728 x 90
Like Us On Facebook
Facebook Pagelike Widget
728 x 90

অসম কৃষি বিশ্ববিদ্যালয়ত কল আৰু কঁঠালৰ জৈৱ বৈচিত্ৰ্য মেলা সম্পন্ন

অসম কৃষি বিশ্ববিদ্যালয়ত কল আৰু কঁঠালৰ জৈৱ বৈচিত্ৰ্য মেলা সম্পন্ন

থলুৱা ফল-মূলৰ খেতিৰ জৰিয়তে আমি অধিক স্বাৱলম্বী আৰু কৰ্মঠ হ’ব পাৰোঃ ড০ বিদ্যুৎ চন্দন ডেকা যোৰহাটঃ ফল-মূলক আমাৰ নিয়মীয়া খাদ্যাভ্যাসৰ অংশ কৰি আমি প্ৰত্যেকে নিজকে কৰ্মঠ আৰু স্বাস্থ্যৱান কৰি ৰাখিব পাৰো। তাৰোপৰি কল আৰু কঁঠালৰ দৰে ফল-মূলৰ মূল্য সংযোজিত বিভিন্ন সামগ্ৰী তৈয়াৰ কৰি বা পাচলি হিচাপে আৰু সংৰক্ষণ কৰি বতৰৰ ফল আবতৰীয়া সময়তো খাব পাৰি।

থলুৱা ফল-মূলৰ খেতিৰ জৰিয়তে আমি অধিক স্বাৱলম্বী আৰু কৰ্মঠ হ’ব পাৰোঃ ড০ বিদ্যুৎ চন্দন ডেকা

যোৰহাটঃ ফল-মূলক আমাৰ নিয়মীয়া খাদ্যাভ্যাসৰ অংশ কৰি আমি প্ৰত্যেকে নিজকে কৰ্মঠ আৰু স্বাস্থ্যৱান কৰি ৰাখিব পাৰো। তাৰোপৰি কল আৰু কঁঠালৰ দৰে ফল-মূলৰ মূল্য সংযোজিত বিভিন্ন সামগ্ৰী তৈয়াৰ কৰি বা পাচলি হিচাপে আৰু সংৰক্ষণ কৰি বতৰৰ ফল আবতৰীয়া সময়তো খাব পাৰি। সেয়ে ঘৰুৱাভাৱে পোৱা ভাল জাতৰ ফল-মূলৰ পুলি সংগ্ৰহ কৰি ৰোপণ কৰি আৰ্থিকভাৱে স্বচ্ছল হ’ব পাৰি। অসম কৃষি বিশ্ববিদ্যালয়ৰ সৰ্বভাৰতীয় সমন্বিত ফল গৱেষণা প্ৰকল্পৰ উদ্যোগত অনুষ্ঠিত কল আৰু কঁঠালৰ জৈৱ বৈচিত্ৰ্য মেলাত মুখ্য অতিথিৰ ভাষণত এই মত ব্যক্ত কৰে অসম কৃষি বিশ্ববিদ্যালয় উপাচাৰ্য ড০ বিদ্যুৎ চন্দন ডেকাই। অসম কৃষি বিশ্ববিদ্যালয়ৰ উদ্যান বিজ্ঞান বিভাগৰ পৰীক্ষামূলক ক্ষেত্ৰত আয়োজিত এই অনুষ্ঠানত ফল-মূল পাচলিৰ প্ৰতি নৱপ্ৰজন্মৰ আগ্ৰহ কম বুলি উল্লেখ কৰি জাংক ফুডত বেছি গুৰুত্ব দিয়াৰ সলনি স্বাস্থ্য সচেতনতাৰ দিশেৰে ফল-মূলত অধিক গুৰুত্ব প্ৰদান কৰিবলৈও তেওঁ আহ্বান জনায়। উদ্যান বিজ্ঞান বিভাগৰ মুৰব্বী অধ্যাপক ড০ উৎপল কটকীয়ে আদৰণি ভাষণ প্ৰদান কৰা অনুষ্ঠানত কৃষি গৱেষণা সঞ্চালক ড০ সঞ্জয় কুমাৰ চেতিয়াই ফল-মূলৰ বাণিজ্যিক ভিত্তিত খেতিৰ জৰিয়তে উৎপাদন বৃদ্ধি কৰি উপাৰ্জন কেনেকৈ বৃদ্ধি কৰিব পাৰি তাৰ চিন্তা চৰ্চাৰে এই পদক্ষেপ গ্ৰহণ কৰা হৈছে বুলি উল্লেখ কৰি উৎপাদন তথা বিপণনৰ দিশত যথোচিত চিন্তা-চৰ্চাৰে কল আৰু কঁঠালৰ জৰিয়তে কৃষক উপকৃত হ’ব বুলি আশা ব্যক্ত কৰে। ইয়াৰ বাবে সঠিক documentationৰ প্ৰয়োজনীয়তাৰ কথা উল্লেখ কৰে। উদ্যোগ বিজ্ঞান বিভাগৰ সহকাৰী অধ্যাপক ড০ সৌমিত্ৰ গোস্বামীয়ে আঁত ধৰা অনুষ্ঠানটোত সৰ্বভাৰতীয় সমন্বিত ফল গৱেষণা প্ৰকল্পৰ মুখ্য সমন্বয়ক ড০ প্ৰকাশ পাটিলে বক্তব্য আগবঢ়াই অসমত কল আৰু কঁঠালৰ খেতিৰ সম্ভাৱনীয়তাৰ‌ কথা উল্লেখ কৰি সঠিক documentation-ৰ অতি প্ৰয়োজনীয় বুলি উল্লেখ কৰে। উদ্যান বিজ্ঞান বিভাগৰ গৱেষক বিজ্ঞানী ড০ ভবেশ ডেকাই শলাগৰ শৰাই আগবঢ়োৱা এই অনুষ্ঠানৰ লগত সংগতি ৰাখি আয়োজন কৰা কল আৰু কঁঠালৰ প্ৰদৰ্শনী আৰু প্ৰতিযোগিতা মুকলি কৰে অসম কৃষি বিশ্ববিদ্যালয়ৰ উপাচাৰ্য ড০ বিদ্যুৎ চন্দন ডেকাই। এই অনুষ্ঠানত গোলাঘাট কৃষি বিজ্ঞান কেন্দ্ৰই প্ৰস্তুত কৰা ‘মিঠাতেল’ নামৰ খাটি সৰিয়হৰ তেলৰ ব্ৰেণ্ড এটাও মুকলি কৰা হয়। ইয়াৰ পাছত কৃষক আৰু বিজ্ঞানীৰ এক অন্তৰংগ আলাপ অনুষ্ঠানো অনুষ্ঠিত হয়।

Posts Carousel

Leave a Comment

Your email address will not be published. Required fields are marked with *

Latest Posts

Top Authors

Most Commented

Featured Videos

error: Content is protected !!