাবে অশোক শৰ্মাক বিজেপি দলে পৰৱৰ্তী সময়ত টিকট দিয়া নাছিল বুলি নলবাৰী বিজেপিৰ বিষববীয়াসকলে মন্তব্য কৰে। আনহাতে, অশোক শৰ্মা বিধায়ক হৈ থকা সময়ত অসমী কৃষি ফাৰ্ম নামৰ প্ৰতিষ্ঠানৰ প্ৰায় ৩০ বিঘা মাটি দখল কৰিছে। এনেকুৱা এজন দুৰ্নীতিগ্ৰস্ত ব্যক্তিক সেই কাৰণে বিজেপিয়ে পৰৱৰ্তী সময়ত টিকট নিদিলে বুলি কৰ্মকৰ্তাসকলে মন্তব্য কৰে। নলবাৰী জিলা বিজেপিৰ কৰ্মকৰ্তাসকলে কয় যে বিজেপিয়ে কেতিয়াও দুৰ্নীতিক প্ৰশ্ৰয় নিদিয়ে, সেই কাৰণে বহু কাকুতি-মিনতি কৰাৰ পিছতো অশোক শৰ্মাক বিজেপিয়ে কোনো ধৰণৰ সঁহাৰি তেওঁক দিয়া নাছিল। তেওঁ মাটি এডোখৰ ভাৰা লৈ বিস্কুট বেকাৰী এটা চলাইছিল। সেই বিস্কুট বেকাৰৰী মাটিও তেওঁ দখল কৰিছে বুলি কয় কৰ্মকৰ্তাসকলে। এই ঘটনাবোৰ যেতিয়া পোহৰলৈ আহে, তেতিয়া দলে তেওঁৰ ওপৰত হয়তো ব্যৱস্থা লোৱাৰ কথাও উল্লেখ কৰে। সেয়ে অশোক শৰ্মাৰ ইমান আকুণ্ঠ প্ৰয়াস কৰাৰ পিছতো তেওঁক দলে গুৰুত্ব দিয়া নাই বুলি মন্তব্য কৰে কৰ্মকৰ্তাসকলে। জিলা বিজেপিৰ কৰ্মকৰ্তাসকলে অশোক শৰ্মাক চোকা সমালোচনা কৰি পুনৰ কয় যে তেওঁ ইমানেই তললৈ নামে যে তেওঁক হেনো এবাৰ দাদা বুলি মাতিলেও তেওঁ দলত থাকি গ’লে হয়। কিন্তু দলে তেওঁৰ দৰে এজন দুৰ্নীতিগ্ৰস্ত ব্যক্তিক ভাৰতীয় জনতা পাৰ্টীত ল’বলৈ বিচৰা নাছিল। যাৰ ফলত তেওঁ উপায়ন্তৰ হৈ কংগ্ৰেছৰ দৰে এটা দুৰ্নীতিগ্ৰস্ত দলত যোগদান কৰে। অশোক শৰ্মা কোনো ৰাজনৈতিক দলৰ পৰা টিকট পোৱাৰ যোগ্য নহয় বুলি দলৰ কৰ্মকৰ্তাসকলে কয়।

Posts Carousel

Leave a Comment

Your email address will not be published. Required fields are marked with *

Latest Posts

Top Authors

Most Commented

Featured Videos

error: Content is protected !!