নিউজ ডেস্কঃ ড০ অনামিকা ৰায় মেম’ৰিয়েল ট্ৰাষ্ট(ARMT)ৰ প্ৰকল্প সহযোগী সুভাময় ভট্টাচাৰ্যক আজি ARMT-ৰ অধ্যক্ষ ৰজত বৰণ মহন্তই প্ৰেছ কাউন্সিল অৱ ইণ্ডিয়াৰ ‘সাংবাদিকতাত উৎকৃষ্টতাৰ ৰাষ্ট্ৰীয় বঁটা-২০২৩’ লাভ কৰাৰ বাবে সম্বৰ্ধনা জ্ঞাপন কৰে।সোমবাৰে সন্ধিয়া নতুন দিল্লীত এক অনুষ্ঠানত ভাৰতৰ উচ্চতম ন্যায়ালয়ৰ ন্যায়াধীশ (অৱসৰপ্ৰাপ্ত) আৰু ভাৰতীয় প্ৰেছ কাউন্সিলৰ অধ্যক্ষ ন্যায়াধীশ ৰঞ্জনা প্ৰকাশ দেশাইৰ উপস্থিতিত বিশিষ্ট সাংবাদিক অশোক টেণ্ডনৰ
নিউজ ডেস্কঃ ড০ অনামিকা ৰায় মেম’ৰিয়েল ট্ৰাষ্ট(ARMT)ৰ প্ৰকল্প সহযোগী সুভাময় ভট্টাচাৰ্যক আজি ARMT-ৰ অধ্যক্ষ ৰজত বৰণ মহন্তই প্ৰেছ কাউন্সিল অৱ ইণ্ডিয়াৰ ‘সাংবাদিকতাত উৎকৃষ্টতাৰ ৰাষ্ট্ৰীয় বঁটা-২০২৩’ লাভ কৰাৰ বাবে সম্বৰ্ধনা জ্ঞাপন কৰে।
সোমবাৰে সন্ধিয়া নতুন দিল্লীত এক অনুষ্ঠানত ভাৰতৰ উচ্চতম ন্যায়ালয়ৰ ন্যায়াধীশ (অৱসৰপ্ৰাপ্ত) আৰু ভাৰতীয় প্ৰেছ কাউন্সিলৰ অধ্যক্ষ ন্যায়াধীশ ৰঞ্জনা প্ৰকাশ দেশাইৰ উপস্থিতিত বিশিষ্ট সাংবাদিক অশোক টেণ্ডনৰ ‘ফটো ফিচাৰ’ শাখাৰ অধীনত ভট্টাচাৰ্যক এই বঁটা প্ৰদান কৰা হয়।
উল্লেখ্য যে উত্তৰ-পূব ভাৰতৰ এজন ফটো সাংবাদিকে প্ৰথমবাৰৰ বাবে এই বঁটা লাভ কৰিছে।
ভাৰতৰ সাংবাদিকতাৰ উন্নতিৰ পথ প্ৰদৰ্শক তথা দেশৰ কেন্দ্ৰীয় আইনী কৰ্তৃপক্ষ প্ৰেছ কাউন্সিল অৱ ইণ্ডিয়া(পিচিআই)-ই তেওঁৰ কামক স্বীকৃতি দিছে।


















Leave a Comment
Your email address will not be published. Required fields are marked with *