728 x 90
Like Us On Facebook
Facebook Pagelike Widget
728 x 90

গুৱাহাটী বিশ্ববিদ্যালয়ৰ ডাঃ ভুৱনেশ্বৰ বৰুৱা ছাত্রাবাসৰ ন-পুৰণি সতীর্থ সমাৰোহৰ আয়োজন

গুৱাহাটী বিশ্ববিদ্যালয়ৰ ডাঃ ভুৱনেশ্বৰ বৰুৱা ছাত্রাবাসৰ ন-পুৰণি সতীর্থ সমাৰোহৰ আয়োজন

নিউজ ডেস্কঃ ঐতিহ্যমণ্ডিত তথা গৌৰৱ ধ্বজাবহনকাৰী গুৱাহাটী বিশ্ববিদ্যালয়ৰ এখন অন্যতম ছাত্রাবাস ডাঃ ভুৱনেশ্বৰ বৰুৱা ৪ নং দুমহলীয়া ছাত্রাবাসে ইতিমধ্যেই হীৰক জয়ন্তী বৰ্ষ পাৰ কৰিছে। ১৯৫৯ চনত জালুকবাৰীৰ বুকুত স্থাপিত তথা বহু সোণোৱালী ইতিহাস আৰু বিশেষ কৃতিত্বৰ অধিকাৰী ছাত্রবাসটোৰ আবাসীসকলে সেয়ে পুৰণি স্মৃতিবোৰ পুনৰ জীপাল কৰি তোলাৰ মানসেৰে অহা ১০ আগষ্ট ২০২৪, শনিবাৰে ছাত্ৰাবাসৰ বাকৰিত হীৰক

নিউজ ডেস্কঃ ঐতিহ্যমণ্ডিত তথা গৌৰৱ ধ্বজাবহনকাৰী গুৱাহাটী বিশ্ববিদ্যালয়ৰ এখন অন্যতম ছাত্রাবাস ডাঃ ভুৱনেশ্বৰ বৰুৱা ৪ নং দুমহলীয়া ছাত্রাবাসে ইতিমধ্যেই হীৰক জয়ন্তী বৰ্ষ পাৰ কৰিছে। ১৯৫৯ চনত জালুকবাৰীৰ বুকুত স্থাপিত তথা বহু সোণোৱালী ইতিহাস আৰু বিশেষ কৃতিত্বৰ অধিকাৰী ছাত্রবাসটোৰ আবাসীসকলে সেয়ে পুৰণি স্মৃতিবোৰ পুনৰ জীপাল কৰি তোলাৰ মানসেৰে অহা ১০ আগষ্ট ২০২৪, শনিবাৰে ছাত্ৰাবাসৰ বাকৰিত হীৰক জযন্তী বৰ্ষৰ সামৰণি অনুষ্ঠানৰ লগত সংগতি ৰাখি ন-পুৰণি সতীর্থ সমাৰোহ, “উজ্জীৱন….ন-পুৰণিৰ স্মৃতি
ৰোমন্থন” শীর্ষক নামেৰে দিনজোৰা কাৰ্যক্ৰমণিকাৰ মাজেৰে এটি বিশেষ দিন উদযাপনৰ প্ৰস্তুতি চলাইছে। অনুষ্ঠানটোৰ প্ৰতিটো কাৰ্যসূচী সুচাৰুৰূপে পালন কৰিবল, ড° সত্যজিৎ শর্মাক সভাপতি আৰু হৃষিকেশ বৰাক সম্পাদক হিচাপে লৈ এখন কাৰ্যকৰী সমিতি গঠন কৰা হৈছে। এই অনুষ্ঠানভাগৰ লগত সংগতি ৰাখি ন- পুৰণি সতীৰ্থ সমাৰোহৰ বাবে এখন স্মৃতিগ্রন্থ প্ৰকাশ কৰাৰো ব্যৱস্থা কৰা হৈছে। সেয়েহে প্ৰতিগৰাকী আবাসীক লেখাসমূহ rcc4boyshall1959@gmail.com ত প্ৰেৰণ কৰিবলৈ আহ্বান জনোৱা হৈছে। আনহাতে অনুষ্ঠানটো সাফল্যমণ্ডিত কৰাৰ উদ্দেশ্যৰে প্ৰতিটো কাৰ্যসূচীতেই সহায়-সহযোগিতা, আশীৰ্বাদ আৰু দিহা-পৰামৰ্শ আমি কামনা কৰাৰ লগতেই আৱাসটোৰ প্ৰাক্তন আবাসীসকলক +91 93658 28341 অথবা
+91 6001379979 নম্বৰত যোগাযোগ কৰিবলৈ উদ্যোগক্তাসকলে অনুৰোধ জনাইছে।

Posts Carousel

Leave a Comment

Your email address will not be published. Required fields are marked with *

Latest Posts

Top Authors

Most Commented

Featured Videos

error: Content is protected !!